সুনন্দা নায়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলাশ্ৰী ড॰ সুনন্দা নায়াৰ
জন্ম মুম্বাই, ভাৰত
শিক্ষা মুম্বাই বিশ্ববিদ্যালয় (পি.এইছ.ডি.)
পেচা পৰিচালক, নৃত্যশিল্পী
নৃত্য
ৱেবছাইট
www.sunandanair.com


সুনন্দা নায়াৰ (ইংৰাজী: Sunanda Nair) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী। সুনন্দা হৈছে মোহিনীঅট্টমৰ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী। মুম্বাই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত নালন্দা নৃত্য কলা মহাবিদ্যালয়ৰ পৰা এই নৃত্যত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। "Intrinsic Lyrical Feminism in Mohiniattam" গবেষণা পত্ৰৰ জৰিয়তে তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. সম্পূৰ্ণ কৰিছে। তেওঁৰ জন্ম হৈছিল ভাৰতৰ মুম্বাইত।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

সুনন্দা নায়াৰে ছয় বছৰ বয়সতে ভাৰতনাট্যমৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ লৈছিল। কালমণ্ডলম কৃষ্ণাংকটি ৱাৰিয়ৰৰ অধীনত তেওঁ কথাকলি নৃত্যৰো অধ্যয়ন কৰিছিল।

সুনন্দা হৈছে ধ্ৰুপদী কেৰেলা নৃত্য শৈলী মোহিনীঅট্টমৰ পুনৰুজ্জীৱন আৰু জনপ্ৰিয়তাৰ বাবে কৃতিত্ব লাভ কৰা বিখ্যাত মোহিনীঅট্টমৰ প্ৰতিনিধি পদ্মভূষণ ড°(শ্ৰীমতী) কনক ৰেলেৰ শিষ্যা।

নায়াৰ আছিল মোহিনীঅট্টমত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন শিক্ষাৰ্থী। মুম্বাই বিশ্ববিদ্যালয়ৰ নালন্দা নৃত্য কলা মহাবিদ্যালয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। পাঁচ বছৰতে তেওঁ সাত বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।[2] এই প্ৰতিষ্ঠানটো হৈছে গুৰু কুল সম্প্ৰদায়ৰ আটাইতকৈ ওচৰৰ প্ৰতিষ্ঠান।

তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী, মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশন কলাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তদুপৰি তেওঁ "দ্য ইনট্ৰিনছিক লিৰিকেল ফেমিনিজিম ইন মোহিনীঅট্টম" শীৰ্ষক মোহিনীঅট্টমৰ ওপৰত কৰা গৱেষণা পত্ৰৰ বাবে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা নৃত্য বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।

কেৰিয়াৰ[সম্পাদনা কৰক]

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত নালান্দাত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু ১৯৯৯ চনলৈকে ৯ বছৰ ধৰি আলমা মেটাৰত প্ৰবক্তা হিচাপে কাম কৰে। নালান্দাত শিক্ষকতা কৰি যাবলৈ ইউ. জি. চি.ৰ প্ৰয়োজনীয়তা নেট পৰীক্ষাতো তেওঁ উত্তীৰ্ণ হয়।

নন্দিনীয়ে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন অঞ্চলত বহু পৰিবেশন কৰিছে। কলাইমামণি কাদিৰভেলু, কলাইমামণি মহালিংগম পিল্লাই, গুৰু টি. ভি. সৌন্দৰজন, শ্ৰী দীপক মজুমদাৰ, কট্টুমনাৰ মুথুকুমাৰ পিল্লাইৰ বাণীত শ্ৰীমতী তেজিস্বিনী ৰাও আদি পণ্ডিতৰ অধীনত তেওঁ অধ্যয়ন কৰিছিল।

