সমললৈ যাওক

সদস্য বাৰ্তা:Tikhabori

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Tikhabori ( তিখাবড়ী গাঁও বুৰঞ্জীৰ)

[সম্পাদনা কৰক]

কক [Tikhabori|Tikhabori]] (talk) 00:50, 1 December 2018 (ইউ.টি.চি.) আজিৰ পৰা বহু বছৰৰ আগতে আমাৰ দেশত আধুনিক চিকিৎসাৰ ব্যৱস্থা নাছিল। বনৌষধি, বেজ- ওজাৰ দ্বাৰা মানুহ বা জীৱ জন্তুৰ চিকিৎসা চলিছিল। এনে বনৌষধ, বেজ-ওজাৰ চিকিৎসাই জীৱৰ উপযুক্ত চিকিৎসা নহয়। ফলত দেশত কলেৰা মহামাৰী, হাইজা আদি বেমাৰে গা কৰি উঠি ঠাই বিশেষে মানুহ উছন কৰি পেলাইছিল। সৌভাগ্যবশতঃ যি কেইজন জীয়াই থাকে তেওঁলােকে প্রাণৰ মমতাত অন্য ঠাইলৈ গৈ বসতি কৰিছিল। | অন্য কেইটামান প্রধান কাৰণ হ'ল– আগৰ কালত মানুহ যদি একে ঠাইতে মাটি ভাগি ভােগ দখল কৰি কেইদিনমান খায় থাকে, তাক হেনাে ৰাজহ বিভাগৰ লােক, যেনে মৌজাদাৰ সেই মাটিখিনি জোৰ কৰি নামজাৰি কৰি দিয়ে। বিনিময়ত লােকসকলে সেই মাটিৰ খাজানা দিব লাগে। তাৰ ভয়ত লােকসকলে অত- তত ঠাই সলাই ফুৰিছিল। একে ঠাইতে বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ গুণাগুণ হেৰাই বাবে নতুন হাবি-জংঘল ভাঙি তাতে সুবিধাজনক ঠাইত গাঁও পাতি বাস কৰে। | ডা-ডাঙৰ মাছ কাছ বেচিকৈ খােৱাৰ হেঁপাহতাে। বহুতে স্থান সলনি কৰি ফুৰিছিল। | আগৰ কালত ঠাইবােৰ অটব্য অৰণ্য, হাবি- জংঘলৰে ভৰপুৰ। সেই অটব্য অৰণ্য, হাবিত বাঘ- হাতী-গড় আদিয়ে গাঁৱৰ ঘৰ বাৰী ভাঙি মানুহ মাৰিছিল, খেতি নষ্ট কৰিছিল, তাৰ পৰিত্ৰাণৰ বাবে ঠাই সলাইছিল। কোনাে কোনাে ঠাইত দেওলগা ভূত-প্রেত (দেৱতা) ৰ দ্বাৰা মানুহ বসতি কৰা সম্ভৱ নাছিল। আজি শুনিলে সাধু যেন লাগে। ভূত-প্রেতে দিনতে ওঁঠ বজোৱা, ওঁঠ তপালি মাৰা, গছৰ ডাল ভাঙি পেলােৱা। বাহ ফালি প্রচণ্ড শব্দ কৰােৱা। এই ভূত-প্রেতে হেনােউত্তৰ দিয়ক

nice Madhu dewri (বাৰ্তা) 14:02, 14 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

== তিখাবড়ী গাঁও বাস কৰা লোকসকল কিছু আলোকপাত ।

তিখাবড়ী গাঁও বাস কৰা বিভিন্ন জনগোষ্ঠীৰ

[সম্পাদনা কৰক]
তিখাৱড়ী গাঁও বিশেষকৈ  অনুসূচীত জাতি[2] (Scheduled Caste,  ) আৰু অনুসূচীত জনজাতি (Scheduled Tribe) বাস কৰে।

তিখাবড়ী গাঁও নাম ঘৰ আৰু সামাজিক অনুষ্ঠান বোৰ ।

[সম্পাদনা কৰক]

নাম আৰু Madhu dewri (বাৰ্তা) 13:50, 14 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

আমাৰ গাঁৱৰ অস্তিত্ব বিচাৰি...

[সম্পাদনা কৰক]

আমাৰ গাঁৱৰ উত্তৰে থকা আঁহতজোপাৰ অস্তিত্ব কি কোনোবাই জানেনে?

সৰুৰে পৰা দেখি অহা আঁহতজোপাৰ তলৰ কুকুৰাৰ যুঁজ..

নৰেন বৰদলৈৰ ঢোলৰ বাদন... আজি ক'লৈ গ'ল?

বোকা মাটিৰে লুটুৰি-পুটুৰি হৈ থকা শিশু গৰখীয়াজাক... নাঙঠ গাৰে চিক্‌-মিক্সি বালিত বাগৰি

সৌ ডুবিটোত জপিয়াই দি পানীৰ লগত আলিঙ্গন কৰা টিকা-ফটা ৰ'দত আঁহতজোপাৰ তলত জিৰণি লোৱা...

আজি সেইবোৰ ক'ত অদৃশ্য হ'ল?

কেকন বুঢ়াৰ চাৰিওফালে বহি টিপচী চৰাইৰ পৰা... সাধু শুনা শিশুবোৰ আজি ক'লৈ গ'ল?

শৈশৱৰ ধেমালি, পুখুৰীত মাছ মৰা, ইকৰাৰ (বঁটা) ঘেহুঁ, বিৰিণাৰ পিঠা, বানপানী আহিলে ৰাস্তাৰ কাষে কাষে বৰশী বাই বাই আগুৱাই যোৱা...

'ক'ৰ মানুহ ক'ত যাব, তামোল এটা দি যা আগৰ বগলী পিছ পৰ, পিছৰ বগলী আগ বাঢ়!'

এইবোৰ ল'ৰা ধেমালি আজি ক'ত? অতীতৰ বিশ্বাস, ভূত-প্রেত, দেৱ-দেৱতা দীঘল ঠেঙীয়া, বুঢ়া-বামুন থান...

আদি ঠাইবোৰত আজি কিয় ইমান ফৰকাল?

আঘোনৰ সোণালী পকা ধানেৰে উপচি থকা বেছামাৰী, দীঘলড'ভা, জীয়ামাৰী, গড়হাগা, বাঘচং পথাল আহু, বৰো, শালি, বাও...

আজি সেইবোৰৰ অস্তিত্ব ক'ত?

চ'তমহীয়া উদং পথাৰত সিঁচৰিত হৈ থকা জাক-জাক গৰৰ হেম্বেলনিবোৰ ক'ত?

আমাৰ বিশাল খেল পথাৰখন বৰ্তমান ক'ত? য'ত আমি সকলোৱে মিলি ফুটবল, ভলীবল...

লেপেটি, টাংগুটি, কাবাদি, চিটা, আল্লৈ... হল্লু-গুদ্দু আদি খেল খেলিছিলো।

আজি সেইবোৰ ক'ত সোমাল? ডেকা-গাভৰুৱে মিলি

মহৰ শিঙাৰ পেপাঁ বজাই ঢোল-তালে ৰগৰ তুলি

'তৰে হেৰা ধৰমতুল ঐ, লগাই দিম গণ্ডগোল ঐ ৰেলৰ আলি দুবৰি ঐ বন' লেচাৰী টানি নৰা ছিঙা, ন-খোৱা আদি সংস্কৃতিবোৰ আজি ক'ত? বংশ-খেল, পৰিয়াল-চুবুৰী আদিৰ ভেদ-ভাব নথকা... মাঘৰ উৰুকাৰ নিশা সকলোৱে মিলি খোৱা ভোজ-ভাত কাহিলী পুৱা দাউ-দাউ কৈ জ্বলি উঠা দুটা ঘাই মেজিৰ তলত সকলোৱে মিলি এক হৈ থকাৰ... সংকল্প লোৱাৰ অস্তিত্ব আজি ক'ত? প্রত্যেক ঘৰৰ 'পুঁনিত উঠা' খাদ্য খাই সকলোৱে হাঁহি-ফুৰ্তি কৰা একতাৰ বান্ধোন আজি ক'ত চিন্ন-ভিন্ন... কঙালী বিহু, বিশ্বকর্মা পূজা, জন্মাষ্টমীৰ গভীৰ নিশা গাঁৱৰ সকলো ডেকা-গাভৰু মিলি কোলাহল কৰা হৰি-নামৰ ধ্বনিবোৰ আজি ক'ত গ'ল? নামঘৰত উকা ডবা, উকা থাপনা... দুই এটা প্ৰহৰী গৰু-ছাগলীৰ বাহিৰে সেই হৰি-নাম প্রিয় ভক্তসকল আজি ক'ত হেৰাল? সংকীর্তন গোৱাৰ তাৰিখ আজি ক'ত হেৰাল? বৰঘৰৰ মজিয়াত বুঢ়াসকলে আজি কিয় সেৱা নজনাই? আজি-কালি গাঁৱৰ ডেকা-গাভৰুৰ গীত-মাত, নাট-নাটিকাত অনীহা কিয়??? আজি গাঁৱৰ সকলোৱে পাহৰিলেনে... অতীতৰ নিজৰ জন্মভূমিৰ অস্তিত্বৰ কথা? কোনে আমাক ইয়াৰ উত্তৰ দিব আমাৰ গাঁৱৰ অস্তিত্ব... সকলোবোৰ আজি হেৰাই যাবলৈ ধৰিছে সকলো হেৰাই যোৱাৰ পিছতো জীয়াই আছে... কোনো বানপানী, ধুমুহা, অন্যায়-হিংসা বিপদ-বিঘিনিয়ে তলাব পৰা নাই সেই স্থিতিক...

বত

তেখেতৰ!!!

জীয়াই ৰাখিছে আমাৰ গাঁৱৰ সত্বাক

সেইয়া হৈছে আমাৰ গাঁৱৰ উত্তৰে থকা ঐতিহাসিক বৰ আঁহতজোপা Madhu dewri (বাৰ্তা) 02:25, 24 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

হীবীড়ে সাংস্কৃতিক মঞ্চ # সুশীল বৰদলৈ

[সম্পাদনা কৰক]

হীবীড়ে সাংস্কৃতিক মঞ্চ

সুশীল বৰদলৈ

আলোকৰে মন্দিৰ তুলিছে সজাই, দেব শিল্পী বিশ্বকমাই স্থাপিছে তীখাবড়ী জনজাতি যুৱক সংঘই

নৃত্যবত নটবাজ শিৱৰ মূর্তি।

হৃদয়ৰ পুষ্পাঞ্জলী যাচি, তোমাৰ চৰণত কৰিছো স্তুতি।

তোমাৰ নৃত্য পদৰ ভংগিমাত,

সৃষ্টি হোৱা ধূসৰৰ তিলক,

আঁকিলো তোমাৰ সহস্ৰ শিৰত।

তোমাৰ আশীষ শিশ্বত তুলি,

সুনাম লভিবলৈ দশোদিশ বুলি।

তোমাৰ হাতৰ পৰশ আমাৰ দেহত

জ্যোতিষ্মান দেখি লোক হয় চমকৃত।

তোমাৰ সৃজনী শক্তিৰে পুনব,

যুত যুগুৰু,

শত জনৰ স্তুতি তোমাৰ চৰণত।।

হো হো তাবড়ী সাংস্কৃতিক,

আৰাধ্য সুকুমাৰ ক'লা,

তুমিয়েই মাতৃ সৃজনী জ্ঞানদায়িনী,

তোমালৈ আমাৰ শত সহস্র প্রণিপাত, তোমাৰ সৃষ্টিৰে তুমি হোৱা অমব,

জ্যোতিষ্মান হওক চিৰদিন মানস পটত।

যুগে যুগে স্থাপিত তীখাবড়ী জনজাতি যুৱক সংঘ জ্যা হওঁক, জয় হওঁক তীখাবড়ী সাংস্কৃতিক মঞ্চ ( Madhu dewri (বাৰ্তা) 02:27, 24 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

