সমললৈ যাওক

স্বাধীনতা সংগ্ৰহালয়, ঢাকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বাধীনতা সংগ্ৰহালয়ৰ ভিতৰৰ ফোৱাৰা
সংগ্ৰহালয়ত গেলেৰী

স্বাধীনতা সংগ্ৰহালয়, ঢাকা (ইংৰাজী: Independence Museum) বাংলাদেশত অৱস্থিত৷ ইয়াত বাংলাদেশৰ স্বাধীনতাৰ সংগ্ৰামৰ চিত্ৰ বৰ্ণনা কৰা আছে। ইয়াত মোগল শাসন কালৰ পৰা ১৯৭১ চনৰ স্বাধীনতা লাভলৈকে জাতিটোৰ ইতিহাস দেখুওৱা হৈছে ৷ ই দেশৰ প্ৰথম আৰু একমাত্ৰ ভূগৰ্ভস্থ সংগ্ৰহালয়। সংগ্ৰহালয়টো, মুঠ ৬৭ একৰ ভূমিৰ শ্বেখ মুজিবুৰ ৰহমানে স্বাধীনতাৰ সংগ্ৰাম ঘোষণা কৰি ঐতিহাসিক ভাষণ দিয়া স্থান আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ পিছত পাকিস্তানী বাহিনীয়ে আত্মসমৰ্পণ কৰা স্থানৰ এটা অংশ। ২০১৫ চনৰ ২৫ মাৰ্চত বাংলাদেশৰ ৪৫ সংখ্যক স্বাধীনতা দিৱসত এই সংগ্ৰহালয়টো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। [1]

স্থাপত্য

[সম্পাদনা কৰক]

এই আণ্ডাৰগ্ৰাউণ্ড মিউজিয়ামটো মাল্টিমিডিয়া প্ৰজেকচন থিয়েটাৰ, বৃত্তাকাৰ ৰংগমঞ্চ, তিনিটা পানীৰ পুল, বাংলা জাতীয়তাবাদৰ অনন্তকালৰ প্ৰতীক শিখা চিৰন্তনী(চিৰন্তন শিখা), বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰাচীৰ আৰু অন্যান্য আনুষংগিক সা-সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা এক মাষ্টাৰ প্লেনৰ অংশ। [2] তদুপৰি, এই কমপ্লেক্সত ১৫৫ খন আসনযুক্ত এটা প্ৰেক্ষাগৃহ আছে। [3] ঠাইখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এটা স্মৃতিসৌধ, যাৰ নাম “টাৱাৰ অৱ লাইট’’, যিটো ৫০ মিটাৰ উচ্চতাৰ টাৱাৰ আৰু ই কাঁচৰ পেনেলৰ পুঁজিৰে গঠিত। [3] এই সংগ্ৰহালয়টো লাইট হাউচ বা “টাৱাৰ অৱ লাইট’’ৰ ঠিক তলতে অৱস্থিত। [4] সংগ্ৰহালয়টোৰ মুকলি এলেকাত ৫৬৬৯ বৰ্গমিটাৰ টাইলছৰ মজিয়া আছে। [4] ইয়াৰ মাটিৰ তলৰ মজিয়াৰ মাজত এটা ফোৱাৰা আছে, য’ত ছাদৰ ওপৰৰ পৰা পানী সৰি পৰে। বাংলাদেশী স্থপতিবিদ কাশ্বেফ মেহবুব চৌধুৰী আৰু মেৰিনা তবাচ্ছুমে ১৯৯৭ চনত এখন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিযোগিতাত জয়ী হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক এই প্ৰকল্পৰ বাবে নিযুক্তি দিয়া হৈছিল। [5] কমপ্লেক্সটোৰ মুঠ নিৰ্মাণ ব্যয় আছিল ১.৭৫ বিলিয়ন টকা ৷[6] [7]

প্ৰদৰ্শনী

[সম্পাদনা কৰক]

