সমললৈ যাওক

সোণালী বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোণালী বসু

বসু, ২০১৫ চন
জন্ম ০৩ জুন, ১৯৬৫ (৬১ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
শিক্ষা লৰেন্স স্কুল, ছানৱাৰ
শিক্ষানুষ্ঠান
  • মিৰাণ্ডা হাউছ
  • কলম্বিয়া বিশ্ববিদ্যালয়
পেচা চলচ্চিত্ৰ নিৰ্মাতা, লেখক
সক্ৰিয় হৈ থকা সময় ১৯৯২-বৰ্তমানলৈ
দাম্পত্যসঙ্গী বেদব্ৰত পাইন (বি. ২০২৬)
সন্তান

সোণালী বসু (ইংৰাজী: Shonali Bose; জন্ম: ৩ জুন ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক। ২০০৫ চনত চলচ্চিত্ৰ পৰিচালনাত আত্মপ্ৰকাশ কৰা বসুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ব্ৰীজষ্টোন নেৰেটিভ বঁটা, চানডান্স মহিন্দ্ৰা গ্ল'বেল ফিল্মমেকাৰ বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে।

বসুৱে তেওঁৰ একে নামৰ আধাৰত পৰিচালনা কৰা প্ৰথমখন জীৱনীমূলক ছবি অমুৰ জৰিয়তে নিজকে এগৰাকী সফল পৰিচালক ৰূপে সাব্যস্ত কৰে। ১৯৮৪ চনত দিল্লীত শিখসকলৰ ওপৰত হোৱা আক্ৰমণৰ কাহিনী বৰ্ণিত হোৱা ছবিখনে সমালোচকৰ প্ৰশংসা আৰু ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰে। ইয়াৰ পিছত বসুৱে ২০১২ চনৰ যুদ্ধ বিষয়ক ছবি চিটাগঙৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে, যিখন ছবিৰ তেওঁ সহ-লেখকো আছিল।

মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ (২০১৫) আৰু দ্য স্কাই ইজ পিংক (২০১৯) ছবি দুখনৰ সমালোচনাত্মক আৰু বাণিজ্যিক সফলতাৰ পিছত বসুৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে মৰ্যাদা বৃদ্ধি পায়। সম্বন্ধীয় ভগ্নী তথা বিশেষভাবে সক্ষমসকলৰ অধিকাৰৰ হকে যুঁজ দিয়া মালিনী চিবৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা মাৰ্গাৰিটা উইথ এ ষ্ট্ৰই চানজান্স মহিন্দ্ৰা গ্ল’বেল ফিল্মমেকাৰ বঁটা আৰু NETPAC বঁটা লাভ কৰে।

বসুৱে বিভিন্ন দাতব্য সংস্থাক সহায় কৰে। চলচ্চিত্ৰ নিৰ্মাতা বেদব্ৰতা পাইনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও পুত্ৰৰ মৃত্যুৰ পিছত তেওঁলোকৰ বিবাহবিচ্ছেদ হয়।[1][2] বসুক এগৰাকী উভকামী ব্যক্তি হিচাপে চিহ্নিত কৰা হৈছে।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬৫ চনৰ ৩ জুনত পশ্চিম বংগকলিকতাত জন্মগ্ৰহণ কৰা সোণালী বসুৱে জীৱনৰ বেছিভাগ সময় মুম্বাই আৰু নতুন দিল্লীত কটায়। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক আৰু নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বসুৱে স্কুল আৰু কলেজীয়া জীৱনত থিয়েটাৰৰ লগত জড়িত হৈ আছিল। তেওঁৰ চলচ্চিত্ৰ সম্পৰ্কীয় সক্ৰিয়তাৰ বিষয়ে কয়, “চলচ্চিত্ৰ মাধ্যমটোৰ সহায়ত মই সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বিষয়ে থকা ধাৰণাসমূহ সৈতে সংযোগ কৰিব বিচাৰো।”[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বসুৱে প্ৰায় এবছৰ ধৰি নেচনেল লয়াৰ্ছ গিল্ডৰ সংগঠক হিচাপে কাম কৰিছিল। ইউ.চি.এল.এ. স্কুল অফ থিয়েটাৰৰ এম.এফ.এ. ডাইৰেক্টিং প্ৰগ্ৰেমত যোগদান কৰাৰ পূৰ্বে মানহাটানত লাইভ কমিউনিটি টেলিভিছন পৰিচালনা কৰিছিল। কেৰিয়াৰৰ আৰম্ভণিতে বসুৱে দ্য জেণ্ডাৰম ইজ হিয়েৰ এণ্ড আনডকুমেণ্টেড, আৰু পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ লিফটিং দ্য ভেইল আদি পৰিচালনা কৰিছিল, যিবোৰ প্ৰডাকচন বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।

