স্কিজ'ফ্ৰেনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্কিজ'ফ্ৰেনিয়া (ইংৰাজী: Schizophrenia) এক মানসিক ৰোগ যাৰ বৈশিষ্ট্য হৈছে সঘনাই বা একেৰাহে চাইক'চিছ হোৱা ।[1] প্ৰধান লক্ষণসমূহ হ’ল ভ্ৰম (সাধাৰণতে এনে মাত শুনা যি প্ৰকৃততে নাই), অস্বাভাৱিক বিশ্বাস আৰু অসংগঠিত চিন্তাধাৰা। আন লক্ষণসমূহ হ’ল সামাজিকভাৱে আঁতৰি যোৱা, আৰু আবেগহীন হোৱা।[2] সাধাৰণতে লক্ষণসমূহ ক্ৰমান্বয়ে দেখা দিয়ে, ডেকা প্ৰাপ্তবয়স্ক কালৰ পৰা আৰম্ভ হয় আৰু বহু ক্ষেত্ৰত কেতিয়াও সমাধান নহয়।[3][4] স্কিজ'ফ্ৰেনিয়া থকা বহুলোকৰ অন্যান্য বিকাৰ থকাও দেখা যায়, যেনে, নিচা যুক্ত দ্ৰব্য সেৱন, হতাশাজনক বিকাৰ, উদ্বেগজনক বিকাৰ, আৰু অ'চিডি (অব্ছেছিভ–কম্পলচিভ ডিছঅৰ্ডাৰ)। [4]স্কিজ'ফ্ৰেনিয়াত আক্ৰান্ত হোৱা লোকসকলৰ প্ৰায় আধাৰ দীৰ্ঘম্যাদী সময়ত এক গুৰুত্বপূৰ্ণ উন্নতি হ'ব পাৰে আৰু পুনৰাবৃত্তি নহ'বও পাৰে, আৰু ইয়াৰ এক সৰু অংশ সম্পূৰ্ণৰূপে আৰোগ্য হ'ব।[4] বাকী অৰ্ধাংশৰ জীৱনজোৰা বিকাৰ থাকি যাব পাৰে।[5] গুৰুতৰ ক্ষেত্ৰত, ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ব পাৰে।

কাৰণসমূহ[সম্পাদনা কৰক]

এই বিকাৰ প্ৰায় ০.৫–১.০% জনসংখ্যাৰ জীৱনকালত ধৰা পৰে।[6] আন এটা সূত্ৰৰ মতে, প্ৰায় ০.৩%ৰ পৰা ০.৭% লোকৰ জীৱনকালত স্কিজ'ফ্ৰেনিয়া ধৰা পৰে।[7] ২০১৭ চনত আনুমানিকভাৱে ১১ লাখ নতুন ৰোগী আৰু ২০২২ চনত বিশ্বজুৰি মুঠ ২৪ নিযুত আক্ৰান্ত হৈছে।[8][9] পুৰুষসকল বেছিকৈ আক্ৰান্ত হয় আৰু গড়ে ইয়াৰ আৰম্ভণি আগতেই হয়।[8] স্কিজ'ফ্ৰেনিয়াৰ কাৰণসমূহৰ ভিতৰত জিন আৰু পৰিৱেশগত কাৰকসমূহো থাকিব পাৰে।[10] জিনীয় কাৰকসমূহৰ ভিতৰত বিভিন্ন সাধাৰণ আৰু বিৰল জিনৰ ভিন্নতা অন্তৰ্ভুক্ত।[11] সম্ভাৱ্য পৰিৱেশৰ কাৰকসমূহৰ ভিতৰত ডাঙৰ-দীঘল হোৱা, শৈশৱৰ প্ৰতিকূলতা, কৈশোৰ কালত ভাং সেৱন, সংক্ৰমণ, গৰ্ভাৱস্থাত ব্যক্তিৰমাতৃৰ বয়স, আৰু গৰ্ভাৱস্থাত মাতৃৰ দুৰ্বল পুষ্টি আদি।[12] [13]

