স্বাভাৱিক পক্ষপাতিতা
স্বাভাৱিক পক্ষপাতিতা (en-Normalcy bias), বা স্বাভাৱিকত্ব পক্ষপাত, হৈছে একধৰণৰ বোধগত পক্ষপাতিতা যাৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহে আসন্ন বিপদৰ সতৰ্কবাণী আওকান কৰে বা অবিশ্বাস কৰে। [1] অতএব, ব্যক্তিবিশেষে যিকোনো প্ৰলয়ৰ বা দুৰ্ঘটনাৰ সম্ভাৱিতাৰ অৱমূল্যায়ণ কৰে, যদিওবা তাৰদ্বাৰা তেওঁলোক প্ৰভাৱিত হ'ব, অথবা সেইটো দুৰ্ঘটনাৰ এক বিৰূপ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব।[2] স্বাভাৱিক পক্ষপাতিতাত প্ৰভাৱিত হোৱা মানুহে প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, অথবা মানৱসৃষ্ট ত্ৰুটিয়ে সৃষ্টি কৰা প্ৰলয়ৰ লগত মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি নচলায়। উল্লেখযোগ্য যে, মোটামুটি ৭০% মানুহেই দুৰ্যোগৰ সময়ত স্বাভাৱিক পক্ষপাতিতাৰ স্বীকাৰ হয়। [3]
স্বাভাৱিক পক্ষপাতিতাক বিশ্লেষণ পক্ষাঘাত (analysis paralysis), উট চৰাই প্ৰভাৱ (the ostrich effect),[4] আৰু প্ৰথম প্ৰতিক্ৰিয়াকাৰীৰ ঋণাত্মক উদ্বেগ (the negative panic) বুলিও জনা যায়। [5] স্বাভাৱিক পক্ষপাতিতাৰ বিপৰীতটো হৈছে অতিপ্ৰতিক্ৰিয়া বা overreaction, নতুবা সৰ্বাধিক বেয়া পৰিস্থিতিৰ পক্ষপাত, worst-case scenario bias[6][7] য'ত স্বাভাৱিক অৱস্থাৰ লগত ঘটা সামান্য বিচ্যুতিকেই আসন্ন বিপৰ্যয় বুলি গণ্য কৰা হয়।
উদাহৰণ
[সম্পাদনা কৰক]- "সমস্যাৰ পৰিসৰক লৈ কথা নাই, স্বাভাৱিক পক্ষপাতিতা মগজুলৈ প্ৰবাহিত হয়েই,"-সাংবাদিক ডেভিড মেকৰেণিয়ে লিখিছে-" তোমাৰ হাতত বহুদিনেই থাকক বা পৰ্যাপ্ত সতৰ্কবাণীয়েই থাকক অথবা জীৱন-মৃত্যুৰ মাজত কেইটামান মুহূৰ্তৰ কথাহে থাকক, ইয়াৰ আৰ্বিভাৱ ঘটিবই। "[8] গাড়ী দুৰ্ঘটনা এটাতো প্ৰভাৱান্বিত কৰিব পাৰে। এইবোৰ দুৰ্ঘটনা সঘনে হৈ থাকে, কিন্তু গড় হিচাপত ইয়াৰ অভিজ্ঞতা উপলব্ধি কৰা ব্যক্তিবিশেষৰ সংখ্যা কম। আনহাতে ২০০১ চনত সমাজবিজ্ঞানী থ'মাছ ড্ৰাবেকে কৰা এটা অধ্যয়নৰ মতে, যেতিয়া মানুহক দুৰ্যোগৰ সময়ত নিৰাপদ ঠাইলৈ যাবলৈ কোৱা হয়, তেতিয়া অধিকাংশই সিদ্ধান্তটো লোৱাৰ পূৰ্বে চাৰিটা বা ততোধিক তথ্যসূত্ৰ পৰীক্ষা কৰি চায়। এনেদৰে কৰা পৰীক্ষাটোক milling বুলি কোৱা হয়, যিটো সচৰাচৰ দুৰ্যোগৰ সময়ত দেখিবলৈ পোৱা যায়। [9]
