হাড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মানুহৰ কংকালতন্ত্ৰ (Human skeletal system) :  

            শৰীৰৰ টান অংশবোৰক একেলগে কংকালতন্ত্ৰ বোলা হয়। দেহৰ বাহিৰফালে থকা টান অংশবোৰক বহিঃকংকাল (Exoskeleton) আৰু শৰীৰৰ ভিতৰফালে থকা টান অংশবোৰক অন্তঃকংকাল (Endoskeleton) বোলা হয়। বহিঃকংকালবোৰে শৰীৰৰ কোমল অংশবোৰক সুৰক্ষা প্ৰদান কৰে। সৰীসৃপ, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হাতোঁৰা (Claws), নখ (Nails), খুৰা (Hoofs), শিং (Horn) আৰু চৰাইৰ পাখিবোৰ হ’ল বহিঃকংকালৰ উদাহৰণ। আকৌ শৰীৰৰ ভিতৰত থকা অন্তঃকংকালে শৰীৰটোক এটা নিৰ্দিষ্ট আকৃতি প্ৰদান কৰাৰ উপৰিও শৰীৰৰ বিভিন্ন অংগৰ সঞ্চালনত সহায় কৰে। অন্তঃকংকালতন্ত্ৰ অস্থি (Bone) আৰু কোমলাস্থিৰে (Cartilage) গঠিত। অস্থি আৰু কোমলাস্থিবোৰ হ’ল এক বিশেষ ধৰণৰ সংযোজী কলা। অস্থিৰ ভৌমদ্ৰব্যত কেলছিয়াম লৱণ থাকে বাবে এইবোৰ টান হয়; আনহাতে কোমলাস্থিৰ

ভৌমদ্ৰব্যত কন্দ্ৰইটিন (Chondoitin) নামৰ এবিধ লৱণ থকাৰ বাবে এইবোৰ লেহুকা ধৰণৰ হয়। মানুহৰ কংকালতন্ত্ৰত মুঠতে 206 ডাল হাড় আৰু কেইডালমান কোমলাস্থি থাকে। মানুহৰ সৰ্বমুঠ 206 ডাল হাড়ৰ লাওখোলাটোত 29 ডাল, মেৰুদণ্ডত 26 ডাল, হাত আৰু ভৰিত 30 ডালকৈ, বক্ষচক্ৰত 2 ডালকৈ, শ্ৰোণীচক্ৰত 1 ডালকৈ, 12 যোৰ কামিহাড় আৰু 1 ডাল উৰোস্থি হাড় থাকে।

            অন্তঃকংকালতন্ত্ৰক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি, যেনে – অক্ষীয় কংকাল (Axial skeleton) আৰু উপাংগীয় কংকাল (Appendicular skeleton)।

            1. অক্ষীয় কংকাল (Axial skeleton): লাওখোলা (Skull), মেৰুদণ্ড (Vertebral column), উৰোস্থি (Sternum) আৰু কামিহাড়েৰে (Rib) অক্ষীয় কংকালতন্ত্ৰটো গঠিত।

            2. উপাংগীয় কংকাল (Appendicular skeleton): বক্ষবেষ্টনী (Pectoral girdle), শ্ৰোণীবেষ্টনী(Pelvic girdle), হাত আৰু ভৰিৰ হাড়বোৰক একেলগে উপাংগীয় কংকাল বোলে।

1. অক্ষীয় কংকাল (Axial skeleton):

            লাওখোলা (Skull):  লাওখোলাটো কৰোটিয় আ্ৰৰু মুখমণ্ডলীয় হাড়েৰে গঠিত। লাওখোলাটো কশেৰুকামালাৰ শীৰ্ষত অৱস্থিত আৰু ইয়াত থকা হাড়বোৰ হ’ল :–

