সহায়:অসমীয়া লিপি প্ৰদৰ্শন আৰু লিখাৰ সহায়
|
|
এই সহায় পৃষ্ঠাৰ উন্নীতকৰণৰ প্ৰয়োজন। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি সহায় পৃষ্ঠা উন্নত কৰক। বিতং ভাৱে জানিবৰ বাবে আলোচনা পৃষ্ঠা চাওক। |
ৱিকিপিডিয়াই অসংখ্য ভাষাৰ বিভিন্ন লিপি ব্যবহাৰ কৰে। ই ইয়াৰ ৱেবছাইটৰ এনক'ডিং প্ৰণালীৰ বাবে ইউনিকড (UTF-8) ব্যৱহাৰ কৰে। ৱিকিপিডিয়াৰ এই অসমীয়া সংস্কৰণ ভালকৈ পঢ়িবলৈ আপোনাৰ কম্পিউটাৰে ৱেব পেজবোৰ ইউনিক'ড অসমীয়া লিপিলৈ এনক'ড কৰিব পাৰিব লাগিব। ইয়াৰ বাবে, আপোনাৰ ওচৰত এটা ইউনিক'ড সামৰ্থ ব্ৰাউজাৰ আৰু ইউনিক'ড অসমীয়া আখৰ থাকিব লাগিব। ইণ্টাৰনেট এক্সপ্ল'ৰাৰ, অ'পেৰা, ছাফাৰি, ফায়াৰ ফক্স আৰু গুগল ক্ৰমৰ দৰে আধুনিক ব্ৰাউজাৰৰ যোগেদি আপোনাৰ অপাৰেটিং ছিষ্টেমত মাত্ৰ এবাৰ ইউনিক'ড সমৰ্থন সক্ৰিয় কৰি আৰু আখৰবোৰ ইণ্ছটল কৰি ললেই সুন্দৰকৈ অসমীয়া পঢ়িব পাৰি।
সামৰ্থতা পৰীক্ষাৰ বাবে
[সম্পাদনা কৰক]অসমীয়া সমৰ্থন কৰা এটা কম্পিউটাৰত অসমীয়া স্ক্ৰিপ্ত কেনেকৈ প্ৰদৰ্শিত হয় তলৰ ছবিখনত দেখুওৱা হৈছে:
![]()
ওপৰৰ শাৰীটো কম্পিউটাৰত কেনেকৈ প্ৰদৰ্শিত হয় তলৰ পাঠ শাৰীত দেখুওৱা হৈছে:
ক + ি → কি
যদি আপোনাৰ কম্পিউটাৰত ওপৰৰ ছবি আৰু তলৰ পাঠশাৰী প্ৰদৰ্শন একেই হৈছে, তেন্তে ই অসমীয়াৰ জটিল পাঠ সমৰ্থন কৰে আৰু অসমীয়া লিপিৰ পাঠবোৰ সুন্দৰকৈ প্ৰদৰ্শিত হোৱা উচিত। তথাপি, আপুনি অসমীয়াত সম্পাদনা কৰিব নোৱাৰিবও পাৰে, এনে পাঠ সম্পাদনাৰ বাবে আপোনাৰ অপাৰেটিং ছিষ্টেমত উপযুক্ত কী-বৰ্ড চফ্টৱেৰ ইনষ্টল কৰা প্ৰয়োজন।
ৱিনড'জ এক্সপি (ছাৰভিছ পেক ২)
[সম্পাদনা কৰক]প্ৰদৰ্শন
[সম্পাদনা কৰক]তলৰ ধাপবোৰ অনুসৰণ কৰক:
- ইণ্টাৰনেট এক্সপ্ল'ৰাৰ (আই ই ৮ বা আই ই ৯), অ'পেৰা (অ'পেৰা ৯), বা ফায়াৰ ফক্স (ফায়াৰ ফক্স ৫.০ বা তাৰ পিছৰ)ৰ শেহতীয়া সংস্কৰণ ডাউনল'ড কৰক।
- আপোনাৰ অপাৰেটিং ছিষ্টেমত ইউনিক'ড অসমীয়া আখৰ ৱেবৰ পৰা ডাউনল'ড কৰি ইনষ্টল কৰক; এনে কিছুমান ৱেবত বিনামূলীয়াকৈ উপলব্ধ। এনে আখৰৰ বাবে তলৰ তালিকাত দিয়া ৱেব ঠিকনাবোৰলৈ যাওক।