- যেতিয়া ভিছুভিয়াছ আগ্নেয়গিৰিটো উদ্গীৰণ ঘটিছিল, তেতিয়া পম্পেই চহৰৰ নাগৰিকসকলে জেগা খালীৰ কৰাৰ বিপৰীতে কিয় উদ্গীৰণৰ দৃশ্য ঘণ্টাধৰি চাই আছিল-সেই পৰিঘটনাটোকো স্বাভাৱিক পক্ষপাতিতাই ব্যাখ্যা কৰে। [10] কেটৰিনা নামৰ হাৰিকেন অহাৰ আগমুহূৰ্তত নিউ অৰ্লেনছৰ নাগৰিকসকলে কিয় চহৰখন এৰিবলৈ অনিচ্ছুক হৈছিল-সেই কথাও এই পক্ষপাতিতাই বিশ্লেষণ কৰে।[11] ৯/১১ৰ আক্ৰমণৰ সময়ত কমেও ৭০% জীৱিত মানুহে কিয় সেই ঠাই ত্যাগ কৰাৰ আগেয়ে অইন মানুহৰ লগত কথা পাতি আছিল-সেই কথাও এই পক্ষপাতিতাই ব্যাখ্যা কৰে। [9] টাইটানিক-দুৰ্ঘটনাৰ সময়ত হোৱাইট ষ্টাৰ লাইনৰ বিষয়ববীয়াসকলে প্ৰয়োজনীয় প্ৰস্তুতি হাতত লোৱা নাছিল। আৰু মানুহেও জেগা খালী কৰাৰ নিৰ্দেশ মানিবলৈ অমান্তি হৈছিল। কাৰণ তেওঁলোকে "সৰ্বাধিক বেয়া" পৰিস্থিতি এটাৰ প্ৰভাৱৰ অৱমূল্যায়ন কৰিছিল।[12] তদ্ৰুপ, ফুকুছিমা নিউক্লিয়াৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ দুৰ্ঘটনাটোৰ বিশ্লেষণকাৰীসকলে মন্তব্য কৰে যে-বহুকেইটা ৰিয়েক্টৰ হয়তো ধ্বংস নহ'লহেঁতেনেই।[13]
- ষড়যন্ত্ৰমূলক তত্ত্ব অথবা ভৱিষ্যতৰ ধ্বংসমূলক পৰিস্থিতিৰ প্ৰসাৰ কৰোঁতাসকলে উল্লেখ কৰিছে যে- এইধৰণৰ ঘোষণা কৰাৰ পাছতো সাধাৰণ পক্ষপাতিতাৰ বাবেই বহুতো মানুহে সেইবোৰক উপেক্ষা কৰে। উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰ এক সৰ্বগ্ৰাসী (একনায়কত্ববাদী শাসনতন্ত্ৰ)লৈ পৰ্যবসিত হ'ব বুলি জানিও বহুতেই তেওঁলোকৰ আশংকাসমূহ ব্যক্ত নকৰে। তাৰ কাৰণে হিচাপে Survivalistসকলে স্বাভাৱিক পক্ষপাতিতাৰ ফালে আঙুলি টোৱায়। একেধৰণে, খ্ৰীষ্টিয়ান মৌলবাদীসকলে "শেষ সময়"ৰ প্ৰসংগ অৱতাৰণা কৰাৰ পাছতো বহুতেই তাক অৱহেলা কৰে। ইয়াৰ কাৰণ হিচাপেও স্বাভাৱিক পক্ষপাতিতাৰ কথাকেই তেওঁলোকে কয়। [14][11]
প্ৰকল্পিত কাৰণ
[সম্পাদনা কৰক]গৱেষণাই উনুকিয়াই দিছে যে-যেতিয়া মগজুটো শীতল হৈ থাকে, তেতিয়া ই নতুন তথ্য এটা গ্ৰহণ কৰিবলৈ ৮-১০ চেকেণ্ড সময় লয়। চাপে সেই প্ৰক্ৰিয়াটো মন্থৰ কৰি তোলে, আৰু যেতিয়া পৰিস্থিতিটোৰ মুখামুখি হ'বলৈ মগজুৱে কোনোধৰণৰ গ্ৰহণযোগ্য সঁহাৰি বিচাৰি নাপায়, তেতিয়া ই কেতিয়াবা মাথোঁ এটা আৰু কেতিয়াবা পূৰ্ব-সংস্থাপিত সমাধান এটাকেই ব্যৱহাৰ কৰে; যিটো হয়তো সেইসময়ত শুদ্ধ নহ'বও পাৰে। এই সঁহাৰিৰ আঁৰত থকা বিৱৰ্তনসম্বন্ধীয় কাৰণটো হৈছে-পক্ষাঘাতে জন্তু এটাৰ বাচি থকাৰ সম্ভাৱনাটো বঢ়াই তোলে আৰু অলৰ-অচৰ হৈ থকা চিকাৰ এটা চিকাৰীৰ সহজেই দৃষ্টিগোচৰ নহয়। [9]
প্ৰভাৱ
[সম্পাদনা কৰক]দুৰ্যোগৰ সময়ত প্ৰায় ৭০% মানুহেই স্বাভাৱিক পক্ষপাতিতাৰ স্বীকাৰ হয়। [3] আনহাতে "সৰ্বাধিক বিপদজনক পক্ষপাতিতা"ৰ ভিতৰত স্বাভাৱিক পক্ষপাতিতাকো অন্তভুক্ত কৰা হৈছে। দুৰ্যোগৰ পূৰ্ব-প্ৰস্তুতিৰ অভাৱে প্ৰায়েই অপৰ্যাপ্ত আশ্ৰয়, যোগান, অথবা খালীকৰণ পৰিকল্পনাত (Evacuation plan) বিধি-পথালি দিয়ে। আনকি সকলোবোৰ ব্যৱস্থা সুসংযত কৰি ৰখাৰ পাছতো স্বাভাৱিক পক্ষপাতিতাৰ ফলত মানুহে প্ৰায়েই নিজৰ ঘৰ এৰিবলৈ মন নকৰে। [15]