             i.     কৰোটিৰ হাড় (Bones of the cranium): কৰোটিত মুঠ 8 ডাল হাড় থাকে। এইবোৰ হ’ল – এডাল ললাটিকা অস্থি (Frontal bone), দুডাল ভিত্তিয় অস্থি (Parietal bone), দুডাল শংখাস্থি হাড় (Temporal bone), এটা শিৰনিম্নাস্থি কন্দ বা অক্সিপিটেল কণ্ডাইল (Occipital condyle), এডাল স্ফেনয়’ড হাড় (Sphenoid bone) আৰু এডাল এথময়ড অস্থি (Ethmoid bone)। কৰোটিকা গহ্বৰটোৱে (Cranial cavity) মস্তিষ্কক আৱৰি ৰাখে। কৰোটিকা গহ্বৰটো ফৰামেন মেগ্‌নাম বা মহাৰন্ধ্ৰৰে (Foramen magnum) পশ্চাদ দিশত মুক্ত হৈছে।

           ii.     কৰ্ণ অস্থিকা (Ear ossicles): মুঠ কৰ্ণ অস্থিকাৰ সংখ্যা হ’ল 6 ডাল। এইবোৰ হ’ল – দুডাল মেলিয়াছ (Malleus), দুডাল ইন্‌কাছ (Incus) আৰু দুডাল ষ্টেপ্‌ছ (Stapes)।

         iii.     হাইয়ড অস্থি (Hyoid bone): হাইয়ড হাড়ডাল ডিঙিৰ ওপৰফালে থকা লেৰিংছৰ ঠিক ওপৰ ফালৰ বেৰত অৱস্থিত। যদিও ইয়াক প্ৰকৃততে লাওখোলাৰ হাড় বুলি গণ্য কৰা নহয় তথাপিও ইয়াক লাওখোলাৰ এটা অংশ বুলি কব পাৰি। ইয়াৰ লগত জিভা আৰু মুখগহ্বৰৰ মজিয়াৰ কিছুমান পেশী সংযোজিত হৈ থাকে যদিও আন কোনো হাড়ৰ সতৈ ইয়াৰ কোনো সংযোগ নেথাকে।

         iv.      মুখমণ্ডলীয় হাড় (Facial bones): মুখমণ্ডলত সৰ্বমুঠ 14 ডাল হাড় থাকে। এইবোৰ হ’ল – দুডাল গণ্ডাস্থিক হাড় (Zygomatic bone), দুডাল উৰ্ধহনু (Maxilla), দুডাল নাসিকাস্থি (Nasal bones), দুডাল অশ্ৰু অস্থি (Lacrymal bones), এডাল সীৰিকা বা ভ’মাৰ (Vomer), দুডাল তালব্য অস্থি (Palatine bones), দুডাল নাসাশুক্তিকা (Nasalis concha) আৰু এডাল নিম্নহনু (Mandible)।

            লাওখোলাৰ কাম (Functions of the skull): 1. লাওখোলাৰ প্ৰধান কামটো হ’ল মস্তিষ্কটোক সুৰক্ষা প্ৰদান কৰা, 2. লাওখোলাৰ লগত সংযুক্ত হৈ থকা হনুৰ হাড়ে খাদ্য বস্তু চোবোৱা, গুড়ি কৰা আদি কাৰ্যত সহায় কৰে, 3. মুখমণ্ডলত থকা সংবেদী অংগবোৰক সুৰক্ষা প্ৰদান কৰা, 4. হাইয়’ড সজুলীয়ে ডিঙিটোক সুৰক্ষা প্ৰদান কৰে।

