হা-ঈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হা-ঈ (ইংৰাজী: Haai) কাৰ্বি সমাজত প্ৰচলিত এক ৰূপকথাৰ নায়িকা৷ কাৰ্বি সমাজত কিছুমান লোককথা বেলাড বা মালিতা হিচাপে পোৱা যায়৷ তাৰ ভিতৰৰ বাচিক মহাকাব্যিক মালিতা হ’ল “হাঈমু আলুন’’৷[1] এই হাঈমু আলুনৰে কেন্দ্ৰীয় চৰিত্ৰ হা-ঈ বা হাঈ৷ হাঈমু আলুনত এহাল সৰলমনা স্বামী স্ত্ৰীৰ বিচ্ছেদৰ কাহিনী বৰ্ণনা কৰা হৈছে৷

জনশ্ৰুতিমতে, পৃথিৱীৰ এমা-ডিমা অৱস্থাতেই হাঈৰ জন্ম৷ হাঈ মাকৰ নাম আছিল কাচ্ছে’ আৰু দেউতাকৰ নাম আছিল ছাই ৰংহাং৷ কাচ্ছে’ আৰু কাৰেং দুজনী নলেগলে লগা বান্ধবী৷ কাৰেঙৰ ককায়েক ছাই ৰংহাঙলৈ কাচ্ছে’ক বিয়া কৰাই কাৰেঙে তাইৰ বান্ধবীক লগতে ৰাখিছিল৷ কাৰেঙে পিছত অনটেৰণৰ লগত বিয়া হয়৷ কাচ্ছে’ আৰু কাৰেঙে দুয়ো ঠিক কৰে যে সিহঁতৰ দুয়োৰে সন্তান যদি ল’ৰা আৰু ছোৱালী হয়; তেতিয়া দুয়োকে বিয়া কৰাই এই মিতিৰালিৰ স্থায়ী ৰূপ দিব৷ সময়ত কাচ্ছে’ৰ এজনী ছোৱালী আৰু কাৰেঙৰ এটা ল’ৰা হ’ল৷ সিহঁতেই হাঈ আৰু লং৷ হাঈ বৰ ৰূপৱতী আছিল৷ তাই ঘৰৰ সম্মুখত বহিলেই চোতালখন পোহৰ হৈ গৈছিল৷[2] ৰূপৱতী হাঈ শৈশৱতেই লং টেৰণৰ প্ৰতি আকৰ্ষিত হয়৷ দুয়োৰে মাক-দেউতাকহঁতো পৰস্পৰৰ বন্ধু হোৱাৰ বাবেও সিহঁতৰ অবাধ মিলামিছা আছিল৷ যৌৱনাৱস্থাত ঝুমতলীত কাম কৰোঁতে ঘনিষ্ঠ হৈ সেই আকৰ্ষণ প্ৰেমলৈ পৰিণত হয় আৰু সামাজিক দস্তুৰমতে বিয়া হয়৷ বিয়াৰ পিছত ঝুমতলীত শস্য কিনিবলৈ অহা খাছীয়া বেপাৰী এজন হাঈৰ ৰূপৰ প্ৰতি আকৰ্ষিত হয়৷ কিন্তু হাঈয়ে তাৰ প্ৰতি মনোযোগ নিদিয়াত হিংসাৰ বশৱৰ্তী হৈ প্ৰতিশোধ ল’বলৈ ৰাজবিষয়া লংদিলিৰ আগত হাঈৰ ৰূপৰ বৰ্ণনা কৰি তেওঁক তাইৰ প্ৰতি আগ্ৰহী কৰি তোলে৷ লংদিলিয়ে সেই বৰ্ণনা শুনি কামাসক্ত হৈ সামাজিক বাধা-নিষেধ নামানি, হাঈৰ বাপেকক ৰাজকীয় সুখৰ লোভ দেখুৱাই তাইক বলপূৰ্বক চ’চেঙৰ ৰাজকাৰেঙলৈ লৈ আহে৷[3] তাই আহিছিল, কাৰণ, তাইৰ ভয় আছিল, কিজানিবা তাই নাহিলে মাক-দেউতাক বা লং টেৰণৰ ওপৰত অত্যাচাৰ চলায়৷ আহিল যদিও হাঈয়ে কিন্তু ৰাজবিষয়াৰ হাতত আত্মসমৰ্পন নকৰিলে৷ অৱশ্যে তাই দৰাঘৰীয়াৰ শুশ্ৰূষা সামাজিক নিয়মমতে কৰিবলৈ ধৰিলে৷ লংদিলিয়ে বলপূৰ্বক ৰূপৰ আঙুঠি এটা কইনাৰ চিনস্বৰূপে হাঈক পিন্ধাই দিলে৷ ক্ষমতাশালী লোকৰ আগত সমাজৰ কোনেও মূৰ তুলি প্ৰতিবাদ নকৰিলে৷ কিন্তু হাঈয়ে সমাজৰ মাজতে এই কাৰ্যৰ প্ৰতিবাদস্বৰূপে ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ পিছত লংদিলিৰ হাতত সতীত্ব নাশ হোৱাৰ ভয়ত হাঈয়ে আমৰণ অনশন কৰে আৰু শেষত লঙৰ বুকুত মূৰ থৈ শেষ নিশ্বাস এৰে৷ হাঈৰ দুখত পিছত লং টেৰণেও আত্মহত্যাৰ পথ বাছি লয়৷[4] জনবিশ্বাসমতে, হাঈমুৰ দুখৰ কাহিনী গালে বতৰেও চকুপানী টোকে৷ সেয়ে কাৰবি সমাজত বছৰেকত এবাৰ “কাথাৰ’’ বুঢ়াই ’হাঈমু আলুন’ পঢ়ি হাঈৰ কৰুণ প্ৰেমগাথা সোঁৱৰণ কৰে৷[2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. শৰ্মা, ড° নবীন চন্দ্ৰ (২০২২). লোক সংস্কৃতি. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২১৫. ISBN 978-93-244-0068-0. 
  2. 2.0 2.1 বৰুৱা, সুৰেন্দ্ৰ (১৯৯৮). কাৰবি লোকসমাজ সাহিত্য সংস্কৃতিত এভূমুকি. সুৰেন বৰুৱা. পৃষ্ঠা. ৫৯. 
  3. https://www.axomiyahahitiyarsaneki.com/2020/11/blog-post_47.html?m=1
  4. শৰ্মা, শশী (১৯৯৩( ১ম প্ৰকাশ), ২০১৬ (৩য় প্ৰকাশ)). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টচ্ ষ্টোৰচ্. পৃষ্ঠা. ২৯৫. ISBN 81-85905-23-1.