স্বাভাৱিক পক্ষপাতিতাই একধৰণৰ বোধগত বিচ্ছিন্নতা (cognitive dissonance)ৰ সৃষ্টি কৰে। কিছুমান তাক প্ৰতিহত কৰিবলৈ নতুন সতৰ্কবাণী এৰাই চলে আৰু স্বাভাৱিক পক্ষপাতিতাৰ বশৱৰ্তী হৈ খালীকৰণৰ নিৰ্দেশ অমান্য কৰে। আনটো চামে এই বিচ্ছিন্নতা প্ৰতিহত কৰিবলৈ বিপদৰ পৰা পলায়ন কৰে। খালীকৰণৰ আদেশ অমান্য কৰিব বিচৰাসকলে দুৰ্যোগ-প্ৰশমনৰ পৰিকল্পনাটো জটিল কৰি তোলে। [16]
বিভিন্ন পৰ্যায়
[সম্পাদনা কৰক]"দ্য আনথিংকেবল" (The Unthinkable: Who Survives When Disaster Strikes – and Why)ৰ লেখিকা আমাণ্ডা ৰিপ্লেই-এ দুৰ্যোগৰ প্ৰতি মানুহে দেখুউৱা সঁহাৰিক তিনিটা পৰ্যায়ত বিভক্ত কৰিছে: অগ্ৰাহ্য (Denial), ইচ্ছাকৃতভাৱে কৰা কাৰ্য (Deliberation), আৰু নিষ্পত্তিমূলক সময় (the Decisive Moment).(। ) ৰিপ্লেইৰ মতে-প্ৰথমটো পৰ্যায়ত মানুহে দুৰ্যোগ অহাৰ সম্ভাৱনাটো নাকচ কৰে। তথ্যটোক গ্ৰহণ কৰাত আৰু দুৰ্যোগটোক এক সংকট বুলি বিবেচনা কৰাত মগজুটোৰ কিছু সময়ৰ প্ৰয়োজন হয়। দ্বিতীয়টো পৰ্যায়ত, মানুহজনৰ নিজৰ কৰণীয় সন্দৰ্ভত সিদ্ধান্ত ল'ব লাগে। যদিহে মানুহজনৰ ওচৰত কোনো পৰিকল্পনা নাই, তেন্তে সেই কথাটোৱে এক জটিল সমস্যাৰ সৃষ্টি কৰে। কাৰণ জীৱনৰ প্ৰতি ভাবুকি আনিব বিচৰা চাপে মানুহজনৰ শৰীৰত প্ৰভাৱ পেলায়। তেওঁৰ দৃষ্টি শক্তি, শ্ৰবণেন্দ্ৰিয়, সময় প্ৰসাৰণ(time dilation) আদিৰ ওপৰত সেই চাপে প্ৰভাৱ পেলায়। যাৰ ফলত তেওঁৰ তথ্য সংগ্ৰহ কৰাত আৰু পৰিকল্পনা প্ৰস্তুত কৰাত এক সীমাবদ্ধতা আহি পৰে। তৃতীয়টো আৰু অন্তিমটো পৰ্যায়ত-যাক কোৱা হৈছে নিষ্পত্তিমূলক সময় বুলি-সেই পৰ্যায়ত মানুহজনে ক্ষিপ্ৰতাৰে আৰু দৃঢ়তাৰে সংকল্পবদ্ধ হৈ ক্ৰীয়াশীল হৈ উঠিব লাগিব। সেই কাৰ্যত ব্যৰ্থ হ'লে তেওঁ আঘাতপ্ৰাপ্ত হ'ব পাৰে অথবা মৃত্যুৰ মুখতো পৰিব পাৰে। আমাণ্ডা ৰিপ্লেয়ে ব্যাখ্যা কৰে যে- প্ৰথম আৰু দ্বিতীয়টো পৰ্যায় যিমান সোনকালে মানুহ এজনে অতিক্ৰম কৰিব পাৰিব, সিমান সোনকালেই তেওঁ তৃতীয়টো পৰ্যায়ত ভৰি দি কাৰ্যপন্থা হাতত লোৱাৰ সামৰ্থ্য অৰ্জন কৰিব। [17]
নিবাৰণ
[সম্পাদনা কৰক]স্বাভাৱিক পক্ষপাতিতাৰ ঋণাত্মক প্ৰভাৱসমূহ প্ৰতিহত কৰিবলৈ চাৰিধৰণৰ দুৰ্যোগ-প্ৰতিক্ৰিয়া আছে। সেইবোৰ তলত উল্লেখ কৰা হ'ল:[18]
- প্ৰস্তুতি : দুৰ্যোগটোৰ সম্ভাৱনাক ৰাজহুৱাভাৱে স্বীকৃতিপ্ৰদান আৰু তৎকালীনভাৱে পৰিকল্পনা প্ৰণয়ন।
- সতৰ্কবাণী : স্পষ্ট, দ্ব্যৰ্থহীন, সঘন সতৰ্কবাণী প্ৰেৰণ কৰি জনতাক সেইসমূহ হৃদয়ংগম আৰু বিশ্বাস কৰাত সহায় কৰা।
