সাউৰি
|
সাউৰি প্ৰথা অসমৰ কৃষিজীৱী সমাজে খেতি কৰিবৰ সময়ত পালন কৰা প্ৰথাসমূহৰ ভিতৰত অন্যতম।
বিৱৰণ
[সম্পাদনা কৰক]জেঠ বা আহাৰ মাহত ন-কঠীয়া পৰা বা ন-ভূঁই ৰোৱাৰ সময়ত অসমৰ কৃষক সমাজে এই সাউৰি প্ৰথা পালন কৰে। এই সাউৰি লোৱা প্ৰথাক ঠাইবিশেষে সাউৰিয়া লোৱা বুলিও কোৱা হয়। কোনো কৃষকে নিজৰ কৃষিকৰ্ম অকলে কৰিব নোৱাৰিলে তামোল-পাণ দি এটা নিৰ্দিষ্ট দিনত সহায় কৰি দিবৰ বাবে গঞা ৰাইজক নিমন্ত্ৰণ জনায়। গঞা ৰাইজেও সেই নিৰ্দিষ্ট দিনটোত আহি কৃষকজনৰ পথাৰৰ সকলো কাম কৰি সহায় কৰি দিয়ে। সাউৰি লোৱা মানে একেলগে কেইবাটাও কাম সাঙুৰি লৈ কৰা। এইফালৰ পৰা হাল বোৱা, ৰোৱা, আলি দিয়া এই সকলো কাম গঞা ৰাইজে একেলগে সাঙুৰি লৈ কৰাৰ বাবেই হয়তো এই প্ৰথাটোৰ নাম সাউৰি বা সাউৰিয়া লোৱা হ'ল বুলি ঠাৱৰ কৰিব পাৰি।[উদ্ধৃতিৰ প্ৰয়োজন]
বিশেষত্ব
[সম্পাদনা কৰক]সাউৰি এক সমন্বয়ৰ মাধ্যম। ই সমাজৰ সকলোৰে মাজত মিলা-প্ৰীতিৰ গঢ় দি সমাজখনক একত্ৰিত কৰি ৰখাত সহায় কৰে।
সহায়ক গ্ৰন্থ
[সম্পাদনা কৰক]- গগৈ, নীলকান্ত: অসমৰ লোক-সংস্কৃতি সুুবাস