হেৰুৱা সুৱাসৰ সন্ধানত

[সম্পাদনা কৰক]

হেৰুৱা সুৱাসৰ সন্ধানত

পল্লব কুমাৰ বৰদলৈ

আইৰ মুখলৈ চালে

মনত অযুত সপোন ভাঁহে মন জয় কৰিবলৈ পূজা তোমাৰে একাজলী বগা নিমজ কটনাই অতি শুদ্ধতাৰে।'

'গাঁওখন' শব্দটোরে নুবুজাকৈয়ে মনটোক আজিও আরেগে উদ্বেলিত কৰি তোলে। স্মৃতিবে হেতা-উপৰা সোঁত বয়। প্রকৃতি ৰাজ্যৰ সকলো উপাদানেৰে পৰিপুষ্ট মোৰ জনম মাতৃ 'গওিখনি' সঁচাই মোৰ অতি শ্রদ্ধালব্ধ। গাঁৱৰ উত্তৰত এজুপি বৰহত আছে। তিনি চাৰি পুৰুষৰ আগৰ পৰাই ৰাজত্ব তাৰ এই গাঁৱত। অসীম সাহস আৰু সহিষ্ণুতাবে আজিও জীয়াই আছে। যিয়ে আমাক জীয়াই থকাৰ সাহস আৰু অনুপ্ৰেৰণা যোগাই আহিছে।

শৈক্ষিক দিশত মোৰ গাঁওখন আনতকৈ দুখোজ আগত। আর্থিকত মজলীয়া। কাৰণ মহাবাহু ব্রহ্মপুত্রই এবছৰো বাদ নিদি প্রতিবছৰে তাৰ কৰবোৰ লৈ যায় নির্দয় আৰু নির্মমভাবে। বিকল্প ব্যবস্থাও বর্তমানে উলিয়াইছে। বাকী দিশত মুটা-মুটি। এইখিনিতে এটা কথা উল্লেখ নকৰিলে আধৰুৱা যেন অনুভৱ হয়। সন্ধ্যা সময়ত এটা ৰমৰমীয়া পৰিবেশে কেতিয়াবা গাঁওখনিক গ্রাস কৰা দেখা যায়, যিটো শীয়ে বির্সজনীয় বিষয়।

গাঁৱৰ অধিকাংশ লোক কৃষিজীবি হোরা হেতুকে অতি পৰিশ্রমী আৰু সৰল স্বভাৱৰ। গাঁৱৰ চাৰিভাগৰ এভাগ লোক বর্তমানে কর্মসূত্রে বা অন্য বিশেষ কাৰণত চহৰত নিগাজীকে থাকিব লৈছে। তেওঁলোক একো-একোজন স্বাবলম্বী আৰু ক্ষমতাশীল ব্যক্তি। গাঁৱৰ একো-একোটা অমূল্য সম্পদ। তেওঁলোকৰ অদৃশ্যতাত মোৰ দৰে জনম-মাতৃয়েও হয়তু হিয়া থেকেচি নিৰৱে চকুলো টুকে। কোন মাতৃয়ে সহ্য কৰিব পাৰে নিজৰ সন্তান কোলাৰ পৰা আতৰি আনৰ কোলালৈ যোৱাতো।

তথাপিও মাতৃয়ে পুত্রৰ হাঁহি মুকখন দেখিবলৈ সদায় ব্যাকুল হৈ ৰৈ থাকে। হয়তু ভাবিছিল মোৰ সু-পুত্রবোরে মোক চোবা-চিতা কৰিব। মোৰ সৌন্দর্যতাক আব্ৰু সোণত সুরগা চ'ৰাব কিন্তু আপোনালোক নোহোরাত আমাৰচোন তেনেই অকলশৰীয়া আৰু নিঠকরা অনুভব হয়। আপোনালোকে এৰি যোৱা দিনবোৰৰ স্মৃতিবোৰেচোন বৰকৈ আমনি কৰে। আপোনালোকৰ সহযোগ এই গাঁৱত অতীব প্রয়োজন। সন্দেহ হয়। তেওঁলোকে নাজানে নেকি যে বর্তমানৰ চহৰবোৰ যে এসময়ত এখন এখন ক্ষুদ্র গাঁওহে আছিল। আচলতে বেৰণে-বুৰণে বাৰী, ওরণে-পিন্ধনেহে নারী। চহৰত আচহুৱা আৰু নিৰাপত্তাহীন পৰিবেশ হ'লেও চাগে আপুনি ভাল পায়। কাৰণ মানুহবোৰ পৰিস্থিতিৰ দাস। পৰিবেশ গঢ়িব পাৰিলে কিন্তু পৰিস্থিতিকো আপোনাৰ হাতৰ মুঠিত ৰাখিব পাৰে। আপুনি ভাবিছিল চাগে গাঁৱৰ সহজ-সবল মানুহৰ যি দায়বদ্ধশীল মনোভাব, বিপদ-আপদত স-শৰীৰে গৈ খবৰ এটা লোৱা যি বান্ধোন তাক আপুনি কেতিয়াও নেৰিব। কিন্তু আপোনাৰ নৱ-বিবাহিতা পত্নীয়ে জানো গাঁৱৰ বোকা-পানী, মানুহৰ চিধা-চাধা ব্যৱহাৰক মানি ল'ব। আনহাতে আপোনাৰ, আপোনাৰটো ল'ৰা-ছোৱালীকেইটা ভৱিষ্যতৰ কথাও আছে।

তথাপিও এবাৰ ভাবিবচোন, আমাৰ গাঁৱৰ পৰিবেশচোন আগতকৈ বহুত উন্নত হ'ল। আগৰ কেঁচা বাস্তা গুচি পকা হৈ আহিছে। ভাল ভাল স্কুল গঢ়ি উঠিছে।

সন্ধ্যা সময়ত যেতিয়া আপুনি পুঠি মাছ বিশ টকা পোৱা দি আনি গধূলি এসাঁজ খাব। তেতিয়া আপোনাৰ মনটোৱে গাঁৱলৈ ঢাপলি মেলিব। মনত পৰিব শৈশৱৰ উতনুৱা মনৰ কথা। খুজিলেও এনেকুৱা মাছ দিবলৈ সংকোচ কৰিছিল কাষৰ ঘৰে। ৰাতি ৰাতি বৰশী পাতি ডাঙৰ ডাঙৰ শ'ল, বৰালী খোৱা কথা চাগে5

আপোনাৰ স্মৃতি অতীত হোৱা নাই। গাঁৱৰ সৰু সৰু আলি, বোকা-পানীৰ গোন্ধ, সহজ-সৰল মানুহবোৰৰ পাৰস্পৰিক দায়বদ্ধতা মনোভাৱ, চৌদিশৰ সেউজীয়া আৱৰণ, পথাৰ উপচি থকা সোণোৱালী পকা ধান, এইবোৰে আপোনাক আমনি নকৰিবনে?

যি কি নহওক, আপুনি ব্যস্ত ব্যক্তি আপোনাৰ কৰণীয় বহুত। হ'লেও পৰিয়ালৰ প্ৰতি গুৰুত্ব দিয়াতো মই আপোনাৰ কৰ্তব্য বুলি ভাবো। চহৰত আপুনি সম্মানম বহুত পাব, কিন্তু আন্তৰিকতা বিহীন। লাজুকী বনৰ লেখীয়া। যেতিয়া আপুনি এবাৰ চুই চাব তেতিয়াহে তাৰ প্ৰকৃত ৰূপটো বুজিব পাৰিব। উৎসব-পার্বনে গাঁৱলৈ আহিবচোন। আপোনজনক লগ পাই ভাল লাগিব। হিয়া উজাৰি কথা পাতিম। এবছৰ যে নাটকত তৰোৱাল

বেঁকা হৈ যোৱাকৈ যুদ্ধ কৰিছিলে, আনৰ বাৰীৰ আম, কঁঠাল চুৰ কৰি খাইছিলে, সেই কথা মনত নাই বুলি মিছাকৈ কব পাৰিবনে? গাঁৱৰ মুকলিমূৰীয়া পৰিবেশত সমনীয়াক পাই যেতিয়া ল'ৰা-ছোৱালীকেইটাই খেলিব, তেতিয়া সিহঁতে বেয়া হৈ যাব বুলি বাধা নিদিব। তেনে কৰিলে বেয়া পাম অত্যন্ত। বিগত বছৰৰ দৰে এইবছৰো গাঁৱত নাট পাতিছো। লগতে ডেন, সুশিলদা, জয়ফুল চাৰ, চন্দ্ৰ দা আৰু বহুতো উৎসাহী ব্যক্তিৰ অশেষ প্রচেষ্টাত এখন আলোচনী উন্মোচন কৰা হ'ব। তাত আপোনাৰ শৈশৱৰ কথাও লিখা হৈছে।

প্লীজ, আপোনালোক আহিব। আপোনালোকৰ পৰা একো নালাগে। বিনিময়ত আমি আপোনালোকক বান্ধি দি পঠাম এপাছি কেঁচা বুকুৰ মৰম Madhu dewri (বাৰ্তা) 02:28, 24 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

তিখাবড়ী গাঁৱৰ জনসংখ্যাৰ ওপৰত এটি আলোকপাত

[সম্পাদনা কৰক]

তিখাবড়ী গাঁৱৰ জনসংখ্যাৰ ওপৰত এটি আলোকপাত

তিখাবড়ী গাঁওখন মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অর্ন্তগত ঘগুরা মৌজাৰ, ঘগুৱাৰ পৰা উত্তৰে প্রায় ডেৰ-দুই কিল মিটাৰ দূৰত অৱস্থিত। গাঁওখনৰ ভৌগোলিক পরিসীমা-পুরে ভলুকাণ্ডবি, পশ্চিমে গৌৰিপুৰ, উত্তৰে গড়মাৰী আৰু দক্ষিণে ঘণ্ডরা গাঁও। গাঁওখনত দুটা সম্প্রদায়ৰ মানুহে বাস কৰে। তাৰে এটা ট্রাইবেল আৰু আনটো কোঁচ সম্প্রদায়ৰ লোক। অতীজৰ পৰা দুয়ো সম্প্ৰদায়ৰ মাজত থকা পাৰস্পৰিক একতাৰ বান্ধোনে গাঁওখনৰ উন্নতিৰ দিশত বহুদুব আগবঢ়াই লৈ গৈছে। সাম্প্রতিক সময়ত সনসংখ্যার ফালৰ পৰা গাঁওখন খুব বেছি ডাঙৰ নহয় যদিও শিক্ষিত। যুর প্রজন্মই গাঁওখনৰ পাৰিপার্শ্বিক অৱস্থাৰ এটা বাতাবৰণ সৃষ্টি কৰি আধুনিক যুগৰ লগত খাপ খুৱাই চলিব পৰা লেখিয়াকৈ চেষ্টাৰ পথত অগ্রসন হৈছে।

গাঁওখনত বর্তমান ব্যৱসায়-বাণিজ্যৰ লগত জড়িত লোকৰ সংখ্যা বৃদ্ধি পাইছে। শিক্ষাত মধ্যম।

নিবক্ষণ সকলৰ শিক্ষা প্রদানৰ কাৰণে দুখন প্রাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন হৈছে। ইয়াৰ উপৰিও পূর্বতকৈ গাঁওখনত চৰকাৰী লগতে বেচৰকাৰী কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। আনহাতে

কৃষকসকলেও বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা কৰ্মত নিয়োজিত হৈছে। ফলত তিখাবড়ী গাঁওখনে পূর্বতকৈ উন্নতিৰ দিশত ধাৱমান হৈ পৰিছে। সেয়েহে, সন্মানীয় পঢ়ুরৈ সমাজক তিখাবডী গাঁওখনৰ ভৌগোলিক পৰিস্থিতিৰ সর্ম্পকে বিশদ দৃষ্টিভঙ্গি দাঙি ধৰা সুযোগতে ২০০৯ চনৰ এপ্রিল মাহত লোৱা তথ্যভিত্তিত জনসংখ্যাৰ এটা সমীক্ষা তলত দিয়া ধৰণে আলোকপাত কৰিলো