- প্ৰভাৱ : পৰিকল্পনাসমূহ কাৰ্যকৰীকৰণ; জৰুৰীকালিন সেৱা, সহায়কাৰী দলসমূহে একলগ হৈ কাম কৰে।
- ভৱিষ্যৎ ফল : ভাৰসাম্যৰ পুনৰ স্থাপন, দুৰ্গতসকলক দ্ৰব্য-বস্তু যোগান আৰু সেৱা প্ৰদান।
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Drabek, Thomas E. (1986). Human system responses to disaster : an inventory of sociological findings. প্ৰকাশক New York: Springer Verlag. পৃষ্ঠা. 72. ISBN 978-1-4612-4960-3. OCLC 852789578. "The initial response to a disaster warning is disbelief."
- ↑ Omer, Haim; Alon, Nahman (April 1994). "The continuity principle: A unified approach to disaster and trauma" (en ভাষাত). American Journal of Community Psychology খণ্ড 22 (2): 275–276. doi:10.1007/BF02506866. PMID 7977181. "... normalcy bias consists in underestimating the probability of disaster, or the disruption involved in it ...".
- ↑ 3.0 3.1 Inglis-Arkell, Esther (May 2, 2013). "The frozen calm of normalcy bias". Gizmodo. Archived from the original on 15 May 2021. https://web.archive.org/web/20210515134915/https://io9.gizmodo.com/the-frozen-calm-of-normalcy-bias-486764924। আহৰণ কৰা হৈছে: 23 May 2017. Cites:
- Omer, Haim; Alon, Nahman (1994). "The continuity principle: A unified approach to disaster and trauma". American Journal of Community Psychology খণ্ড 22 (2): 273–287. doi:10.1007/BF02506866. PMID 7977181.
- Matsuda, Iware (1993). "Loss of human lives induced by the Cyclone of 29–30 April, 1991 in Bangladesh". GeoJournal খণ্ড 31 (4): 319–325. doi:10.1007/BF00812781. https://link.springer.com/article/10.1007/BF00812781.
- Horlick-Jones, T.; Amendola, A.; Casale, R. (1995). Natural Risk and Civil Protection. ISBN 9780419199700. https://books.google.com/?id=Tk6Xg5BkBRwC&pg=PA369&dq=%22normalcy+bias%22#v=onepage.
- Ripley, Amanda (2 May 2005). "How to Get Out Alive". TIME Magazine খণ্ড 165 (18): 58–62. PMID 16128022. http://content.time.com/time/printout/0,8816,1053663,00.html.
- ↑ Ince, Wyne (October 23, 2017). Thoughts of Life and Time. Wyne Ince. পৃষ্ঠা. 122. ISBN 978-1-973727-15-6. https://books.google.com/?id=3AY7DwAAQBAJ&pg=PA122&lpg=PA122&dq=%22Normalcy+bias%22+%22ostrich+effect%22#v=onepage। আহৰণ কৰা হৈছে: 20 December 2017.
