সৰ্প প্ৰতিবিষ
ক্লিনিকেল তথ্য | |
---|---|
অন্য নাম | স্নেক এণ্টিভেনিন, স্নেক এণ্টিভেনেন, স্নেক ভেনম এণ্টিছিৰাম, এণ্টিভেনম ইমুনোগ্লুবুলিন |
চিনাক্তকাৰী | |
ChemSpider |
সৰ্প প্ৰতিবিষ (ইংৰাজী: Snake antivenom) বা স্নেক এণ্টিভেনম বিষাক্ত সাপৰ দংশনৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা প্ৰতিদেহৰ দ্বাৰা গঠিত ঔষধ।[1] ই এক প্ৰকাৰৰ প্ৰতিবিষ।
সৰ্প প্ৰতিবিষ এবিধ জৈৱিক পদাৰ্থ। ইয়াক সাধাৰণতে ঘোঁৰা বা ভেড়াৰ দৰে পোহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা বিষ নিষ্ক্ৰিয় কৰিব পৰা প্ৰতিদেহৰ দ্বাৰা গঠিত। এই ঔষধ আহৰণ কৰিবলৈ প্ৰথমে পোহনীয়া প্ৰাণীটোক এটা বা ততোধিক সাপৰ বিষ প্ৰদান কৰা হয়, ইয়াৰ ফলত প্ৰাণীটোৰ দেহত প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয়। এই প্ৰতিৰোধ ক্ষমতাই সাপৰ বিষৰ বিভিন্ন উপাদান (বিষাক্ত পদাৰ্থ)ৰ বিৰুদ্ধে বৃহৎ সংখ্যক নিষ্ক্ৰিয় প্ৰতিদেহৰ উৎপন্ন কৰে।[2] তাৰ পিছত পোহনীয়া প্ৰাণীৰ পৰা প্ৰতিদেহ সংগ্ৰহ কৰা হয়, আৰু বিষক্ৰিয়াৰ চিকিৎসাৰ বাবে সৰ্প প্ৰতিবিষলৈ প্ৰক্ৰিয়াকৰণ কৰা হয়।
সৰ্প প্ৰতিবিষ হৈছে বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকাৰ অন্তৰ্গত এবিধ ঔষধ।[3]
উৎপাদন
[সম্পাদনা কৰক]সাধাৰণতে ঘোঁৰা বা ভেড়া আদি দাতা প্ৰাণী ব্যৱহাৰ কৰি এণ্টিভেনম উৎপাদন কৰা হয়। দাতা প্ৰাণীটোক মৃত্যু হ’ব পৰাতকৈ কম মাত্ৰাৰ এটা বা ততোধিক বিষ প্ৰয়োগ কৰি অতিপ্ৰতিৰোধী কৰি তোলা হয়। ইয়াৰ ফলত দাতা প্ৰাণীটোৰ দেহত বিষ নিষ্ক্ৰিয়কৰণকাৰী প্ৰতিদেহৰ প্ৰতিক্ৰিয়া উৎপন্ন হয়। তাৰ পিছত নিৰ্দিষ্ট ব্যৱধানত দাতা জন্তুৰ পৰা তেজ সংগ্ৰহ কৰি তেজৰ পৰা নিষ্ক্ৰিয়কৰণকাৰী প্ৰতিদেহ নিষ্কাষণ কৰি এণ্টিভেনম উৎপন্ন কৰা হয়।[4]
শ্ৰেণীবিভাজন
[সম্পাদনা কৰক]একযোজী বনাম বহুযোজী
[সম্পাদনা কৰক]উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা প্ৰতিজন (বিষ) ওপৰত নিৰ্ভৰ কৰি সাপৰ এণ্টিভেনমৰ শ্ৰেণীবিভাজন কৰিব পাৰি। যদিহে অতিপ্ৰতিৰোধী প্ৰক্ৰিয়াত কেৱল এটা প্ৰজাতিৰ সাপ বিষ ব্যৱহাৰ কৰি এণ্টিভেনম আহৰণ কৰা হয়, তেন্তে ইয়াক একযোজী (monovalent) এণ্টিভেনম বুলি গণ্য কৰা হয়। যদি এণ্টিভেনমত দুটা বা তাতকৈ অধিক প্ৰজাতিৰ সাপৰ বিষ নিষ্ক্ৰিয়কাৰী প্ৰতিদেহ থাকে, তেন্তে ইয়াক বহুযোজী (polyvalent) এণ্টিভেনম বুলি গণ্য কৰা হয়।
প্ৰতিদেহৰ গঠন
[সম্পাদনা কৰক]এণ্টিভেনমৰ গঠনক সমগ্ৰ ইমিউন'গ্লুবুলিন জি (IgG) বা ইয়াৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি। সমগ্ৰ প্ৰতিদেহৰ উৎপাদনসমূহ গোটেই প্ৰতিদেহ অণু, প্ৰায়ে ইমিউন'গ্লুবুলিন জি (IgG)ৰে গঠিত, আনহাতে প্ৰতিদেহ অংশসমূহ গোটেই “ইমিউন’গ্ল’বিউলিন জি”ক Fab (মনোমেৰিক বান্ধনি) বা F(ab’)2 (ডাইমেৰিক বান্ধনি)ত ভাগ কৰি প্ৰস্তুত কৰা হয়। খণ্ডিত প্ৰতিজন বান্ধনি (fragment antigen binding) বা চমুকৈ Fab হৈছে নিৰ্বাচিত প্ৰতিজন বান্ধনি অঞ্চল, যি অঞ্চলত এটা প্ৰতিদেহৰ সৈতে এটা প্ৰতিজনৰ সংযোগ স্থাপন হয়। “ইমিউন’গ্ল’বিউলিন জি”ৰ দৰে প্ৰতিদেহ এটা পেপেইনে বিভাজিত কৰি তিনিটা খণ্ড উৎপন্ন কৰিব পাৰে। আনহাতে পেপচিনে ইয়াৰ পৰা দুটা খণ্ড উৎপন্ন কৰিব পাৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ WHO Model Formulary 2008. World Health Organization. 2009. পৃষ্ঠা. X. ISBN 9789241547659.
- ↑ "Horse immunization with short-chain consensus α-neurotoxin generates antibodies against broad spectrum of elapid venomous species". Nature Communications খণ্ড 10 (1): 3642. August 2019. doi:10.1038/s41467-019-11639-2. PMID 31409779.
- ↑ World Health Organization model list of essential medicines (21st list 2019 সম্পাদনা). প্ৰকাশক Geneva: World Health Organization. 2019. WHO/MVP/EMP/IAU/2019.06. License: CC BY-NC-SA 3.0 IGO.
- ↑ WHO Expert Committee on Biological Standardization (2017). "Annex 5; Guidelines for the production, control and regulation of snake antivenom immunoglobulins;Replacement of Annex 2 of WHO Technical Report Series, No. 964". WHO Expert Committee on Biological Standardization, sixty-seventh report. প্ৰকাশক Geneva, Switzerland: World Health Organization (WHO). পৃষ্ঠা. 197–388. WHO technical report series;1004. License: CC BY-NC-SA 3.0 IGO. ISBN 978-92-4-069645-7. ISSN 0512-3054. https://www.who.int/bloodproducts/AntivenomGLrevWHO_TRS_1004_web_Annex_5.pdf। আহৰণ কৰা হৈছে: 2020-01-20.