সমললৈ যাওক

সুৰজিৎ গিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুৰজিৎ গিৰি
জন্ম ০৪ জুলাই, ১৯৭৭
দিচাংমুখ, শিৱসাগৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়
পেচা চিকিৎসক, সক্ৰিয়কৰ্মী


সুৰজিৎ গিৰি (ইংৰাজী: Surajit Giri; ৪ জুলাই ১৯৭৭) অসমৰ ডিমৌ আদৰ্শ চিকিৎসালয় ও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক(সংজ্ঞাহাৰক বিশেষজ্ঞ)[1] আৰু এজন ভাৰতীয় সক্ৰিয়কৰ্মী (activist)। তদুপৰি তেওঁ সৰ্প দংশনৰ এজন সক্ৰিয় সামাজিক কৰ্মকৰ্তা। যদিও বৃত্তিগত ভাবে তেওঁ এজন সংজ্ঞাহাৰক বিশেষজ্ঞ, ২০২২ চনলৈ অসমৰ এখন বিশেষ পৰিগাঁথনি নথকা গ্ৰাম্য চিকিৎসালয়ত তেওঁ ১২০০তকৈও[2][3] অধিক সৰ্পদংশনত আক্ৰান্ত ৰোগীক চিকিৎসা কৰি সুস্থ কৰি তুলিছে আৰু বিভিন্ন মাধ্যমৰ যোগে যুগ যুগ ধৰি সমাজত চলি অহা সৰ্পদংশন সম্পৰ্কীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসচেতনা গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে।[4] এই প্ৰয়াসৰে অংশ হিচাপে তেওঁ সাপ আৰু আমি নামেৰে এখন গ্ৰন্থও ৰচনা কৰিছে।[5][6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭৭ চনৰ ৪ জুলাইত শিৱসাগৰৰ দিচাংমুখত গিৰিৰ জন্ম হয়। ১৯৯২ চনত শিৱসাগৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০০০ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএচত উত্তীৰ্ণ হৈ[7] নিয়োগ বিচাৰি দিল্লীলৈ যায়। কাৰণ দিল্লীৰ হাস্পাতালবোৰে অসমৰ তুলনাত বেছি দা-দৰমহা আগবঢ়াইছিল। কিন্তু তাত কোনো এখন হাস্পাতালতে নিয়োগৰ সুবিধা নাপাই পুনৰ অসমলৈ ঘূৰি আহে। ২০০৩ বৰ্ষত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত নাক-কাণ-ডিঙি (ENT) বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত ভৰ্তি হয়। কিন্তু নাক-কাণ-ডিঙি বিভাগত তেওঁ পাৰদৰ্শিতা অৰ্জন কৰিব নোৱাৰিব বুলি ভাবিয়ে কেইমাহমান পিছতে সুবিধা এটা পাই সংজ্ঞাহৰণ বিভাগত নামভৰ্তি কৰে আৰু ২০০৬ চনত এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।[8][4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত শিৱসাগৰৰ এখন ব্যক্তিগত হাস্পাতালৰ জৰুৰীকালীন বিভাগত সংজ্ঞাহাৰক বিশেষজ্ঞ হিচাপে কামত সোমায়। তেনেতে এদিন প্ৰথমে বেজৰ ওচৰলৈ নি জৰাফুকা কৰা, সাপে দংশন কৰা মহিলা এগৰাকীক হাস্পাতাললৈ লৈ অহা হ’ল। কিন্তু সৰ্পদংশনৰ প্ৰট’কলৰ বিষয়ে জ্ঞাত নোহোৱা গিৰিয়ে ৰোগীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ পঠিয়াই দিয়ে। কিন্তু ৰাষ্টাতে ৰোগীগৰাকীৰ মৃত্যু হয়। এই ঘটনাটোৱে গিৰিৰ মনত বিশেষ প্ৰভাৱ পেলায়।[9]