            কশেৰুকামালা বা ৰাজহাড় (Vertebral column or backbone): ৰাজহাড় হ’ল মানুহৰ শৰীৰৰ মুখ্য ভাৰবাহী অস্থি। ই কে’বাটাও সৰু সৰু হাড়ৰ সমষ্টি। এই সৰু সৰু হাড়বোৰক কশেৰুকা (Vertebra) বোলা হয়। মানুহৰ ৰাজহাড়ডালত 26টা কশেৰুকা থাকে আৰু ই পৃষ্ঠীয়ফালে অৱস্থিত। কশেৰুকাবোৰৰ মাজেৰে এটা সুৰঙ্গ থাকে আৰু ইয়াক স্নায়ু সুৰঙ্গ (Neural canal) বোলা হয়। মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুৰজ্জুডাল (Spinal chord) স্নায়ু সুৰঙ্গৰ মাজত সোমাই থাকে। ৰাজহাড়ৰ শীৰ্ষত থকা প্ৰথম কশেৰুকাটোক এট্‌লাচ্‌ (Atlas) বোলা হয় আৰু ই লাওখোলাটোৰ শিৰনিম্নাস্থি কন্দ বা অক্সিপিটেল কণ্ডাইল (Occipital condyle) লগত সংযুক্ত হৈ থাকে। মানুহৰ শিৰনিম্নাস্থি কন্দটো দুটা কন্দযুক্ত। এনেকুৱা ধৰণৰ লাওখোলাক দ্বিকন্দীয় লাওখোলা (Dicondylic skull) বোলা হয়। ৰাজহাড়ডালক কে’বাটাও খণ্ডত ভগোৱা হৈছে যেনে  7টা গ্ৰীবা কশেৰুকাৰে (Cervical vertebrae) গঠিত গ্ৰীবা অঞ্চল, 12টা বক্ষীয় কশেৰুকাৰে (Thoracic vertebrae) গঠিত বক্ষ অঞ্চল, 5টা কঁকালীয় কশেৰুকাৰে (Lumber vertebrae) গঠিত কঁকালীয় বা কটি অঞ্চল, 1টা ত্ৰিকাস্থি কশেৰুকাৰ (Sacral) ত্ৰিকাস্থি অঞ্চল আৰু 1টা পুচ্ছ কশেৰুকাৰে (Coccyx) গঠিত পুচ্ছ অঞ্চল। ত্ৰিকাস্থি কশেৰুকাটোত 5টা কশেৰুকা যোৰা লাগি এটুকুৰা হাড়ৰ সৃষ্টি কৰিছে আৰু 4টা কশেৰুকা যুক্ত হৈ পুচ্ছ কশেৰুকাটো সৃষ্টি কৰিছে।

            মানুহৰ কশেৰুকা সূত্ৰটো (Vertebral Formula) হ’ল – C7T12L5S(5)C(4)

            কশেৰুকাৰ কাম (Function of Vertebral Column): 1. ই স্নায়ুৰজ্জুডালক সুৰক্ষা প্ৰদান কৰে, 2. ঠিয় হৈ থকা নাইবা গতিশীল অৱস্থাত শৰীৰৰ ভাৰ বহন কৰে, 3.অগ্ৰ গ্ৰীবা কশেৰুকাবোৰে মূৰটো লৰোৱাত সহায় কৰে, 4. আন্তঃকশেৰুকী থালবোৰৰ (Inter-vertebral discs) উপস্থিতিৰ কাৰণে ৰাজহাড়ডাল ভাঁজ লগাব পাৰা বিধৰ হয়।

            উৰোস্থি (Sternum): বুকুৰ ছালৰ তলত ঠিক সোমাজতে থকা চেপেটা হাড়ডালক উৰোস্থি বোলা হয়। ই প্ৰায় 15 ছে. মি. মান দীঘল হয় আৰু 7যোৰ প্ৰকৃত কামিহাড় ইয়াৰ লগত সংযুক্ত হৈ থাকে। উৰোস্থিডালে বক্ষীয় অঞ্চলটোক সুৰক্ষা প্ৰদান কৰাৰ উপৰিও শ্বসন কাৰ্যত সহায় কৰে।

