সমললৈ যাওক

স্বপ্ন-বাসৱদত্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্বপ্ন-বাসৱদত্তা (সংস্কৃত: स्वप्नवासवदत्तम्), (ইংৰাজী: Svapnavasavadattam) হৈছে প্ৰাচীন ভাৰতীয় কবি ভাষৰ দ্বাৰা ৰচিত ছয়টা খণ্ডৰ সংস্কৃত নাটক। কৌশাম্বী ৰাজ্যৰ ৰজা উদয়ন আৰু অৱন্তীৰ শাসক প্ৰদ্যুতৰ কন্যা বাসৱদত্তাৰ বিষয়ে লিখা ৰোমান্টিক আখ্যান; যিয়ে সেইসময়ৰ কবিসকলৰ জনপ্ৰিয় ৰচনাক মোহিত কৰি ৰাখিছিল যেন লাগে। নাটকখনৰ মূল বিষয়বস্তু হৈছে ৰজা উদয়নৰ ৰাণী বাসৱদত্তাৰ বাবে হোৱা দুখ৷ উদয়নে নিদ্ৰাৰত অৱস্থাত বাসৱদত্তাক দেখা পাই তেওঁৰ প্ৰমত পৰে৷ ইপিনে মন্ত্ৰী যৌগন্ধনাৰায়ণে জ্যোতিষীৰ পৰা জানিব পাৰিলে যে, মগধৰাজ দৰ্শকৰ ভগ্নী পদ্মাৱতীক উদয়নে বিয়া কৰালে উদয়নৰ হেৰোৱা ৰাজ্য উদ্ধাৰ হ’ব৷ সেয়ে, মন্ত্ৰী যৌগন্ধনাৰায়ণে বাসৱদত্তা “লাৱনক’’ নামে জুইত জাহ যোৱা বুলি উৰাবাতৰি প্ৰচাৰ কৰি মগধ ৰাজকুমাৰী পদ্মাৱতীক বিয়া কৰাবলৈ বাধ্য কৰিছিল৷[1] এই প্ৰসংগত তেওঁৰ আন এখন নাটক “প্ৰতিজ্ঞাযৌগন্ধাৰায়ণ’’ ৰচনা কৰি কাহিনীৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল। স্বপ্ন-বাসৱদত্তাৰ কাহিনীভাগৰ উল্লেখযোগ্য দিশ বাসৱদত্তাৰ ত্যাগ আৰু যৌগন্ধনাৰায়ণৰ ৰাজভক্তি৷

স্বপ্ন-বাসৱদত্তাৰ সম্পূৰ্ণ খণ্ড বহুদিনলৈ অনাৱিস্কৃত হৈ আছিল৷ পিছত ১৯১২ চনত কেৰালাৰ পণ্ডিত গণপতি শাস্ত্ৰীয়ে এই গ্ৰন্থ সম্পূৰ্ণকৈ উদ্ধাৰ কৰে৷[2]

নাটকখনৰ মূল চৰিত্ৰসমূহ হ’ল,[3]

  • কৌশাম্বীৰ শাসক ৰজা উদয়ন৷
  • অৱন্তীৰ ৰাজকন্যা আৰু উদয়নৰ প্ৰেয়সী পত্নী
  • যৌগন্ধাৰায়ণ, উদয়নৰ বিশ্বাসী মন্ত্ৰী।
  • মগধৰাজ দৰ্শকৰ ভগ্নী, উদয়নৰ দ্বিতীয় পত্নী, পদ্মাৱতী৷
  • উদয়নৰ সংগী বসন্তক৷

স্বপ্ন-বাসৱদত্তা ভাসৰ আন এখন নাটক “প্ৰতিজ্ঞায়ৌগন্ধাৰায়ণ’’ (মন্ত্ৰী যৌগন্ধাৰায়ণৰ প্ৰতিজ্ঞা)ৰ ধাৰাবাহিকৰ এটা খণ্ড য’ত চাৰিটা ভাগত উদয়ন আৰু বাসৱদত্তাৰ বিবাহৰ চৰম মূহুৰ্তত উপনীত হোৱা ঘটনা-পৰিঘটনাসমূহৰ বৰ্ণনা কৰা হৈছে৷ বিবাহৰ পিছত উদয়নে চিকাৰ, প্ৰেম, আৰু আনন্দ উপভোগ কৰি সময় কটাবলৈ লৈ এক নিৰ্বিকাৰ জীৱন যাপন কৰাৰ বিপৰীতে এজন দুষ্ট দখলদাৰ ৰজা আৰুণীয়ে ৰাজধানী কৌশাম্বীকে ধৰি তেওঁৰ বেছিভাগ ভূখণ্ড দখল কৰি ৰজাক সীমান্তৱৰ্তী গাঁৱৰ এটা শিবিৰলৈ গুচি যাবলৈ বাধ্য কৰাইছিল৷ হেৰোৱা ৰাজ্য পুনৰ লাভ কৰিবলৈ যৌগন্ধাৰায়ণে উদয়নক শক্তিশালী মগধ শাসক দৰ্শকৰ ভগ্নী পদ্মৱতীক বিয়া কৰাবলৈ ষড়যন্ত্ৰ ৰচনা কৰে৷[3]

