সদস্য বাৰ্তা:Priyamrajshivam

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই তোমাৰ ফটো খন যোগ কৰি দিলো । শ্ৰী মাধৱ শইকীয়া 11:18, 4 ফেব্ৰুৱাৰী 2012 (UTC)

thanks Madhav, but we need to show him, too. So I added the following msg প্রভাকৰ শৰ্মা নেওগ 11:23, 4 ফেব্ৰুৱাৰী 2012 (UTC)

http://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF_%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BE:Psneog#.E0.A6.AB.E0.A6.9F.E0.A7.8B_.E0.A6.86.E0.A6.AA.E0.A6.B2.E0.A7.8B.E0.A6.A1

ৱিকি জগতলৈ স্বাগতম[সম্পাদনা কৰক]

[শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 16:18, 4 ফেব্ৰুৱাৰী 2012 (UTC)

দৰঙৰ কলা-কৃষ্টি[সম্পাদনা কৰক]

Priyamrajshivam, স্বাগতম, লগতে অসমীয়া ৱিকিপিডিয়ালৈ বৰঙনি যোগাবলৈ আগবাঢ়ি অহাৰ বাবে অশেষ ধন্যবাদ। ওপৰোক্ত শীৰ্ষৰ প্ৰৱন্ধটোৰ ওপৰত অকণমান ক'বলগীয়া আছে। এই প্ৰৱন্ধটো ৱিকিপিডিয়াৰ 'বিশ্বকোষ ভিত্তিক' প্ৰৱন্ধ হোৱা নাই। 'বিশ্বকোষ ভিত্তিক' প্ৰৱন্ধবিলাক তথ্য ভিত্তিক হয়। যেনে, 'দৰঙৰ কলা-কৃষ্টি' বিষয়ক তথ্য-ভিত্তিক প্ৰৱন্ধ এটাত, দৰঙৰ কলা-কৃষ্টিৰ বিভিন্ন প্ৰচলিত ৰীতি-নীতি বা অনুষ্ঠান সম্পৰ্কে তথ্য সমৃদ্ধ কথা থাকিব লাগে। উদাহৰণ স্বৰূপে, দৰঙত প্ৰচলিত বিশেষ শৈলীৰ গীত-মাত, নাটক, ধৰ্মীয় অনুষ্ঠান, বিয়া-বাৰুৰ নিয়ম ইত্যাদি বহুতো কথা থাকিব পাৰে। সকলোবোৰ দৰঙৰ কলা-কৃষ্টি সম্বন্ধীয় আৰু পাৰম্পৰিক হ'ব লাগিব। এইটো প্ৰৱন্ধত প্ৰথমেই দৰঙ মানে ঠিক কোনখিনি অঞ্চলৰ কথা ক'ব বিচৰা হৈছে, সেইটোও উল্লেখ কৰিব লাগিব। দ্বিতীয়তে, ৱিকিপিডিয়াৰ যিকোনো প্ৰৱন্ধত উল্লেখিত কথাৰ উৎস উল্লেখ (যেনে, কোনখন কিতাপৰপৰা লোৱা হৈছে, কোনটো ৱেবছাইটৰপৰা পোৱা হৈছে, বা কোনোবা টিভি বা চলচ্চিত্ৰৰপৰা লোৱা হৈছে) কৰিব লাগে।

আপোনাৰ আজি প্ৰথম দিন বুলি বুজিছোঁ। সেয়ে ভুল-ভ্ৰান্তি হোৱাটো স্বাভাৱিক। আমিও প্ৰথমে একো লিখিব জনা নাছিলো। ওপৰৰ কথাখিনিৰ ওপৰত গুৰুত্ব দি লিখি যাওঁক, সোনকালেই ৱিকিপিডিয়াত লিখাটোক আপুনি জ্ঞান অণ্বেষণৰ এটা লাভজনক পন্থা বুলি উপলব্ধি কৰিব। উদ্দীপতালুকদাৰ 12:31, 4 ফেব্ৰুৱাৰী 2012 (UTC)

বিহুগীত[সম্পাদনা কৰক]

প্ৰতিটো জাতিৰে নিজা নিজা সংস্কৃতি অথবা পৰম্পৰাৰ মাজেৰে জাতিটোৰ জাতীয় সত্তা প্ৰতিভাত হয় । বিহুগীত অসমীয়া লোক সাহিত্যৰ এটি অমূল্য সম্পদ বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি এই অসম দেশ । ইয়াৰ বুকুত আছে জাতিৰ প্ৰাণৰ স্পন্দন আৰু সমাজৰ প্ৰতিচ্ছবি ।

