সাহিত্যিক এজেণ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাহিত্যিক এজেণ্ট (ইংৰাজী: Literary Agent) হৈছে এনে এজন ব্যক্তি বা এজেণ্ট যিয়ে লেখক আৰু তেওঁলোকৰ লিখিত ৰচনাসমূহক প্ৰকাশক, নাট্য প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, আৰু চলচ্চিত্ৰ ষ্টুডিঅ'ৰ সমুখত প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰি বিক্ৰী আৰু চুক্তিৰ আলোচনাত সহায় কৰে। সাহিত্যিক এজেণ্টসকলে প্ৰায়ে ঔপন্যাসিক, চিত্ৰনাট্যকাৰ আৰু অকল্পকাহিনী লেখকক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে তেওঁলোকৰ ক্লায়েণ্টৰ হৈ আলোচনা কৰা বিক্ৰীৰ এটা নিৰ্দিষ্ট শতাংশ (সাধাৰণতে বিদেশী বিক্ৰীৰ ক্ষেত্ৰত বিশ শতাংশ আৰু ঘৰুৱা বিক্ৰীৰ বাবে দহৰ পৰা পোন্ধৰ শতাংশ)[1] দিয়া হয়।

সুবিধাসমূহ[সম্পাদনা কৰক]

সাহিত্যিক এজেণ্টে লেখকৰ বাবে বিভিন্ন সেৱা আগবঢ়ায়। তেওঁলোকে লেখকৰ কৰ্মক উপযুক্ত প্ৰকাশকৰ সৈতে সংযোগ কৰে, চুক্তিৰ আলোচনা কৰে, ৰয়েল্টি পেমেণ্ট নিশ্চিত কৰে আৰু লেখক আৰু প্ৰকাশকৰ মাজৰ সমস্যাৰ মধ্যস্থতা কৰে।[2] এজেণ্টসকলে নতুন লেখকসকলক জনসাধাৰণৰ স্বীকৃতি লাভ কৰাত সহায় কৰিব পাৰে। এজেণ্টসকলে প্ৰকাশন প্ৰতিষ্ঠানসমূহকো সহায় কৰে আৰু আনসকলক লেখকৰ ৰচনাসমূহৰ পৰ্যালোচনা, প্ৰকাশন আৰু বিতৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাত সহায় কৰে। বহুতো সুপৰিচিত, শক্তিশালী আৰু লাভজনক প্ৰকাশন প্ৰতিষ্ঠান (যেনেঃ বিগ ফাইভ) সাধাৰণতে সৰু প্ৰকাশকসকলতকৈ অপ্ৰতিনিধিত্বহীন দাখিলৰ বাবে কম মুকলি, বেছিভাগ সময়তে অনাকাংক্ষিত দাখিল নিষিদ্ধ কৰে।[3] এজন অভিজ্ঞ এজেণ্টে বজাৰখন জানে, আৰু তেওঁ কেৰিয়াৰৰ মূল্যৱান পৰামৰ্শ আৰু নিৰ্দেশনাৰ উৎস হ’ব পাৰে। প্ৰকাশযোগ্য লেখক হোৱাটোৱেই কাৰোবাক স্বয়ংক্ৰিয়ভাৱে আধুনিক প্ৰকাশন চুক্তি আৰু পদ্ধতিৰ বিশেষজ্ঞ কৰি তুলিব নোৱাৰে—বিশেষকৈ য’ত টেলিভিছন, চলচ্চিত্ৰ বা বিদেশী অধিকাৰ জড়িত হৈ থাকে। বহু লেখকে এনে বিষয়বোৰ এজেণ্টে চম্ভালাটো পছন্দ কৰে।

বিচিত্ৰতা[সম্পাদনা কৰক]

