সদস্য বাৰ্তা:Sachidananda

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:15, 5 এপ্ৰিল 2012 (UTC)

মিচিং ভাষাঃ অসমৰ জনজাতীয় ভাষাসমূহ বৃহৎ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষা পৰিয়ালটো দুটা ভাগত বিভক্ত - তিব্বত-বৰ্মী আৰু থাইচীন শাখা। মিচিং ভাষা তিব্বত-বৰ্মীৰ অন্তৰ্গত অসম-বৰ্মী শাখাৰ অন্তৰ্গত এটি ভাষা। মিচিংসকলৰ বিষয়ে খুব বেছি পুৰণি ঐতিহাসিক তথ্য পাবলৈ নাই। তেওঁলোকৰ মৌখিক সাহিত্য, কিম্বদন্তি আৰু সিঁচৰতি হৈ থকা দুই-এটা লিখিত তথ্যৰপৰা কিছু আভাস পাব পাৰি। সেইমতে, পূৰ্বতে অসমৰ উত্তৰে থকা পাহাৰসমূহত তেওঁলোকৰ বাসস্থান আছিল। পিছত বিভিন্ন কাৰণত তেওঁলোক ভৈয়ামলৈ নামি আহে। বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ধেমাজি, লক্ষীমপুৰ, দৰং, শোণিতপুৰ জিলাৰ লগতে শদিয়া আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, নগাঁও আৰু গুৱাহাটীত মিচিংভাষীৰ বসতি আছে। মিচিং ভাষাত উচ্চাৰিত ধ্বনিসমূহক স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি- এই দুটা ভাগত ভাগ কৰা হৈছে। ভাষাটোত মুঠতে সাতটা স্বৰধ্বনি উচ্চাৰিত হয়। প্ৰতিটো স্বৰধ্বনিৰে হ্ৰস্ব আৰু দীৰ্ঘ- দুটা ৰূপ পোৱা যায়। হ্ৰস্ব আৰু দীৰ্ঘ দুয়োটা ৰূপ ধৰিলে স্বৰধ্বনিৰ সংখ্যা হ’ব চৈধ্যটা।

এই মিচিং প্ৰবন্ধটো চাবচোন| ওপৰৰ কথাখিনি তাতেই যোগ কৰা ভাল হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা

বিজয় টেণ্ডুলকাৰ[সম্পাদনা কৰক]

বাৰ্তা:বিজয় টেণ্ডুলকাৰত ম‍ই ইংৰাজীৰটোৰ পৰা লিখাবোৰ প্ৰতিলিপন কৰি থৈছো| আপুনি অনুবাদো কৰিব পাৰে, বা নিজাকৈয়ো লিখিব পাৰে| কিবা অসুবিধা পালে মোক জনাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:57, 5 এপ্ৰিল 2012 (UTC)