গাঁওখনৰ সৰ্বমুঠ ২৬৯ ঘৰ গিৰীৰে সৈতে মুঠ জনসংখ্যা হৈছে ১৪৩০ জন। ইয়াৰে পুৰুষৰ সংখ্যা ৭৩৭ জন আৰু মহিলাৰ সংখ্যা ৬৯৩ জন। আনহতে শিক্ষাৰ দিশতো যদি চাঁও তেনেহ'লে আমি দেখা পাম বর্তমানে প্রথম মানৰ পৰা দশম মানলৈ পঢ়া ছাত্র-ছাত্রীর সংখ্যা মুঠ ৪১৯ জন আৰু উচ্চ শিক্ষিতৰ সংখ্যা ১০৮ জন।

বর্তমান সময়ত অসমত নিবনুৱা সমস্যাই এক ভয়ংকৰ সমস্যা হিচাপে দেখা দিছে যদিও সমগ্র অসমবাসীৰ লগতে আমাৰ গাঁওবাসীও এই সমস্যাৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰাখি বর্তমানে ৩৩ জন চৰকাৰী আৰু জন বেচৰকাৰী কৰ্মচাৰীৰে গাঁওখন নিবনুৱাৰ সংখ্যা কিছু পৰিমাণে হ্রাস কৰি উন্নতিৰ দিশত আগবাঢ়ি গৈছে। ০০

তথ্য যুগুতালে- সুচিল বৰদলৈ, কানন দেউৰী, দাদু ডেকা Madhu dewri (বাৰ্তা) 02:30, 24 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

মৰিচিকা লিখক #মেদিনী বৰদলৈ।

[সম্পাদনা কৰক]

মৰিচিকা

বাপৰে তই দেখুন এই দিন দুপৰতে

এহ নকবি বুজিছ। বৰ কষ্ট লাগিছে অ' পথাৰলৈ গৈ দুটামান আলি দি আহিলো। এই শাওনৰ মাহটো যি তকাল্ক্কিতা ৰ'দ। সেয়ে বাপেকে বুলো অলপ মাৰি পথিয়াও। বরা অ' ৰত্না, মুঢ়াটো আনচোন, চক্ৰধৰ আহিছে।

-অ' আপুনি, বহক। ৰত্নাই মুঢ়াটো ভগীৰথৰ ওচৰতে চক্রক বহিবলৈ দি ভিতৰলৈ গ'ল।

ভগীৰথ আৰু চক্ৰবৰ দুয়ো তাহানি টাংগুটি খেলা দিনবে বন্ধু, ভগীৰথৰ দেউতাক মণিবামে গগন মহাজন অর্থাৎ চক্রধৰহঁতৰ ঘৰতে কাম-বন কৰি জীয়াই থকা দিনলৈ নিজৰ পৰিয়ালটোক পোহপাল দিছিল। সতজন পিতৃয়ে কামনা কৰাৰ দৰে মণিবামেও ভগীৰথক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল। মন্ত্রী, এম.এল.এ. নহলেও অন্তত কিবা এটা ঘটিবাম বাটিবাম। কিন্তু সেই সপোন সপোনতেই চুৰমাৰ হ'ল। ভগীৰথৰ চৈধা বছৰ মান বয়সতে এক অচিন ৰোগত মণিৰামৰ মৃত্যু হ'ল অশেষ চেষ্টা কৰিও গগন মহাজনলৈ তেওঁৰ সুহাত স্বরূপ কাম-বন কৰা মানুহটোক বছাব নোৱাৰি বৰ আঘাত পাইছিল।

মৃত্যুৰ আগমুহুত্বত মণিৰামে ভগীরথক দি গ'ল চাৰিবিঘা মাটি, এজনী ৰুগীয়া মাতৃ আৰু এটা দুপুলীয়া মেৰি ঘৰ, বাদ বাকী শূণ্য। কি হ'ল তই দেখুন শিল পৰা কপৌটোৰ দৰে থাকিলি। নিগিল কিয়? চক্ৰধৰৰ মাতহে ভগীরথ বাস্তৱলৈ ঘূৰি আহিল।

ই খাতবি?

মোক কেতিয়াবা এই দিন দুপৰতে খুৱা দেখিছিলি?

বাৰু ক'চোন তই কিয় আহিছিলি। গিলাছটো ধোক মাৰি সুধিলে ভগীৰথে। ভগীৰথৰ প্রশ্নটো চক্ৰধৰ কিবা আচহুৱা যেন লাগিল। হজম কৰিবলৈ টান পালে সি।

বাল্যকালৰ বন্ধু ভগীৰথে তাৰ সম্মুখত বড়ি

মেদিনী বৰদলৈ

গিলাচ ডাঙি থকাজন হয়নে নহয় সন্দেহ হ'ল চক্রধৰ।

মই কি তোৰ ঘৰলৈ আহিব নাপায়?

- পায় হলেও দিয়াচোন, এই দুপৰীয়াখনত।

অ' অসময়ত আহিলো নহয়।

-নহয় অ' পার্টনাৰ তই আহি ভালেই কৰিলি। ভগীব মুখৰ পৰা ওলোৱা পার্টনাৰ শব্দটো চক্ৰন্ধৰ আচহুরা যেন লাগিল। শব্দটো সি পুনৰ এবাৰ মুখৰ তলতে ভূব-ডুবালে পা-র্ট-না-ব। কি সাংঘাটিক শব্দ ব্যৱহাব কৰে আজিকালি ভগীয়ে। গাঁরত মাজে মাজে ভিচিডি চাইতো। তাৰ পৰাই আহে অনেক শব্দ। চক্রই কথাতো বুজিলে।

-আবে তই আকৌ কিহৰ টেমা উলিয়ালি?

পাকত?

- পাকিয়ে-ত। চক্ৰধৰ এক প্রকাৰে চিঞৰিয়ে দিলে। ভগীরথ যে ইমান সলনি হব সি সপোনতো ভাবিব পৰা নাছিল।

- কি হ'ল পাকিয়তৰ নাম শুনি তই দেখুন চিঞৰি উঠিলি। নুঠিব কিয়? তহঁতেতো এইবোৰ নেখার। দামী বিলাকহে খাব। নহয় জানো? চক্রধবে একো মাত নিদিলে

- কি হব? এইবোৰ নাখাই থাকিব নোৱাৰো বুজিছ। ট্রেনচন। একদম বৃহৎ টেনচন।

কিহন বৃহৎ টেনচন হ'লনো তোৰ?

- তাকেইতো কবলৈ গৈ আছো। পাকিয়তটো ওঁঠৰ চেপত ৰাখি অগ্নি সংযোগ কৰিলে আৰু চুপ মাৰি পেপাৰ মেইলটোৰ দৰে বাহিৰলৈ ধুৱা উলিয়াই দিলে।

- চক্র তোৰ লগত মোৰ ডাঙৰ কথা এটা আছে অ' পার্টনার। ভগীয়ে চত্ৰৰ মুখলৈ নোচোৱাকৈয়ে কথাষাৰ গহীনভারে কলে।

কি ডাঙৰ কথা।

- কি হ'ল মনে মনে থাকিলা যে?কথাটো কোরা আগতে যেন ভগীৰথৰ ৰাই-জাই কৈ লাগি থকা খিনিও পতং দিলে। সি বটলটোলৈ চালে। খালি বটল। অলরেডি তাৰ পেটত।

-চক্র, আচলতে কথাটো কবলৈয়ে ভাল লগা নাই।

কি অকাই পকাই আছ'নো? কবলৈ ইচ্ছা নাই যদি নকলেও হ'ল।

- নহয় অ' চক্র, মাটি-বাৰীৰ কথা অলপ আছিল।

-মাটি-বাৰী। তেনেহলে সীমা বিবাদেই হব নিশ্চয় চক্ৰধবে যেন ভগীৰথৰ মনৰ কথাটোকে কৈ দিলে।

তই একেবারে জাগাতে ধৰিছ। বিবাদ বুলি নহয়। মানে মোৰ মাটিৰ গাৰ ফালে তহঁতৰ ডাঙৰ সাগৰ আলিটো দুহাত মানকে সোমাই আছে। সেয়ে বোলো কথাতো মহাজন দেউতাক কোৱাৰ আগতে তোমাকে। কওঁ।

ঠিক আছে, মই বাৰু দেউতাক জনাম কথাতো। দুয়ো কিছু সময় মৌন হৈ ৰ'ল। চক্ৰধৰক কথাটো কোৱাৰ পিছত যেন ভগীৰখৰ মুৰত লৈ ফুৰা হিমালয় পাহাৰ যেন বুজাতো কিছু পাতল অনুভর কবিলে।

- বাৰু ভগী তই ব' মই যাও। কালিলৈ পুরাই আকৌ টাউনলৈ যাব লাগিব। যোৱাৰ আগতে বাৰু মই কথাটো দেউতাক অবগত করিম।

বাক যা। যোৱাৰ আগতে মোৰ তালৈ এপাক আহিবি কিন্তু।

নিশ্চয় আহিম। চক্রধৰ যোৱাৰ ফালে কিছুসময় চাই ব'ল ভগী। ঘৈণীয়েকৰ মাততহে সম্বলিত খুৰি আহিল ভগীৰথৰ। ইমান সময় সি চক্রধৰ আৰু মহাজনৰ কথাকে ভাবি মুখৰ ভিতৰতে ভুন-ভূনাই আছিল। সিটো মুৰৰ চামেলীৰ জীয়েক ৰত্নাৰ লগত সংসাৰ পতা বেছিদিন হোৱা নাই ভগীব। ৰুগীয়া মাকক চাবলৈ, ভাত বান্ধিবলৈ মানুহ লাগতিয়াল হ'ল। বোলে এনেয়ে বুটা নাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া। সেই চাঞ্চতে ডাঞ্চ মাৰিলে ভগীরথে। ৰত্নাক বিয়া পাতি আজি ছয়মাহে সংসাৰখনত কোনো আউল নলগাকৈ চলি আছে তাৰ পৰিয়াল। বৰ সুখী পৰিয়াল। মাজে মাজে গিৰিয়েক ঘৈণীয়েকৰ মাজত খুঁট-খাট হৈ থাকে। কাৰ সংসাৰতনো নেথাকে। মতা-তিৰি কাজিয়া। গতিকে সেইবোৰ এৰা-ধৰা কৰি চলিব পৰাতোহে আচল কথা। ভগীরথে কিন্তু পাৰিছে।

পানেশ্বৰকাই কলৈ নো যায় এই দুপৰীয়া

মধ্যলৈ আহিছিল।

গৰু পানী খোৱাব। তই হবলা নেযার?

হাতত এচাৰিলৈ অহা ওখ, ক্ষীণ, মিঠা বঙৰ মানুহজনে মাত লগালে। নাম পানেশ্বৰ, মাত কথাত বৰ মিঠা।

অ' পানেশ্বৰকাই তয়ে মোৰ গৰুহালকো পানী

খোৱাই থৈ আহিবিচোন। মই নোৱাৰিমে হ'বলা যাব। যাব নোৱাৰ। কি হ'ল আকৌ তোৰ?

এহ নকবি? পথাৰৰ পৰা অহা ভাগৰত অলপ খাই দিলো গাতো একেবাৰে কিবা-কিবি কৰি আছে।

আ সেই কাৰণে হ'বলা, চকুহাল এজাত। বাক হ'বদে। তোৰ বিপদে মোৰ বিপদ, মোৰ বিপদে তোৰ বিপদা

- ঠিক কৈছে, পানেশ্বৰকাই। পানেশ্বৰৰ কথাত যেন বব সুখ পালে ভগীৰথে। সঁচাকৈ, এইয়াহে ওচৰৰ চুবুৰীয়া। বোলে ওচৰতে পাবা যাক শত্রু নেভাবিবা

তাক

- কিহ'ল আক' পানেশ্বৰকাই? ঘুৰি আহিলে যো - আহেদি নহয়, তেতিয়া চক্রষৰ অহা যেন পাইছিলো। সিটো কথাৰব সংক্রান্ততে সি আহিছিল নেকি?

