হাপি (দেৱতা)
| হাপি | |||||
|---|---|---|---|---|---|
হাপিৰ চিত্ৰ | |||||
| মিছৰীয় চিত্ৰলিপিৰ মতে | |||||
| মুখ্য উপাসনাস্থল | এলিফেণ্টাইন | ||||
| প্ৰতীক | পদুম ফুলৰ গছ | ||||
হাপি হৈছে প্ৰাচীন মিচৰীয় ধৰ্মত নীল নদীৰ বাৰ্ষিক বানৰ দেৱতা। বানৰ ফলত নদীখনৰ পাৰত পলসুৱা মাটি জমা হৈছিল আৰু ইয়াৰ ফলত মিচৰীয়সকলে কৃষিকাৰ্ষ কৰিব পাৰিছিল।[1] হাপি মিচৰীয় লোকসকলৰ মাজত জনপ্ৰিয় আছিল। হাপিৰ উপাধিসমূহৰ ভিতৰত "মৎস্য আৰু জলাশয়ৰ পক্ষীৰ প্ৰভু" আৰু "গছ-বনানি অনা নদীখনৰ প্ৰভু।" হাপিক সাধাৰণতে উভয়লিংগধাৰী হিচাপে চিত্ৰিত কৰা হয়। তেওঁৰ উদৰ অঞ্চল বৃহৎ আৰু স্তন তললৈ হালি পৰা। তেওঁ কঁকালত বস্ত্ৰ আৰু নকল দাড়ি পৰিধান কৰে।[2]
কিম্বদন্তি
[সম্পাদনা কৰক]নীল নদীত হোৱা বাৰ্ষিক বানক হাপিৰ আগমন বুলি কোৱা হৈছিল।[1] যিহেতু এই বানৰ পানীয়ে মৰুভূমি অঞ্চলত মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিছিল, সেয়েহে হাপিক উৰ্বৰতাৰ প্ৰতীক হিচাপে ধৰা হৈছিল। তেওঁৰ নাৰীৰ দৰে বিশাল আকাৰৰ স্তন আছিল কাৰণ তেওঁ ইয়াৰ দ্বাৰাই চহকী আৰু পুষ্টিকৰ শস্য কঢ়িয়াই আনে বুলি কোৱা হৈছিল। তেওঁৰ উৰ্বৰ স্বভাৱৰ বাবে তেওঁক কেতিয়াবা "দেৱতাৰ পিতৃ" বুলি গণ্য কৰা হৈছিল[1] আৰু তেওঁক এজন যত্নশীল পিতৃ বুলি গণ্য কৰা হৈছিল যিয়ে মহাবিশ্ব, জগত বা বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিছিল, যাক এক শৃংখলাবদ্ধ, সুসম ব্যৱস্থা হিচাপে গণ্য কৰা হৈছিল।[1] তেওঁ আছৱানৰ ওচৰৰ নীল নদীৰ কল্পিত উৎসত থকা এটা গুহাৰ ভিতৰত বাস কৰে বুলি ধাৰণা কৰা হৈছিল।[3] হাপিৰ পন্থ মূলতঃ এলিফেণ্টাইন নামৰ প্ৰথম কেটাৰেক্টত অৱস্থিত আছিল। বাৰ্ষিক বানৰ প্ৰয়োজনীয় প্ৰবাহৰ স্থিৰ মাত্ৰা নিশ্চিত কৰিবলৈ তেওঁৰ পুৰোহিতসকলে পূজা-সেৱাৰ বিধি পালন কৰিছিল। এলিফেণ্টাইনত বানপানীৰ মাত্ৰা ভৱিষ্যদ্বাণী কৰিবলৈ চৰকাৰী নাইলোমিটাৰ, যিটো জোখ-মাখৰ যন্ত্ৰ, সযতনে নিৰীক্ষণ কৰা হৈছিল আৰু তেওঁৰ পুৰোহিতসকলে নিশ্চয় ইয়াৰ নিৰীক্ষণৰ প্ৰতি অন্তৰংগভাৱে চিন্তিত আছিল।
হাপিক নীল নদীৰ দেৱতা হিচাপে গণ্য কৰা হোৱা নাছিল বৰঞ্চ বানৰ দেৱতা হিচাপেহে গণ্য কৰা হৈছিল।[1] তেওঁক মিচৰৰ পৃথিৱীৰ দেৱতা "গেবৰ বন্ধু"[4] আৰু শস্যৰ দেৱতা "নেপাৰৰ প্ৰভু" বুলিও গণ্য কৰা হৈছিল।[5]
