সমললৈ যাওক

সোনা চৰাইপোত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোনা চৰাইপোত্ৰা
শিক্ষা সাংবাদিকতা আৰু এমেৰিকান ষ্টাডিজত স্নাতক, সৃজনীশীল সাহিত্যত এম এফ এ, নাটকীয় লিখনি আৰু দক্ষিণ এছিয়াৰ প্ৰবাসী অধ্যয়নত স্নাতকোত্তৰ
মাতৃশিক্ষায়তন দ্যা নিউ স্কুল, ৰাটগাৰ্ছ বিশ্ববিদ্যালয়, এন.ৱাই.ইউ.
উল্লেখনীয় কৰ্মৰাজি টাইনি প্ৰীতি থিংচ্‌
ৱেবছাইট sonacharaipotra.com

সোনা চৰাইপোত্ৰা (ইংৰাজী: Sona Charaipotra)এগৰাকী ভাৰতীয়-এমেৰিকান কল্পকাহিনী লেখক আৰু মনোৰঞ্জন আৰু জীৱনশৈলী বিষয়ক সাংবাদিক। ‘পেৰেড ডট কম’(Parade.com) ত লিখা তেওঁৰ ‘ৱাই এ’ শৃংখলা টাইনি প্ৰীতি থিংচ্‌ৰ বাবে তেওঁক ঘাইকৈ জনা যায়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

চৰাইপোত্ৰা হৈছে ভাৰতীয়-এমেৰিকান দুগৰাকী শিশু বিশেষজ্ঞ পিতৃ-মাতৃৰ সন্তান।[1] পৰিয়ালে আশা কৰিছিল সোনা এগৰাকী চিকিৎসক হ’ব। কিন্তু সোনাই এগৰাকী লেখক হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ দুগৰাকী ভাই-ভণী আছে।[2]

চৰাইপোত্ৰাই ‘সাংবাদিকতা’ আৰু ‘এমেৰিকান ষ্টাডিজ’ এই দুয়োটা বিষয়তে সন্মান সহ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ২০০৬ চনত এন.ৱাই.ইউ.ৰ পৰা নাটকীয় লিখনি (dramatic writing) আৰু দক্ষিণ এছীয় প্ৰবাসী অধ্যয়ন (South Asian diaspora studies)ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। ২০১২ চনত, চৰাইপোত্ৰাই ‘দ্যা নিউ স্কুল’ৰ পৰা এম এফ এ ডিগ্ৰী লাভ কৰে, য'ত তেওঁ ‘ৰাইটিং ফৰ চিল্ড্ৰেন’ কাৰ্যসূচীত সৃজনীশীল সাহিত্য অধ্যয়ন কৰিছিল।[3][4]

সোনা দুটি সন্তানৰ মাতৃ।

কৰ্মজীৱন

[সম্পাদনা কৰক]

উপন্যাস লিখাৰ উপৰিও, তেওঁ এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু ‘দ্যা নিউয়ৰ্ক টাইমছ’[5], ‘কস্ম’পলিটান’[6], বাচল ডট কম[7], ‘পেৰেড ডট কম’, টিন ভ’গ, ভালচাৰ ডট কম[8] আৰু অন্যান্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ দৰে মনোৰঞ্জন ক্ষেত্ৰৰ সম্পাদক। চৰাইপোত্ৰাই ‘পিপল’ (আলোচনী)ৰ এজন চেলিব্ৰিটি সাংবাদিক হিচাপে সুনাম অৰ্জন কৰিছিল আৰু বৰ্তমানে নিষ্ক্ৰিয় হৈ পৰা ‘টিনপিপল’ আলোচনীৰ সম্পাদক আছিল। [9] তেওঁ লগতে ‘হোৱাট টু এক্সপেক্ট ডট কম’ আৰু ‘দ্যা বাম্প ডট কম’ৰ দৰে সন্তান প্ৰতিপালন সম্পৰ্কীয় প্ৰকাশন আৰু ‘দ্যা বাৰ্ণজ’ আৰু ‘ন’বল টিন ব্লগ’ৰো সম্পাদক।[10]