- নাই সি এনেই আহিছিল। তথাপিও তাক কথাষাৰ

অলপ কান ফুৰাইছো।

ভালেই কৰিলি। পিছে কি কলে সি?

মহাজনৰ লগত আলোচনা কৰিম বুলি কলে।

- আলোচনা কৰিম বুলিহে কৈছে। যদি মহাজন মাস্তি

চিন্তা কৰি লাভ নাই। যদি মহাজনে মাস্তি নহয় তেতিয়া মই কৰা কামটোকে কৰিব লাগিব। তই চিন্তা নকৰিবি। যেন কুকুৰ তেন টাঙোন দিব লাগিব।

এই পানেশ্বৰৰ কাছাৰীত চিনাকী মানুহৰ অভার নাই। কথাখিনি কৈ পানেশ্বৰ খৰখেদাকৈ আগবাঢ়িল। কেঁকুৰীটো নোপোৱালৈকে পানেশ্বৰলৈ চাই ৰ'ল ভগীরথে।

সঁচাকৈ যদি মহাজনে সীমাটো ভালদৰে নামাবে তেতিয়া কি কৰিব সি। পানেশ্বৰকাই কৰিবলৈ কোরা কামটোকে কৰিব নেকি। নে বিগত চাৰি-পাঁচ বছবে সহ্য কৰি অহাৰ দৰে সি চিষদিনলৈ সহ্য কৰিয়েই থাকিব। নাই নাই ইমান আৰু চাই থাকিব নোৱাৰি। মানুহে চল পালে বল পায়, দুর্বল পালে কিলাই খাই।'

গতিকে পানেশ্বৰকাই কৰিবলৈ দিয়া কামটোকে কৰিব লাগিব। সি টো মোক সহায় কৰাৰ কথা কৈছেই তাতে আকৌ তাৰ কেচ-মোকৰুমাৰ খেলা অভিজ্ঞতাও আছে। কবলৈ গ'লে সি এইবোৰত খিলাড়ীয়েই। গতিকে মোৰ চিন্তা কিহৰ? চাই লম বাপ্পেকে এইবাৰ। মহাজনক দেখুৱাই দিম মইয়ো পুরুষ। এই সুযোগতে মহাজনৰ কিছু ধন যাহ নিয়ার লাগিব। মুখৰ তলতে সি এবাব ভূবডুবালে। মহাজন এইবাৰ তোৰ বেহাই নাই। মই মনিবামৰ পুত্র ভগীরথে তোৰ লগত কেচ খেলিম খেলিম বুলিছো খেলিমেই। দৃঢ়প্রতিজ্ঞ হ'ল সি। কিন্তু কেচ খেলিবলৈতো টকা লাগিব। পানেশ্বৰকাইয়ে কোরামতে পোন্ধৰ-যোল্লহাজাৰ মান লাগিব। লাগক, লাগিলেও কথা নাই। আহমেদে কৈছে, গৰুহাল বিক্রী কৰিলেই হেনো বিশ-বাইশ হাজাৰমান পাম। হাল উঠাৰ পাচতটো আৰু সিহঁতৰ কাম নাথাকিব। 'বোলে আছিল গৰুৰ উঠিল হাল, বুঢ়া কৰি ৰখোৱাতকৈ বিক্ৰী কৰাই ভালা। কেচত জিকাৰ পিছত এহাল নতুনকৈ তিনিম। কথাবোৰ ভাবি ভাবি সি বিচনাতে বাগৰ দিলে। আজি তাৰ বৰ ভাগৰ লাগিছে। সঁচাকৈ পানেশ্বর কাইব দরে সহায় কৰা মানুহ এজন আছে গাঁওখনত।

আহমেদ কাই, কিয় তই দেখুন বাইশ হাজাৰ দিম বুলি কৈছিলি? বাৰু হ'ব দিয়া, বিশ হাজার দিলেও হ'ব। কেচত জিকাৰ পিছত মোক এই হালতকৈ ডাঙৰ এহাল লাগিব। এক, দুই, তিনি... বিশ হাজাৰ। জীবনত এয়াই প্রথমবাৰ ভগীরথে বিশ হাজাৰ টকা একেগোটে চুইছে বিশটা ৰঙা মহাত্মা গান্ধী থকা নোট। ভালকৈ লিৰিকি বিদাৰি চালে সি।

আজি কেচুৰ তাৰিখ। মহাজনক এসেকা দিয়াই নহয়, পাৰিলে একেবাবে গড়ালত ভৰাই ৰঙাঘৰত ভাত খুউৱাৰ কথাকে চিন্তা কৰিছে সি। ভগীৰথৰ কাষণে আনন্দৰ দিন। অন্ততঃ সি পানেশ্বৰকাইটিৰ জহাত মহাজনক গঁড়ালত ভবাই থৈ আহিব পাৰিব। গাঁৱত কিন্তু আজিলৈকে কোনেও মহাজনৰ লগত কেট খেলিব পৰা নাই। উকিলজনো ভাল। পানেশ্বৰকাইৰ চিনাকী। সি কেচত জিকাৰ বেলিকা এই উকিলজনকে লৈছিল। কেইহাজাৰমান ল'ব হেনো তেওঁ। লওক, গরু বিক্রী কৰা ৰঙা মহাত্মা গান্ধীর নোটকেইটা আছে যেতিয়া কিহৰ চিন্তা। গপচু, আই এম ভগীবথ, একদম গপড়। এটা নহয় দুটা নহয় পুৰা ওঠৰটা মহাত্মা গান্ধী। দুটা

অবশ্যে কাগজ-পাতি, চাহ-তামোল, ইটো-সিটো হাবি-ভাবিত খরচ হৈছে গলেও যাওক দিয়া। কেবাণী, তবণী, উকিল চাৰহঁতৰ চহীৰ দাম আছেতো। যাহা তাহা নহয়, চৰকাৰী মানুহ।।

পানেশ্বৰকাই আৰু ভগীৰথ দুয়ো কটত হাজিব হ'ল। বিচাৰ আৰম্ভ হোৱাৰ আগতে পানেশ্বৰকাই টেকেলা বেজৰ পৰা দুশ টকা দি জাবি অনা খাতি সৰিয়হ তেলর বউলটো উলিয়াই অলপ তেল ভগীরথন মূৰত ঘাঁই দিলে আৰু নিজেও খাঁই ললে। পানেশ্বরকারে টেকেলাক বর বিশ্বাস করে। টেকেলা বেজৰ ঔষধৰ গুণেই বেলেগ প্রমাণ পাই থৈছে সি। একেরাবে প্রমাণী। এশ শতযাশবে গেৰাণ্টী। টেকেলাব ঔষধ ব্যৱহাৰ নকৰা হ'লে পানেশ্বরে ইমান দিন ডাং বৰলা ভাত খাবলগীয়া হ'লহেতেন। ইয়ো বেলেগ এছাতি।

মহাজনৰ লগত চক্রাবো আহিছে। তাৰ অবস্থা দেখি ভগীরথৰ অলপ দুখ লাগিল। বেয়া লাগিলে কি হ'ব। সিওটো বাপৰে বেটা। যেনে বাপ তেনে পুত্র, একেটা ফর্মাৰে খুটা। সিহঁতে লোৱা উকিলটো হোলো সাংঘাতিক উকিল। পানেশ্বৰে কানে কানে ক'লে। হওকদে, আমার জনো কম নহয়। তাতে আকৌ টেকেলাই জাৰি দিয়া তেলখিনিও আছেই বাপ্পেকে। সিও কম নহয়, অলপ পিছত দেখিবি সকলো আমাৰ ফলীয়া হৈ যাব।

অধ্যক্ষই আধাতে বিছাব সামবিলে পোছব

কে'লে।

ভগী, আমার উৎকৃষ্ট।

কিয়? আচৰিত হ'ল ভগীরথ।

নাই, ইয়াৰ দ্বাৰা কোনো কাম নহ'ব। অলপ নৰম দেখা নাই মহাজনৰ উকিলজন কিমান কাটা।

অ। ইয়াত ভাল ক'ৰ।

তই চিন্তা নকৰিবি। দুটকা বেছি খৰচ কৰি হ'লেও মহাজনক হৰুৱাবই লাগিব।

পনীত নামিছো যেতিয়া পানী ঘোলা কৰি হ'লেও মাছ ধৰিমেই।

আজি ইটো উকিল, কালি সিটো উকিল। কেরাণীক চাহ, তৰণীক চাহ, ভাগৰ লাগিছে এবটল খালি ভাত নাখাঁও মাছ-মাংস, রোগীয়া মাকক ঔষধ ইত্যাদি ইত্যাদি কৰোতে ভগীৰণৰ হাতত কেচৰ তাৰিখলৈ মহাত্মা গান্ধী থাকিল মাত্র সাতটা।

সিদিনাও কেচৰ কোনো মীমাংসা নহ'ল। আজি উকিলজন অৱশ্যে সিহঁতে মহাজনৰ উকিলজনৰ লগত ফেন মাৰিব পৰা বিধৰেই। পিছে কি হ'বা পইচা ফেক' তামাছ্যা দেখ'। আনফালে ভগীৰথৰ হাততো মহাত্মা গান্ধীৰ পৰিমাণ কমি মাত্র দুটাহে আছে। এই দুটাই শেষ সম্বল। দহদিনৰ মূৰত আকৌ কেচৰ তাৰিখ। 'হাতত নাই বিত, মনে কৰে চিত-বিত'।

পানেশ্বর কাইৰ পৰামৰ্শ মতে সি বাৰীৰ পিছত থকা গমাৰিডাল পঁচিশ শ টকাত হৰিকান্তক বিক্ৰী কৰিলে।

সিদিনাও কেচৰ সমাধান নহ'ল। মহাজনে টকাৰ জোৰতে কৰ্টৰ সকলোকে কিনি লৈছে। সেয়ে সিহঁতে হোৱাকো নোহোৱা কৰি আছে। টেকেলা বেজে জাবি দিয়া মিঠাতেলখিনিয়ে কোনো কাম দিয়া নাই। সম্ভব পুৱমুখীয়া দোকানৰ নহয় যেন পাঁও। পানেশ্বৰকাই আৰু ভগীৰথ বিপাঙত পৰিল। কি কৰা যায় এতিয়া। টকা, টকা, টকা সকলো কামতে টকা। চকিদাৰৰ পৰা হাকিম, উকিললৈ এফালৰ পৰা পকেটত পাঁচ-দহকৈ গুজি দি যাব লাগে। প্রথমকেইটা দিনত ভগীৰথে অকনো ত্রুটি কৰা নাছিল। কিন্তু তাৰ দবে ভিকছর জানো সেয়া সদায় সম্ভর? গৰু বিক্রী কৰা টকাকেইটাই বেচেৰাই কেচ খেলিছিল। আজি সিও শেষ। এতিয়া সি বিক্রী কৰিবই বা কি? সম্পত্তি বুলিবই একোৱেই নাই। অ' আছে, এটা সম্পত্তি আছে। বৰ মূল্যবান সম্পত্তি। ৰত্না, তা, তাইয়ে আছে তাব শেষ সম্পত্তি। তাইকে বিক্রী কবি কেচ খেলিব সি। কিন্তু....

বতনা, ৰত্না

হেবি, উঠক। কিয় চিঞৰি আছে? কিবা বেয়া সপোন দেখিছে নেকি? হেৰি নুঠে কিয়? কিমান কম, দিন-দুপৰতে সেইসোপা নাখাব। ভগীৰথে পাগল মানুহৰ দবে ইফালে সিফালে চালে।

ট্যাগ এর সাথে ছবি '...

