সমললৈ যাওক

জিএছটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সামগ্ৰী আৰু সেৱা কৰ (ভাৰত)ৰ পৰা পুনঃনিৰ্দেশিত)

সামগ্ৰী আৰু সেৱা কৰ বা চমুকৈ জিএছটি (ইংৰাজী: Goods and Services Tax or GST) হৈছে ভাৰতত সামগ্ৰী আৰু সেৱাৰ যোগানৰ ওপৰত ব্যৱহৃত পৰোক্ষ কৰ। ইয়াত কেইটামান ৰাজ্যিক কৰৰ বাহিৰে প্ৰায় সকলো পৰোক্ষ কৰ অন্তৰ্ভুক্ত কৰা হৈছে। উৎপাদন প্ৰক্ৰিয়াৰ প্ৰতিটো স্তৰতে জি এছ টি আৰোপ কৰা হয় যদিও অন্তিমগৰাকী গ্ৰাহক বা চূড়ান্ত উপভোক্তাগৰাকীৰ বাহিৰে উৎপাদনৰ বিভিন্ন পৰ্যায়ৰ সকলো পক্ষক ঘূৰাই দিয়াৰ উদ্দেশ্যে আৰু গন্তব্যস্থানভিত্তিক কৰ হিচাপে ইয়াক সংগ্ৰহ কৰা হয়। পূৰ্বৰ কৰসমূহৰ দৰে ইয়াক আৰম্ভণিতেই সংগ্ৰহ কৰা নহয়।

কৰ সংগ্ৰহৰ বাবে সামগ্ৰী আৰু সেৱাসমূহক পাঁচটা ভিন্ন কৰ স্তূপত ভাগ কৰা হয়। এইকেইটা হৈছে ক্ৰমে ০% অৰ্থাৎ কৰমুক্ত, ৫%, ১২%, ১৮% আৰু ২৮%।[1] কিন্তু পেট্ৰলিয়ামজাত সামগ্ৰী, নিচাযুক্ত পানীয়, আৰু বিদ্যুতৰ ওপৰত জি এছ টিৰ অধীনত কৰ আৰোপ কৰা নহয় আৰু ইয়াৰ পৰিৱৰ্তে পূৰ্বৰ কৰ ব্যৱস্থা অনুসৰি ভিন্ন ৰাজ্য চৰকাৰে পৃথকে পৃথকে কৰ আৰোপ কৰে।

ভাৰত চৰকাৰে ভাৰতীয় সংবিধানৰ এশ এক সংখ্যক সংশোধনী ৰূপায়ণৰ জৰিয়তে ২০১৭ চনৰ ১ জুলাইৰ পৰা এই কৰ কাৰ্যকৰী কৰে।[2] ইয়াৰ লগে লগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পূৰ্বে আৰোপ কৰা কৰসমূহৰ ঠাই জিএছটিয়ে গ্ৰহণ কৰে।

কৰৰ হাৰ আৰু নীতি-নিয়মসমূহ জিএছটি পৰিষদৰ (ইংৰাজী: GST Council) দ্বাৰা পৰিচালিত হয় আৰু ই কেন্দ্ৰীয় চৰকাৰ আৰু সকলো ৰাজ্যৰ বিত্তমন্ত্ৰীসকলক লৈ গঠিত।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "GST Rates in 2022 – List of Goods and Service Tax Rates, Slab & Revision". cleartax.in. Jul 15, 2022. https://cleartax.in/s/gst-rates আহৰণ কৰা হৈছে: 28 July 2022.
  2. "Evolution of GST in India". gst.gov.in. https://www.gst.gov.in/about/gst/history আহৰণ কৰা হৈছে: 28 July 2022.
  3. "GST Council structure". gst.gov.in. https://www.gst.gov.in/about/gst/council আহৰণ কৰা হৈছে: 28 July 2022.