সমোচ্চাৰিত শব্দ
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
সমোচ্চাৰিত শব্দ মানে একে উচ্চাৰণ কিন্তু বাক্য অনুসৰি ভিন্ন অৰ্থ প্ৰকাশ কৰা শব্দ। ই অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূূূূৰ্ণ অংশ। অসমীয়া ভাষাত যিমানখিনি আখৰ ব্যৱহাৰ কৰা হয়, সিমান সংখ্যক ধ্বনি সমোচ্চাৰিত নহয়। একে ধ্বনিৰে উচ্চাৰিত শব্দবোৰক সমোচ্চাৰিত শব্দ বুলি কোৱা হয়।
উদাহৰণ
[সম্পাদনা কৰক]- অণু: পদাৰ্থৰ অতি ক্ষুদ্ৰ অংশ
- অনু: উপসৰ্গ-বিশেষ্য
- অটল: দৃঢ়
- অতল: দ আৰু গভীৰ
- আঁচল: চাদৰৰ আগ
- আচল: যিটো নকল নহয়
- আলি: ওখ পথ
- আলী: উপাধি বিশেষ
- এসাঁজ: এবাৰত খাবৰ জোখৰ
- এসাজ: এবাৰত খাবৰ দিব পৰা
- কাঁহ: এবিধ ধাতু
- কাহ: এবিধ ৰোগ
- কুলি: চৰাই -বিশেষ
- কুলী: বনুৱা
- গড়: দুৰ্গ
- গড়: কেইবাটাও ৰাশিক যোগ কৰি ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা মান (avarage)
- গঁড়: এবিধ জন্তু
- গড়: কেইবাটাও ৰাশিক যোগ কৰি ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা মান (avarage)
- গাঁও: গ্ৰাম
- গাওঁ: গীত-মাত পৰিৱেশন কৰোঁ
- ঘঁটি: নাকৰ ভিতৰৰ নোম
- ঘটী: পাত্ৰ বিশেষ
- চিন: দাগ বা চিহ্ন
- চীন: এখন দেশ
- ফল: কোনো কাৰ্যৰ পৰিণতি
- ফল: গছৰ গুটি
- ভাট: প্ৰশস্তি গাওঁতা
- ভাত: অন্ন
- মাটি: মৃত্তিকা
- মাতি: আমন্ত্ৰণ কৰি
- ৰং: আনন্দ
- ৰং: বৰণ
- সজা: চৰাই আদি থোৱা কাঠীৰ সঁজুলি বা বাহ
- সজা: আনলোকৰ দ্বাৰা নিৰ্মাণ কৰা; তৈয়াৰ কৰা
- হাট: সপ্তাহৰ নিৰ্দিষ্ট দিনত বহা হাত বজাৰ
- হাত: দেহৰ অংগ বিশেষ, কৰ