একে দৌৰে ৰত্নাই পাকঘৰৰ পৰা পানী এঘটি আনি দিলে। গিৰিয়েকৰ অবস্থা দেখি তায়ো হতভম্ব হ'ল। বুকে ধুকে পানী গিলি ভগীৰথ বিচনাৰ পৰা উঠি একো মাতবোল নোহোৱাকৈ বাহিৰলৈ ওলাই আহিল। বাহিবলৈ আহিছে সি গম পালে ইমান সময় সি তাৰমানে সপোনহে দেখি আছিল। সন্ধিয়াৰ আগে আগে পানেশ্বর কাইয়ে গৰুহাল গোহালিত বান্ধি থৈ গ'ল। সি গোহালীৰ

ফালে খোজ ল'লে। এবাৰ গৰু হালক চুই চাবৰ মন। গ'ল তাৰ। কিন্তু কি ভাবি জানো নুচুলে, বাৰীৰ চুকত পিৰ-পিৰকৈ বতাহত লৰি থকা গমাৰীডাললৈ চকু ফুৰালে, বৰ সুন্দৰকৈ পাতবোৰ লবি আছে।

বোলো ভগীরথ আছনে ঘৰত। অ, রোপা ভগী, এটা চিনাকী যেন লগা মাতত ভগীৰথে নঙলালৈ ঘুৰি চালে। আগন্তুকক দেখি চক খাই উঠিল ভগী। বুকুখনে জহাধান কৰাধান খুন্দিব ধৰিলে। সেয়া দেখুন মহাজন। সর্বনাশ, দেউতাকৰ মৃত্যুৰ পিছত আজি কেইবাবছর। মুৰত আহিছে তেওঁ। হায়, হায়...

- মহাজন দেউতা দেখোন এই সন্ধিয়া সময়ত। আচৰিত হৈ সুধিলে ভগীরথে।

কাম থাকিলে সন্ধিয়া কিয়, মাজনিশাও আহিলোহেঁতেন। কিয় বা আহিল বুঢ়া। হে হৰি, বচোৱা, মই কেচ খেলাত নাই। মনতে ভাবিলে সি।

বতা, অ' ৰত্না মুঢ়াকেইটা উলিয়াই দেছোন। মহাজন দেউতা আহিছে। বরাই মুঢাকেইটা উলিয়াই দি ভিতৰলৈ গ'ল।

-ভগী বোপা, তই হয়তো পেটে পেটে মোক বেয়াই পাই আছ'। এইবাৰ মাটিখিনি তোৰ নামতে উঠাই দিম দে। ইমানদিন মোৰ নামতে আছিল। বাপেৰে থাকোতেই নামজাৰিটো কৰাই দিম বুলি ভাবি থকাহে হ'ল কিন্তু কামটো হ'লে নহ'ল।

ৰতমানে হ'ল।

অ. সেই চাৰিবিঘা মাটি মই বাপেৰক দান-সুত্রে কাহানিবাই দিছিলো। নামজাবিহে কৰা নহ'ল। এতিয়া তয়ো ডাঙৰ হলি যেতিয়া নামজাৰিটো কবিয়ে দিও। ময়ো কেতিয়া বিদায় লওঁ ঠিকনা নাই। গতিকে বোপাই অ'তই কালি মোৰ লগতে মণ্ডল অফিছলৈ ওলাবি। মাটিখিনি নামজাৰি কৰাই দিব লাগিব। বুঢ়া হৈ আহিছো, কাহানিবা লুতুক হ'লে শেষ। গতিকে বোপাই তই কালিলৈকে ওলাবি। বহাৰ পৰা উঠি মহাজন এখোজ-দুখোজকৈ ঘৰমুৱা হ'ল। সেইফালেই চাই ব'ল ভগীরথ। 'অপৰাধ বিনাশন, মহাজন দেউতাক প্রণাম... মহাজনৰ ভৰিত ধৰি গাবলৈ মন গৈছিল ভগীব, কিন্তু এন্ধাৰত বিলীন হৈ গ'ল মহাজন ক্রমান্বয়ে...। বাৰীৰ চুকত কান্দি থকা উইচিৰিঙা কেইটাৰ কান্দোনে ভগীৰথৰ কানত প্রতিধ্বনি তুলি সন্ধিয়াৰ সুৰ জুৰিলে Madhu dewri (বাৰ্তা) 02:33, 24 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

তেজৰ ঢেঁকুৰা টিকেন বৰদলৈ

[সম্পাদনা কৰক]

তেজৰ ঢেঁকুৰা

টিকেন বৰদলৈ

বর্তমান অসমৰ সাম্প্রতিক পৰিস্থিতি এক ভয়াবহ ৰূপত প্রতিফলিত হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ চাৰিওফালে নিৰহৰ ওপৰত শোষণ, উৎপীড়ন, হত্যা, ধর্ষন, লুণ্ঠন আদি অপকর্মবোৰ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ফলত দেশখনৰ বায়ু, পানী, মাটি আৰু জলবায়ু সকলোতে কলংকৰ চেকাই বিৰাজ কৰিছে। অসমৰ প্রতিজন নাগৰিকৰ বাবে জীয়াই থকাৰ ভাবুকি আহি পৰিছে। অসমৰ কৃষ্য বনুৱা, বোৱনী-বোরনী, শিপিনী আই মাতৃ সকলৰ শোকাকুল দুখ বেদনাই দেশৰ অর্থনৈতিক অন্তৰায়ৰ সৃষ্টি কৰিছে। যাৰ ফলত দেশখনৰ অর্থনৈতিক বৈষম্যই সর্বসাধাৰণ ৰাইজৰ জনজীবন কোঙা কৰি তুলিছে।

আমি যদি বর্তমান অসমৰ এখন বাস্তব প্রতিচ্ছবি অংকণ কৰিব বিছাবো তেন্তে দেখা পাঁও অসমৰ আভ্যন্তৰীণ পৰিস্থিতি এক সংকটপূর্ণ অৱস্থাত উপবিস্ত হৈ পৰিছে। অসমৰ সকলো ঠাইতে কেঁচা তেজৰ ঢেঁকুবাই জনসাধাৰণৰ মাজত বিভীষিকা সৃষ্টি করিছে। বর্তমান অসমত দানররূপী সন্ত্রাসবাদী সংগঠন সমূহে বিনাদ্বিধাহ নিবিহ জনসাধাৰণৰ ওপৰত হিংসুক জীৱ-জন্তুৰ দবে জপিয়াই আটচবাজি খেলি আনন্দ উপভোগ করার সময় আহি পৰিছে। ফলত সহস্রজনৰ চিঞল-বাখর আব্দ আর্তনাদে অসমৰ সাম্প্রতিক জলবায়ু কলুষিত কৰি পেলাইছে। এহাতে যেনেকৈ অসমৰ জীয়াৰী-বোৱাৰীসকলৰ ওপৰত শোষণ, উৎপীড়ন, হত্যা, ধৰ্ষণৰ দবে অপকর্মবোৰ ক্ষিপ্রতাবে বৃদ্ধি পাবলৈ ধৰিছে। আনফালে, সন্ত্রাসবাদীৰ নিৰ্মম অত্যাচাৰত অসমৰ বহুতো জীয়াৰী-বোৱাৰী অকালতে শিৰৰ সেন্দুৰ মচি বিধরা সাজ পিন্ধিছে, কোনোবাই গৃহহাবা হৈ পৰিছে, কোনোরে নিজৰ স্নেহৰ পিতৃ-মাতৃক হেৰুৱাই অকালতে অনাথ শিশু হৈ পৰিছে। এয়াই বর্তমান অসমৰ সাম্প্রতিক

পৰিস্থিতি।

অসমৰ মানুহৰ মাজত বর্তমান মৰম স্নেহৰ ভাৰ নাইকীয়া হৈছে। মৰুভূমিৰ মৰীচিকা হোৱাৰ দৰে অসমৰ মানুহৰ ক্ষেত্ৰত মৃত্যুৰ বিভীষিকাই প্রতিমূর্ছততে পিছে পিছে খেদি ফুৰিছে। সকলো সময়তে সন্ত্রাসবাদীৰ আচৰণ বিধিয়ে অসমৰ ৰাইজক ভীতিগ্রস্থ কৰি তুলিছে। অসম জন-সাধাৰণৰ বৰাইজে দিক-বিদিক হেৰুৱাই ধ্বংসৰ গৰাহত প্ৰৱেশ কৰিছে। গধূলি ছয় বজাৰ লগে লগে অসমৰ জীয়াৰী-বোৱাৰীহঁতে বাতিব নিদ্রাহৰণত ভূগিছে। চাৰিওফালে হুলস্থূল বাতিৰ এন্ধাৰত বৰটোপ, হিলৈৰ শব্দ, কোলাহ'লপূর্ণ মাত, কাৰোবাৰ গগন ফালি যোৱা কান্দোনৰ ইনানী-বিননী, কাৰোবাৰ হৃদয় বিদারক আর্তনাদ, কৰবাত-ৰাতিপুৱা হোৱাৰ লগে লগে তেজেবে ভূতুবি-পুতুৰী হৈ পৰি থকা মৃতকর মর্মান্তিক দৃশ্য। এয়াই হৈছে কুৰি শতিকাৰ অসমৰ মানৱ সভ্যতাৰ আচৰণ। কি হৃদয় বিদাবক অসমৰ সাম্প্রতিক পৰিস্থিতি। ভাবিলে হিয়া-ঢাকুবি কান্দিবলৈ মন যায়।

ইয়াৰ বাবে দুখী কোন? কাক অপৰাধী সাজিমঃ কিন্তু যদি আমি বাস্তব প্রেক্ষাপটত ভালকৈ পর্যালোচনা কৰি চাওঁ তেন্তে ইয়াৰ বাবে আমি অসমৰ প্ৰতিজন নাগরিকে দায়ী নহয় জানো? কিয় আমি আমাৰ জাতীয় ঐক্য সংহতিক অকালতে বিসর্জন দিব বিচাৰিছো? কিয় আমি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ঐকান্তিক প্রচেষ্টা হাতত লব পৰা নাই। কিয় আমি নিবিহ জনতাৰ ওপৰত বোমা, বাৰুদ, আধুনিক মারণাস্ত্রই তেজৰ ঢেঁকুৰা বোবাই দি শান্তি লাভ কৰিছো। অকালতে কিয় নিবিহব জীবন কাঢ়ি লৈছো? এয়াই হৈছে বর্তমান অসমৰ বাবে এটা জলন্ত প্রত্যাহবান। সেয়েহে পঢ়ুরৈ সমাজ, আমাক, অসমৰ ৰাইজক শান্তি লাগে, হিংসা নালাগে। হত্যা, ধর্ষণ, লুণ্ঠন আৰু আধুনিক মাৰনাস্ত্রই শান্তি আনি দিব