লক্ষণ[সম্পাদনা কৰক]

মাই আইজ এট দা মোমেণ্ট অফ দ্য এপাৰিচনছ,জাৰ্মান শিল্পী আগষ্ট নেটাৰৰ দ্বাৰা অংকিত, যাৰ স্কিজোফ্ৰেনিয়া আছিল

ইয়াৰ লক্ষণবোৰৰ ভিতৰত আছে ভ্ৰম (সাধাৰণতে মাত শুনা), উদ্ভট চিন্তা, অলিক কিবা দেখা, অসঙ্গতিপূৰ্ণ কথাবাৰ্তা, আৰু আনে শুনিব নোৱাৰা কথাবোৰ শুনা।[14] এই ৰোগত আক্ৰান্ত ব্যক্তি এজনে সামাজিক বা কৰ্মস্থানৰ অক্ষমতাজনিত অসুবিধাৰ সম্মুখীন হয়।[15]

ইতিবাচক লক্ষণ[সম্পাদনা কৰক]

ইতিবাচক লক্ষণ হ’ল সেইবোৰ লক্ষণ যিবোৰ সাধাৰণতে অনুভৱ কৰা নহয়, কিন্তু স্কিজ’ফ্ৰেনিয়াৰ মানসিক ৰোগৰ সময়ত মানুহৰ ক্ষেত্ৰত দেখা যায়। [16] ইয়াৰ ভিতৰত মোহ, ভ্ৰম আৰু অসংগঠিত চিন্তা আৰু বাক্য আদি অন্তৰ্ভুক্ত, যিবোৰ সাধাৰণতে মনোৰোগৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়। স্কিজোফ্ৰেনিয়া থকা লোকৰ 80% লোকৰ জীৱনকালৰ কোনো সময়ত ভ্ৰম হয় আৰু সচৰাচৰ শ্ৰৱণশক্তি (প্ৰায়ে কণ্ঠস্বৰ শুনা) অন্তৰ্ভুক্ত থাকে কিন্তু কেতিয়াবা সোৱাদ, দৃষ্টিশক্তি, গোন্ধ আৰু স্পৰ্শৰ আন যিকোনো অনুভূতি অন্তৰ্ভুক্ত থাকিব পাৰে।[17] একাধিক ইন্দ্ৰিয়ৰ সৈতে জড়িত ভ্ৰমৰ সঘনতা কেৱল এটা ইন্দ্ৰিয়ৰ সৈতে জড়িত ভ্ৰমৰ হাৰৰ দুগুণ।[18] ভ্ৰম বা ভ্ৰান্তিবোৰ উদ্ভট বা অত্যাচাৰ প্ৰকৃতিৰ হয়। কেতিয়াবা আত্ম-অভিজ্ঞতাৰ বিকৃত ৰুপ হʼব পাৰে। এনে অনুভৱ যেনে নিজৰ চিন্তা বা অনুভূতিবোৰ প্ৰকৃততে নিজৰ নহয়,যেন চিন্তাবোৰ নিজৰ মনত সোমাই দিয়া হৈছে।[19]

নেতিবাচক লক্ষণ[সম্পাদনা কৰক]

নেতিবাচক লক্ষণবোৰ হৈছে মূলতঃ স্বাভাৱিক আৱেগিক সঁহাৰিৰ অনুপস্থিতি, বা অন্যান্য চিন্তা প্ৰক্ৰিয়াৰ অনুপস্থিতি। নেতিবাচক লক্ষণবোৰৰ পাঁচটা স্বীকৃত ডমেইন হৈছে: সামান্য আৱেগ দেখুওৱা; এলোজিয়া – বাক-দৰিদ্ৰতা; আনহেডোনিয়া – আনন্দ অনুভৱ কৰিবলৈ অক্ষম; অসামাজিকতা – সম্পৰ্ক গঠন কৰাৰ ইচ্ছাৰ অভাৱ, আৰু পৰিহাৰ – প্ৰেৰণা অভাৱ আৰু উদাসীনতা।[20][21]

