সাঁচ:Intro

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া গণবিশ্বকোষ[সম্পাদনা কৰক]

অসমীয়া গণবিশ্বকোষ (যাৰ মুখ্য পৃষ্ঠাটো বৰ্তমান আপুনি পঢ়ি আছে হৈছে এখন অসমীয়া বিশ্বকোষ প্ৰস্তুত কৰাৰ এক অভূতপূৰ্ব তথা অভিনৱ প্ৰয়াস, যাক যিকোনো পাঠকে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা ইন্টাৰনেটৰ জৰিয়তে বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰকল্প আচলতে "ৱিকিপিডিয়া" নামৰ এক বৃহত্তৰ প্ৰকল্পৰ অংশ। পৃথি‌ৱীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ তথা সম্পাদনা কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰাৰ উদ্দেশ্যেৰে ৱিকিপিডিয়া নামৰ ইন্টাৰনেট-পৃষ্ঠাত ২০০১ চনত আৰম্ভ কৰা মুখ্য প্ৰকল্পৰ অধীনত বৰ্ত্তমান প্ৰায় শতাধিক ভাষাৰ যোগদানেৰে সম্বৃদ্ধ হোৱা এইলানি গণবিশ্বকোষে আজি প্ৰায় পাঁচলাখতকৈও অধিক প্ৰবন্ধৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পাঠকক ইন্টাৰনেটৰ জৰিয়তে বিশ্বকোষ সেৱা আগবঢ়াইছে।

অসমীয়া গণবিশ্বকোষৰ আঁৰৰ কথা[সম্পাদনা কৰক]

গণবিশ্বকোষৰ সফলতাৰ নেপথ্যৰ আটাইতকৈ শক্তিশালী ধাৰণাটো হৈছে সহযোগিতামূলক সংকলন, যি মানৱ জাতিৰ সাফল্যৰ মূল চাবিকাঠি পাৰস্পৰিক সহযোগিতাক আৰু এখোপ ওপৰলৈ উঠাই নিছে। এই গণবিশ্বকোষবিলাকৰ বিভিন্ন নিবন্ধৰ লেখকসকল সম্পূৰ্ণ অপেচাদাৰী ইন্টাৰনেট ব্যৱহাৰকৰোঁতা। এই লেখকসকলে নিজৰ নিজৰ ৰাপ বা পাৰদৰ্শিতা থকা বিষয় সম্পৰ্কে বিভিন্ন নিবন্ধ লিখি আন পাঠকক উপকৃত কৰে আৰু নিজেও উপকৃত হয়।

ইয়াত লিখিবৰ কাৰণে কম্পিউটাৰত বিশেষ পাৰদৰ্শিতাৰ বা জ্ঞানৰ প্ৰয়োজন নাই। কম্পিউটাৰত অসমীয়া আখৰ লেখা বুলিলে বৰ টান কাম যেন ভবা যায়। বিশেষকৈ অসমীয়া "কী বৰ্ড"-অৰ প্ৰয়োজন হ'ব আৰু ব্যৱহাৰ কৰিবলৈ নতুনকৈ শিকিব লাগিব বুলি। আমি প্ৰায় সকলোৱেই ইংৰাজী "কী বৰ্ড" ব্যৱহাৰ কৰো আৰু সেয়ে এনেদৰে ভৱাটো স্বাভাৱিক। কিন্ত প্ৰকৃততে তেনে নহয়। ইয়াৰ কাৰণে অসমীয়া কীবৰ্ড শিকাৰো কোনো প্ৰয়োজন নাই, থকাখনেৰেই (ইংৰাজী) হব, কাৰণ ইয়াক "ধ্বণি লেখন" (phonetic typing)ব্যৱহাৰ কৰা হয - যেনে "অসমীয়া" বুলি লিখোতে ইংৰাজী "কীবৰ্ড"-অত "অ"=Ctrl+Alt+a, "স"=x, "মী"=mI, "য়া"=ya লিখিলেই হ'ল। অধিক জানিবলৈ তলত দিয়া প্ৰবন্ধখিনি পঢ়কঃ