সৌৰ শক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৱীকৰণযোগ্য অন্যতম শক্তি হৈছে সৌৰশক্তি, ইয়াৰ উৎস হৈছে সূৰ্য। সূৰ্যৰ দ্বাৰা বিকিৰণ হোৱা ফ’টন কণাক (UV) সৌৰকোষ নামৰ আৰ্হিৰ দ্বাৰা আবদ্ব কৰি নিৰ্দিষ্ট পদ্বতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়। এই পদ্বতিক বৰ্তমান বহুলভাবে solar pv, Solar heating, solar thermal plants, solar architecture, artificial photosynthesis ইত্যাদি বিবিধ ক্ৰিয়াত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন সা-সজুঁলিও এই পদ্বতিৰে প্ৰস্তুত কৰা হয়,যেনে সৌৰকুকাৰ, সৌৰচাকি, সৌৰলেম্প, সৌৰঘড়ী, সৌৰ এয়াৰ-কণ্ডিছনাৰ,সৌৰফেন,সৌৰগাড়ী,সৌৰ-চাৰ্জাৰ,সৌৰ-ষ্টিটলাইট,সৌৰফীৰ্জ ইত্যাদি। বৰ্তমান কালত,সৌৰশক্তিৰ চাহিদা তথা ব্যৱহাৰ বিশ্বজুৰি দ্ৰুতগতিত বৃদ্বি পাইছে; আমেৰিকা যুক্তৰাষ্টই সৌৰশক্তিৰ পৰা বিদ্যুত উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে প্ৰথম স্থানত আছে। ২০১৩ৰ ভিতৰত আমেৰিকাত ১০ গিগাৱাটৰ ফ’ট’ভেলেটিক তথা 0.৫GW ৰ বহুতো পাৱাৰ প্লেন্ত স্থাপন কৰা হয়। জাপানেও ১৯৯০ ৰ পিছৰ পৰা সৌৰশক্তিৰ ক্ষেত্ৰত যথেষ্ট উদগতি লভিছে। সৌৰশক্তিৰ ক্ষেত্ৰত দেশখন বিশ্বজুৰি তৃতীয় স্থানত আছে; তেওঁলোকৰ সৌৰশক্তিৰ প্ৰযুক্তিৰ দুটা ভাগ হ’ল photovoltaic system আৰু concentrated solar power।

২০০৬ বৰ্ষত Rural Electrification program ৰ দ্বাৰা সৌৰশক্তিৰ প্ৰয়োজনীয়তাক আয়ত্ত কৰি ভালেমান পদক্ষেপ লোৱা হয়। ইতিমধ্যে সৌৰশক্তিৰ উৎপাদন তথা গৱেষণাৰ বাৱে ভাৰততো যথেষ্ট পৰিমাণে অনুষ্ঠান গঢ়ি উঠিছে। গুজৰাটে সৌৰশক্তিৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছে। ভাৰতৰ বহুতো পিছপৰা গাওঁক সৌৰ-বিদ্যুৰ দ্বাৰা আলোকিত কৰিবলৈ পদক্ষেপ লোৱা হৈছে National Solar Mission ৰ তত্ত্বাবধানত। সৌৰশক্তিত চহকী ভাৰতৰ অন্যতম অঞ্চলবোৰ হ’ল ৰাজস্থান, গুজৰাট, কৰ্ণাটক, কেৰালা, উত্তৰপ্ৰদেশ ইত্যাদি।

ছ’লাৰ কুকিং আৰু সৌৰকুকাৰ[সম্পাদনা কৰক]

সৌৰ বা ছ’লাৰ কুকাৰ সমূহে প্ৰত্যক্ষভাবে সূৰ্যৰ তাপৰ সহায়ত ৰন্ধন কাৰ্য সম্পন্ন কৰে, নিৰ্মাণ অনুযায়ী বক্স-কুকাৰ,পেনেল-কুকাৰ আৰু প্ৰতিসৰিত –কুকাৰ আদি বিভিন্ন প্ৰকাৰেৰে ভাগ কৰিব পাৰি। কুকাৰসমূহ অপৰিবাহী পদাৰ্থৰে নিৰ্মাণ কৰা হয় লগতেই ট্ৰাৰ্নছপেৰেণ্ট পদাৰ্থ ব্যৱহাৰ কৰা হয়। সৌৰকুকাৰ সৰ্বপ্ৰথমে Horace de Saussure এ ১৭৬৭ খীষ্টাব্দত নিৰ্মাণ কৰি উলিয়ায়।

বিল্ডিং হিটিং আৰু সৌৰগৃহ[সম্পাদনা কৰক]

সৌৰগৃহ হৈছে এক ধৰণৰ গৃহ,যাক নিদিষ্টধৰণেৰে নিৰ্মাণ কৰা হয় যাতে ই সৌৰশক্তি শোষণ কৰি ভিন্ন ভিন্ন কাৰ্যত প্ৰয়োজনীয় তাপ উৎপন্ন কৰিব পাৰে, এনে গৃহসমূহত তাপ পৰিবাহী সৰঞ্জামৰ সন্মুখত বিশিষ্ট বৰ্গৰ গ্লাছ ব্যৱহাৰ কৰা হয়। বিল্ডিং হিটিংৰ বাৱে ঘৰৰ চালত সংগ্ৰাহক সমূহ স্থাপন কৰা হয়, এই সংগ্ৰাহক সমূহৰ বহিকক্ষবোৰ অপৰিবাহী পদাৰ্থেৰে নিৰ্মিত তথা তাপ শোষণৰ বাবে ধাতুৰ একোখনকৈ প্লেট থাকে। ইহঁতে সূৰ্যৰ প্ৰখৰ তাপক শোষণ কৰে।