স্নায়ুকোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৮৮৯ চনত স্পেনীয় স্নায়ুবিজ্ঞানী ছাণ্টিয়াগ' ৰেমন কাহালে অঁকা পাৰ চৰাইৰ চেৰিবেলামৰ স্নায়ুকোষৰ ৰেখাচিত্ৰ। (A)-এ পাৰ্কিঞ্জে কোষ আৰু (B)-এ গ্ৰে'নুল কোষ বুজাইছে।
এটা সাধাৰণ স্নায়ুকোষৰ গঠন
স্নায়ুকোষ (প্ৰান্তীয় স্নায়ুতন্ত্ৰ)

স্নায়ুকোষ বা নিউৰ'ন (/ˈnjʊərɒn/ nyewr-on বা /ˈnʊərɒn/ newr-on স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। এই জৈৱিক কোষে বৈদ্যুতিক বা ৰাসায়নিক সংকেতৰ মাধ্যমেৰে তথ্য প্ৰেৰণ আৰু আহৰণ কৰে। স্নায়ুকোষবোৰ মাজত ছাইনাপ্স (Synapse) নামৰ বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়। স্নায়ুকোষবোৰ লগ লাগি জৈৱিক স্নায়ৱীয় জালিকা (biological neural network)ৰ সৃষ্টি কৰিব পাৰে। স্নায়ুকোষে গঠন কৰা স্নায়ুতন্ত্ৰৰ ভাগ দুটা- মস্তিষ্ক আৰু স্নায়ুৰজ্জু মিলাই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু গেংলিয়া সন্নিবিষ্ট থকা প্ৰান্তীয় স্নায়ুতন্ত্ৰ। বিশেষ প্ৰকাৰৰ স্নায়ুকোষবোৰ হৈছে: সংবেদী স্নায়ুকোষ (sensory neuron) যিয়ে শৰীৰত জ্ঞানেন্দ্ৰিয় বা সংগ্ৰাহী ইন্দ্ৰিয়বোৰৰ পৰা স্পৰ্শ, শব্দ, পোহৰ আদিৰ স্নায়ুপ্ৰেৰণা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আনে; চালক স্নায়ুকোষ (motor neuron) যিবোৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা সংকেত পেশী, গ্ৰন্থি আদিলৈ আনে আৰু আন্তঃস্নায়ুকোষ (interneuron) যিবোৰে মস্তিষ্ক বা স্নায়ুৰজ্জুৰ একেটা অংশত ভিন ভিন স্নায়ুকোষৰ মাজত সংযোগ স্থাপন কৰে।

এটা সাধাৰণ স্নায়ুকোষ কোষদেহ (cell body বা Soma) আৰু ছাইট'প্লাজমীয় প্ৰৱৰ্দ্ধৰে (cytoplasmic process) গঠিত। স্নায়ুকোষৰ যিটো অংশত কোষকেন্দ্ৰ অৱস্থিত তাক কোষদেহ বোলা হয়। কোষদেহৰ পৰা ওলোৱা অসংখ্য দীঘল বা চুটি শাখাৰ প্ৰৱৰ্দ্ধবোৰক ছাইট'প্লাজমীয় প্ৰৱৰ্দ্ধ বোলা হয়। কোষৰ অবিকাশিত অৱস্থাত এইবোৰক নিউৰাইট বোলা হয়। ডেন্দ্ৰাইট (dendrite) দেহকোষৰ পৰা ওলোৱা মিহি প্ৰৱৰ্দ্ধ যিবোৰ শ শ মাইক্ৰ'মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে কেইবাবাৰো শাখা-প্ৰশাখাত বিভাজিত হৈ জটিল "ডেন্দ্ৰাইটিক বৃক্ষ" (dendritic tree)-ৰ সৃষ্টি কৰিব পাৰে।[1] কোষদেহৰ পৰা ওলোৱা প্ৰৱৰ্দ্ধবিলাকৰ মাজত এডাল আনবোৰতকৈ আপেক্ষিকভাৱে দীঘল। এই প্ৰৱৰ্দ্ধডালক এক্সন (axon) বোলে। কোষদেহৰ সীমাৰ পৰা কিছু আগবাঢ়ি থকা এটা ক্ৰিয়াচূড়া (axon hillock)ৰ পৰা এক্সনৰ উৎপত্তি হয় আৰু মানুহৰ দেহত এক মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। এটা স্নায়ুকোষৰ পৰা কেইবাডালো ডেন্দ্ৰাইটৰ উৎপত্তি হয় কিন্তু এক্সন মাত্ৰ এডালেই থাকে। বেছিভাগ ছাইনাপ্সত সংকেত এটা স্নায়ুকোষৰ এক্সনৰ পৰা আন এটা স্নায়ুকোষৰ ডেন্দ্ৰাইটলৈ যায়। কিন্তু এনে নহ'বও পাৰে: কিছুমান স্নায়ুকোষৰ ডেন্দ্ৰাইট নাথাকে, কিছুমানৰ এক্সন নাথাকে, কিছুমান ছাইনাপ্সত এক্সন-এক্সন বা ডেন্দ্ৰাইট-ডেন্দ্ৰাইটৰ মাজত সংযোগ স্থাপন হ'ব পাৰে ইত্যাদি। স্নায়ুকোষৰ কোষ বিভাজন নঘটে। বেছিভাগ ক্ষেত্ৰত বিশেষ ষ্টে'ম কোষে স্নায়ুকোষৰ জন্ম দিয়ে। এষ্ট্ৰ'ছাইট নামৰ এবিধ গ্লায়েল কোষ ষ্টে'ম কোষৰ মাধ্যেমেৰে স্নায়ুকোষলৈ পৰিৱৰ্তিত হোৱা দেখা গৈছে। বয়স্ক মানুহৰ দেহত স্নায়ুকোষৰ উৎপত্তি প্ৰায় বন্ধ হয়; কিন্তু মস্তিষ্কৰ চাৰিটা অংশত ষ্টে'ম কোষ পোৱা যায় আৰু গতিকে নতুন স্নায়ুকোষৰো উৎপত্তি হ'ব পাৰে। এই অংশকেইটা হৈছে- হিপ্প'কেম্পাছ, অ'ল্‌ফেক্টৰী বাল্ব, ছাব্‌ভেন্ত্ৰিকুলাৰ জ'ন আৰু ছাব্‌কেল'চেল জ'ন।[2][3][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. যশোদানন্দ ভৰালী, ড° ৰঞ্জিত নাথ ভট্টাচাৰ্য, ড° ৰাতুল চন্দ্ৰ ৰাজখোৱা (২০০৮). উচ্চতৰ মাধ্যমিক জীৱবিজ্ঞান. প্ৰকাশক গুৱাহাটী: অসম বুক ডিপো. পৃষ্ঠা. ২৭১. 
  2. Sumitha R, Vijayalakshmi K, Phalguni Anand Alladi, TN Satyaprabha and TR Raju (November 2013). "Stem cell in neurodenerative diseases". Current Physiological techniques- from basic to applied aspects: 49. 
  3. Wade, Nicholas (1999-10-15). "Brain may grow new cells daily". The New York Times. http://www.nytimes.com/1999/10/15/us/brain-may-grow-new-cells-daily.html. 
  4. Nowakowski, R. S. (2006). "Stable neuron numbers from cradle to grave". Proceedings of the National Academy of Sciences খণ্ড 103 (33): 12219. doi:10.1073/pnas.0605605103. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]