জ্ঞানশক্তিৰ লক্ষণসমূহ[সম্পাদনা কৰক]

স্কিজোফ্ৰেনিয়া থকা ৰোগীৰ মগজুৰ স্নায়ু কলাত প্ৰভাৱৰ মানচিত্ৰ। আটাইতকৈ অভাৱপূৰ্ণ এলেকাবোৰ গাঢ় গুলপীয়া ৰঙৰ হয়, আনহাতে আটাইতকৈ কম প্ৰভাৱ পৰা এলেকাবোৰ নীলা ৰঙৰ হয়।

আনুমানিকভাৱে স্কিজ’ফ্ৰেনিয়া ৰোগীৰ ৭০% লোকৰ জ্ঞানশক্তিৰ মন্থৰতা দেখা যায়, আৰু এইবোৰ আগতীয়া আৰু পলমকৈ আৰম্ভ হোৱা ৰোগত বেছিকৈ দেখা যায়।[22] [23] এইবোৰ প্ৰায়ে প্ৰড্ৰোমেল পৰ্যায়ত ৰোগ আৰম্ভ হোৱাৰ বহু আগতে স্পষ্ট হয়, আৰু কৈশোৰৰ আৰম্ভণিতে, বা শৈশৱত দেখা দিব পাৰে।[24][25] প্ৰথম এপিচ’ড চাইক’ছিছত বেছি বেয়া হৈ পৰে কিন্তু তাৰ পিছত ভিত্তি স্তৰলৈ ঘূৰি আহে, আৰু ৰোগৰ সময়ছোৱাত মোটামুটি সুস্থিৰ হৈ থাকে।[26]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ["Schizophrenia Fact sheet N°397।" World Health Organization. https://web.archive.org/web/20161018051507/http://www.who.int/mediacentre/factsheets/fs397/en/
  2. Diagnostic and Statistical Manual of Mental Disorders: DSM-5 (5th ed.). Arlington, VA: American Psychiatric Association. 2013. pp. 99–105. ISBN 978-0-89042-555-8
  3. "Schizophrenia". Health topics. US National Institute of Mental Health. April 2022. https://www.nimh.nih.gov/health/topics/schizophrenia/index.shtml। আহৰণ কৰা হৈছে: 22 August 2022. 
  4. 4.0 4.1 4.2 Diagnostic and Statistical Manual of Mental Disorders: DSM-5 (5th সম্পাদনা). প্ৰকাশক Arlington, VA: American Psychiatric Association. 2013. পৃষ্ঠা. 99–105. ISBN 978-0-89042-555-8. 
  5. "Chapter 48: Schizophrenia and Other Psychoses". Psychiatry (fourth সম্পাদনা). John Wiley & Sons, Ltd.. 2015. পৃষ্ঠা. 798, 816, 819. doi:10.1002/9781118753378.ch48. ISBN 978-1-118-84547-9. 
  6. Van Os, J., Kenis, G., & Rutten, B. P. (2010). The environment and schizophrenia. Nature, 468(7321), 203-212.
  7. "Balancing therapeutic safety and efficacy to improve clinical and economic outcomes in schizophrenia: a clinical overview". The American Journal of Managed Care খণ্ড 20 (8 Suppl): S160-165. June 2014. PMID 25180705. 
  8. 8.0 8.1 "Schizophrenia Fact sheet". World Health Organization. 10 January 2022. https://www.who.int/news-room/fact-sheets/detail/schizophrenia। আহৰণ কৰা হৈছে: 23 August 2022. 
  9. "Global, regional, and national incidence, prevalence, and years lived with disability for 354 diseases and injuries for 195 countries and territories, 1990–2017: a systematic analysis for the Global Burden of Disease Study 2017". The Lancet খণ্ড 392 (10159): 1789–1858. November 2018. doi:10.1016/S0140-6736(18)32279-7. PMID 30496104. 
  10. Owen MJ, Sawa A, Mortensen PB (July 2016). "Schizophrenia". The Lancet. 388 (10039): 86–97. doi:10.1016/S0140-6736(15)01121-6. PMC 4940219. PMID 26777917.
  11. "Genetics of Schizophrenia: Historical Insights and Prevailing Evidence". Advances in Genetics খণ্ড 96: 99–141. 2016. doi:10.1016/bs.adgen.2016.08.001. PMID 27968732. 
  12. "Cities and mental health". Deutsches Ärzteblatt International খণ্ড 114 (8): 121–127. February 2017. doi:10.3238/arztebl.2017.0121. PMID 28302261. 