এজন এজেণ্টে উপদেষ্টা হিচাপেও কাম কৰিব পাৰে। এজন লেখকক লেখাৰে কেনেকৈ জীৱিকা উপাৰ্জন কৰিব পাৰি তাৰ বিভিন্ন দিশ দেখুৱাব পাৰে। সাহিত্যিক এজেণ্টসকলে প্ৰায়ে প্ৰকাশন উদ্যোগৰ অন্যান্য দিশত চাকৰিৰ পৰা পৰিৱৰ্তন ঘটায়। যদিও স্ব-প্ৰকাশন বহুত বেছি জনপ্ৰিয় হৈ পৰিছে, তথাপিও সাহিত্যিক এজেণ্টসকলে প্ৰকাশন গৃহসমূহৰ লগত পৰিচয় কৰাই দিয়াত এক উপযোগী ভূমিকা পালন কৰে।

সাহিত্যিক সংস্থাসমূহৰ আকাৰ হয়তো এক ডজন লেখকক প্ৰতিনিধিত্ব কৰা এজন এজেণ্টৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ অংশীদাৰ, উপ-এজেণ্ট, বিদেশী অধিকাৰ বা অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যৱসায়িক সামগ্ৰীৰ সহযোগিতামূলক কাৰ্যপন্থাৰ দৰে বিশেষজ্ঞ, আৰু শ শ ক্লায়েণ্টৰ সৈতে এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানলৈকে হ’ব পাৰে। বিশেষকৈ সৰু এজেন্সীয়ে বেছিভাগ এজেন্সীয়ে কিছু পৰিমাণে বিশিষ্টতা লাভ কৰে। তেওঁলোকে হয়তো প্ৰতিনিধিত্ব কৰিব পাৰে—কল্পবিজ্ঞান, মূলসুঁতিৰ থ্ৰিলাৰ আৰু ৰহস্য, শিশুৰ কিতাপ, ৰোমাঞ্চ বা অতি সাম্প্ৰতিক অকল্পকাহিনীৰ লেখকসকলক। অতি কম সংখ্যক এজেণ্টে চুটিগল্প বা কবিতাক প্ৰতিনিধিত্ব কৰে।

গ্ৰন্থজগতৰ বৈধ এজেণ্ট আৰু এজেন্সীসকল এছ’চিয়েশ্যন অৱ অথাৰ্ছ ৰিপ্ৰেজেণ্টেটিভছ (AAR)ৰ সদস্য হোৱাটো বাধ্যতামূলক নহয়, কিন্তু ৰাইটাৰ’ছ মাৰ্কেটৰ তালিকা অনুসৰি আমেৰিকাৰ বহু এজেণ্ট হৈছে। 'এএআৰ'ৰ সদস্যপদৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ এজেণ্টসকলে নূন্যতম সংখ্যক কিতাপ বিক্ৰী কৰিব লাগিব আৰু নৈতিকতাৰ নীতি মানি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব।[4] ফলপ্ৰসূ পেছাদাৰী এজেণ্টসকলে প্ৰায়ে আন এজন এজেণ্টৰ বাবে কাম কৰি থাকোঁতে নিজৰ ব্যৱসায় শিকে, যদিও কিছুমানে সম্পাদক হিচাপে কাম কৰাৰ পিছত এজেণ্টিঙলি ৰূপান্তৰিত হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "LITERARY AGENTS – SFWA". SFWA. http://www.sfwa.org/for-authors/writer-beware/agents/. 
  2. Beasley, Mel (2022-04-23). "How Literary Agents Get Paid: Commission Structure" (en-US ভাষাত). Writer's Hive Media. https://writershivemedia.com/publishing/how-much-do-literary-agents-get-paid/। আহৰণ কৰা হৈছে: 2022-06-30. 
  3. Cheryl Reif. "Small vs Big Six Publishers: What's the Difference?". Cheryl Reif Writes. Archived from the original on 2022-07-13. https://web.archive.org/web/20220713100345/http://www.cherylreif.com/2012/04/27/small-vs-big-six-publishers-whats-the-difference/। আহৰণ কৰা হৈছে: 2022-07-13. 
  4. "Association of Authors' Representatives, Inc. - Join". aaronline.org. Archived from the original on 2012-06-29. https://web.archive.org/web/20120629024153/http://aaronline.org/Join। আহৰণ কৰা হৈছে: 2022-07-13.