control panel -> Regional and Language -> Languageলৈ যাওক আৰুInstall files for complex scripts and right-to-left languagesবিকল্পটো চয়ন কৰক। এই ফাইলবোৰ ইনষ্টল কৰিবলৈ আপোনাকWindows XP SP2 installer CDৰ প্ৰয়োজন হব। বৈকল্পিকভাৱে আপুনি এটা অসমীয়া আখৰ কপি কৰি আপোনাৰ ছিষ্টেমৰFontsফল্ডাৰত (C>Windows>Fonts) পোনপতীয়াকৈ স্থাপন কৰিব পাৰে।- আপোনাৰ ব্ৰাউজাৰত অসমীয়া সমৰ্থন ইনষ্টল কৰক:
- ইণ্টাৰনেট এক্সপ্ল'ৰাৰ ৬ বা তাতকৈ ওপৰত:
Tools -> Internet Options -> General -> Languagesলৈ যাওক আৰুBengaliক এটাlanguageহিচাপেaddকৰক। - ফায়াৰ ফক্স ১.৫-৩.৫:
Tools -> Options -> Advanced -> General -> Edit Languages...লৈ যাওক আৰুBengaliক এটাlanguageহিচাপেaddকৰক।
- ইণ্টাৰনেট এক্সপ্ল'ৰাৰ ৬ বা তাতকৈ ওপৰত:
- ব্ৰাউজাৰৰ
view > character encodingবাencodingলৈ যাওক ইয়াকUnicode (UTF-8)ত স্থিৰ কৰক। ফায়াৰ ফক্স ৩.৬ বা তাতকৈ ওপৰত, আপুনি একো কৰাৰ প্ৰয়োজন নাই।
এই পদ্ধতিবোৰ ৱিনড'জ ৭ৰ বাবেও প্ৰজোয্য।
লিখন
[সম্পাদনা কৰক]Start -> Control Panel -> Regional and Language -> Languageলৈ যাওক আৰুInstall files for complex scripts and right-to-left languagesবিকল্পটো চয়ন কৰক আৰু আপোনাৰCD-ROMড্ৰাইভতWin XP CDসহায়ত ফাইলবোৰ ইনষ্টল কৰক।- ইউনিক]ড অসমীয়া আখৰ ৱেবৰ পৰা ডাউনল'ড কৰি ইনষ্টল কৰক।
ৱিনড'জ ভিষ্টা, ৱিনড'জ ৭ আৰু ৱিনড'জ ৮
[সম্পাদনা কৰক]স্বয়ংক্ৰিয় ভাৱে সমৰ্থন কৰে।
প্ৰদৰ্শন
[সম্পাদনা কৰক]একো কৰাক প্ৰয়োজন নাই।
লিখন
[সম্পাদনা কৰক]ইউনিক'ড সমৰ্থিত যিকোনো লিখন সঁজুলি ব্যৱহাৰ কৰিব পাৰি।
মেক অ'এছ এক্স
[সম্পাদনা কৰক]মেক অ'এছ এক্সত ইউনিক'ড সমৰ্থতা আগৰে পৰা থাকে। কেৱল এপল এডভান্স টাইপগ্ৰাফী (AAT)ৰ পৰা অসমীয়া আখৰ ইনষ্টল কৰিব লাগিব।
গ্নম
[সম্পাদনা কৰক]প্ৰদৰ্শন
[সম্পাদনা কৰক]গ্নম ২.৮ বা তাতকৈ পিছৰ সংস্কৰণৰ বাবে একো কৰাক প্ৰয়োজন নাই, কেৱল অসমীয়া/বাংলা ইউনিক'ড আখৰ থাকিব লাগিব।
মজিল্লা বা ফায়াৰ ফক্স ব্যৱহাৰ কৰিলে, xterm খুলি MOZ_ENABLE_PANGO=1 mozilla বা MOZ_ENABLE_PANGO=1 firefox লিখি পেংগ ৰেণ্ডাৰিং উপলব্ধ কৰাব লাগিব। ইয়াৰ পাছত, মজিল্লা বা ফায়াৰ ফক্সৰ সকলো ভৱিষ্যত সময়ত অসমীয়া ভাষা সমৰ্থন কৰিব।
লিখন
[সম্পাদনা কৰক]Applications > Preferences > Keyboardলৈ যাওকLayoutsটেব চয়ন কৰকAvailable Layoutsৰ পৰা পছন্দৰ লেআউট চয়ন কৰক আৰুAddটিপক- বাৰ্তা বাকছ লুকুৱাবলৈ