২০১৩ চনত, চৰাইপোত্ৰাই তেওঁৰ টাইনি প্ৰীতি থিংচ্‌ শৃংখলাৰ সহযোগী ধ’নিয়েল ক্লেটনৰ সৈতে ‘কেক লিটাৰেৰী’[11] নামৰ এটি বৈচিত্ৰপূৰ্ণ বুটিক বুক ডেভেলপমেণ্ট কোম্পেনী প্ৰতিষ্ঠা কৰিছিল। [12][13] ‘দ্যা নিউ স্কুল’ত ‘এম এফ এ’ অধ্যয়নৰ প্ৰথমাৱস্থাতে দুয়োগৰাকী বন্ধুৱে ইগৰাকীক সিগৰাকীয়ে লগ পাইছিল আৰু দুয়ো এই অনুভৱেৰে বান্ধ খাইছিল যে, তেওঁলোক শিশু আৰু ‘ৱাই এ বুক’- এইবোৰক প্ৰতিনিধিত্ব নকৰি ইয়াৰ পৰিৱৰ্তন বিচাৰিছিল। তেওঁলোকে এই বিশ্বাসৰ ভিত্তিত ‘কেক লিটাৰেৰী’ প্ৰতিষ্ঠা কৰিছিল যে সমৃদ্ধ আৰু বৈচিত্ৰতাৰে পৰিপূৰ্ণ লেখাসমূহ, যি এতিয়াও অনিবাৰ্যভাৱে পঠনীয়, −সেয়া পঢ়ুৱৈলৈ আগবঢ়াই দিয়াটো সম্ভৱ। এই কোম্পানীটোৱে মধ্যম বৰ্গীয়, ৱাই এ আৰু মহিলাৰ কল্প-কাহিনীসমূহৰ পঠন যোগ্যতা আৰু উচ্চ-ধাৰণা বিকাশত মনোনিৱেশ কৰে।[13]

চৰাইপোত্ৰা নীড ডাইভাৰ্চ বুকচ্‌ (বৈচিত্ৰময় কিতাপৰ অন্বেষণ)ৰ দলীয় সদস্য, যিটো কিতাপ প্ৰকাশনত বৈচিত্ৰ্য় বৃদ্ধিৰ দিশত মনোনিৱেশ কৰা এটা অলাভজনক সংস্থা।[14] তেওঁ এগৰাকী ক্ৰীণ ৰাইটাৰো, যাৰ প্ৰকল্পসমূহ এম টি ভি ফিল্মছে কাৰ্যৰূপ দিয়ে।[15]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  1. টাইনি প্ৰীতি থিংচ্‌ শৃংখলা, ধ’নিয়েল ক্লেটনৰ সৈতে যুটীয়াভাৱে।
  2. টাইনি প্ৰীতি থিংচ্‌ (হাৰ্পাৰটিন, ২০১৫)
  3. চাইনি ব্ৰ’কেন পিচেচ (হাৰ্পাৰটিন, ২০১৬)
  4. চিমটম্‌চ অৱ হাৰ্ট্ব্ৰেক (মেকমিলন পাব্লিচাৰচ্‌, ইমপ্ৰিণ্ট, ২০১৯)
  5. হাও মায়া গট ফিয়েৰ্চ্‌ (মেকমিলন পাব্লিচাৰচ্‌, ইমপ্ৰিণ্ট, ২০২১)

