সমাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমাস (ইংৰাজী: Compound Word) হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদ। বাক্য বা প্ৰকাশিত মনৰ ভাৱ চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।

প্ৰকাৰ[সম্পাদনা কৰক]

সংস্কৃত ব্যাকৰণ মতে সমাসৰ সংখ্যা বেছি হ'লেও সংস্কৃত শব্দৰ ব্যৱহাৰ অধিক হোৱা বাবে অসমীয়াত প্ৰধানকৈ ছয়বিধ সমাস আছে-

  1. দ্বন্দ্ব সমাস
  2. দ্বিগু সমাস
  3. বহুব্ৰীহি সমাস
  4. কৰ্মধাৰয় সমাস
  5. তৎপুৰুষ সমাস
  6. অব্যয়ীভাৱ সমাস

দ্বন্দ্ব সমাস[সম্পাদনা কৰক]

দুটা বা ততোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজক অব্যয় শব্দ লোপ কৰি সমাস কৰিলেই দ্বন্দ্ব সমাস বলে। ই তিনিবিধ - (ক) ইতৰেতৰ (খ) সমাহাৰ আৰু (গ) একশেষ দ্বন্দ্ব সমাস।

ইতৰেতৰ দ্বন্দ্ব সমাস[সম্পাদনা কৰক]

সমাসৰ সমস্তপদ সমস্যমান পদবোৰৰ অৰ্থ স্পষ্ট হৈ থাকে বা অৰ্থ প্ৰধানভাবে থাকে তাকেই ইতনেতৰ সমাস বোলে। যেনে, ৰাম আৰু লক্ষ্মণ - ৰামলক্ষ্মণ, ধেনু আৰু শৰ ধেনুশৰ; উচ্চাৰণ সহজ সাধ্য কৰিবলৈ বা শ্ৰুতিমাধুৰ্যৰ বাবে এই সমাসত দীঘলীয়া পদটি সাধাৰণতে শেষৰ ফালে বহে। নাইবা প্ৰথম পদৰ শেষাংশ লোপ পায়। যেনে, ভাই আৰু ককাই—ভাইককাই, জয় আৰু পৰাজয় জয়পৰাজয়; আকৌ দুই বা ততোধিক বিশেষণ পদৰো সমাস হয়, যেনে— ভাল আৰু বেয়া ভালবেয়া, সাধু আৰু সন্ত- সাধুসন্ত ইত্যাদি। স্ত্ৰীলিংগ আৰু পুংলিংগ পদৰ সমাস হ'লে সাধাৰণতে স্ত্ৰীলিংগবাচক পদটো আগত বহে। যেনে, ৰাধা আৰু কৃষ্ণ— ৰাধাকৃষ্ণ, সাৱিত্ৰী আৰু সত্যবান- সাৱিত্ৰীসত্যৱান, জায়া আৰু পতি— দম্পতী, * জম্পতা, জায়াপতী (দম্পতী, জম্পতি বা জায়াপতি)।

সমাহাৰ দ্বন্দ্ব সমাস[সম্পাদনা কৰক]

যি দ্বন্দ্ব সমাসত অনেক সমাস হৈ ব্যস্ত পদবোৰৰ অৰ্থৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে তাকেই সমাহাৰ দ্বন্দ্ব বোলে। যেনে, 'কাঁহিবাটিয়ে কেৱল কাঁহী আৰু বাটিকেই বুজোৱা নাই কাঁহী, বাটি আৰু এই জাতীয় লোটা, ঘটী, কলহ আদিকো বুজায়। কিন্তু কেৱল কাঁহী আৰু বাটিকেই বুজালে ইতৰেতৰ দ্বন্দ্ব সমাস হ’ব। তেনেকৈ ‘আমকঁঠাল, আম-কঁঠালৰ বাৰী বুলিলে আম, কঁঠাল আৰু এই জাতীয় অন্যান্য ফলৰ বাৰীকেই বুজায়। তেনেকৈ তেলটেঙা, ভাতমাছ ইত্যাদি। নামধাতু বা তুমৰ্থক ক্ৰিয়াৰো সমাহাৰ দ্বন্দ্ব হয়।

একশেষ দ্বন্দ্ব সমাস[সম্পাদনা কৰক]

একশেষ দ্বন্দ্ব সমাসত ব্যস্তপদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্তপদটোহে বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। বাকী ব্যস্তপদবোৰ লোপ পায়। এই দ্বন্দ্ব সমাসত কেইবাটাও শব্দৰ সলনি একেটি অৱশেষ থাকে আৰু সিয়ো বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। সেই বহু বচনযুক্ত পদটিয়ে আটাইবোৰ ব্যস্তপদকেই বুজায়, সেইবাবেই ই একশেষ দ্বন্দ্ব সমাস। যেনে- ৰাম, হৰি, যদু, মধু, আদি ‘ৰামহঁত’, পিতা, খুৰা আদি ‘পিতাহঁত’, ‘আহমেদ, আফান আদি 'ৰুস্তমহঁত, 'ৰংপি’ তেৰণ আদি ৰংপিহঁত।

দ্বিগু সমাস[সম্পাদনা কৰক]

দুই বা তদূৰ্ধ সংখ্যাবাচক শব্দৰ লগত অন্য পদৰ সমাস হৈ সমষ্টি বা সমাহাৰ বুজালে সেয়াই দ্বিগু সমাস। চাৰি আলি (চাৰিটা আলি যত লগ লাগিছে), তিনি আলি (তিনিটা আলি য'ত লগ লাগিছে), সাত বিহু- (সাতদিন ব্যাপি যি বিহু), দোঘৰা (দুই ঘৰৰ মাজ) আদিৰ দৰে এই সমাসত সংখ্যাবাচক পদটো আগত বহে আৰু মুঠ কৰি এক ভাব বুজায়। দ্বিগু সমাসত কেতিয়াবা অ-কাৰন্ত পদৰ পিছত 'আ' বা 'ঈ' যোগ কৰা হয়।