হস্তান্তৰযোগ্য পত্ৰ
হস্তান্তৰযোগ্য পত্ৰ (ইংৰাজী: Negotiable instrument) হ’ল এখন লিখিত দলিল যাক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। হস্তান্তৰযোগ্য শব্দটিৰ অৰ্থ হ’ল হস্তান্তৰ কৰিব পৰা আৰু পত্ৰ শব্দটিৰ অৰ্থ হ’ল লিখিত দলিল বা নথি।[1]
সংজ্ঞা
[সম্পাদনা কৰক]হস্তান্তৰযোগ্য পত্ৰ আইন ১৮৮১ (Negotiable instrument Act 1881) ৰ ধাৰা ১৩ অনুযায়ী পত্ৰৰ বাহকক বা বাহকৰ নিৰ্দেশ ক্ৰমে পৰিশোধ কৰিব লগা প্ৰতিশ্ৰুতি পত্ৰ, বিনিময় পত্ৰ আৰু চেকক হস্তান্তৰযোগ্য পত্ৰ বোলা হয়।[1][2]
ন্যায়াধীশ উইলচ (Justice Wills) ৰ মতে, হস্তান্তৰযোগ্য পত্ৰ বৈধভাৱে লাভ কৰা দলিল বা নথি, যাক গ্ৰহীতা বা প্ৰাপকে হস্তান্তৰকাৰী ত্ৰুটিপূৰ্ণ গৰাকীস্বত্বও ইয়াৰ উল্লেখ থকা সম্পত্তিৰ ওপৰত উচিত অধিকাৰ সাব্যস্ত কৰিব পাৰি।[2][1]
ইতিহাস
[সম্পাদনা কৰক]ভাৰতত, খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত মোৱামৰীয়া সময়ছোৱাত আদেশ নামৰ এখন নথি ব্যৱহাৰ কৰা হৈছিল, যিটো এজন বেংকাৰৰ ওপৰত এক আদেশ আছিল যে তেওঁ নোটৰ ধন তৃতীয় ব্যক্তিক পৰিশোধ কৰিব বিচাৰে, যাক আজি বুজি পোৱাৰ দৰে বিনিময় বিলৰ সংজ্ঞাৰ সৈতে সংযোজন কৰা হয়।
প্ৰাচীন ৰোমানসকলে খ্ৰীষ্টপূৰ্ব ১ম শতিকাত প্ৰেস্ক্ৰিপ্টেচন বুলি জনা এক প্ৰাৰম্ভিক প্ৰকাৰৰ চেক ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়[3] আৰু ২০০০ বছৰীয়া ৰোমান প্ৰতিশ্ৰুতি পত্ৰ পোৱা গৈছে।[4]
বিনিময় পত্ৰ আৰু প্ৰতিশ্ৰুতি পত্ৰৰ সাধাৰণ প্ৰ’টোটাইপচ্ (Common prototypes) চীনত উদ্ভৱ হৈছিল, য’ত ৮ম শতিকাত টাং ৰাজবংশৰ শাসনৰ সময়ত দীৰ্ঘ দূৰত্বত ধন সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ ফেইটশ্যান (feitsyan) নামৰ বিশেষ সঁজুলি ব্যৱহাৰ কৰা হৈছিল।[5]
বৈশিষ্ট্য[1]
[সম্পাদনা কৰক]- হস্তান্তৰযোগ্য পত্ৰসমূহ লিখিত হ’ব লাগিব।
- হস্তান্তৰযোগ্য পত্ৰসমূহ হস্তান্তৰযোগ্য।
- হস্তান্তৰযোগ্য পত্ৰৰ আদেশ বা প্ৰতিশ্ৰুতি চৰ্তবিহীন হ’ব লাগিব।
- হস্তান্তৰযোগ্য পত্ৰ দাবী কৰাৰ লগে লগে নতুবা নিৰ্দিষ্ট ম্যাদৰ অন্তত পৰিশোধযোগ্য।
- হস্তান্তৰযোগ্য পত্ৰৰ আদেশ বা প্ৰতিশ্ৰুতি কেৱল টকা দিয়াৰ কাৰণে হ’ব লাগিব।
- কোনো এক নিৰ্দিষ্ট ব্যক্তিয়ে আন এক নিৰ্দিষ্ট ব্যক্তিক বা পত্ৰৰ বাহকক চাহিদামতে টকা আদায় দিয়া হ’ব লাগিব।
- হস্তান্তৰযোগ্য পত্ৰত টকাৰ পৰিমাণ নিৰ্দিষ্টভাৱে উল্লেখ থাকিব লাগিব।
- হস্তান্তৰযোগ্য পত্ৰ প্ৰদান কৰি নতুবা অনুমোদনৰ জৰিয়তে ইয়াৰ মালিকীস্বত্ব হস্তান্তৰ কৰা হয়।
- সৎ বিশ্বাসত, নিৰ্দিষ্ট আৰ্হিত, ম্যাদ পূৰ্ণ হোৱাৰ আগেয়ে আৰু মূল্যৰ বিনিময়ত গ্ৰহণ কৰা ব্যক্তিকে যথাবিহিত ধাৰক বুলি কোৱা হয়।
- যথাবিহিত ধাৰকে ম্যাদৰ অন্তত মূল্য আদায় নাপালে নিজৰ নামত আদালতত গোচৰ তৰিব পাৰে।