নাটকৰ মুকলি অংশৰ অভিনয়ত পদ্মাৱতী আশ্ৰয়স্থললৈ আহি তাত সন্ন্যাসী হিচাপে বাস কৰা ৰাণী মাতৃক শ্ৰদ্ধাঞ্জলি জনায়। এজন ব্ৰাহ্মণ ভিক্ষাৰীৰ বেশত যৌগন্ধাৰায়ণ আৰু ভনীয়েক হিচাপে বাসৱদত্তা তাত উপস্থিত হয় আৰু দাসসকলে তেওঁলোকক প্ৰৱেশত বাধা দিয়াত ক্ষুন্ন হয়। পদ্মাৱতীয়ে ৰাণী মাতৃক লগ পোৱাত ৰাণীমাতৃয়ে তেওঁক উদয়নৰ প্ৰস্তাৱৰ বিষয়ে সুধিলে৷ এই কথাই যৌগন্ধাৰায়ণ আৰু বাসৱদত্তাক আনন্দিত কৰে। তেতিয়া পদ্মাৱতীয়ে আনক সহায় কৰিবলৈ নিজৰ ইচ্ছাৰ কথা ঘোষণা কৰে৷ ইয়াৰে সুযোগ লৈ যৌগন্ধাৰায়নে বাসৱদত্তাক কিছু সময়ৰ বাবে নিজৰ কৰ্তৃত্বত লুকুৱাই ৰাখে। এজন ব্ৰহ্মচাৰ্য ব্ৰতধাৰী ব্ৰাহ্মণে লাৱণকত হোৱা অগ্নিকাণ্ডৰ বৰ্ণনা কৰিবলৈ উপস্থিত হয়, যি বৰ্ণনাত মন্ত্ৰী যৌগন্ধাৰায়ণ আৰু ৰাণী বাসৱদত্তা উভয়ৰে মৃত্যু ঘটে। ইয়াৰ ফলত আশ্ৰমৰ সকলোৰে উদয়নৰ প্ৰতি সহানুভূতিৰ সৃষ্টি হয় আৰু পদ্মাৱতীয়ে উদয়নৰ পত্নী হোৱাৰ ইচ্ছাক গোপনে পুহি ৰাখিবলৈ আৰম্ভ কৰে। যৌগন্ধাৰায়ণ নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ আঁতৰি যায়।

উদয়নৰ প্ৰতি পদ্মৱতীৰ প্ৰেম বাঢ়ি যায়। যাৰ তেওঁৰ অনুৰাগ-আকৰ্ষণ অনুভৱ কৰে তেওঁৰ সৈতে তেওঁ ৰাজপ্ৰসাদৰ বাৰীত সময় কটাবলৈ লয়৷ তাৰপিছত এগৰাকী পৰিচাৰিকাই সকলোকে জনাই দিয়ে যে পদ্মৱতীক ৰাজপ্ৰসাদলৈ লৈ অহা উদয়নৰ লগত বাগ্ দান কৰা হৈছে। যদিও এই খবৰটো বাসৱদত্তাৰ বাবে বেদনাদায়ক, তথাপিও তেওঁ নিজকে নিয়ন্ত্ৰণ কৰে, কাৰণ তেওঁ স্বেচ্ছাই স্বামীক তেওঁৰ ৰাজ্য পুনৰ লাভ কৰাত সহায় কৰিবলৈ নিজৰ এই কামটো বাছি লৈছিল। তেওঁ কেৱল কৃতজ্ঞতা অনুভৱ কৰে যে, তেওঁক এতিয়াও ৰজা উদয়নে মনত ৰাখিছে আৰু পদ্মৱতীক বিয়া কৰাবলৈ সন্মত হোৱাৰ আগতে বহুত বুজনিৰ প্ৰয়োজন হৈছিল।