সংগ্ৰহালয়টোত ১৪৪টা কাঁচৰ পেনেলত ৩০০ৰো অধিক ঐতিহাসিক ফটো সংগ্ৰহ কৰা আছে, য’ত বাংলাদেশৰ প্ৰায়বোৰ ঐতিহাসিক তথ্য চিত্ৰিত কৰা হৈছে।[8] সংগ্ৰহালয়টোত প্ৰদৰ্শিত হৈছে বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ৰ বিভিন্ন টেৰাকোটা ছবি আৰু কাগজত অংকিত ছবিৰ টুকুৰা। বিদেশী বাতৰি কাকত আৰু মুক্তিযুদ্ধৰ বিভিন্ন পৰিঘটনা দেখুওৱা প্ৰতিবেদনৰ প্ৰতিলিপিও গেলেৰীত ৰখা হৈছে। এই গেলেৰীখনত বাংলাদেশৰ কিছুমান উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক সমল আৰু কীৰ্তিচিহ্নও প্ৰদৰ্শিত হৈছে। পাকিস্তান সেনাৰ লেফটেনেণ্ট জেনেৰেল আমিৰ আব্দুল্লা খান নিয়াজীয়ে আত্মসমৰ্পণৰ সময়ত স্বাক্ষৰ কৰা নথিখন যি টেবুলৰ ওপৰত থৈছিল, সেই টেবুলখনৰো এটা প্ৰতিৰূপ গেলেৰীত ৰখা হৈছে। [1] [8]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Independence Museum opens". Prothom Alo. March 27, 2015. Archived from the original on December 13, 2017. https://web.archive.org/web/20171213092752/http://en.prothom-alo.com/bangladesh/news/62183/Independence-Museum-opened আহৰণ কৰা হৈছে: November 10, 2023.
  2. "Frozen in time". Dhaka Tribune. 2017-05-17. https://www.dhakatribune.com/magazine/weekend-tribune/2017/05/17/frozen-in-time/ আহৰণ কৰা হৈছে: 2020-10-18.
  3. 1 2 "Glass Tower complex not completed in 17 years". The Independent. 2016-08-13. http://m.theindependentbd.com/printversion/details/55517 আহৰণ কৰা হৈছে: 2020-10-18.
  4. 1 2 Rahman, Sabrina; Nuzrat, Soniha; liza, Ashrafun Nahar; Mahmud, Nawrin (2020-10-18). "Evaluating the Phenomenon of Urban Heat Island Effect of Suhrawardy Udyan, Dhaka". International Journal of Scientific & Engineering Research খণ্ড 9 (10): 1658. ISSN 2229-5518. Archived from the original on 2020-10-19. https://web.archive.org/web/20201019093452/https://www.ijser.org/researchpaper/Evaluating-the-Phenomenon-of-Urban-Heat-Island-Effect-of-Suhrawardy-Udyan-Dhaka.pdf আহৰণ কৰা হৈছে: 2023-11-10.
  5. "Marina Tabassum". Archnet. Archived from the original on 2023-04-11. https://web.archive.org/web/20230411195342/https://www.archnet.org/authorities/1644 আহৰণ কৰা হৈছে: 2020-10-18.
  6. "Urbana". Worldview. http://www.worldviewcities.org/dhaka/urbana.html.
  7. "Independence Museum Opened". Prothom Alo. January 20, 2016. Archived from the original on December 13, 2017. https://web.archive.org/web/20171213092752/http://en.prothom-alo.com/bangladesh/news/62183/Independence-Museum-opened আহৰণ কৰা হৈছে: November 10, 2023.
  8. 1 2 "Visitors swarm Museum of Independence". March 28, 2015. Archived from the original on May 31, 2023. https://web.archive.org/web/20230531153101/http://newagebd.net/106658/visitors-swarm-museum-of-independence/#sthash.JWteJkol.dpbs.