সমললৈ যাওক

সাহিত্যিক ধাৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাহিত্যিক ধাৰা (ইংৰাজী: Literary genre) হৈছে সাহিত্যৰ এটা শ্ৰেণী। সাহিত্যিক কৌশল, সুৰ, বিষয়বস্তু বা দৈৰ্ঘ্যৰ দ্বাৰা (বিশেষকৈ কল্প-কাহিনীৰ বাবে) ধাৰা নিৰ্ধাৰণ কৰিব পাৰি। ইহঁত সাধাৰণতে অধিক বিমূৰ্ত, সামৰি লোৱা শ্ৰেণীৰ পৰা গতি কৰে, যিবোৰক তাৰ পিছত অধিক সুনিৰ্দিষ্ট পাৰ্থক্যত উপ-বিভক্ত কৰা হয়।[1] ধাৰা আৰু শ্ৰেণীৰ মাজৰ পাৰ্থক্যসমূহ নমনীয় আৰু শিথিলভাৱে সংজ্ঞায়িত, আনকি ধাৰাসমূহক নিৰ্ধাৰণ কৰা নিয়মসমূহো সময়ৰ লগে লগে সলনি হয় আৰু মোটামুটি অস্থিৰ হয়৷ [2]

ধাৰাসমূহ সকলো গদ্য বা কবিতাৰ ৰূপত হ’ব পাৰে। ইয়াৰ উপৰিও ওপৰৰ যিকোনো এটাতে ব্যংগ, ৰূপকৰ দৰে এটা ধাৰা কেৱল উপ-ধাৰা হিচাপেই নহয়, ধাৰাৰ মিশ্ৰণ হিচাপেও দেখা দিব পাৰে। শেষত, যিবোৰ ঐতিহাসিক যুগত ইহঁত ৰচনা হৈছিল, সেই ঐতিহাসিক যুগৰ সাধাৰণ সাংস্কৃতিক আন্দোলনৰ দ্বাৰা ইহঁতক সংজ্ঞায়িত কৰা হৈছে।

ধাৰাৰ ধাৰণা এৰিষ্ট'টলৰ ৰচনাৰ পৰা আৰম্ভ হৈছিল, যি সাহিত্যিক ধাৰাসমূহৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত জৈৱিক ধাৰণাসমূহ প্ৰয়োগ কৰিছিল; বা তেওঁ কোৱাৰ দৰে "প্ৰজাতি" (eidē)।[3] এই শ্ৰেণীবিভাজনৰ বিষয়ে মূলতঃ তেওঁৰ ৰেট’ৰিক এণ্ড পয়েটিক্স গ্ৰন্থত আলোচনা কৰিছে। [3]

এৰিষ্টটলৰ সময়ৰ পাছতো সাহিত্য সমালোচনাৰ বিকাশ অব্যাহত আছিল। উদাহৰণস্বৰূপে প্ৰথম শতিকাৰ গ্ৰীক গ্ৰন্থ "অন দ্য ছাবলাইম"ত ৫০ জনতকৈ অধিক সাহিত্যিক লেখকৰ ৰচনা আৰু তেওঁলোকে দৰ্শকৰ আৱেগ আৰু অনুভৱক প্ৰভাৱিত কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছিল। [4]

আধুনিক পশ্চিমীয়া ধাৰা তত্ত্বৰ উৎপত্তি অষ্টাদশ শতিকাৰ শেষৰ ফালে আৰু ঊনবিংশ শতিকাৰ আৰম্ভণিতে হোৱা ইউৰোপীয় ৰোমাণ্টিক আন্দোলনৰ পৰাই অনুসন্ধান কৰিব পাৰি, য’ত ধাৰাৰ ধাৰণাটোৰ ওপৰত যথেষ্ট আলোচনা কৰা হৈছিল। [5]ধাৰাৰ বাধাক আওকাণ কৰাটো সম্ভৱ বুলি সৃষ্ট ধাৰণাটো আৰু প্ৰতিখন সাহিত্যিক ৰচনাই "নিজৰ বাবে এটা ধাৰা"[5] বুলি উদ্ভৱ হোৱা ধাৰণাটোৱে জনপ্ৰিয়তা লাভ কৰে। ধাৰাৰ সংজ্ঞাক "আদিম আৰু শিশুসুলভ" বুলি ভবা হৈছিল।[5]