উদয়ন আৰু পদ্মাৱতীৰ বিবাহৰ খবৰ প্ৰকাশ পাইছে। দাসীয়ে বাসৱদত্তাক বিয়াৰ মালা গুঠিবলৈ কয়, যিটোত তেওঁ সন্মতি দিয়ে। মালা গুঠিবলৈ তেওঁ ভালৰো ভাল ফুল বাছি মালা গুঠে৷ উদ্যানত কোনো নিৰিবিলি ঠাই নাপাই বাসৱদত্তাই অকলশৰীয়া ঠাইলৈ গৈ অলপ টোপনি যাবলৈ চেষ্টা কৰে।

উদয়নে নতুন পত্নীৰ সৈতে সুখী যদিও তেওঁ বাসৱদত্তাৰ সৈতে তেওঁৰ সম্পৰ্কক তেওঁৰ বিদুষক বন্ধু বসন্তক কৈ পুনৰ মনত পেলাইছে। বন্ধুৰ লগত হোৱা ৰজাৰ কথা-বতৰা শুনি বাসৱদত্তাই মনত সন্তুষ্টি অনুভৱ কৰে যে ৰজাই এতিয়াও তেওঁক এতিয়াও মনত পেলাইছে। ৰজাই বাসৱদত্তাৰ প্ৰতি প্ৰেম অনুভৱ কৰি আকুল হৈ পৰে আৰু চকুলো টোকে৷ সেই সময়ত পদ্মাৱতী তাত উপস্থিত হোৱাত আৰু তেওঁৰ সেই অৱস্থাৰ বিষয়ে সোধাত ৰজাই লাজ অনুভৱ কৰে। বুদ্ধিমান উদয়নে মনৰ ভাৱ লুকুৱাই স্বস্তি অনুভৱ কৰে৷ এই সকলোবোৰ লক্ষ্য কৰি বাসৱদত্তা আনন্দিত হয়৷ তাৰপিছত ৰজাই ভায়েক দৰ্শকক লগ কৰিবলৈ বসন্তকক আদেশ দিয়ে৷

আন এটা দৃশ্যত পদ্মৱতী মূৰৰ বিষত ভুগি থাকে আৰু গ্ৰীষ্মকালীন ৰাজপ্ৰসাদত বিচনাখন মেলি দিয়া হয়। বাসৱদত্তাই পদ্মাৱতীক সান্নিধয় দিবলৈ কোঠাটোলৈ যায়। ইফালে ইতিমধ্যে কোঠাটোলৈ যোৱা ৰজাই বিচনাখন খালী হৈ থকা দেখি বন্ধু বসন্তকৰ কাহিনী শুনি কিছু সময়ৰ বাবে তাতেই জিৰণি লয়। তেওঁৰ টোপনি যায় আৰু বন্ধুৱে বাসৱদত্তাক কম্বল এখন আনিবলৈ এৰি দিয়ে। এতিয়া বাসৱদত্তই বিচনাত কাৰোবাক দেখি মানুহজনক পদ্মাৱতী বুলি ভুল কৰি বিচনাত বহিল। ৰজাই তেওঁক তেওঁৰ নামেৰে মাতে আৰু তেওঁ নিজকে বিশ্বাসঘাতক যেন অনুভৱ কৰে, কিন্তু তেওঁ যে কেৱল তেওঁৰ উপস্থিতিৰ সপোন দেখিছে সেই কথা জানি অতি সোনকালেই আত্মবিশ্বাস ঘূৰাই পায়। তেওঁ যৌগন্ধাৰায়ণৰ প্ৰচেষ্টাক বিচলিত কৰিব পাৰে বুলি ভয় কৰি খৰখেদাকৈ কোঠাটোৰ পৰা পলায়ন কৰাৰ সময়ত ৰজাই তেওঁক ধৰিবলৈ উঠি যায়। ৰজাই অনুভৱ কৰে যে বাসৱদত্তাৰ স্পৰ্শই উদয়নক ভয়ংকৰ কৰি তোলে৷ ৰজাই তাত উপস্থিত হোৱা তেওঁৰ বন্ধু বসন্তকক কয়, তেওঁৰ সেই সপোনৰ অভিজ্ঞতা, য’ত তেওঁ অনুভৱ কৰিছিল যে বাসৱদত্তা সঁচাকৈয়ে জীয়াই আছে। ৰজাই অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে তেওঁৰ মন্ত্ৰী ৰুমানভান আৰু আনসকলে তেওঁক প্ৰতাৰণা কৰিছে, তথাপিও নিজক নিচুকাই পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে সেয়া কেৱল সপোন। এতিয়া শত্ৰু ৰজা আৰুণীক থেতেলিয়াই পেলোৱা যুদ্ধৰ খবৰে ৰজাক আত্মবিস্মৃত হোৱাৰ পৰা উদ্ধাৰ কৰে৷