বিৱৰণ
[সম্পাদনা কৰক]
ভুৱা দাড়ি লগোৱা হাপিক নীল নদীৰ উৰ্বৰতাৰ প্ৰতিনিধিত্ব হিচাপে লম্বা স্তন আৰু ডাঙৰ পেটৰ সৈতে চিত্ৰিত কৰা হৈছিল যদিও তেওঁ পুৰুষ। তেওঁক সাধাৰণতে নীলা বা সেউজীয়া আৱৰণ দিয়া হৈছিল[2], যিয়ে পানীক প্ৰতিনিধিত্ব কৰে। ইজিপ্তৰ যি অঞ্চলত চিত্ৰণসমূহ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আন বৈশিষ্ট্যসমূহ ভিন্ন আছিল। নিম্ন মিচৰত তেওঁক পেপিৰাছৰ গছ-গছনিৰে সজোৱা হৈছিল আৰু সেই অঞ্চলত উপস্থিত আৰু ইয়াৰ প্ৰতীক বেংবোৰেও উপস্থিত আছিল। আনহাতে উচ্চ মিচৰত নীল নদীত পদুম আৰু ঘঁৰিয়ালহে বেছি আছিল, গতিকে এইবোৰেই আছিল সেই অঞ্চলৰ প্ৰতীক, আৰু তাত হাপিৰ সৈতে জড়িত প্ৰতীক। হাপিক প্ৰায়ে খাদ্যৰ প্ৰসাদ কঢ়িয়াই লৈ ফুৰা বা এম্ফোৰাৰ পৰা পানী ঢালি থকা ছবি দেখা গৈছিল যদিও, অতি কমেইহে, হিপোপ’টেমাছ হিচাপে চিত্ৰিত কৰা হৈছিল। ঊনবিংশ বংশৰ সময়ছোৱাত হাপিক প্ৰায়ে এযোৰা আকৃতি হিচাপে চিত্ৰিত কৰা হয়, প্ৰত্যেকেই উচ্চ আৰু নিম্ন ইজিপ্তক প্ৰতিনিধিত্ব কৰা দুটা উদ্ভিদৰ দীঘল কাণ্ড ধৰি ৰাখি একেলগে বান্ধ খাই থাকে, প্ৰতীকীভাৱে দেশৰ দুটা অৰ্ধেক অংশক "সংঘ" অৰ্থাৎ হাইৰ'গ্লিফৰ চাৰিওফালে বান্ধি ৰাখে।[2] এই প্ৰতীকী প্ৰতিনিধিত্ব প্ৰায়ে ফেৰাউনৰ বহি থকা মূৰ্তিৰ গুৰিতে খোদিত কৰা হৈছিল।[2] ইজিপ্তৰ ইতিহাসবিদ আল মাকৰিজীয়ে (১৩৬৪–১৪৪২) তেওঁৰ "এল খুটাত এল মাক্ৰিজিয়া (The Makrizian Plans) ত উল্লেখ কৰিছে যে, জীৱিত কুমাৰীক বছৰি "নীলৰ কইনা" ("আৰ'ছ এল নীল") হিচাপে বলি দিয়া হৈছিল আৰু ইয়াক ঐতিহাসিকভাৱে ১৯৭০ চনৰ শেষৰ ফালে গ্ৰহণ কৰা হৈছে,[6] কিন্তু এই দাবীত কিছুমান ইজিপ্তবিজ্ঞানীয়ে, যেনে বাছাম এল শ্বামমাই বিতৰ্ক কৰিছে।[7]
চিত্ৰভাণ্ডাৰ
[সম্পাদনা কৰক]- হাপিৰ খোদিত চিত্ৰ
- হাপি, ১৮ বংশৰ চিত্ৰ অংকন কৰা ৰজা হৰেমহেবৰ মূৰ্তি
- নীল নদীৰ দেৱতা হাপিৰ মূৰ্তিৰ ওপৰৰ অংশ। ইজিপ্তৰ ফাইয়ুমৰ পৰা, দ্বাদশ বংশ, আনুমানিক ১৮০০ খ্ৰীষ্টপূৰ্ব। নিউইছ মিউজিয়াম, বাৰ্লিন
- নীল দেৱতা হাপি দেখুওৱা চূণশিলৰ ফলক। দ্বাদশ বংশ। মিচৰৰ কপটছত তৃতীয় থুটমোজৰ মন্দিৰৰ ভেটিৰ পৰা। পেট্ৰি মিউজিয়াম অৱ ইজিপ্তিয়ান আৰ্কিঅ’লজি, লণ্ডন
- ইজিপ্তৰ নোটত হাপি