একে সময়তে ৰোমাণ্টিক যুগত এক নতুন ধাৰাৰ উত্থান ঘটে, যাক কোৱা হৈছে ‘কল্পনামূলক’ ধাৰা।[6] এই পৰিৱৰ্তনৰ কাৰণ হিচাপে প্ৰায়ে পশ্চিমীয়া বিশ্বৰ যুদ্ধ, অন্তৰ্যুদ্ধ আৰু উফৰাই পেলোৱা নেতৃত্বৰ ক্ষেত্ৰত সংঘটিত হৈ থকা সামাজিক পৰিঘটনাবোৰক দায়ী কৰা হয়৷[6] মানুহে নিজ নিজ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই নিবলৈ "পলায়ন"ৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। [6]

ৰোমাণ্টিক যুগৰ পৰাই আধুনিক ধাৰা তত্ত্বই প্ৰায়ে শতিকাজুৰি ধাৰাসমূহৰ শ্ৰেণীবিভাজনৰ চিহ্নিত কৰা নীতি-নিয়মৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিছিল। কিন্তু একবিংশ শতিকাটোৱে এটা নতুন যুগৰ সৃষ্টি কৰিছে য’ত ধাৰাটোৱে ব্যক্তিত্ব হেৰুৱা বা অতিৰিক্ত অনুকূলতাৰ সৈতে জড়িত হৈ পৰা বহু নেতিবাচক অৰ্থ পৰিহাৰ কৰিছে৷ [5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Todorov, Tzvetan; Howard, Richard (1976). "The Fantastic: A Structural Approach to a Literary Genre". The Slavic and East European Journal খণ্ড 20 (2): 186–189. doi:10.2307/305826. https://doi.org/10.2307/305826 আহৰণ কৰা হৈছে: 2021-04-17.
  2. Pavel, Thomas (2003). "Literary Genres as Norms and Good Habits". New Literary History (The Johns Hopkins University Press) খণ্ড 34 (2): 201–210. doi:10.1353/nlh.2003.0021. https://www.jstor.org/stable/20057776 আহৰণ কৰা হৈছে: 2021-04-17.
  3. Fishelov, David (1999). "The Birth of a genre" (en ভাষাত). European Journal of English Studies খণ্ড 3 (1): 51–63. doi:10.1080/13825579908574429. ISSN 1382-5577. https://www.tandfonline.com/doi/abs/10.1080/13825579908574429 আহৰণ কৰা হৈছে: 2021-04-17.
  4. Weinberg, Bernard (February 1950). "Translations and Commentaries of Longinus, "On the Sublime", to 1600: A Bibliography". Modern Philology খণ্ড 47 (3): 145–151. doi:10.1086/388836. ISSN 0026-8232. https://www.journals.uchicago.edu/doi/10.1086/388836 আহৰণ কৰা হৈছে: 2020-12-02.
  5. 1 2 3 Duff, David (2000). Modern Genre Theory. প্ৰকাশক London: Routledge. doi:10.4324/9781315839257. ISBN 9781315839257. https://doi.org/10.4324/9781315839257 আহৰণ কৰা হৈছে: 2021-04-17.
  6. 1 2 3 Corrigan, Philip (July 1, 1986). "Book Review: Literary Theory: An Introduction". Insurgent Sociologist খণ্ড 13 (4): 75–77. doi:10.1177/089692058601300410. https://journals.sagepub.com/doi/10.1177/089692058601300410 আহৰণ কৰা হৈছে: April 17, 2021.