১৯৮০ চনত হাইস্কুলত পঢ়ি থকাৰ সময়তে নন্দিনীয়ে মোহিনীঅট্টম আৰু ভাৰতনাট্যম দুয়োটাতে ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া “শ্ৰুতিলয় ইনষ্টিটিউট অৱ ফাইন আৰ্টছ” (Srutilaya Institute of Fine Arts) আৰম্ভ কৰে।

স্বীকৃতি[সম্পাদনা কৰক]

নিউয়ৰ্কৰ “নাইৰ চাৰ্ভিচ ছ'চাইটি অৱ নৰ্থ আমেৰিকা”ই সুনন্দাক ২০২০ চনত গ্ল'বেল মান্নাম বঁটা প্ৰদান কৰে। তেওঁ লাভ কৰা অন্যান্য স্বীকৃতি সমূহ হ’ল “ক্লিভলেণ্ড থ্যাগৰাজা উৎসৱ”ৰ নৃত্য সেৱা মণি বঁটা ২০২০, “ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় মিডিয়া সন্মিলন”ৰ গ্ল'বেল এক্সেলেন্স এৱাৰ্ড ফৰ পাৰফৰ্মিং আৰ্টছ ২০১৯, ২০১৮ চনত “বাংগালুৰু ক্লাব ফৰ কথাকলি এণ্ড দ্য আৰ্টছ”ৰ তৰফৰ পৰা উদ্ধৃতি উপাধি, ২০১৮ চনত “নাট্যঞ্জলি ট্ৰাষ্ট”ৰ নাট্যঞ্জলি উৎসৱত মুথিৰাই পাঠীথা বিঠাগৰ, ২০১৮ চনত “এন. এছ. এছ. অ'. এন. এ. নাইৰ সংগমম”ৰ অনন্ত মাৰ্গশীৰ্ষ নাট্য পুৰস্কাৰম, ২০১৭ চনত “নালন্দা নৃত্য গৱেষণা কেন্দ্ৰ”ৰ পৰা নালন্দা কনক নৰ্টনা পুৰস্কাৰ, কেৰেলাৰ “কলামণ্ডলম”ৰ পৰা কলাৰত্নম সন্মান, ২০১১ চনত কেৰেলা সংগীত নাটক একাডেমি বঁটা (কলাশ্ৰী বঁটা),[3] নতুন দিল্লীৰ জি.আই.এ.ৰ পৰা গ্ল'বেল এক্সেলেন্স এৱাৰ্ড ২০১১, ২০১০ চনত প্ৰয়াত কলামণ্ডলম কৃষ্ণাংকটি পডুভালৰ স্মৃতিত কলাসাগৰ সন্মান, আমেৰিকাৰ “মিছৌৰীৰ সূৰ্য্য পাৰফৰ্মিং আৰ্টছ”ৰ পৰা অভিনয় শিৰোমণি সন্মান, অভিনয় আৰু নৃত্য পৰিচালনাৰ উন্নত প্ৰশিক্ষণৰ বাবে “কেন্দ্ৰীয় সংগীত নাটক অকাডেমী”ৰ পৰা বৃত্তি, মুম্বাইৰ “সুৰ শৃংগাৰ সংসদ”ৰ পৰা '"চিংগাৰ মণি সন্মান, নেল্লুৱৈ নম্বীশন স্মাৰক বঁটা, চেন্নাইৰ “নাট্যঞ্জলি ট্ৰাষ্ট”ৰ পৰা নাট্য ময়ুৰী সন্মান, ২০০৩ চনত শ্ৰেষ্ঠ জনগোষ্ঠীয় ধ্ৰুপদী কলাৰ বঁটা, লুইজিয়ানা ষ্টেট আৰ্টিষ্ট ৰুষ্টাৰ, লুইজিয়ানা ট্যুৰিং ডাইৰেক্টৰী, গ্ল’বেল এক্সেলেন্স ডান্স এৱাৰ্ড, “ইণ্ডিয়ান এছ’চিয়েচন অৱ নিউ অৰলিন্স”ৰ পৰা সমাজ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা ইত্যাদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]