নোৱাৰে বৰঞ্চ এনে অপকর্মই দেশক ধ্বংশ আৰু কলুষিতহে কৰিব পাৰে।

বর্তমান অসমৰ ৰাজনৈতিক প্রেক্ষাপটত এবাৰ ভুমুকি মাৰিলেই অসমৰ বাস্তর প্রতিচ্ছবিখন জল-জল পট-পটকে দেখা পাঁও) এনে ক্ষেত্রত তৃণমূল পর্যায়ন। পৰা আৰম্ভ কৰি ৰাজনৈতিক উর্দ্ধতন মহললৈ সকলোবে একোজন একোজন বোকারে লুতুৰি-পুতুৰি দুর্নীতি, প্রষ্টাচাৰত লিপ্ত পৰিপক্ক মহান ব্যক্তি। তেখেতসকলে অসমৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি অকনো ভ্রক্ষেপ নকৰি, সংবিধানৰ নীতি-নির্দেশনাক জলাঞ্জলী দি অবাধ গতিত বিনাদ্বিধাই দুর্নীতি, অপকর্মত লিপ্ত হৈ নিজর স্বার্থ সিদ্ধি কৰি আহিছে। এয়া তেওঁলোকৰ বাবে গতানুগতিক কর্মৰাজিৰত পৰিণত হৈ পৰিছে। নিৰিহ জনসাধাৰণৰ প্রতি থকা অৱহেলিত চিন্তু ভাবধাৰাই দেশব অর্থনৈতিক উন্নতিত অন্তৰায় সৃষ্টি কৰিছে। যাৰ ফলত অসমৰ প্ৰতিজন নাগরিকে হা-হুমুনিয়াহ কাঢ়ি জীয়াহ থাকিবলগীয়া হৈছে। সেয়ে অসম দেশৰ কাৰণে ই এটা বৰ পৰিতাপৰ বিষয় হৈ পৰিছে। যি সময়ত পৃথিৱীৰ অন্য দেশসমূহে রাজনৈতিক, সামাজিক, অর্থনৈতিক, কুটনৈটিক আৰু প্রযুক্তিবিদ্যাত উন্নতিৰ শীৰ্ষত আৰোহণ কৰিছে। তেনে সময়ত অসমৰ জনসাধাৰণতে কুৰি শতিকাৰ আগৰ বৰ্ষৰ মানুহৰ দৰে নিৰীহজনৰ ওপৰত অত্যাচাৰ, ভাবুকি, উৎপীড়ন, লুণ্ঠনৰ দৰে অপকর্মবোৰ কবি অসমৰ সাম্প্রতিক দৃশ্যপটখনকে সলনি কবি পেলাইছে। অসম আজি ধ্বংসৰ কাঠগড়াত উপবিষ্ট হৈছে। বাজনৈতিক, অৰাজনৈতিক, বনিক আৰু বুদ্ধিজীবি লোকসকলে অসমৰ ধ্বংস দেখিও চকুমুদা কুলিৰ ভাও ধৰিছে। তেওঁলোকে অসমৰ জলন্ত সমস্যাসমূহক উপহাস কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। ৰাজনৈতিক নেতাসকলৰ মাজত বোকা ছটিওৱা খেল আৰম্ভ হৈছে। আজি অসম

দেশৰ মাটিতে অসমীয়া জাতিয়ে মগনীয়া হবৰ উপক্রম হৈছে। ইয়াৰ বাবে দায়ী অসমৰ প্ৰতিজন নাগৰিক।

আজি অসমৰ ভাই-ভাইব মাজত কাজিয়া হৈছে, জাতি আৰু জনগোষ্ঠীৰ মাজত প্রভেদ আহি পৰিছে, উশৃংখল জনজীবনে জীয়াই থকাৰ ভাবুকি আনি দিচ্ছে। এই সকলোবোৰ জলন্ত সমস্যাব পূর্ণ-সুযোগ গ্রহণ কৰিছে বিদেশী প্ররজনে। বিদেশী প্ররজন প্রক্রিয়া অসমত পূর্ণগতিত অব্যাহত আছে। এই বিদেশী সমস্যাই অসমখনক এফালৰ পৰা গ্ৰাস কৰি আনিছে। ফলত, অসমত খিলঞ্জীয়া লোকসকলৰ জীয়াই থকাত ভাবুকি আহি পৰিছে।

সাম্প্রতিক সময়ত অসমৰ বিভিন্ন দলব গণতান্ত্রিক চৰকাৰসমূহে ও আজিলৈ বিদেশী সমস্যাটোক স্থায়ী সমাধানৰ পথত আনিবলৈ অক্ষম হৈ পৰিছে। ইয়ার বিপ্লবীতে, বাজনৈতিক উর্দ্ধতন মহল আৰু বুদ্ধিজীবি লোকসকলে বহু সময়ত বিভিন্ন মন্তব্যয়ে বিদেশী সকলক নিৰাপদ স্থানত প্রশ্রয় দি আহিছে। আনহাতে, আইনজীরি সকলেও বিভিন্ন সময়ত বাজনৈতিক মেৰপাকত সোমাই এটাৰ পিছত এটাকৈ ফাইলসমূহ গাপ দিবলৈ প্ৰয়াস কৰিছে। ফলত, অসমৰ এই জলন্ত সমস্যাসমূহে সর্ব-সাধাৰণ ৰাইজক ভীতি প্রদর্শন কৰি জনজীৱন কোঙা কৰি পেলাইছে। এয়াই হৈছে নিৰীহজনৰ ওপৰত কেঁচা তেজৰ ঢেঁকুৰা বোৱাই দিয়া অসমৰ বাস্তর প্রতিচ্ছবি। সেয়েহে অসমৰ এই জলন্ত সমস্যাসমূহ সমাধানৰ কাৰণে অসমৰ প্ৰতিজন সু-সন্তানে মূল সুতিলৈ উভতি নাহিলে পূর্বতকৈ অসমৰ পৰিস্থিতি অধিক ভয়াবহ হোৱাটো প্রকট হৈ পৰিছে।

গতিকে, অসম মাতৃভূমিক ৰক্ষা কৰাৰ কাৰণে অসমৰ প্রতিজন সু-সন্তান রাজনৈতিক, বুদ্ধিজীবি ব্যক্তিসকলে মাৰ বান্ধি থিয় হৈ সু-বুদ্ধি উদয় কৰাবলৈ সময় আহি পৰিছে।

লেখকৰ ঠিকনা

বিদ্যাবিদ,

তিখাবড়ী মধ্য ইংৰাজী বিদ্যালয় Madhu dewri (বাৰ্তা) 02:34, 24 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধাৰাবাহিক সাংস্কৃতিক

[সম্পাদনা কৰক]

ধাৰাবাহিক সাংস্কৃতিক গুৰুত্বতাৰ ওপৰত তিখাবড়ী গাঁৱৰ জনজাতীয় সমাজৰ এটি আলোকপাত

ভৌতিক ভাবে দেখি অহা সাধারণ আদর-কারদাব ওপৰত ভিত্তি কৰি আমাৰ ওপৰি পুৰুষসকলে মুখে মুখে কৈ অহা শুনা পাওঁ-

পাকে পাংগুলীয়ে মানিপুৰীয়া,

লাখুটি লুম্বুটা ভলুকাগুৰিয়া, খেলে-ধেমালিয়ে গড়মারী শিক্ষা-দীক্ষাত বৌমাৰী মাছে শাকে হাবিয়াবড়ি মেলে মিটিঙে ঘগুরা

নামে ভাওনাই তিখাবড়ী

কেচ মুর্কদ্দমাত কলবৰীয়া।পরিচালনাৰ দায়িত্ব বহন কৰে স্বর্গীয় ধূলাবৰ দেউৰী, স্বর্গীয় গ্রহণ বাংঠাই। গ্রহণ বাংঠাইৰ দিনতে এজন সু-প্রসিদ্ধ নৃত্য পরিচালক তথা উস্তাদ অনা হয়। নাম প্রদীপ শর্মা, ঘৰ মৰিগাঁৱত আছিল। তেওঁ পৰিচালনা কৰা 'রূপলেখা নয়নতৰা'ব আধুনিক চন্দব লহৰ মন কৰিব লগা আছিল। নৃত্যটিব এটি গীতৰ কলিয়ে এতিয়াও মোক মাজে মাজে আমনি কৰেহি-

কাজল সনা নয়ন তোমাৰ

বীজবৰ বেলে আঁক

বৰূপৰ প্রতিমা তুমিয়ে জানো

তাৰ পাছত ৰুবন ম

কালৈ যাচা

। নৃত্যটিত নায়কৰ ৰূপত আছিল শ্রীদুলাল বৰদলৈ আৰু নায়িকা 'পাটি ছোবালী' মানে ভাড়া কৰি অনা শিল্পী। তেতিয়া মোৰ বয়স ৫-৬ বছৰ। উল্লেখ নকৰি নোৱাৰো, সেই বছৰ সন্ধ্যা ও বজা মানৰ পৰা 'চাঁয়া বাজি' (Documentory) প্রদর্শন কৰা হৈছিল। উক্ত বাৰত কোচ চুবুৰীৰ শ্রীহেমেন ভেকা, শ্রীহোমেশ্বৰ ডেকা, শ্রীজ্ঞান ডেকা (গমন) মূল নাটকত অভিনয় কৰিছিল। নাটখনৰ নাম আছিল অভিশপ্ত সম্বল'। দুখৰ বিষয় নাটখন আধা মঞ্চস্থ নহওতেই অত্যন্ত বৰষুণ পৰে। (স্থান আছিল বর্তমান কোমল দেউৰীৰ বস্তি প্রাঙ্গনত) ফলত পিছদিনা ১নং প্রাথমিক বিদ্যালয় প্রাঙ্গনত মঞ্চস্থ কৰা হয়।

তাৰ কেইবছৰমানৰ পিছত আৰু বহুকেইখন বুৰঞ্জীমূলক নাট যেনে- ললিতা উদ্ধাব, বেইমান কোন, লাঞ্চিতা বেগম আদি মঞ্চস্থ কৰা হয়। মূল চরিত্রসমূহৰ ভাৱৰীয়া আছিল শ্রীবাজেশ্বৰ দেউৰী, বন্দেশ্বৰ দেউৰী, বিন্দ বৰদলৈ, গোবিন্দ, যদু দেউৰী, কৰফুল আদি।।

উক্ত নাটসমূহৰ পিছত আহিল ব্যয়বহুল নাট। দুটা মঞ্চত মঞ্চস্থ কৰা আধুনিক ভ্রাম্যমান থিয়েটাৰত মঞ্চস্থ কৰা আধুনিক সামাজিক নাটৰ সমাহাৰ। উক্ত নাটসমূহৰ কর্মীসকল আছিল জয়ফুল বৰদলৈ, বসন্ত দেউৰী, বানেশ্বৰ পাটৰ, স্বর্গীয় তুলন দেউৰী, আহিনা দেউৰী, স্বর্গীয় বমেশ বৰদলৈ, গিৰেন্দ্ৰ বৰদলৈ বীৰেশ্বৰ বৰদলৈ, কানিয়া দেউৰী আদি। ক্রমে ১৯৯৬ চনত জয়ফুল বৰদলৈয়ে নিজে নাট লিখাৰ প্রচেষ্টা চলায় আৰু উক্ত চনতে তেওঁব পূর্ণ নাট 'আবেলি' মঞ্চস্থ

কৰা হয়। নাট আৰু গীতি নাচ-নাটিকাৰ পৰিচালনাৰ দায়িত্ব আছিল বথবা শিলসাঁকোৰ জ্যোতি ডেকাৰ। নীতি নাচ-নাটিকা আছিল পাহাৰী ফুল'। নাটৰ কর্মীসকল আছিল ক্রমে অনিল কেলো, জয়ফুল বৰদলৈ, টিকেন বৰদলৈ, সাধানাম দেউৰী, চুচিল বৰদলৈ, মতিবাম বৰদলৈ, জিতুমনি দেউৰী, কাজল বৰদলৈ, অবন দেউরী, অনিমা বৰদলৈ, জ্যোতি প্রসাদ বাংঠাই আদি। উল্লেখ নকৰি নোৱাৰি উপৰোক্ত প্রায়বিলাক নাট জেঠ মাহব যোক্স (১৬) তাৰিখে ঘণ্ডৱা মেলাৰ উপলক্ষে মঞ্চস্থ করা হৈছিল।