পৰৱৰ্তী সময়ত তেওঁ সৰ্পদংশনৰ চিকিৎসাৰ সৈতে জড়িত হৈ পৰে। ২০০৮ চনত পিট ভাইপাৰ সাপে দংশন কৰা এখন লোকক তেওঁ সুস্থ কৰি তোলে। শিৱসাগৰ জিলাৰ ডিমৌ আদৰ্শ চিকিৎসালয়ত চিকিৎসক হিচাপে নিযুক্তি পোৱাৰ পিছত সৰ্পদংশনত আক্ৰান্ত ৰোগীৰ চিকিৎসাত অধিক মনোনিবেশ কৰে। আক্ৰান্তসকলক উন্নত চিকিৎসা প্ৰদান কৰি তেওঁ ৰাইজৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰথমে বেজ-ওজাৰ ওপৰত বিশ্বাস কৰা ওচৰ-পাজৰৰ গাঁৱবাসী আৰু ক্ৰমাৎ দূৰ-দূৰণিৰ লোকো সৰ্পদংশনত আক্ৰান্ত লোকো তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। তেওঁৰ প্ৰচেষ্টাতে সেই গ্ৰাম্য চিকিৎসালয়খন এটা সৰ্পদংশন ৱাৰ্ড স্থাপন কৰাৰ লগতে আক্ৰান্তসকলক ত্বৰিৎগতিত চিকিৎসা আগবঢ়াবলৈ চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক লৈ এটা 'ফাষ্ট ৰেচপন্স টীমো' গঠন কৰা হয়। আনহাতে ৰাইজ আৰু পৰিবেশকৰ্মীসকলক লৈ গঠন কৰা হয় 'ভেনম ৰেচপন্স টীম', যাতে সৰ্পদংশনত আক্ৰান্ত ৰোগীক বেজ-ওজাৰ ওচৰলৈ নি সময় নষ্ট নকৰাকৈ চিকিৎসালয়লৈ আনিব পৰা যায়। ২০২২ চনলৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত ১২০০তকৈও অধিক সৰ্পদংশনত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে।[10]

চিকিৎসাৰ সমান্তৰালকৈ তেওঁ সৰ্পদংশন সম্পৰ্কে সমাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ দূৰ কৰিবলৈও সভা-সমিতি, প্ৰচাৰমাধ্যম, সামাজিক মাধ্যম আদিৰ যোগে প্ৰচাৰ অব্যাহত ৰাখিছে। তেওঁ বিভিন্ন চেমিনাৰ, কৰ্মশালাৰ যোগেদিও সৰ্পদংশন চিকিৎসা সম্পৰ্কীয় জ্ঞানৰ ভাগ-বাতোৱাৰা কৰে। আনকি যিবোৰ হাস্পাতালে প্ৰথমে তেওঁক নিযুক্তি দিব বিচৰা নাছিল, সেই হাস্পাতালবোৰেও পৰৱৰ্তী সময়ত বক্তৃতা, প্ৰশিক্ষণ আদি দিবলৈ তেওঁক আমন্ত্ৰণ জনাইছে। সৰ্পদংশন সম্পৰ্কীয় সচেতনতা বঢ়োৱা প্ৰয়াসৰ অংশ স্বৰূপে তেওঁ সাপ আৰু আমি শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰে। ২০২২ চনৰ ছেপ্তেম্বৰত গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়।[11][6]


বঁটা-বাহন

[সম্পাদনা কৰক]
  • কৃষ্ণচূড়া বঁটা (২০২৪–২৫)
  • প্ৰাইড অৱ শিৱসাগৰ বঁটা (২০২৪)
  • সমাজ সজ্জন খিতাপ (২০২৩)[12]
  • ৰাষ্ট্ৰীয় গৌৰৱ বঁটা (২০১৬)
  • Rashtriya Gaurav Award (২০১৬)
  • GARC Public Awareness Award(২০১৮)