            কামিহাড় (Ribs): কামিহাড়ৰ মুঠ সংখ্যা 12 যোৰ। কামিহাড়বোৰৰ পৃষ্ঠীয় প্ৰান্তবোৰৰ প্ৰত্যেকতে দুখনকৈ সন্ধিপৃষ্ঠ থাকে বাবে এইবোৰক দ্বিশিৰীয় বা বাইচেফালিক (Bicephalic surface) বুলি কোৱা হয়। প্ৰথম 7যোৰ কামিহাড়ক প্ৰকৃত কামিহাড় (True ribs) বোলা হয়। পৃষ্ঠীয় দিশত এইবোৰ ৰাজহাড়ৰ লগত সন্ধিপৃষ্ঠৰ দ্বাৰা সংযুক্ত হৈ থাকে। অংকীয় দিশত এইবোৰে হায়ালিন কোমলাস্থিৰ জৰিয়তে উৰোস্থিৰ লগত সংযুক্ত হৈ থাকে। অষ্টম, নবম আৰু দশম কামিহাড় কেইডাল হায়ালিন কোমলাস্থিৰ দ্বাৰা সপ্তম কামিহাড়ৰ অংকীয় মূৰটোৰ লগত যুক্ত হৈ থাকে। এই তিনিডাল কামিহাড়ক অপ্ৰকৃত বা ভাৰটিব্ৰোকন্‌ডেল (False or vertebrochondal)  কামিহাড় বোলে। একাদশ আৰু দ্বাদশ কামিহাড় দুযোৰৰ অংকীয় দিশটো মুক্ত হৈ থাকে বাবে ইহঁতক প্লৱমান (Floating) কামিহাড় বোলে। বক্ষীয় কশেৰুকা, কামিহাড়বোৰ আৰু দুয়োফালৰ অংসফলক বা স্কাপুলা (Scapula) দুডালে লগ লাগি বক্ষপিঞ্জৰটো (Rib cage) সৃষ্টি কৰিছে।

            বক্ষপিঞ্জৰটোৱে বক্ষগহ্বৰৰ ভিতৰত থকা হৃদপিণ্ড, হাঁওফাঁও আদিক সুৰক্ষা প্ৰদান কৰে। তদুপৰি কামিহাড়বোৰে শ্বসন কাৰ্যৰ লগত জড়িত পেশীবোৰক ধৰি ৰাখি শ্বসন কাৰ্যত সহায় কৰে।

2. উপাংগীয় কংকাল (Appendicular skeleton):

            বক্ষ বেষ্টনী (Pectoral Girdle): প্ৰত্যেকডাল বক্ষ বেষ্টনী দুডাল হাড়ৰ সমষ্টি – কণ্ঠাস্থি (Clavicle) আৰু অংসফলক (Scapula)। পিঠিৰ দুয়োফালে থকা দ্বিতীয় আৰু সপ্তম কামিহাড়ৰ মাজত অৱস্থিত চেপেটা ত্ৰিভুজাকৃতিৰ হাড়ডালক অংসফলক বোলে। অংসফলকৰ পৃষ্ঠীয় ভাগৰ পৰা প্ৰৱৰ্দ্ধিত হৈ অহা চোকা দাতিটোক এক্ৰমিয়ন (Acromion) বোলে। কণ্ঠাস্থিডাল ইয়াৰ লগত সংযুক্ত হৈ থাকে। এক্ৰ’মিয়নৰ তলৰফালে এটা গাত থাকে আৰু ইয়াক গ্লেন’ইড গহ্বৰ (Glenoid cavity) বোলে।

            শ্ৰোণী বেষ্টনী (Pelvic girdle) : শ্ৰোণী বেষ্টনী দুডাল কক্সা (Coxa) নামৰ হাড়ৰ দ্বাৰা গঠিত আৰু ই শৰীৰৰ ভাৰ বহন কৰে। ইয়াৰ প্ৰত্যেকডাল কক্সা ইলিয়াম (Ilium), ইস্কিয়াম (Ischium) আৰু পিউবিচ (Pubis) নামৰ তিনিডাল হাড়ৰ সমষ্টি। এই তিনিডাল হাড়ৰ সন্ধিস্থলত এচিটাবুলাম (Acetabulum) নামৰ এটা গাঁত থাকে। এই গাঁতটোতে কৰঙনৰ ফিমাৰ নামৰ হাড়ডালৰ মূৰটো সোমাই থাকে। দুয়োফালে থকা শ্ৰোণী বেষ্টনীৰ হাড়ৰ মধ্যঅংকীয় সংযোগ অঞ্চলত ডাঠ অঁহীয়া কোমলাস্থিৰ দ্বাৰা নিৰ্মিত পিউবিচ চিম্ফাইচিচ (Pubis symphysis) থাকে।