  13. "Cannabis and psychosis: have we found the missing links?". Asian Journal of Psychiatry খণ্ড 6 (4): 281–287. August 2013. doi:10.1016/j.ajp.2013.03.012. PMID 23810133. "Cannabis acts as a component cause of psychosis, that is, it increases the risk of psychosis in people with certain genetic or environmental vulnerabilities, though by itself, it is neither a sufficient nor a necessary cause of psychosis.". 
  14. Tandon, R., Gaebel, W., Barch, D. M., Bustillo, J., Gur, R. E., Heckers, S., ... & Carpenter, W. (2013). Definition and description of schizophrenia in the DSM-5. Schizophrenia research, 150(1), 3-10.
  15. Schizophrenia, National Institute of Mental https://web.archive.org/web/20161125145206/https://www.nimh.nih.gov/health/topics/schizophrenia/index.shtml
  16. RAISE Questions and Answers". US National Institute of Mental Health. Retrieved 29 December 2019.
  17. Császár N, Kapócs G, Bókkon I (27 May 2019). "A possible key role of vision in the development of schizophrenia". Reviews in the Neurosciences. 30 (4): 359–379. doi:10.1515/revneuro-2018-0022. PMID 30244235. S2CID 52813070.
  18. "A Review of Multimodal Hallucinations: Categorization, Assessment, Theoretical Perspectives, and Clinical Recommendations". Schizophr Bull খণ্ড 47 (1): 237–248. January 2021. doi:10.1093/schbul/sbaa101. PMID 32772114. 
  19. Heinz A, Voss M, Lawrie SM, et al. (September 2016). "Shall we really say goodbye to first rank symptoms?". European Psychiatry. 37: 8–13. doi:10.1016/j.eurpsy.2016.04.010. PMID 27429167. S2CID 13761854
  20. "[Negative Symptoms: Clinical and Psychometric Aspects]". L'Encephale খণ্ড 41 (6 Suppl 1): 6S15–17. December 2015. doi:10.1016/S0013-7006(16)30004-5. PMID 26776385. 
  21. "[Scale for Assessing Negative Symptoms in Schizophrenia: A Systematic Review]". L'Encephale খণ্ড 42 (2): 165–171. April 2016. doi:10.1016/j.encep.2015.12.020. PMID 26923997. 
  22. "Cognitive Functioning in Older Adults With Schizophrenia". Focus (American Psychiatric Publishing) খণ্ড 15 (1): 26–34. January 2017. doi:10.1176/appi.focus.20160032. PMID 31975837. 
  23. "Current understandings about cognition and the neurobiological correlates in schizophrenia". Journal of Neurosciences in Rural Practice খণ্ড 7 (3): 412–418. July 2016. doi:10.4103/0976-3147.176185. PMID 27365960. 
  24. "Longitudinal studies of cognition in first episode psychosis: a systematic review of the literature". The Australian and New Zealand Journal of Psychiatry খণ্ড 45 (2): 93–108. February 2011. doi:10.3109/00048674.2010.541418. PMID 21320033. 
  25. "Is there evidence for late cognitive decline in chronic schizophrenia?". The Psychiatric Quarterly খণ্ড 83 (2): 127–144. June 2012. doi:10.1007/s11126-011-9189-8. PMID 21863346. 
  26. "Recent Advances in the Early Intervention in Schizophrenia: Future Direction from Preclinical Findings". Current Psychiatry Reports খণ্ড 21 (8): 75. 5 July 2019. doi:10.1007/s11920-019-1063-7. PMID 31278495.