সদৌ অসম আইন ছাত্ৰ সন্থা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
সদৌ অসম আইন ছাত্ৰ সন্থা | |
---|---|
চমু নাম | AALSU |
নীতিবাক্য | শিক্ষা,ন্যায় আৰু সংগ্ৰাম |
প্ৰতিষ্ঠা | ১৬ ছেপ্টেম্বৰ ২০১৬ |
ধৰণ | ছাত্ৰ সংগঠন |
প্ৰধান কাৰ্যালয় | দিছপুৰ আইন মহাবিদ্যালয় |
সেৱা ক্ষেত্ৰ | অসম |
সাধাৰণ সম্পাদক | চামচুল হক |
প্ৰতিষ্ঠাপক সভাপতি | সঞ্জীৱ বৰা[1] |
সদৌ অসম আইন ছাত্ৰ সন্থা (All Assam Law Students Union, চমুকৈ AALSU) অসমৰ সৰ্ববৃহৎ আইনৰ ছাত্ৰৰ সংগঠন। ২০১৬চনৰ ১৬চেপ্তেম্বৰ তাৰিখে অসমৰ আইন মহাবিদ্যালয়সমূহৰ ছাত্ৰৰ দ্বাৰা গঠিত এটি বৃহৎ ছাত্ৰ সংগঠন যিয়ে অসমৰ ছাত্ৰসমাজৰ সমস্যা আৰু জনগনৰ ন্যায়ৰ পক্ষত মাত মাতি আহিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
ইতিহাস
[সম্পাদনা কৰক]১৯১৪ চনতে বৃট্ৰিছ চৰকাৰে নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আইন শিক্ষা অনুষ্ঠান বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যায় খনেই বৰ্তমানো অসমৰ একমাত্ৰ চৰকাৰী আইন মহাবিদ্যালয়। বৰ্তমান ব্যক্তিগত খণ্ডত অসমত বহুতো আইন মহাবিদ্যায় স্থাপন হল যদিও আইন শিক্ষা খণ্ডৰ ছাত্ৰ ছাত্ৰী সকলে আজিও অজস্ৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। আইনৰ ছাত্ৰ ছাত্ৰী সকলক একগোট কৰি ছাত্ৰ সমাজৰ সমস্যা তথা অসমৰ জনগনৰ ন্যায়ৰ পক্ষত মাত মতাৰ উদ্দেশ্যে ছাত্ৰ সমাজৰ একাত্মক প্ৰচেষ্টাত ২০১৬ চনৰ ১৬ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত এখনি সভাত অসমৰ প্ৰতিখন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতিত অসম চলচ্চিত্ৰ বৃত্তি উন্নয়ন নিগমৰ সভা গৃহত সদৌ অসম আইন ছাত্ৰ সন্থা গঠন কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]