শত্ৰু পৰাজিত হোৱাৰ ফলত উদয়নে নিজৰ ৰাজ্য ঘূৰাই পাবলৈ সক্ষম হৈছে। কিছুমান দূতে মহাসেনাৰ পৰা উদয়ন আৰু বাসৱদত্তাৰ এখন প্ৰতিকৃতি আনে, যিখন দেখি পদ্মাৱতীয়ে তেওঁৰ বন্ধু অৱন্তিকাই বাসৱদত্তা বুলি চিনি পায়। ৰজাই তাইক চাব বিচাৰে আৰু তেওঁৰ প্ৰতিকৃতি চাবলৈ পদ্মাৱতীৰ হাত ধৰিবলৈ চেষ্টা কৰে। কিন্তু তাত উপস্থিত হোৱা যৌগন্ধাৰায়নে নিজৰ ভগ্নীক হস্তক্ষেপ কৰে। পৰিচাৰিকাগৰাকীয়েও অৱন্তিকাক চিনি পায় আৰু ইয়াৰ পিছত গোটেই কাহিনীটো যৌগন্ধনাৰায়ণে ক্ৰমান্বয়ে প্ৰকাশ কৰে, লগতে তেওঁ ৰজাৰ হেৰোৱা ৰাজ্য পুনৰুদ্ধাৰৰ বাবে কৰা এই কাৰ্যৰ ক্ষমা বিচাৰে। সকলোৱে সন্তুষ্ট হয় আৰু নাটকখন মিলনান্তক নাট হিচাপে অন্ত পৰে৷

স্বীকৃতি

[সম্পাদনা কৰক]

স্বপ্নবাসৱদত্তা ভাসৰ মাষ্টাৰপিছ বুলি গণ্য কৰা হয়।[2]ভাসৰ আন ১২খন নাটকৰ লগতে এই নাটকখন প্ৰথমে ইংৰাজীলৈ অনুবাদ কৰিছিল এ, চি, উলনাৰে আৰু লক্ষ্মণ স্বৰূপে ১৯৩০–৩১ চনত।[4]ইয়াক মালয়ালম ভাষালৈ অনুবাদ কৰিছিল এ, আৰ, ৰাজা বৰ্মাই ১৯১৭ চনত।[5]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. দেৱ গোস্বামী, শ্ৰীহৰমোহন (১৯৭৭). সংস্কৃত সাহিত্যৰ বুৰঞ্জী. বিনোদ নাথ (বুক ল্যাণ্ড). পৃষ্ঠা. ১৯১. 
  2. 2.0 2.1 Johnson, W. B. (2009). Bhāsa. Oxford University Press. https://www.oxfordreference.com/view/10.1093/acref/9780198610250.001.0001/acref-9780198610250-e-446?rskey=SyoGKw&result=4. 
  3. 3.0 3.1 Varadachari, V. (1997). "Svapnavasavadattam (Vasavadatta Seen in a Dream)". In George, K. M.. Masterpieces of Indian Literature. 2. প্ৰকাশক New Delhi: National Book Trust. পৃষ্ঠা. 1224–1226. ISBN 81-237-1978-7. https://books.google.com/books?id=dXFOAAAAYAAJ. 
  4. Shafi, Mohammad, ed (1940). Woolner Commemoration Volume: In Memory of the Late Dr. A. C. Woolner. প্ৰকাশক Lahore: Mehar Chand Lachhman Das. পৃষ্ঠা. xxii. OCLC 3502975. https://archive.org/details/woolnercommemorationvolume/page/n31/mode/2up. 
  5. Das, Sisir Kumar (2005). History of Indian Literature: 1911-1956, Struggle for Freedom: Triumph and Tragedy. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 527. ISBN 978-81-7201-798-9. https://books.google.com/books?id=sqBjpV9OzcsC&pg=PA527.