সাউৰি
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
সাউৰি প্ৰথা অসমৰ কৃষিজীৱী সমাজে খেতি কৰিবৰ সময়ত পালন কৰা প্ৰথাসমূহৰ ভিতৰত অন্যতম।
বিৱৰণ
[সম্পাদনা কৰক]জেঠ বা আহাৰ মাহত ন-কঠীয়া পৰা বা ন-ভূঁই ৰোৱাৰ সময়ত অসমৰ কৃষক সমাজে এই সাউৰি প্ৰথা পালন কৰে। এই সাউৰি লোৱা প্ৰথাক ঠাইবিশেষে সাউৰিয়া লোৱা বুলিও কোৱা হয়। কোনো কৃষকে নিজৰ কৃষিকৰ্ম অকলে কৰিব নোৱাৰিলে তামোল-পাণ দি এটা নিৰ্দিষ্ট দিনত সহায় কৰি দিবৰ বাবে গঞা ৰাইজক নিমন্ত্ৰণ জনায়। গঞা ৰাইজেও সেই নিৰ্দিষ্ট দিনটোত আহি কৃষকজনৰ পথাৰৰ সকলো কাম কৰি সহায় কৰি দিয়ে। সাউৰি লোৱা মানে একেলগে কেইবাটাও কাম সাঙুৰি লৈ কৰা। এইফালৰ পৰা হাল বোৱা, ৰোৱা, আলি দিয়া এই সকলো কাম গঞা ৰাইজে একেলগে সাঙুৰি লৈ কৰাৰ বাবেই হয়তো এই প্ৰথাটোৰ নাম সাউৰি বা সাউৰিয়া লোৱা হ'ল বুলি ঠাৱৰ কৰিব পাৰি।[উদ্ধৃতিৰ প্ৰয়োজন]
বিশেষত্ব
[সম্পাদনা কৰক]সাউৰি এক সমন্বয়ৰ মাধ্যম। ই সমাজৰ সকলোৰে মাজত মিলা-প্ৰীতিৰ গঢ় দি সমাজখনক একত্ৰিত কৰি ৰখাত সহায় কৰে।
সহায়ক গ্ৰন্থ
[সম্পাদনা কৰক]- গগৈ, নীলকান্ত: অসমৰ লোক-সংস্কৃতি সুুবাস