২০০৬-০৭ চনৰ পৰা মেঘনাথ বৰদলৈ, মেদিনী বৰদলৈ, চন্দ্র বৰদলৈ, চুচিল বৰদলৈ, এডিচন দেউৰী আদি যুৱকৰ নৱ উৎসাহমূলক চিন্তা-চচনি ফলত জেঠন ১৬ তাৰিখৰ উপৰি মাঘবিছন প্রথম দিনৰ পৰা খেল-ধেমালি, কুইজ আদি বিভিন্ন কাৰ্যসূচীন উপৰিও দ্বিতীয় বিহুৰ দিনা সন্ধ্যা বঁটা বিতৰণীৰ অন্তত সাংস্কৃতিক সন্ধ্যার নৱধাৰা বোৱা দেখা যায়। উক্ত সাংস্কৃতিক সন্ধ্যাতে উদীয়মান প্রজন্মৰ সৰু সৰু ল'ৰা-ছোৱালীর আগ্রহত। গীত, নাচ, কৌতুক, আলক্ষ, একাংকিকা নাট আদিব প্রয়োভৰ দেখা যায়। এইসকল কণমানিক অনুপ্রাণিত কৰা তথ্য বৰঙণী যোগাওতা সকলব ভিভবত এভিনে দেউৰী, পল্লব বৰদলৈ, মেদিনী বৰদলৈৰ নাম উল্লেখ কৰিব পাৰি। মেদিনী বৰদলৈৰ শিশু বাংগ আলাক্ষ একাংকিকা নাটৰ দল বেবেৰি বাং কৌতুক গোষ্ঠীৰ ভরিষ্যত আশাসুলভ হব বুলি কব পাৰি। ঠিক সেইদৰে, এডিচন দেউৰীৰ পৰিচালিনাত শিশু নৃত্যশিল্পী ও একাংফিকা বা পূর্ণ নাটৰ কর্মীসকলে যথেষ্ট নর-কৌশল শিকিব পাৰিব। সুখৰ বিষয় এয়ে যে পল্লৱ বৰদলৈ, এডিচন দেউৰী, মুকুন্দ টেৰণ আদিব প্রচেষ্টাত নতুনকৈ এটা তিৱা নৃত্য দল গা কৰি উঠিছে। আৰু বর্তমানে বিভিন্ন ঠাইত আর্শীবাদ বুটলিবলৈ সক্ষম হৈছে।

এতিয়া পুনৰ উভতিবলৈ ওলাইছো অন্য এখন জগতলৈ। ১৯৬২-৬৩ চন, তিখাবড়ী জয়ৰাম দেউৰীৰ ঘৰত এটা সকাম আছে। দিনৰ ভাগতে সকামৰ বিভিন্ন কার্য সমাপ্তি ঘটোৱাৰ পিছত ঘৰত উপস্থিত থকা অতিথিসকলক ও গাঁৱৰ ৰাইজক সোঁৱৰণীয় হিচাপে গধুলীৰ পৰা ধৰি ওৰে ৰাতিটো সাস্কৃতিক কিবা এটা

উক্ত লোকক্তি বিলাকৰ সত্যতা বা গুরুত্বতার বর্তমানৰ লগত অৱশ্যে মিল নাথাকিব পাৰে। আৰু সেই সম্পকিত বিশদ আলোচনাও কৰিব বিচৰা নাই। ময়ো বর্তমানলৈ শুনি অহা দেখি অহা আৰু জীৱনৰ অভিজ্ঞতার ভিত্বিত। তিখাবড়ী গাঁওখনৰ সাংস্কৃতিক দূৰ্বলতাৰ ওপৰতহে কিছু কথা লিখিবলৈ অপচেষ্টা চলাইছো। আহক, প্রথমে নাটকৰ কথাৰে আৰম্ভ কৰো।

আজিৰ পৰা প্রায় ৫৪ বছৰৰ আগৰ পৰাই তিখাবড়ী গাঁৱত ভাওনাৰ প্রভাৱ পৰিছিল। ১৯৫৫-৫৬ চনত মঞ্চস্থ কৰা প্ৰথম নাটখন আছিল 'মায়া উদ্ধাৰ'।

নাট্যকাৰৰ নাম জনা সম্ভৱ নহয়। কোনেও কব নোৱাৰে। তেতিয়াৰ দিনত পৰিচালকজনক উস্তাদ বুলি কোৱা হৈছিল। উস্তাদ আছিল ঘণ্ডৱা গাঁৱৰ এজন যসঙ্গী ব্যক্তি স্বর্গীয় ভাৰত বৰদলৈদের। সেই সময়ত আমাৰ জিলা আছিল নগাঁও। নগাঁও জিলাৰ বাহিৰেও তেওঁ বহু ঠাইত নাট পৰিচালনার দায়িত্ব বহন কৰি গৈছিল। তিখাবড়ী গাঁৱৰ নাট পৰিচালনা সমিতিৰ সম্পাদক তেতিয়া তেওঁলোকৰ ভাষাত প্রযোজক আছিল স্বর্গীয় কানেশ্বর (কানকটা) দেউৰী। স্মাৰক আছিল বালিৰাম দেউৰী।

মতিৰাম বৰদলৈ

আনকি তেওঁ মিউজিক (হাৰমনিয়াম) টো আছিল অনল বাক্তি। সিন্ধিৰাম বাংঠাই টবলা বাদক আছিল। মায়া উদ্ধাৰত মায়াৰ ভূমিকাত আছিল শ্রীযুত সৰুকৌরনদ বৰদলৈ। উক্ত নাটখন তেওঁলোকে একেৰাহে দুই তিনিবছৰ মঞ্চস্থ কৰিছিল। কৌতুল অভিনেতা আছিল দুম্বৰ বৰদলৈ।

কেইবছৰমানৰ পাছত তিখাবড়ী গাঁরে মঞ্চস্থ কৰিব লোৱা দ্বিতীয়খন নাট হ'ল 'ভাৰত বিপ্লব'। ভাৰত বিপ্লৱৰ উস্তাদ বা পৰিচালক আছিল বৰপেটা ধুম-ধুমা বৰাখাটৰ উপেন চন্দ্র নাথ। তেওঁ অসমৰে এজন স্বনামধন্য অনন্ন্য নাট পৰিচালক আছিল। নাথদেরৰ সহযোগত শ্রীযুত বালিনাম দেউৰীদেরে ১৯৫৮ চনত স্মাৰক (Promoter) প্রশিক্ষণৰ বাবে মির্জালৈ গৈছিল

আৰু প্রশিক্ষণত উত্তীর্ণ হৈ আহিছিল। ভাৰত বিপ্লৱৰ নাট কৰা সময়ত কৌতুক অভিনয় কৰি তিখাবড়ী ৰাইজ আৰু অনান্য ঠাইৰ ৰাইজক হাঁহিৰ খুৰাক যোগোৱা ব্যক্তি আছিল শ্রীইছমাইল বাংঠাই, জোনবিলা দেউৰী। এই ভাৰত বিপ্লৱ নাটখনি ভ্রাম্যমান স্বৰূপে নগাঁও জিলাব বিভিন্ন ঠাইত যেনে- নেলী, আস্লিঘাট, জালুগুটি, মনহা, ঘগুরা বাসমণ্ডপ আদি ঠাইত মঞ্চস্থ কৰি জনপ্রিয়তা লাভ কৰিছিল। সেই সময়ত মূল নাটকৰ আগমূহুত্বত গীতি নাচ নাটিকাৰ পৰিৱৰ্তে নাটৰ আগত

বা মাজত চ'কৰা নাচৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছতো শ্রীবালিবাম দেউৰীৰ নিজা পৰিচালনাত বাবাহনকে ধৰি কেইবাখনো নাট মঞ্চস্থ কৰা হয়। সেয়া আছিল ভাওনা বা নাটকৰ ক্ষেত্ৰত তিখাবড়ী জনজাতি চুবুৰীটোৰ আৰম্ভণী। তেতিয়াৰে পৰা তিখাবড়ীত নাট কৰাৰ ধাৰাবাহিক বন্যাৰ যি আৰম্ভ হ'ল বৰ্তমানলৈ ই বহিত ও অদূৰ ভৱিষ্যতেও যে থাকিব ই ধুরূপ।

বালিৰাম দেউৰীৰ পৰিচালনাৰ পিছত ক্রমে নাট

প্রদর্শন কৰোৱা অদম্য হেঁপাহ গৃহস্থব। সেই সময়ৰ এটা বিখ্যাত নাম পার্টি (দৰঙিয়াল) 'ডম্বকধৰ নাম পার্টি' মায়ঙৰ। প্রদর্শনটি কৰোৱা হ'ব পদুলিমুখত (তিখাবড়ী গাঁৱৰ মাজমজিয়াৰ তিনি আলিত) এমাহৰ আগৰ পৰাই খাদ্য ও বিভিন্ন সামগ্রী যোগানৰ যো-জা চলিছে। এটা সময়ত বিশিষ্ট দিনটো আহিল। নাম পার্টিয়ো আহিল, দুর্ভাগ্যক্রমে নেৰানেপেৰা বৰষুণৰ বাবে প্রদর্শনীটো পদুলিমুখত কৰা নহ'ল, জয়ৰাম দেউৰীৰ ঘৰৰ বভাতলীতে কৰা হ'ল। ডম্বৰুধৰৰ নাম, তিখাবড়ী গাঁৱৰ হয়তু মনপুতঃ হ'ল। কাৰণ তাৰ পিছতে ডম্বৰুধৰ দেৱক উত্তাদ হিচাপে আনি তিখাবড়ী গাঁৱত এটা নামপার্টি গঠন কৰা হ'ল। মূল নামতি আছিল স্বর্গীয় হৰকুমাৰ বৰদলৈ। বাদ্যযন্ত্র অর্থাৎ নাগাৰা বাদক আছিল সিন্ধিবাম বাংঠাই, মনিবৰ বৰদলৈ। এই দলটিয়ে বহু ঠাইত নাম প্রদর্শন কবি প্রশংসা বুটলিবলৈ সমর্থ হৈছিল। পুনৰ ১৯৮০ চনৰ পিছত হৰকুমাৰ বৰদলৈ আৰু সিন্ধিবাম বাংঠাইৰ পৰিচালনাত ছোৱালী নামপার্টি এটা গঠন হয়। তাৰ শিল্পীসকল আছিল- কনকলতা বৰদলৈ, সাবিত্রী বৰদলৈ, শান্তি বৰদলৈ, অকন দেউৰী আদি।

১৯৭১-৭২ চন। তেতিয়া মুকুন্দ টেৰণৰ বয়স মাত্ৰ বাৰ বছৰ। এটা সাকী হাফপেন্ট, এটা মলিয়ন পুৰনা কামিজ পৰিধান কৰি কাউৰী পুরাতে উঠি খোজ লৈছে। লক্ষ্যস্থান গুৱাহাটী অনাতাঁৰ কেন্দ্রটো চোৱা আৰু কিবা এটা কৰাৰ অদম্য হেঁপাহ লৈ কঁকালৰ খুচনীত এটা গদখালিত বঁজাই ফুৰা সৰু বাহী। প্রায় সন্ধ্যা গৈ খানাপাৰা পাইছে আৰু ক্ষন্তেক পিছতে দিনৰ পোহৰ গ্রাস কৰিব আৰু ৰাতিৰ এন্ধাৰ নামৰ ৰাক্ষসে। অচিনাকি ঠাঁই, ক'ত থাকিব ৰাতিটো, লাহে লাহে এঘৰ মানুহৰ ফালে আগবাঢ়ি গ'ল, লাজ কৰি যেন লাভ নাই তেনে ভাবেবে। মানুহ ঘৰৰ লগত কথাৰ আদান-প্রদান চলিল লগতে বাতিটোৰ বাবে ঠাইকণ পোৱাৰ আবেদন জনালে। মানুহ ঘৰ আছিল অতিথি পৰায়ণ। তেওঁক বহুদূৰৰ পৰা খোজকাঢ়ি যোৱা বুলি জানি বৰ দুখ পালে। লগে লগে খোৱা-বোৱাৰ যা-যোগাৰ কৰি ৰাতি সুন্দৰকৈ বিচনা কৰি দিলে। মানুহ ঘৰ আছিল বড়ো কছাৰি জাতিব, গৃহস্থজনবো নাম আছিল মুকুন্দ বড়ো। পিচদিনা পুরাতে উঠি গা-পা ধুই মানুহক সুধি ওলালগৈ অনাতাঁৰ