হস্তান্তৰযোগ্য পত্ৰৰ প্ৰকাৰ
[সম্পাদনা কৰক]হস্তান্তৰযোগ্য পত্ৰক প্ৰধানতকৈ দুটা ভাগত ভাগ কৰা হয়।
- হস্তান্তৰযোগ্য পত্ৰ আইন ১৮৮১ ৰ দ্বাৰা বিবেচিত পত্ৰ।
- ব্যৱসায় বাণিজ্যত ব্যৱহাৰ আৰু ৰীতি-নীতিৰ দ্বাৰা বিবেচিত হস্তান্তৰযোগ্য পত্ৰ।
হস্তান্তৰযোগ্য পত্ৰৰ প্ৰকাৰ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
|
প্ৰতিশ্ৰুতি পত্ৰ আৰু বিনিময় পত্ৰ হৈছে দুটা প্ৰাথমিক হস্তান্তৰযোগ্য পত্ৰ।
প্ৰতিশ্ৰুতি পত্ৰ
[সম্পাদনা কৰক]ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ আইন ১৮৮১ৰ ধাৰা ৪ অনুযায়ী প্ৰতিশ্ৰুতি পত্ৰ হ’ল প্ৰতিশ্ৰুতি দাতাৰ স্বাক্ষৰিত এক লিখিত দলিল (বেংক নোট বা চলিত নোট নহয়), য’ত চৰ্তবিহীনভাৱে নিৰ্দিষ্ট পৰিমাণৰ টকা নিৰ্দিষ্ট ব্যক্তিক বা তেওঁৰ আদেশ মৰ্মে আন কোনো ব্যক্তিক বা বাহকক আদায় দিবলৈ প্ৰতিশ্ৰুতি দিয়া হয়।
প্ৰতিশ্ৰুতি পত্ৰত দুটা পক্ষ থাকে। প্ৰস্তুতকাৰক (Maker) আৰু প্ৰাপক (Payee)।
বিনিময় পত্ৰ
[সম্পাদনা কৰক]ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ আইন ১৮৮১ৰ ধাৰা ৫ অনুযায়ী প্ৰস্তুতকাৰক (লেখক) ৰ দ্বাৰা স্বাক্ষৰিত যি লিখিত দলিলত কোনো এক নিৰ্দিষ্ট ব্যক্তিক নিৰ্দিষ্ট পৰিমাণৰ টকা আন নিৰ্দিষ্ট ব্যক্তি বা তেওঁৰ নিৰ্দেশ অনুসৰি বা দলিলৰ ধাৰকক চৰ্তবিহীনভাৱে আদায় দিবলৈ আদেশ দিয়া হয় তাকে বিনিময় পত্ৰ বা বিল বুলি কোৱা হয়।
বিনিময় পত্ৰত তিনিটা পক্ষ থাকে। প্ৰস্তুতকাৰক বা লিখক, বিল গ্ৰহীতা বা স্বীকৃতি দাতা আৰু প্ৰাপক।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 শৰ্মা, সন্তোষ কুমাৰ; ডেকা, শৈলেন (May, 2015). বেংকিং. আদিত্য বুক ডিষ্ট্ৰিবিউটৰ. পৃষ্ঠা. 173.
- ↑ 2.0 2.1 "Negotiable instrument Act 1881". Sdcamzn.in. http://www.sdcamzn.in/Images/DisclosureFile/NEGINSTACT.pdf। আহৰণ কৰা হৈছে: 27 Sep 2020.
- ↑ Durant, Will (1944). Caesar and Christ: a history of Roman civilization and of Christianity from their beginnings to A.D. 325. The story of civilization. 3. প্ৰকাশক New York: Simon & Schuster. পৃষ্ঠা. 749.
- ↑ "Ancient Roman IOUs Found Beneath Bloomberg's New London HQ". 2016-06-01. https://news.nationalgeographic.com/2016/05/ancient-rome-London-Londinum-Bloomberg-archaeology-Boudicca-archaeology/.
- ↑ Moshenskyi, Sergii (2008). History of the Weksel. Xlibris Corporation. ISBN 978-1-4363-0693-5. https://books.google.com/books?id=8UBDndXgNIYC&pg=PA50.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত হস্তান্তৰযোগ্য পত্ৰ সম্পৰ্কীয় মিডিয়া ফাইল।