        বহুগীত বুলিলেই মনটোৱে ঢাপলি মেলে ৰঙালী বহুৰ সময়ৰ নৃত্য-গীতৰ কথা ।বহাগ বিহু বা ৰঙালী বিহু যে আমাৰ অসমীয়াৰ প্ৰাণ স্বৰুপ তাক বিহুগীততেই প্ৰকাশ পাইছে-
               ‘অতিকৈ চেনেহৰ       মুগাৰে মহুৰা
                    তাতোকৈ চেনেহৰ মাকো,
               তাতোকৈ চেনেহৰ       বহাগৰ বিহুটি
                   নেপাতি কেনেকৈ থাকো ।‘
       বিহুৰ উৎপতি আৰু ইতিহাস সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতাদৰ্শৰ সীমা নাই । প্ৰাচীন কালত বিহুনৃত্যক যৌনমিললৰ সহায়ক বুলিয়ে এই নৃত্য-গীত কৰা হৈছিল । এই নৃত্য-গীতত আনন্দ অনুভূতিৰ প্ৰকাশ পায় দৈহিক চঞ্চলতাৰ মাজেদি । এনে নৃত্য-গীতত অশ্লীল তাৰ গোন্ধ আছে । লোক বিশ্বাস যে নাৰী আৰু পুৰুষে কৃষিক্ষেত্ৰত নৃত্য-গীত কৰিলে কৃষিৰ উৰ্বৰতা বৃদ্ধি হয় । এনে যৌনগন্ধী নৃত্য-গীতবোৰেই কিছু নীতি-নিয়মৰ বশৱতী হৈ উৎসৱলৈ পৰিৱৰ্তিত হ’ল ।
    বিহুগীতৰ বিষয় বস্ত হ’ল প্ৰেম । বিহুগীতত প্ৰেম আৰু নাৰী সৌন্দৰ্যৰ বৰ্ণনা আছিল অলংকাৰ স্বৰুপা । সেয়ে বিহুগীতত কৰা নাৰীৰ সৌন্দৰ্যৰ বৰ্ণনাক কিছুমানে অশ্লীল বুলিও বিবেচনা কৰে ।
    বিহুগীতবোৰ যৌৱনৰ গীত আৰু সেয়ে প্ৰথম যৌৱনত ভৰি দিয়া ডেকা-গাভৰুৰ আশা-আকাংক্ষাবোৰ স্বতঃস্ফৰ্তভাৱে নিগৰি ওলাই আহে বিহুগীতৰ মাজেদি । প্ৰথম দৰ্শনত দেহ-মন ইতলা হোৱা চেঙেলীয়া গায়—
             “প্ৰথমে চালো মই            চকুয়ে চকুয়ে
                       দ্বিতীয়ে চিনাকি হ’লো,
              তৃতীয়ে লাহৰি                 পিৰীতি কৰিলো
                     কিনো খাই তোকে পাহৰো ।”
    বিহুগীতৰ মাজেৰে প্ৰকাশ পায় প্ৰেমিক-প্ৰেমিকাৰ সংকল্প লোৱাৰ কথা ।ইজনে সিজনক লগ এৰিব নোৱাৰৰ কথা, আপোন কৰি পোৱাৰ বাবে কঠোৰ সংকল্প লয় প্ৰেমিকে ।
                                                   
          “দিখৌ নৈ এৰিব               পাৰো মই লাহৰী
                   জাঁজী নৈ এৰিব পাৰো,
          তোমাৰ ভাৱনা                 এৰিব নোৱাৰো
                   নেখাইয়ো থাকিব পাৰো ।”
                                                    
          “হালৰে বেছিম মই              ক’লাকৈ কজলা
                        গোহালিৰ বেছিমে গাই,
          তেওঁ যদি ধনেৰে       চেনাই জোৰাব নোৱাৰো
                        বেচিম সোদৰৰ ভাই ।”
        বিহুগীতত বিভিন্ন ধৰণে নাৰীৰ সৌন্দৰ্যৰ বৰ্ণনা কৰি আহিছে । প্ৰেমিকাৰ ৰুপ বৰ্ণনা কৰি আহিছে । প্ৰেমিকাৰ ৰুপ বৰ্ণনা কৰি বিহুবা ডেকাই গায় –
         “তোমাৰ বুকুত দুটি          যৌৱনৰ টোপোলা
                            ৰিহা দি থৈছা ঢাকি,
         দেখিলে লাহৰী                 সহিব নোৱাৰো
                        দেহাই কৰে উজনি ভাটি । ”
        “কঁকাল খামুচীয়া               গাল গোলপীয়া
                         তুমি কোন সৰগৰ পৰী,
          কজলা চকুৰে                  পদুমি খোজেৰে
                        নিলাহি মন মোৰ হৰি ।”
         “উজাই চালো মই           ভটিয়াই চালো মই
                      তোমাৰ মান শুৱনী নাই,
          দেৱে ঐ মাৰিব              মনিছে মাৰিব
                    তোমাৰ জানো অকলে পাই ।”


শ্ৰেণীভুক্ত বিহু


প্ৰিয়ম. বিহু বিষয়ে ইতিমধ্য এটা অনুচ্ছেদ আছেই । তুমি পাৰিলে তাত সম্প্ৰয়াৰণৰ চেষ্টা কৰিবা । http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A7%81 [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 06:01, 5 ফেব্ৰুৱাৰী 2012 (UTC)

ফটো প্ৰতিযোগিতা[সম্পাদনা কৰক]

তুমি আপলোড কৰা ছবিখনত বিষয়বস্ত আৰু ছবিৰ নাম পৰিস্কাৰ ন’হল| সম্পাদনা কৰি অলপ বহলাই লিখি দিবাচোন| বিষ্ণু বাৰ্তা 15:57, 6 মে' 2012 (UTC)