কেন্দ্রস্থলী। ভিতৰলৈ প্রৱেশ কৰিব দুর্গেশ্বৰ কৰঠাকুন্ লগ পাই আগমনৰ কাৰণ জনালে। কণমানি ল'ৰাটিন এনে হেপাহ দেখি বৰঠাকুৰদেৱ বৰ আনন্দিত হৈ টেকগন খুচনীত বাঁহীটি থৈ অন্য এটা তাল মিলোরা সাঁই বজাবলৈ দিলে। টেবণেও বৰ আগ্রহেৰে বাঁহীত বঁক দিলে-

অলপো মৰমো নাই,

অহিম, যশো ৰাহি

বাঁহীৰ সুৰ। তেতিয়া তিখাকড়ী গাঁৱত মাথো দুটা বেডিআ পিছৰ সপ্তাহত অনাতাঁৰ যোগে প্রচাৰ হ'ল দুটি আছিল। তাৰ পিছৰ পৰা তেওঁ আৰু পিছলৈ ঘূৰি চোৱা নাই। আজি নগাঁও অনাতাঁৰ কেন্দ্রৰো তেওঁ লোকগীতৰ শিল্পী।

তিখাবড়ী জনজাতি চুবুৰীৰ বিহু তিনিওটাৰে প্রায় তিখাবড়ী নামটিৰ জন্মলগ্নৰে পৰা তিৱা সাংস্কৃতিক আলমত পালন কৰা উৎসৱকেইটা মন কৰিবলগা। বিশেষকৈ মাঘৰ বিহুৰ কথাই উল্লেখ কৰিব পাৰি। প্রায় এক মাহৰ আগৰ পৰা গৰখীয়া সকলে (গাঁৱৰ প্রতি আনি গাঁৱৰ সিপাৰে থকা বাকবিখনৰ পৰা গাঁৱৰ মধ্যস্থান ঘৰৰ) ধানৰ খেৰ আৰু খেতি পথাৰৰ নৰা আদি উভালি পদুলীমুখলৈ মেজি বনোৱা হৈছিল। মেজি আকৌ চাৰি দুয়োটা খেলৰ বাবে দুটা, ঘাই মেজিৰ এক নল মান প্ৰকাৰৰ সজোৱা হৈছিল। ঘাই মেজি বা বজা মেজি দূৰত বানী মেজি। বজা আৰু বানী মেজিৰ মাজতে ৰাজকুমাৰ বা ৰাজকুমাৰী মেজি। তেওঁলোকৰ পিছত পশ্চিমত ৪০-৫০ টা মান পালি মেলি আৰু বাকী প্রায় আধা কিলোমিটাৰ যোৰা পথ মানে পদুলীমুখলৈ বিভিন্নরূপী ফুলৰ মুকুট কলডিলেৰে সাজি দিয়া হয়। বাট মেজি। ঘাই মেজি বা ৰজা মেজিৰ মূৰৰ ওপৰত ঠিক সেইদৰে বানী মেজিৰ খোপাত নার্জি, ডগৰ, তগৰ আদি ফুলেৰে অলংকৃত কৰা হয়। গধুলী প্রায় ৭ বজাৰ লগে লগে প্রথমে বৰখেলৰ দেউৰীৰ ঘৰত ডেকা-বুঢ়া কাঠিৰে বনোৱা কলৰ ঢকুৱা) কেঁচা মদ খাই বং-ধেমালি সকলোৱে বহি কলগছৰ ঠৈলাত (নাওঁৰ দৰে বাঁহৰ কৰে আৰু পুনৰ সৰু খেলৰ দেউৰীৰ ঘৰত একে কাৰ্যৰ পুনৰাবৃত্তি ঘটে। এনেকৈ প্রায় ১১-১২ টা বজাৰ

পিছত ঢোল, তাল বজাই নাচি নাচি বাট মেজি পুৰিবলৈ আৰম্ভ কৰে। কোৱা বাহুল্য যে মেজি পুৰা সময়ত বহু বুঢ়া বা ডেকাই বৰতত গোৱা কেঁচা গীত পৰিবেশন কৰিছিল। বাট মেজি পুৰি শেষ হোৱাৰ পিছত কিছুলোকে ঘৰলৈ আহিছিল আৰু কিছুমানে মেজিৰ আশে-পাশে শুই পুৱালৈ বাট চাইছিল। পুরা প্রায় ৪ টা বজাৰ লগে লগে দুয়ো খেলৰ দুয়ো দেউৰীয়ে গা-পা ধুই বগা চেলেং কাপোৰ আৰু ডিঙিত ন-গামোছা আঁৰি ঘাই মেজি জ্বলাবলৈ আহে। ঘাই মেজি জ্বলোৱাৰ আগতে মেজিব কাষত পূৱ-মুৱাকৈ তামোল পান আৰু পাঁচ সিকি ধূপ-ধুনা দি সকলোৱে আঠু লৈ অগ্নিদেৱতাক ত্রুটি মিনতি কবি আর্শীবাদ লয়। লগে লগে ঘাই মেজি জ্বলাই দিয়া হয় যেন কামনা কৰা হয় গাঁৱৰ সমূহ জনগণৰ বেমাৰ-আজাৰ নাশ কৰি শান্তি সম্প্রীতি কঢ়িয়াই আনে। উক্ত কার্য সম্পন্ন হোৱাৰ পাছত ডেকা বুঢ়া সকলোৱে কুঁকুৰা যুঁজৰ শলা পৰিস্কাৰ কৰে। তাৰ পৰা গৈ হাতাৰিৰ ঘৰত (দেউৰীৰ বাহিৰেও দুখন খেলৰ হাতাৰি থাকে) ইতিমধ্যে মদৰ ঠলা সাজু কৰি ৰাখে। মদ খোৱাৰ মাজে মাজে পাটি ঢোল আৰু তালৰ (বৰ) ছেৱত ডেকা বুঢ়া সকলোৱে নানা ভংগীমাৰে নৃত্য প্রদর্শন কৰে। এইদৰে স্ফুর্টি কৰি প্ৰায় ১০ বজাৰ পিচত ঘৰাঘৰি গৈ গা-পা ধুই সৰুৱে ডাঙৰক বিশেষকৈ বুঢ়া-বুঢ়ীসকলক সেৱা কৰি আশীবাদ লয়। উক্তদিনা দুপৰীয়া ভাত নাখায় তাৰ পৰিৱৰ্তে খান্দহ, খৰিকা দিয়া ডাঙৰ মাছৰ লগত খায়। ভাটিবেলা ২ মান বজাৰ পৰা কুঁকুৰা যুঁজ আৰম্ভহয় আৰু ৰাতি ডেকা বুঢ়া সকলোৱে মিলি গুৰি গায়-হুচৰি ঐ চ'ত, আমি বিহু মাৰো য'ত

ক ■

দূববি নগজে ত'ত।

পিচদিনা অর্থাৎ দ্বিতীয় বিহুৰ দিনাৰ পৰা ডেকা গাভৰু সকলোৱে বিভিন্ন খেলৰ প্রতিযোগিতা আৰম্ভকৰিছিল। যেনে- ভব দলিওরা, জাঠি দলিওরা, জাম্প, দৌৰ, হাস্যমূলক খেল, বস্তা দৌৰ, বিস্কুট কামোৰা, চকুবান্ধি তাল বজোৱা, পুখুৰী-পাৰ, টেকেলী ভঙা আদি। মোৰ বয়স তেতিয়া ৬-৭ বছৰ। তেতিয়াই মই লক্ষ্য কৰিছিলো এই খেলসমূহত অংশগ্রহণ কৰা ব্যক্তিসকল হ'ল ক্রমে- মিলেশ্বৰ পাটব, বিশ্ব বৰদলৈ, পদ্মেশ্বব বৰদলৈ, বাবুল বৰদলৈ আদি। এই অনুষ্ঠান তেতিয়া

তিনি-চাৰিদিনলৈ কৰা হৈছিল। শেষৰ দিনা বঁটা বিতৰণী ও বাজহুৱা সভা পতা হৈছিল। সভাত গাঁৱৰ জ্যেষ্ঠ ব্যক্তি সকলক উপস্থিত থাকি নানা প্ৰেৰণামূলক ভাষন দিছিল।

তিখাবড়ী জনজাতি চুবুৰীৰ ঔষজ, কৰম, বিবাহ আদি পুৰনি কালৰে পৰা ধৰি আজিকোপতি তিবা সাংস্কৃতিক ভিত্তিক পালন কৰি অহা দেখা যায়। গাঁৱৰ এই ৰাজহুৱা কাজসমূহ পৰিচালনা কৰিবৰ বাবে এজনকৈ খেলৰ সম্পাদক, ধন ভঁড়ালী, বাবিকা, জেলাগুক, গাওঁবুঢ়া গুরু, পাঠেক, দেউৰী আৰু দুজন বান্ধনি বুঢ়া, কুলে প্রতি দুজন পুৰুষ জ্ঞাতি আৰু দুজনী মহিলা জ্ঞাতি থাকে। তাৰোপৰি কৰম বা বিবাহ পাতিলে দুজন বা তিনিজন চিফদাৰ পাতি দিয়া হয় বিভিন্ন কামৰ তদাৰকৰ বাবে। ঔষজ পাতিলে পূর্বদিশত গাঁওবুঢ়া গুৰু, বান্ধনী বুঢ়া, উত্তৰত জেলাগুক, দক্ষিণত খেল সম্পাদক, বাৰিকা, ধন গুঁড়ালী, পশ্চিমত পৰিয়ালবৰ্গ আৰু অন্য যিকোনো ঠাইত গাঁৱৰ খেলৰ মূল ব্যক্তি সকল থাকে। গৃহস্থই তামোল পানৰ বঁটা আগবঢ়োৱাৰ লগে লগে গাওঁবুঢ়া গুকরে সুধে-

তাকে অ মোৰ জেলা গুৰু (জেলাই প্রত্যুয়ৰ ভাল

বুলি সঁহাৰি দিয়ে)

ইয়াকে কয় বোলে-

কেৰকুটাই খোৱা গুৱা

মকৰাই চতা পান

ইয়াকে উপৰি পুৰুষে কয়

হাজাৰ টকাৰ মান।

হাজাৰ টকাৰ মান দি গৃহস্থই আমাক আসনে-

নেন ৰেহাই চেহেৰা-

ইয়াকে আকৌ কৈছে বোলে

ভাঙিলে বেল ভঙা যায়

নাভাংগী ল'ৰা-ছোৱালী।

গতিকে আমাৰ জেলা গুকরে যাতে ভাঙি পাতি

কব তাকে মাগিছো অগুক।

তেতিয়া জেলা গুৰৱে গৃহস্থৰ হৈ কয়- 'অ মোৰ গুক সকল আজি দুখ হৈছিল, তাপ হৈছিল অধমৰ হে হৈছিল। আজি আপোনালোকক আনিব লাগিছিল কান্ধে তুলি, আপোনালোক আহিল পাবে বাত বুলি, বহুৱাব

লাগিছিল সোনব চেয়াৰত বহুৱাইছো আমি দশোরা পিঁয়াত। তাৰো অধম অপবাধ'।

তাকে গাওঁবুঢ়া গুক, ইয়াকে কয় বোলে-

কি চৰায়ে কান্দিলে কোরা এঘৰৰ ল'বা এখৰৰ ছোৱালী লাগিল যোবা। যোৱা লাগিলত; আখিত আকৌ পক্ষী এটি পরিল তাকে কয় জীয়া চোরা।।

আজি নাদে যাওঁতে ঘাটে খাওঁতে বহুতে লিঃ লিঃ ছিঃ ছিঃ, ভাল বোলাই ভাল বুলিছে, কত Madhu dewri (বাৰ্তা) 02:37, 24 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক