সমললৈ যাওক

হকিং সূচকাংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হকিং সূচকাংক (ইংৰাজী: Hawking Index)(HI) হৈছে এটা নকল (mock) গাণিতিক পৰিমাপ যাৰ জৰিয়তে গড় হিচাপত এজন মানুহে বাদ দিয়াৰ আগেয়ে কিতাপ এখন কিমানলৈকে পঢ়িব-তাৰ মাপাংকন কৰা হয়৷ ইয়াক আমেৰিকান গণিতজ্ঞ জৰ্ডান এলেনবাৰ্গে আৱিষ্কাৰ কৰিছিল আৰু ২০১৪ চনত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বাবে এটা ব্লগত ইয়াক সৃষ্টি কৰিছিল।[1] ইংৰাজ পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙৰ নামেৰে এই সূচীখনৰ নামকৰণ কৰা হৈছে, যাৰ কিতাপ এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইমক "সৰ্বকালৰ আটাইতকৈ অপঠিত কিতাপ" বুলি অভিহিত কৰা হৈছে।[2]

গণনা পদ্ধতি

[সম্পাদনা কৰক]

সূচকাংক গণনা কৰাৰ এলেনবাৰ্গৰ পদ্ধতিটো "জনপ্ৰিয় হাইলাইট"ৰ ওপৰত আধাৰিত৷ যিবোৰ প্ৰতিটো শিৰোনামৰ এমাজন কিণ্ডলৰ পাঠকে চিহ্নিত কৰা পাঁচটা আটাইতকৈ হাইলাইট কৰা অংশ। সমগ্ৰ ৰচনাখনত হাইলাইটৰ ব্যাপক প্ৰসাৰৰ অৰ্থ হ’ল বেছিভাগ পাঠকে সমগ্ৰ কিতাপখন পঢ়িছে, যাৰ ফলত সূচকাংকত উচ্চতা লাভ কৰিব। যদিহে হাইলাইটৰ বিস্তাৰ কেৱল কিতাপখনৰ আৰম্ভণিতহে দেখা যায়, তেন্তে ইয়াৰ অৰ্থ হ'ল কম সংখ্যক লোকেহে কিতাপখন সম্পূৰ্ণৰূপে পঢ়িছে আৰু এইদৰে ই সূচকাংকত কম নম্বৰ পাব।[3] সূচীটো সৃষ্টি কৰাৰ সময়ত এই তথ্যসমূহ সহজে প্ৰৱেশ কৰাটো সহজ আছিল, কাৰণ "জনপ্ৰিয় হাইলাইটসমূহ" সকলোৰে বাবে উপলব্ধ আছিল, কিন্তু তেতিয়াৰ পৰা এই তথ্যসমূহ কেৱল কিণ্ডলত কিতাপসমূহ কিনা লোকসকলৰ বাবেহে উপলব্ধ কৰা হৈছে।[2]

হকিং সূচকাংকৰ স্ক'ৰ

[সম্পাদনা কৰক]

এলেনবাৰ্গে যেতিয়া প্ৰথমবাৰৰ বাবে সূচীখন ব্যৱহাৰ কৰিছিল, তেতিয়া তেওঁ তলত দিয়া কিতাপকেইখনক উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছিল।[1][4][5]

গ্ৰন্থৰ নাম লেখক হকিং সূচকাংক
Hard Choices হিলাৰী ক্লিণ্টন ১.৯%
কেপিটেল ইন দ্যা টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰি থমাছ পিকেটি ২.৪%
ইনফাইনাত জেষ্ট ডেভিড ফষ্টাৰ ৱালেছ ৬.৪%
সময়ৰ চমু ইতিহাস ষ্টিফেন হকিং ৬.৬%
থিংকিং, ফাষ্ট এণ্ড শ্লৌ ডেনিয়েল কাহনেমেন ৬.৮%
লিন ইন শ্বেৰিল ছেণ্ডবাৰ্গ ১২.৩%
ফ্লেচ বয়ছ মাইকেল লুইচ ২১.৭%
ফিফটি শ্বেডছ্ অৱ গ্ৰে ই. এল জেমছ ২৫.৯%
গ্ৰেট গেটছবি এফ. স্কট ফিটজেৰাল্ড ২৮.৩%
কেটচিং ফায়াৰ চুজেন কলিন্স ৪৩.৪%
গোল্ডফিঞ্চ ডোনা টাৰ্ট ৯৮.৫%
  1. 1 2 Ellenberg, Jordan (July 3, 2014). "The Summer's Most Unread Book Is…". The Wall Street Journal. https://www.wsj.com/articles/the-summers-most-unread-book-is-1404417569 আহৰণ কৰা হৈছে: January 1, 2020.
  2. 1 2 Donk, Kelsey (December 9, 2019). "The Hawking Index Is a Mathematical Measure of When People Give Up on Books". Curiosity. Archived from the original on January 1, 2020. https://web.archive.org/web/20200101104750/https://curiosity.com/topics/the-hawking-index-is-a-mathematical-measure-of-when-people-give-up-on-books-curiosity/ আহৰণ কৰা হৈছে: January 1, 2020.
  3. Sorokanich, Bob (July 6, 2014). "The Books Everyone Starts and No One Finishes, According to Amazon". Gizmodo. https://gizmodo.com/the-books-everyone-starts-and-no-one-finishes-accordin-1600866004 আহৰণ কৰা হৈছে: January 1, 2020.
  4. Dearden, Lizzie (July 8, 2014). "The books many start but few finish: Top 'unread' bestsellers revealed". The Independent. https://www.independent.co.uk/arts-entertainment/books/news/the-books-many-start-but-few-finish-top-unread-bestsellers-revealed-9590910.html আহৰণ কৰা হৈছে: January 1, 2020.
  5. "Top ten most famous books we never finish". Daily Telegraph. https://www.telegraph.co.uk/culture/books/booknews/11142901/Top-ten-most-famous-books-we-never-finish.html আহৰণ কৰা হৈছে: January 1, 2020.