হস্তমৈথুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এহাল সমকামী দম্পতীৰ মাজত হস্তমৈথুনৰ দৃশ্য

হস্তমৈথুন হৈছে এক যৌন কাৰ্য, যি হয় ফ'ৰপ্লে বা প্ৰৱেশহীন যৌন সম্ভোগ হিচাপে কৰা হয়, য'ত যৌন আনন্দ, যৌন উত্তেজনাৰ বাবে উদ্দীপনা সৃষ্টি কৰিবলৈ এজন ব্যক্তিয়ে নিজে বা আন এজন ব্যক্তিৰ দ্বাৰা পুৰুষ লিঙ্গ বা অণ্ডকোষত হস্তচালিত ভাৱে উত্তেজনা সৃষ্টি কৰে। ইয়াৰ পৰিণতি ৰাগমোচন বা বীৰ্য্য স্খলন হ'ব পাৰে।[1]

একোটা হস্তমৈথুন প্ৰক্ৰিয়া উভয় অংশগ্ৰহণকাৰীৰ বাবে যৌন উত্তেজক হ'ব পাৰে তথা ই একক ভাৱে নিজৰ শৰীৰৰ সৈতে সমাপন কৰা অন্তৰংগ যৌন কাৰ্য। কোনো ব্যক্তিয়ে তেওঁৰ পুৰুষ সঙ্গীৰ সৈতে হস্তমৈথুনত লিপ্ত হয় যাতে প্ৰৱেশহীন যৌন ক্ৰিয়াৰ পৰা বিৰত থাকিব পাৰি। সাধাৰণতে লিঙ্গ প্ৰৱেশ মূলক যৌন ক্ৰিয়াৰ দ্বাৰা হ'ব পৰা বিভিন্ন অসুবিধা সমূহ যেনে যৌন ৰোগৰ সংক্ৰমণ (এছটিআই), গৰ্ভধাৰণ ইত্যাদিৰ পৰা আঁতৰি থাকিবলৈ হস্তমৈথুন এক ফলপ্ৰসূ যৌন ক্ৰিয়া। কোনো কোনো লোকে নিজৰ কুমাৰীত্ব ৰক্ষাৰ বাবেও এই ধৰণৰ অপ্ৰৱেশমূলক যৌন কাৰ্যত লিপ্ত হয়।[2]

ব্যৱসায় ভিত্তিত কিছুমান মাছাজ পাৰ্লাৰত নাৰী কৰ্মীৰ দ্বাৰা পুৰুষ গ্ৰহকক আৰাম তথা আনন্দ দিবৰ হেতু তেওঁলোকৰ যৌনাংগৰ মালিচ কৰি দিয়াৰ সেৱা আগবঢ়োৱা হয়। এই প্ৰক্ৰিয়া যৌন উত্তেজক হোৱা বাবে এটা সময়ত পুৰুষজনে বীৰ্যপাত কৰে, ইয়াক ইংৰাজী পৰিভাষাত "happy ending" বা সুখী সমাপ্তি বুলি কোৱা হয়।[3][4] সাধাৰণতে এই কাৰ্যত পুৰুষ বা মহিলা উভয় কৰ্মী জড়িত হ'ব পাৰে। নিউইয়ৰ্ক চহৰৰ দৰে কিছুমান চহৰত এনে সুবিধা থকা পাৰ্লাৰ সমূহত এই সেৱাৰ বাবদ গ্ৰাহকে ৪০ ডলাৰ পৰ্যন্ত অতিৰিক্ত মূল্য পৰিশোধ কৰিব লাগে। অৱশ্যে এই কাৰ্যত পুৰুষ গ্ৰাহকৰ দ্বাৰা মহিলা কৰ্মীক স্পৰ্শ কৰিব নোৱাৰৰ নিয়ম বন্ধা থাকে।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Handjob". Handjob. Oxford Advanced Learner's Dictionary. https://www.oxfordlearnersdictionaries.com/definition/english/handjob। আহৰণ কৰা হৈছে: September 20, 2020. 
  2. Bryan Strong; Christine DeVault; Theodore F. Cohen (2010). The Marriage and Family Experience: Intimate Relationship in a Changing Society. Cengage Learning. পৃষ্ঠা. 186. ISBN 978-0-534-62425-5. https://books.google.com/?id=qjvoSOMB5JMC&pg=PA186। আহৰণ কৰা হৈছে: October 8, 2011. "Most people agree that we maintain virginity as long as we refrain from sexual (vaginal) intercourse. But occasionally we hear people speak of 'technical virginity' [...] Data indicate that 'a very significant proportion of teens ha[ve] had experience with oral sex, even if they haven't had sexual intercourse, and may think of themselves as virgins' [...] Other research, especially research looking into virginity loss, reports that 35% of virgins, defined as people who have never engaged in vaginal intercourse, have nonetheless engaged in one or more other forms of heterosexual sexual activity (e.g., oral sex, anal sex, or mutual masturbation)." 
  3. Feifer, Jason (October 6, 2015). "I Booked a Massage at a High-End Resort and Got a Surprise Happy Ending". Maxim. http://www.maxim.com/maxim-man/massage-happy-ending-sex-life-2015-10। আহৰণ কৰা হৈছে: December 18, 2016. 
  4. "What It's Really Like To Get a Happy Ending Massage". Cosmopolitan. November 20, 2015. http://www.cosmopolitan.com/sex-love/news/a49624/whats-it-like-to-get-a-happy-ending-massage/। আহৰণ কৰা হৈছে: December 18, 2016. 
  5. "Best happy-ending parlors". Time Out New York. January 25, 2011. http://newyork.timeout.com/sex-dating/42097/best-happy-ending-parlors.