সামাজিক মনোবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সামাজিক মনোবিজ্ঞান (ইংৰাজী: Social Psychology) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন। সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ আৰু ব্যৱহাৰ বৰ্ণনা কৰে। মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে ঘটে আৰু তাৰ প্ৰভাৱ কেনেদৰে আনৰ ওপৰত আৰু নিজৰ ব্যৱহাৰ আৰু স্বভাৱত প্ৰকাশ পায় সেই পৰিস্থিতিবোৰৰ অধ্যয়ন কৰে।

ইতিহাস[সম্পাদনা কৰক]

সামাজিক মনোবিজ্ঞান বিষয়টো আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল। এই ক্ষেত্ৰত প্ৰথম প্ৰকাশিত নিবন্ধটো আছিল সামাজিক পৰিঘটনাৰ ওপৰত নৰমান ট্ৰিপলটৰ (Norman Triplett) ১৮৯৮ চনৰ এক বিশেষ গবেষণা।[1] ১৯৩০ চনৰ পিছত, বহুতো মনোবিজ্ঞানী, যেনে কাৰ্ট লিৱিন (Kurt Lewin), নাজি জাৰ্মানীৰ অত্যাচাৰৰ পৰা পৰিত্ৰান পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোকেই প্ৰথমে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনক এক সুকিয়া মনোবিজ্ঞানৰ ক্ষেত্ৰ বুলি পৰিচয় দিয়ে। কাৰ্ট লিৱিনক "সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক" বুলি কোৱা হয়। ২০০২ চনত প্ৰকাশিত সাধাৰণ মনোবিজ্ঞানী জৰীপৰ এক সমীক্ষাই লিৱিনক ২০শ শতিকাৰ ১৮তম সৰ্বাধিক উল্লিখিত মনোবিজ্ঞানী হিচাপে স্থান দিছিল।[2]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, সামাজিক মনোবিজ্ঞানীসকলে মুখ্যতঃ আমেৰিকাৰ সামৰিক বাহিনীৰ সাহায্যাৰ্থে কিছুমান বিষয় যেনে "প্ৰৰোচনা" আৰু "প্ৰৱণতা" আদি বিষয়ত অধ্যয়নৰত আছিল। যুদ্ধৰ পিছত, গৱেষকসকলে বিভিন্ন সামাজিক সমস্যাৰ প্ৰতি আগ্ৰহী হ'ব ধৰিলে, যাৰ ভিতৰত আছে লিঙ্গ আৰু জাতিগত বৈষম্যৰ বিষয়। এইবোৰৰ মাজত আটাইতকৈ উল্লেখযোগ্য আৰু বিতৰ্কিত গবেষণা আছিল ষ্টনলি মিলেগ্ৰামে (Stanley Milgrim) চলোৱা কৰ্তৃপক্ষৰ আজ্ঞাপালনৰ ওপৰত বৈদ্যুতিক শ্বক পৰীক্ষা। ১৯৬০-ৰ পিছত, বৌদ্ধিক বিভাজন, বাহ্যিক হস্তক্ষেপ, ক্ৰোধ, বিবাদ আদিৰ দৰে বিষয়বোৰৰ অধ্যয়নত মনোবিজ্ঞানীসকলৰ আগ্ৰহ বাঢ়িছিল। কিন্তু ১৯শ শতিকাত, আমেৰিকাৰ সামাজিক মনোবিজ্ঞানৰ গৱেষণাত সংকটে দেখা দিছিল। গৱেষণাগাৰৰ পৰীক্ষাবোৰৰ সততা, আৰু নৈতিক মানদণ্ডৰ ওপৰত উত্তপ্ত বিতৰ্ক আৰম্ভ হৈছিল। ১৯৮০ আৰু ১৯৯০ দশকবোৰত, সামাজিক মনোবিজ্ঞান অধিক পৰিপক্ব স্তৰত উপনীত হৈছিল, বিশেষকৈ তত্ত্ব আৰু পদ্ধতিৰ ক্ষেত্ৰত। বৰ্তমান, অধিক উচ্চ নৈতিক মানদণ্ডৰে গৱেষণাবোৰ নিয়ন্ত্ৰণ কৰা হয়। আধুনিক সামাজিক মনোবিজ্ঞানী গৱেষকসকলে স্বাস্থ্য, শিক্ষা, আইন আৰু কাৰ্যস্থান আদি বিষয়বোৰত বিশেষ মনোযোগ দিয়া দেখা গৈছে।[3]

সামাজিক মনোবিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ উপক্ষেত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Triplett, Norman (1898). "The dynamogenic factors in pacemaking and competition". American Journal of Psychology খণ্ড 9 (4): 507–533. doi:10.2307/1412188. https://semanticscholar.org/paper/d5b7e42864a94f878b550a5992fe3bb35acb1fc5. 
  2. Haggbloom, Steven J.; Warnick, Renee; Warnick, Jason E.; Jones, Vinessa K.; Yarbrough, Gary L.; Russell, Tenea M.; Borecky, Chris M.; McGahhey, Reagan et al. (2002). "The 100 most eminent psychologists of the 20th century". Review of General Psychology খণ্ড 6 (2): 139–52. doi:10.1037/1089-2680.6.2.139. http://www.apa.org/monitor/julaug02/eminent.aspx. 
  3. Kassin, Saul, Steven Fein, and Hazel R. Markus, (2017). Social Psychology (10th ed.). Belmont, CA: Cengage Learning. আই.এচ.বি.এন. 978-1-305-58022-0. Lay summary via NELSONBrain.