- ↑ McRaney, David (2012). You Are Not So Smart: Why You Have Too Many Friends on Facebook, Why Your Memory Is Mostly Fiction, and 46 Other Ways You're Deluding Yourself. Gotham Books. পৃষ্ঠা. 54. ISBN 978-1-59240-736-1. https://books.google.com/?id=Dj_ZCwAAQBAJ&pg=PA55&lpg=PA55&dq=%22You+Are+Not+So+Smart%22+David+McRaney+%22Normalcy+bias+flows+into+the+brain+no+matter+the+scale+of+the+problem,%22#v=onepage। আহৰণ কৰা হৈছে: 20 December 2017.
- ↑ Schneier, Bruce. "Worst-case thinking makes us nuts, not safe", CNN, May 12, 2010 (retrieved April 18, 2014); reprinted in Schneier on Security, May 13, 2010 (retrieved April 18, 2014)
- ↑ Evans, Dylan. "Nightmare Scenario: The Fallacy of Worst-Case Thinking" Archived 2015-07-27 at the Wayback Machine, Risk Management, April 2, 2012 (retrieved April 18, 2014); from Risk Intelligence: How To Live With Uncertainty, by Dylan Evans, Free Press/Simon & Schuster, Inc., 2012; আই.এচ.বি.এন. 9781451610901
- ↑ McRaney, David (2012). You Are Not So Smart: Why You Have Too Many Friends on Facebook, Why Your Memory Is Mostly Fiction, and 46 Other Ways You're Deluding Yourself. Gotham Books. পৃষ্ঠা. 55. ISBN 978-1-59240-736-1. https://books.google.com/?id=Dj_ZCwAAQBAJ.
- ↑ 9.0 9.1 9.2 Ripley, Amanda (25 April 2005). "How to Get Out Alive". Time (TIME Magazine) খণ্ড 165 (18): 58–62. PMID 16128022. Archived from the original on 6 November 2013. https://web.archive.org/web/20131106023504/http://content.time.com/time/magazine/article/0,9171,1053663-1,00.html। আহৰণ কৰা হৈছে: 11 November 2013.
- ↑ Estelita, Vaz; Joanaz de Melo, Cristina; Costa Pinto, Lígia (2017). Environmental History in the Making. Springer Publishing. ISBN 978-3-319-41085-2. https://books.google.com/?id=bXVCDQAAQBAJ.
- ↑ 11.0 11.1 Strandberg, Todd. "The Normalcy Bias and Bible Prophecy". Prophezine. Archived from the original on 10 December 2017. https://web.archive.org/web/20171210015841/http://www.prophezine.com/index.php?option=com_content&id=134:the-normalcy-bias-and-bible-prophecy। আহৰণ কৰা হৈছে: 20 December 2017.
- ↑ Hoffman, Bryce (May 16, 2017). Red Teaming: How Your Business Can Conquer the Competition by Challenging Everything. Crown Publishing. পৃষ্ঠা. 80. ISBN 978-1-101-90597-5. https://books.google.com/?id=176mDAAAQBAJ.
- ↑ Saito, William (April 20, 2017). "What Fukushima Disaster Taught Me About Risk Management In Cybersecurity". Forbes. https://www.forbes.com/sites/williamsaito/2017/04/20/what-fukushima-disaster-taught-me-about-risk-management-in-cybersecurity/#2f8a9537681e। আহৰণ কৰা হৈছে: 20 December 2017.
- ↑ "The Normalcy Bias". Relevant Bible TeachingRelevant Bible Teaching. http://www.relevantbibleteaching.com/site/cpage.asp?cpage_id=140031178&sec_id=140001239। আহৰণ কৰা হৈছে: 23 May 2017.
- ↑ "Beware Your Dangerous Normalcy Bias". Gerold BlogGerold Blog. 2013-04-27. https://geroldblog.com/2013/04/26/beware-your-dangerous-normalcy-bias/। আহৰণ কৰা হৈছে: 24 May 2017.
- ↑ Oda, Katsuya. "Information Technology for Advancement of Evacuation". National Institute for Land and Infrastructure Management. http://www.ysk.nilim.go.jp/kakubu/engan/engan/taigai/hapyoronbun/07-17.pdf.
- ↑ Ripley, Amanda (June 10, 2008). The Unthinkable: Who Survives When Disaster Strikes – and Why. Potter/Ten Speed Press/Harmony. ISBN 978-0-307-44927-6.
- ↑ Valentine, Pamela V.; Smith, Thomas Edward (2002). "Finding Something to Do: The Disaster Continuity Care Model". Brief Treatment and Crisis Intervention খণ্ড 2 (2): 183–196. doi:10.1093/brief-treatment/2.2.183. https://www.researchgate.net/publication/31145336.