২০০৫ চনত বসুৱে প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ অমু নিৰ্মাণ কৰে। তেওঁ ইয়াৰ চিত্ৰনাট্যও লিখিছিল।[5][6] জানুৱাৰী মাহত ভাৰতত মুক্তি পোৱা ছবিখনে সমালোচকৰ প্ৰশংসা আৰু দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰে। অমু বাৰ্লিন আৰু টৰেন্টোৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। বসুৱে ছবিখনৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে, য'ত আছে ‘FIPRESCI ক্ৰিটিক এৱাৰ্ড’, ‘ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ আৰু ‘প্ৰথম ছবিৰ শ্ৰেষ্ঠ পৰিচালকৰ গোলাপুড়ী শ্ৰীনিবাস বঁটা’।[7] বসুৱে ছবিখনৰ মুক্তিৰ সময়তে ইয়াৰ চিত্ৰনাট্যৰ আধাৰত ৰচিত অমু নামৰ উপন্যাসখনো প্ৰকাশ কৰি উলিয়ায়।[8][9]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. IIT Foundation (22 July 2007). "IIT Foundation [ "AMU", an award winning film by a KGP Alumnus — Releasing in San Francisco ]". Iitfoundation.org. http://www.iitfoundation.org/?p=127 আহৰণ কৰা হৈছে: 8 October 2012.
  2. "NRIs lose case against US firm on son's death". News18. 3 September 2012. https://www.news18.com/news/india/nris-lose-case-against-us-firm-on-sons-death-504104.html আহৰণ কৰা হৈছে: 4 May 2020.
  3. "Bisexual director Shonali Bose on her revolutionary queer film "Margarita, with a Straw" – AfterEllen" (en-US ভাষাত). AfterEllen. 10 March 2016. http://www.afterellen.com/movies/478147-bisexual-director-shonali-bose-revolutionary-queer-film-margarita-straw.
  4. "Shonali Bose: Activism, with a Film". The Vilcek Foundation. http://www.vilcek.org/news/current-news/past-news/2015-new-american-filmmakers-shonali-bose.html আহৰণ কৰা হৈছে: 17 February 2019.
  5. "'Amu', a film by Shonali Bose". Institute of Race Relations. Archived from the original on 15 November 2009. https://web.archive.org/web/20091115061900/http://www.irr.org.uk/2009/november/ha000028.html আহৰণ কৰা হৈছে: 3 July 2011.
  6. "Amu (2005) – Release Info". IMDB. https://www.imdb.com/title/tt0414713/releaseinfo আহৰণ কৰা হৈছে: 3 July 2011.
  7. "FIPRESCI – festival awards 2005". FIPRESCI. http://www.fipresci.org/awards/2005 আহৰণ কৰা হৈছে: 3 July 2011.
  8. Bose, Shonali (2004). Amu : a novel. প্ৰকাশক New Delhi: Penguin Books. ISBN 0-14-303232-1.
  9. "Indo-American Arts council, Inc.". Indo-American Arts council. http://www.iaac.us/amu/amupress.htm আহৰণ কৰা হৈছে: 3 July 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]