সুৱাগুৰি তোলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সুৱাগুৰি তোলা বা “সুৱাগুড়ি তোলা’’ অসমীয়া সমাজৰ বিয়াৰ বিভিন্ন পৰ্বৰ মাজৰ এটা পৰ্ব৷ ই কেৱল নাৰীকেন্দ্ৰিক৷ এই অনুষ্ঠানত পুৰুষৰ কোনো ভূমিকা নাথাকে৷ নামনি অসমত ইয়াক “সুৱাগ জাৰা’’ বুলি কয়৷ প্ৰজনন ধৰ্মিতা বিজড়িত এই পৰ্বৰ কইনা ঘৰৰ সুৱাগুৰি তোলোতে “ধূলিৰ দৌল’’ আৰু দৰাঘৰৰ সুৱাগুৰি তোলাত “ধুলিৰ খাল’’ সজাতো এক প্ৰতীকী পৰম্পৰা৷[1] আয়তী পৰিৱেষ্টিত দৰা বা কইনাৰ মাকে সুৱাগুৰি তুলিবলৈ যাওঁতে আয়তীসকলে বিয়া নাম গাই দৰা বা কইনাৰ মাকক উদ্দেশ্যি অশ্লীল নৃত্য কৰা দেখা যায়৷[1] অসমৰ ঠাইভেদে অনুষ্ঠানটোৰ গীত-মাতত সামান্য পাৰ্থক্য থাকিলেও মূল পালনীয় আচাৰ-বিধি একেই৷ কোনো কোনো ঠাইত দৰাঘৰীয়াই সুৱাগুৰি নোতোলে৷ ই কেৱল কইনাঘৰৰহে পালনীয় পৰ্ব৷ দৰা কইনাঘৰলৈ আহি পোৱাৰ আগে আগে কইনাৰ মাক আয়তী পৰিৱেষ্টিত হৈ সুৱাগুৰি তুলিবলৈ যায়৷ সৰু কুলা এখনত এমুঠি আখৈ, এমুঠি পিঠাগুড়ি, চাৰিখন থুৰীয়া তামোল, ৰঙা, ক’লা আৰু বগা সূতা কেইডালমান, চাৰিডালমান খৰিকা, এগছি চাকি আৰু চাৰিটা লাড়ু লৈ ’নোৱনী ঘট’ হাতত লৈ সুৱাগুৰি তুলিবলৈ যোৱা হয়৷ জ্বলি থকা চাকিৰে এখন থাল, “দুণৰি’’ আৰু এবাল্টি পানী লৈ যায়৷ আলিৰ কাষত এডোখৰ ঠাইত আটায়ে ৰৈ আলিৰ ধূলিৰে কইনাৰ সুৱাগুৰিত দৌল আৰু দৰাৰ সুৱাগুৰিত খাল খন্দা নিয়ম৷ ধূলিৰে অকণমান দৌল এটা সাজি তাৰ চাৰিওকাষে চাৰিডাল খৰিকা পুতি তাৰ কাষত একোটাকৈ লাড়ু, থুৰীয়া তামোল, আখৈ আৰু পিঠাগুড়ি দিব লাগে৷ কুলাত নিয়া চাকিগছ জ্বলাই লগত নিয়া নোৱনী ঘটৰ পানী অকণ অকন ঢালি ঘটটো দৌলৰ ওপৰত বহুৱাই দিব লাগে৷ প্ৰতিটো কাম কৰোঁতে আয়তীয়ে উৰুলি দি থাকে৷ কামখিনি কৰাৰ পাছত মাকে পূব ফালে মুখ কৰি থিয় হৈ নিজৰ দুয়োভৰিৰ মাজেৰে তিনিচোঁচাত গোটেইখিনি বস্তু পশ্চিম ফাললৈ নি পেলাই দিয়ে৷ চাকিটোও ভৰিলে লুটিয়াই দিয়ে৷ তাৰপিছত বাল্টিৰ পানীত ’পানী কাটি’ ঘট ভৰাই এমুখ পানী লৈ উভতি আহে৷ উভতি আহোঁতে মুখত পানী লৈ মাকে কথা পাতিব নোৱাৰে৷ ৰভাতল পালে ঘটৰ পৰা চালিলৈ পানী ছটিয়াই কইনা থকা ঘৰৰ ওচৰ পালে মুখৰ পানী পেলাই কইনাক “সা’’(মুখ মেলি নিশাহ এৰা কাৰ্য) দিয়ে৷ [2] কোনো কোনো ঠাইত সুৱাগুৰি তোলাৰ পিছত এবুকু পানীত নামি মুখত এচলু পানী অনা নিয়ম৷[1] তেনে কৰিবলৈ নৈ বা পুখুৰীৰ পাৰত সুৱাগুৰি তোলা হয়৷ মুখত পানী লৈ অহা কইনা বা দৰাৰ মাকক অতীষ্ঠ কৰিবলৈ তেওঁক উদ্দেশ্যি নানা অশ্লীল ইংগিতধৰ্মী জোৰা নাম গোৱা দেখা যায়৷ সুৱাগুৰি তোলা সময়ত গোৱা এটি গীতৰ এটা অংশ:-

“হাত জোৰ কৰি জলে নামিলন্ত
উৰুলি মণ্ডল কৰি
পাৰতে খান্দিছে ধৰমৰে দৌল
দৰা-কইনাৰ নাম ধৰি৷[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 বৰা, ড° ভদ্ৰ কান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৩০. ISBN 978-81-928310-0-8. 
  2. বৰদলৈ, নিৰ্মলপ্ৰভা (২০০৪). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২৮.