            অগ্ৰপাদ বা হাতৰ হাড় (Bones of forelimbs or hands): অগ্ৰপাদৰ হাড়বোৰ হ’ল – প্ৰগণ্ডিকাস্থি বা হিউমেৰাচ (Humerus), ৰেডিয়াচ আৰু আলনা (Radius-ulna), মণিবন্ধাস্থি বা কাৰপেলচ্‌ (Carpels – Wrist bone), কৰতলাস্থি বা মেটাকাৰ্পেল্‌চ্‌ (Metacarpels – Palm bone) আৰু অংগুলাস্থি (Phalanges – Finger bones)। প্ৰত্যেক পাদতে 30 ডালকৈ

হাড় থাকে। ঊৰ্দ্ধ বাহুৰ (Upper arm) হাড়ডালক হিউমেৰাচ বোলা হয়। দণ্ডাকৃতিৰ এই হাড়ডালৰ ওপৰ মূৰত থকা গোলকটো বক্ষবেষ্টনীৰ স্কাপুলাত থকা গ্লেনইড গহ্বৰৰ লগত সংযুক্ত হৈ থাকে তলৰ মূৰটো নিম্ন বাহুৰ (Lower arm) ৰেডিয়াচ আৰু আল্‌নাৰ লগত সংযুক্ত হৈ থকে। নিম্ন বাহুত থকা ৰেডিয়াচ আৰু আল্‌নাৰ আনটো মূৰ মণিবন্ধত (Wrist) থকা কাৰ্পেল নামৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে। 8 টুকুৰা হাড় লগ হৈ কাৰ্পেল নামৰ হাড়ৰ সৃষ্টি হৈছে। হাতৰ তলুৱাত (Palm) থকা হাড়ক মেটাকাৰৰ্পেল্‌চ্‌ বোলা হয়। ই 5 টুকুৰা হাড়ৰ সমষ্টি। আঙুলিত থকা হাড়বোৰক অংগুলাস্থি বোলে। ইয়াৰ মুঠ সংখ্যা 14 ডাল। বুঢ়া আঙুলিটোত 2 ডাল আৰু অন্য আঙুলিবোৰত 3 ডালকৈ অংগুলাস্থি থাকে।

            পশ্চাদপাদ বা ভৰিৰ হাড় (Bones of hindlimbs or legs): পশ্চাদপাদ বা ভৰিতো 30 ডালকৈ হাড় থাকে। উৰুৰ হাড়ডালক উৰ্বস্থি বা ফিমাৰ বোলে। মানুহৰ শৰীৰৰ এইডালেই আটাইতকৈ দীঘল হাড়। উৰ্বস্থিৰ ওপৰৰ মূৰটো শ্ৰোণীবেষ্টনীৰ এচিটাবুলাম নামৰ গাঁতটোত খাপ খাই লাগি থাকে। তলৰ ফালে ই টিবিয়াৰ লগত লগ লাগি থাকে। উৰুৰ নিম্নাংশত থকা হাড় দুডালক  জংঘাস্থি বা টিবিয়া (Tibia) আৰু অনুজংঘাস্থি বা ফিবুলা (Fibula) বোলে। ইয়াৰে টিবিয়াডাল দীঘল আৰু শক্তিশালী। আঁঠুত থকা টুপী আকৃতিৰ বৃত্তাকাৰ আৰু ঘূৰণীয়া হাড়ডালক পেটেলা (Patella) বোলে। ভৰিৰ গোৰোহাত (Ankle) থকা হাড়বোৰক গুলফাস্থি বা টাৰ্চেল (Tarsels) বোলা হয়। গোৰোহাটোত 7 টুকুৰা গুলফাস্থি থাকে। গুলফাস্থিৰ সম্মুখৰ পিনে 5 ডাল প্ৰপদিকাস্থি (Metatarsels) থাকে। প্ৰপদিকাস্থিৰ পৰা আঙুলিলৈ বৃস্তিত হাড়বোৰক পদাংগুলালাস্থি (Phalanges) বোলে। মুঠ পদাংগুলাস্থিৰ সংখ্যা হ’ল 14 ডাল।