Closeটিপক - ডেস্কটপৰ প্ৰধান মেনুত ৰাইট ক্লিক কৰক আৰু
Add to Panel...চয়ন কৰক Keyboard Indicatorচয়ন কৰক আৰুAddটিপক- মেনুবাৰত কী-বৰ্ড ইণ্ডিকেটৰ সংস্থাপন কৰক আৰু বিভিন্ন কী-বৰ্ড লেআউটৰ মাজৰ পৰা পছন্দৰ কী-বৰ্ড চয়ন কৰক
কেডিই
[সম্পাদনা কৰক]প্ৰদৰ্শন
[সম্পাদনা কৰক]একো কৰাৰ প্ৰয়োজন নাই, কেৱল প্ৰতিটো লিপিৰ বাবে যথাযোগ্য ইউনিক'ড আখৰবোৰ থাকিলেই হল।
লিখন
[সম্পাদনা কৰক]Control Center > Regional & Accessibility > Keyboard Layoutলৈ যাওকLayoutটেবৰ,Enable keyboard layoutsটিপকAvailable layoutsৰ পৰা পছন্দৰ লেআউট চয়ন কৰকApplyটিপক- এতিয়া, আপোনাৰ পেনেলত
KDE Keyboard Toolৰ বাবে এটা আইকন পাব, যৰ পৰা আপুনি আপোনাৰ পছন্দৰ লেআউট চয়ন কৰিব পাৰিব
বিনামূলীয়া ইউনিক'ড অসমীয়া/বাংলা আখৰ উপলব্ধ ছাইটবোৰ
[সম্পাদনা কৰক]ইউনিক'ড অসমীয়া লিখন সমৰ্থন কৰা চফ্টৱেৰ/উৎস সমুহৰ তালিকা
[সম্পাদনা কৰক]ৱিনডজ
[সম্পাদনা কৰক]- এছএলটিডিৰ পৰা ৰ'দালী
- মাইক্ৰচফ্ট ভাষাইণ্ডিয়াৰ পৰা আসামিছ ইনপুট এডিটৰ ২
- অমিক্ৰণলেবৰ পৰা অভ্ৰ কী-বৰ্ড
- বৰাহৰ পৰা বৰাহ চফ্টৱেৰ
- শব্দ,অৰ্গৰ পৰা শব্দ অসমীয়া লিখন সঁজুলি
- জাহ্নৱী- অসমীয়া ইউনিকড লিখন সঁজুলি
লিনাক্স
[সম্পাদনা কৰক]মেক
[সম্পাদনা কৰক]প্ৰদৰ্শনৰ টিপছ
[সম্পাদনা কৰক]ক্ষুদ্ৰ আখৰ সমস্যাৰ সমাধান
[সম্পাদনা কৰক]যদি আপোনাৰ আখৰবোৰ নিচেই সৰু যেন লাগে, আপুনি text size/zoom বৈশিষ্ট ব্যৱহাৰ কৰি ইয়াক ডাঙৰ কৰিব পাৰে। বিভিন্ন ব্ৰাউজাৰৰ text-size বৃদ্ধি কৰাৰ পদ্ধতিবোৰ হৈছে:
- ফায়াৰফক্স ৫ বা তাতকৈ ওপৰৰ:
Firefox ->Options -> Options -> Font size; বা,Ctrl, চেপি ধৰি+টিপক। - ইণ্টাৰনেট এক্সপ্ল'ৰাৰ
- সংস্কৰণ ৬:
View->Text size->Larger(বা,Largest). - সংস্কৰণ ৭ বা তাতকৈ ওপৰৰ:
Tools -> Zoomবা,Ctrl, চেপি ধৰি+টিপক।
- সংস্কৰণ ৬:
- অ'পেৰা ৯:
View->Zoom->(% চয়ন কৰক); বা, ১০% বৃদ্ধিৰ বাবে+টিপক। - ক্ৰম বা তাতকৈ ওপৰৰ:
settings> Under the hood> Web content> font size/page zoomবঢ়াওক, বা,Ctrl, চেপি ধৰি+টিপক। - মেক্সথটন ৩:
Settings> Page settings> Page zoom>১০০%ৰ ওপৰত স্থিৰ কৰক।
বৈকল্পিকভাৱে, ৱিনড'জৰ ডিফল্ট ছিষ্টেম আখৰ Vrindaক Lohit Assamese বা Siyam Rupaliৰ দৰে ডাঙৰ আকাৰৰ আখৰেৰে প্ৰতিস্থাপন কৰিব পাৰে।