তথ্য উৎস

[সম্পাদনা কৰক]
  1. A Correspondent (30 July 2023). "Demow Model Hospital treats 1500 snakebite cases till July". Sentinel Digital DeskThe Sentinel Assam. https://www.sentinelassam.com/north-east-india-news/assam-news/demow-model-hospital-treats-1500-snakebite-cases-till-july-660462। আহৰণ কৰা হৈছে: 26 April 2025. 
  2. Ratnadip Choudhury (24 June 2022). "Assam's Snake Doctor: Saving Lives In Rural Areas". NDTVNDTV. https://www.ndtv.com/india-news/assams-snake-doctor-saving-lives-in-rural-areas-3089390। আহৰণ কৰা হৈছে: 26 April 2025. 
  3. "This Assam doctor is on a mission to ensure no one dies of snakebites". indianexpress.com. https://indianexpress.com/article/north-east-india/assam/this-assam-doctor-is-on-a-mission-to-ensure-no-one-dies-of-snakebites-7873086/। আহৰণ কৰা হৈছে: 28 August 2023. 
  4. 4.0 4.1 "ডাঃ সুৰজিৎ গিৰিৰ সৈতে সাক্ষাৎকাৰ (প্ৰথম অংশ) (কৌশিক দাস আৰু অদিতি বৰুৱা)". muktosinta.org. https://muktosinta.org/dr_surajit_girir_xaite/। আহৰণ কৰা হৈছে: 28 August 2023. 
  5. সুৰজিৎ গিৰি. সাপ আৰু আমি. পূৰ্বায়ন প্ৰকাশন. ISBN 978-93-95103-31-2. https://www.scientiabooks.in/product/hap-aru-ami-book-on-snake-bite-awareness-by-dr-surajit-giri/. 
  6. 6.0 6.1 PTI (20 September 2022). "Assam doctor seeks to bridge gaps in snake bite management to ensure zero deaths by 2024". Printline Media Pvt. Ltd.ThePrint. https://theprint.in/india/assam-doctor-seeks-to-bridge-gaps-in-snake-bite-management-to-ensure-zero-deaths-by-2024/1135352/। আহৰণ কৰা হৈছে: 26 April 2025. 
  7. Dr. Surajit Giri (2019). "Curriculum Vitae of Dr. Surajit Giri". AORA IndiaAORA India 2019. Archived from the original on 29 June 2025. https://web.archive.org/web/20250629152333/https://aoraindia2019.com/faculty-cv/surajit-giri.pdf। আহৰণ কৰা হৈছে: 26 April 2025. 
  8. Dr. Surajit Giri (2019). "Curriculum Vitae of Dr. Surajit Giri". AORA IndiaAORA India 2019. Archived from the original on 29 June 2025. https://web.archive.org/web/20250629152333/https://aoraindia2019.com/faculty-cv/surajit-giri.pdf। আহৰণ কৰা হৈছে: 26 April 2025. 
  9. "ডাঃ সুৰজিৎ গিৰিৰ সৈতে সাক্ষাৎকাৰ (দ্বিতীয় অংশ) (কৌশিক দাস আৰু অদিতি বৰুৱা)". muktosinta.org. https://muktosinta.org/dr_surajit_giri_r_saite/। আহৰণ কৰা হৈছে: 28 August 2023. 
  10. "সৰ্পদংশনত আৰু মৃত্যু নহ’ব! অসমীয়া চিকিৎসকৰ অভিযান". aamarasom.com. 19 April 2022. https://aamarasom.com/detail-news/3728/সৰ্পদংশনতআৰুমৃত্যুনহ’ব!অসমীয়াচিকিৎসকৰঅভিযান। আহৰণ কৰা হৈছে: 29 August 2023. 
  11. "পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাৱত ডাঃ সুৰজিৎ গিৰিৰ "সাপ আৰু আমি" শীৰ্ষক গ্ৰন্থ উন্মোচন". 19 September 2022. https://niyomiyabarta.com/assam/purbayan-publications/। আহৰণ কৰা হৈছে: 29 August 2023. 
  12. "Renowned Anaesthesiologist Dr. Surajit Giri Honoured with Samaj Sajjan Title in Jorhat". প্ৰকাশক Assam: The Hills TimesThe Hills Times. 16 October 2023. https://thehillstimes.in/assam/renowned-anaesthesiologist-dr-surajit-giri-honoured-with-samaj-sajjan-title-in-jorhat?utm_source=chatgpt.com। আহৰণ কৰা হৈছে: 26 April 2025. [সংযোগবিহীন উৎস]