চুটি-গল্প

[সম্পাদনা কৰক]
  1. গুড গাৰ্লচ্‌ মেৰি ডক্টৰচ্‌ (২০১৬)
  2. আ থাউজেণ্ড বিগিনিংচ্‌ এণ্ড এণ্ডিংচ্‌ (২০১৮)
  3. আৱাৰ ষ্ট'ৰিজ, আৱাৰ ভয়চেজ (২০১৮)
  4. কম অন ইন (২০২০)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Episode 6: Interview with Cake Literary" (en ভাষাত). Minorities in Publishing. Archived from the original on 2019-04-01. https://web.archive.org/web/20190401013658/http://minoritiesinpublishing.tumblr.com/post/101928063072/episode-6-interview-with-cake-literary আহৰণ কৰা হৈছে: 2019-04-01.
  2. "Sona Charaipotra previews tender solo debut 'Symptoms of a Heartbreak'" (en ভাষাত). EW.com. https://ew.com/books/2018/08/09/symptoms-of-a-heartbreak-preview/ আহৰণ কৰা হৈছে: 2019-04-01.
  3. Diaz, Shelley (2015-05-26). "Ballerinas Behaving Badly: Sona Charaipotra and Dhonielle Clayton on "Tiny Pretty Things"". School Library Journal. https://www.slj.com/?detailStory=ballerinas-behaving-badly-sona-charaipotra-and-dhonielle-clayton-on-tiny-pretty-things আহৰণ কৰা হৈছে: 2019-04-01.
  4. Crew, The PubCrawl (2016-07-11). "GUEST POST: Sona Charaipotra on Writing Collaboration" (en-US ভাষাত). Pub(lishing) Crawl. Archived from the original on 2019-04-01. https://web.archive.org/web/20190401013657/http://www.publishingcrawl.com/2016/07/11/guest-post-sona-charaipotra-on-writing-collaboration/ আহৰণ কৰা হৈছে: 2019-04-01.
  5. Charaipotra, Sona (2008-11-14). "Home by Daybreak" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2008/11/16/fashion/16nite.html.
  6. Charaipotra, Sona. "Sona Charaipotra" (en-US ভাষাত). Cosmopolitan. https://www.cosmopolitan.com/author/1151/sona-charaipotra/ আহৰণ কৰা হৈছে: 2020-09-01.
  7. "Sona Charaipotra" (en ভাষাত). Bustle. Archived from the original on 2021-01-18. https://web.archive.org/web/20210118235850/https://www.bustle.com/profile/sona-charaipotra-1911997 আহৰণ কৰা হৈছে: 2020-09-01.
  8. "Interview with Sona Charaipotra". Goodreads. https://www.goodreads.com/book_news_posts/153-interview-with-sona-charaipotra আহৰণ কৰা হৈছে: 2019-04-01.
  9. Crew, The PubCrawl (2016-08-15). "Introducing Sona Charaipotra!" (en-US ভাষাত). Pub(lishing) Crawl. Archived from the original on 2019-04-01. https://web.archive.org/web/20190401022215/http://www.publishingcrawl.com/2016/08/15/introducing-sona-charaipotra/ আহৰণ কৰা হৈছে: 2019-04-01.
  10. "About" (en-US ভাষাত). Sona Charaipotra. 2019-08-26. http://sonacharaipotra.com/about/ আহৰণ কৰা হৈছে: 2020-09-01.
  11. "Cake Literary – stories from scratch". cakeliterary.com. https://cakeliterary.com/ আহৰণ কৰা হৈছে: 2020-09-01.
  12. "Four Questions for… Sona Charaipotra and Dhonielle Clayton". Publishers Weekly. 2015-05-27. https://www.publishersweekly.com/pw/by-topic/childrens/childrens-authors/article/66795-four-questions-for-sona-charaipotra-and-dhonielle-clayton.html আহৰণ কৰা হৈছে: 2019-04-01.
  13. 1 2 "CAKE literary — stories from scratch". www.cakeliterary.com. http://www.cakeliterary.com/ আহৰণ কৰা হৈছে: 2019-04-06.
  14. "About WNDB" (en-US ভাষাত). We Need Diverse Books. 2017-04-28. Archived from the original on 2018-11-25. https://web.archive.org/web/20181125182454/https://diversebooks.org/about-wndb/ আহৰণ কৰা হৈছে: 2019-11-06.
  15. "Projects | Sona Charaipotra" (en-US ভাষাত). Archived from the original on 2019-09-10. https://web.archive.org/web/20190910111724/http://sonacharaipotra.com/projects/ আহৰণ কৰা হৈছে: 2019-11-06.