সন্ধি বা গাঁঠি (Joints):

            দুডাল স্বতন্ত্ৰ হাড়ৰ সংযোগ স্থলক সন্ধি বা গাঁঠি বোলে। মানুহৰ কংকালতন্ত্ৰত থকা বেলেগ বেলেগ ধৰণৰ গাঁঠিবোৰে বেলেগ বেলেগ চলন কাৰ্যৰ লগত জড়িত। অংগচালনাৰ বাবে সন্ধিবোৰ অতি প্ৰয়োজনীয়। যিবোৰ সন্ধিয়ে উত্তোলক হিচাপে কাম কৰে সেইবোৰ সন্ধিয়ে হাড়ত সংযুক্ত হৈ থকা পেশীৰ সহায়ত অংগবোৰৰ চলনত সহায় কৰে। সংগঠনৰ ওপৰত ভিত্তি কৰি সন্ধিবোৰক তিনিটা ভাগত ভগোৱা হয়। যেনে – তন্তুয় সন্ধি (Fibrous joint), কোমলাস্থিয় সন্ধি (Cartilagenous joint) আৰু চায়ন’ভিয়েল সন্ধি (Synovial joint)।

            তন্তুয় সন্ধি (Fibrous joint): তন্তুয় সন্ধিবোৰে অংগচালনত সহায় নকৰে। মগজুক আবৰি ৰখা লাওখোলাটোৰ চেপেটা হাড়বোৰৰ মাজৰ সীৰলুবোৰ (Suture) এনেকুৱা প্ৰকৃতিৰ সন্ধি। এই সন্ধিবোৰো ওচৰা ওচৰিকৈ থকা থকা হাড়বোৰক সংযোগ কৰি ৰাখে।

            কোমলাস্থিয় সন্ধি (Cartilagenous joint): দুটুকুৰা হাড়ৰ মাজৰ এনেকুৱা সন্ধিবোৰ কোমলাস্থিৰ দ্বাৰা সংযুক্ত হৈ থাকে। ৰাজহাড়ৰ ওচৰাওচৰিকৈ থকা কশেৰুকাবোৰৰ মাজৰ সন্ধিবোৰ এনেকুৱা প্ৰকৃতিৰ। এই সন্ধিবোৰে সীমিত পৰিমাণৰ লৰচৰ কৰাত সহায় কৰে।

            চাইন’ভিয়েল সন্ধি (Synovial joint): চাইন’ভিয়েল সন্ধিত দুডাল হাড়ৰ সংযোগ স্থলত চাইন’ভিয়েল ৰসেৰে পৰিপূৰ্ণ এটা গহ্বৰ থাকে। চাইনভিয়েল ৰসৰ উপস্থিতিৰ বাবে এই সন্ধিয়ে চলনত যথেষ্ট সহায় কৰে। এইবোৰ সন্ধিৰ জৰিয়তে অংগবোৰ বিভিন্ন আৰ্হিত লৰচৰ কৰিব পাৰে যেনে – বাহুৰ হিউমেৰাচ আৰু বক্ষবেষ্টনীৰ মাজৰ বল আৰু চকেট (Ball and socket) আৰ্হি, আঁঠুৰ জোৰাত থকা কব্জা আৰ্হিৰ সন্ধি (Hinge joint), প্ৰথম কশেৰুকা (এটলাচ) আৰু দ্বিতীয় কশেৰুকাৰ মাজৰ ধুৰাগ্ৰ সন্ধি (Pivot joint), মণিবন্ধবোৰৰ মাজত থকা পিচলা সন্ধি (Gliding joint), বুঢ়া আঙুলি আৰু মণিবন্ধৰ মাজৰ চেডল্‌ সন্ধি (Saddle joint) ইত্যাদি।