সুবোধ সৰকাৰ
সুবোধ সৰকাৰ | |
---|---|
২০১৫ চনত সৰকাৰ | |
জন্ম | ১৯৫৮ কৃষ্ণনগৰ, নদিয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কবিতা |
জনা যায় | কাব্যিকতা |
দাম্পত্যসঙ্গী | মল্লিকা সেনগুপ্ত |
সুবোধ সৰকাৰ (ইংৰাজী: Subodh Sarkar) জন্ম ১৯৫৮ চনত পশ্চিমবঙ্গৰ কৃষ্ণনগৰত। সৰকাৰ এজন বাঙালী কবি[1], লেখক, অনুবাদক আৰু সম্পাদক। দ্বৈপায়ন হ্ৰদেৰ ধাৰে কাব্যগ্ৰন্থৰ বাবে তেখেতে ২০১৩ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
জীৱনী
[সম্পাদনা কৰক]১৯৫৮ চনত পশ্চিমবঙ্গৰ কৃষ্ণনগৰত জন্মগ্ৰহণ কৰা সুবোধ সৰকাৰ এজন আধুনিক বাঙালী কবি। বৰ্তমান কলকাতাৰ চিটি কলেজত ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক হিচাপে কৰ্মৰত।[2] তেওঁ The Hyphenated Identities of Indian American Women Writers Writing in English বিষয়ত গৱেষণা কৰি পি.এইচডি লাভ কৰে।[3] প্ৰথম কবিতা পুথি কবিতা ৭৮-৮০ সত্তৰৰ দশকৰ শেষৰ ফালে প্ৰকাশ হৈছিল।[4] সাহিত্য অকাডেমিৰ Indian Literature পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। সুবোধ সৰকাৰে প্ৰয়াত মল্লিকা সেনগুপ্তৰ সৈতে যুগ্মভাৱে ভাষানগৰ নামৰ আলোচনী এখনো সম্পাদনা আৰম্ভ কৰিছিল।[5] ই বৰ্তমানো প্ৰকাশিত হৈ আছে। ২০১০ চনত সাহিত্য অকাডেমিয়ে আয়োজন কৰা ভাৰতীয় লেখকৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে তেওঁ ৰাছিয়া আৰু তুৰস্ক ভ্ৰমণ কৰিছিল। বৰ্তমান পশ্চিমবঙ্গ চৰকাৰৰ কবিতা অকাডেমিৰ অধ্যক্ষৰ দায়িত্বত আছে।[6]
প্ৰকাশিত কাব্যগ্ৰন্থ
[সম্পাদনা কৰক]- কবিতা ৭৮-৮০ (প্ৰকাশকঃ ৱেচিচ, কৃষ্ণনগৰ)
- ঋক্ষ মেঘ কথা (প্ৰথম প্ৰকাশঃ ১৯৮৩, প্ৰকাশকঃ অভিমান, হাওড়া)
- সোহাগ শৰ্বৰী (মল্লিকা সেনগুপ্তৰ সৈতে যৌথভাৱে। প্ৰথম প্ৰকাশঃ ১৯৮৫, প্ৰকাশকঃ অভিমান, হাওড়া)
- একা নৰকগামী (প্ৰথম প্ৰকাশঃ ১৯৮৮, প্ৰকাশকঃ প্ৰতিভাস)
- মৰণোত্তৰ জল (প্ৰথম প্ৰকাশঃ ১৯৯০, প্ৰকাশকঃ শতাব্দীৰ মুখ)
- চন্দ্ৰদোষ ওষুধে সাৰে না (প্ৰথম প্ৰকাশঃ ১৯৯১, প্ৰকাশকঃ প্ৰতিভাস)
- মৰুভূমিৰ গোলাপ (প্ৰথম প্ৰকাশঃ ১৯৯১, প্ৰকাশকঃ অমৃতলোক সাহিত্য মন্দিৰ)
- আড়াই হাত মানুষ (প্ৰথম প্ৰকাশঃ ১৯৯৩, প্ৰকাশকঃ বইপাড়া)
- ছিঃ (প্ৰথম প্ৰকাশঃ ১৯৯৩, প্ৰকাশকঃ আনন্দ পাব্লিচাৰ্ছ প্ৰাঃলিঃ)
- ৰাজনীতি কৰবেন না (প্ৰথম প্ৰকাশঃ ১৯৯৭, প্ৰকাশকঃ প্ৰতিভাস)
- ভালো জায়গাটা কোথায়? (প্ৰথম প্ৰকাশঃ ১৯৯৯)
- ধন্যবাদ, মৰীচিকা সেন (প্ৰথম প্ৰকাশঃ ১৯৯৯, প্ৰকাশকঃ কথা ও কাহিনী প্ৰাঃলিঃ)
- সব ৰাস্তা ৰোমে যায় না (প্ৰথম প্ৰকাশঃ ২০০১, প্ৰকাশকঃ পত্ৰলেখা)
- জেৰুজালেম থেকে মেদিনীপুৰ (প্ৰথম প্ৰকাশঃ ২০০১, প্ৰকাশকঃ সৃষ্টি প্ৰকাশন)
- কাল্লু (প্ৰথম প্ৰকাশঃ ২০০২, প্ৰকাশকঃ আনন্দ)
- কৃত্তিকায় সনেট ক্যাঙাৰু (প্ৰথম প্ৰকাশঃ ২০০৩, প্ৰকাশকঃ সপ্তৰ্ষি প্ৰকাশন)
- আমি কাৰো অন্ধকাৰ নই (প্ৰথম প্ৰকাশঃ ২০০৪, প্ৰকাশকঃ প্ৰতিভাস)
- মণিপুৰেৰ মা (প্ৰথম প্ৰকাশঃ ২০০৫, প্ৰকাশকঃ আনন্দ)
- যা উপনিষদ, তাই কোৰান (প্ৰথম প্ৰকাশঃ ২০০৬, প্ৰকাশকঃ আনন্দ)
- প্ৰেম ও পাইপগান (প্ৰথম প্ৰকাশঃ ২০০৮, প্ৰকাশকঃ আজকাল)
- চোদ্দ নম্বৰ ডেডবডি (প্ৰথম প্ৰকাশঃ ২০০৯)
- দ্বৈপায়ন হ্ৰদেৰ ধাৰে (প্ৰথম প্ৰকাশঃ ২০১০)
- দ্বৈপায়ন হ্ৰদৰ পাৰত (২০১৮)
- সুবোধ সৰকাৰৰ কবিতা (২০২০)
- মই কৃষ্ণকলি মাহাতো আৰু অন্যান্য কবিতা (২০২৩)
পুৰস্কাৰ আৰু সন্মান
[সম্পাদনা কৰক]তেওঁ লাভ কৰা পুৰস্কাৰ আৰু সন্মান সমূহ
- ১৯৯৭ চনত শক্তি চট্টোপাধ্যায় বিনোদন বিচিত্ৰা পুৰস্কাৰ লাভ।
- ২০০০ চনত পশ্চিমবঙ্গ বাংলা অকাডেমি পুৰস্কাৰ লাভ।
- ২০১৩ চনত 'দ্বৈপায়ন হ্ৰদেৰ ধাৰে' কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ।
- ২০১৫ চনত পশ্চিমবঙ্গ চৰকাৰৰ বঙ্গভূষণ বঁটা লাভ।
- ২০১৬ চনত গৌড়বঙ্গ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি.লিট উপাধি লাভ।
- ২০১৬ চনত সম্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰা গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় বঁটা লাভ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Sarangi, Jaydeep (August 2017). "In Conversation With Subodh Sarkar". Writers in Conversation খণ্ড 4 (2). doi:10.22356/wic.v4i2.24. https://journals.flinders.edu.au/index.php/wic/article/view/24/25.
- ↑ অনুবাদ (২০২০). সুবোধ সৰকাৰৰ কবিতা. সব্যসাচী প্ৰকাশ, জেইল ৰ'ড যোৰহাট-১. পৃষ্ঠা. Front flap of the dust jacket. ISBN 978-81-942204-2-8.
- ↑ অনুবাদ (২০২৩). মই কৃষ্ণকলি মাহাতো আৰু অন্যান্য কবিতা. সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১. পৃষ্ঠা. Front flap of the dust jacket. ISBN 978-93-88718-09-7.
- ↑ সুবোধ সৰকাৰ (২০১৪). কবিতাসমগ্ৰ ১. আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটডে. পৃষ্ঠা. ৫১৩-৫১৪. ISBN 978-93-5040-376-1.
- ↑ অনুবাদ (২০২০). সুবোধ সৰকাৰৰ কবিতা. সব্যসাচী প্ৰকাশ, জেইল জেইল ৰ'ড, যোৰহাট-১. পৃষ্ঠা. Front flap of the dust jacket. ISBN 978-81-942204-2-8.
- ↑ . 21 November, 2018. https://timesofindia.indiatimes.com/subodh-sarkar/articleshow/66736331.cms। আহৰণ কৰা হৈছে: 20 September 2024.
- ↑ সুবোধ সৰকাৰ (২০১৪). কবিতাসমগ্ৰ ১. আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটডে. পৃষ্ঠা. ৫১৩-৫১৮. ISBN 978-93-5040-376-1.
- ↑ সুবোধ সৰকাৰ (২০১৬). কবিতাসমগ্ৰ ২. আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটডে. পৃষ্ঠা. ৫০৭-৫১২. ISBN 978-93-5040-649-6.
- ↑ অনুবাদ (২০২০). সুবোধ সৰকাৰৰ কবিতা. সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১. ISBN 978-81-942204-2-8.
- ↑ অনুবাদ (২০২৩). মই কৃষ্ণকলি মাহাতো আৰু অন্যান্য কবিতা. সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১. ISBN 978-93-88718-09-7.