হিন্দু বিধবা পুনৰ্বিবাহ আইন, ১৮৫৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬খন ১৮৫৬ চনৰ ২৬ জুলাইৰ দিনা গৃহীত হৈছিল। এই আইনখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনত অহা সকলো এলেকাত হিন্দু বিধৱাৰ পুনৰ্বিবাহক আইনী মৰ্যাদা দিছিল। এই আইনখনৰ খচৰা লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল যদিও আইনখন পিছৰজন গভৰ্ণৰ লৰ্ড কেনিঙে গৃহীত কৰাইছিল। সতীপ্ৰথাৰ বিলোপৰ পিছত এই আইনখন এক বৃহৎ সামাজিক সংস্কাৰ হিচাপে পৰিগণিত হৈছিল[1][2][3][4][5][6]

উচ্চবৰ্ণৰ হিন্দুসকলে নিজৰ পৰিয়ালৰ সন্মান আৰু সম্পত্তি ৰক্ষাৰ স্বাৰ্থত আনকি শিশু আৰু কিশোৰী বিধৱাসকলকো পুনৰ্বিবাহৰ অনুমতি দিয়া নাছিল। আৰু সেই বিধবাসকলে কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে জীৱন যাপন কৰিব লগীয়া হৈছিল।[7] যদিও এই আইনখনে তেনে মহিলাসকলক মৃত স্বামীৰ সম্পত্তিৰ অধিকাৰ দিয়া নাছিল[8] তথাপিও একপ্ৰকাৰৰ আইনী সুৰক্ষা প্ৰদান কৰিছিল[9][7]। এই আইনখন মূলতঃ ঋতুমতী নোহোৱা শিশু বিধৱাসকলক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছিল।

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আছিল এই আইনখনৰ মূল প্ৰচাৰক। তেঁৱেই এই আইনখনৰ প্ৰয়োজনীয়তাৰ অনুধাৱন কৰি ১৮৫৫চনত আইন পৰিষদত আবেদন কৰিছিল। এইক্ষেত্ৰত বৰ্দ্ধমানৰ মহাৰাজা, মহতাবচান্দ বাহাদুৰকে ধৰি দেশৰ বিভিন্ন সমাজ সংস্কাৰকৰ পৰা সমৰ্থন লাভ কৰে। আনহাতে বিধৱা বিবাহৰ বিৰোধিতা কৰি ত্ৰিশ হাজাৰ চহীসম্বলিত আন এখন আবেদন কোম্পানীৰ ওচৰত দাখিল কৰা হয়। আনকি প্ৰথিতযশা লিখক বংকিমচন্দ্ৰ চট্টোপাধ্যায়েও নিজৰ বৃষবিক্ষিকা নামৰ গ্ৰন্থত বিদ্যাসাগৰৰ এই পদক্ষেপক সমালোচনা কৰিছিল। কিন্তু লৰ্ড দেলহাউছিয়ে আইনখনৰ গুৰুত্ব বুজি ব্যক্তিগতভাৱে এই আইনখন গৃহীত কৰাৰ দিশে আগবাঢ়ে[10][11]

আইনখন গৃহীত হোৱাৰ পিছতেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰচেষ্টাত ১৮৫৬চনৰ ৭ ডিচেম্বৰত কলিকতাত মাত্ৰ এঘাৰ বছৰীয়া বিধৱা কালিমতি দেৱী আৰু শিৰিষ চন্দ্ৰ বিদ্যাৰত্নৰ মাজত প্ৰথমখন বিধবা বিবাহ অনুষ্ঠিত হয়[12]

আইনখন[সম্পাদনা কৰক]

১) বিধৱা হিন্দু মহিলাৰ বিবাহৰ আইনীকৰণ এগৰাকী পূৰ্বে বিবাহিতা হিন্দু মহিলা যাৰ স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁ আন পুৰুষৰ সৈতে পুনৰ্বিবাহ হ’লে সেই বিবাহ বেআইনী বা অবৈধ নহ’ব।

২) বিধৱা মহিলাই পুনৰ্বিবাহ হ’লে তেওঁৰ মৃত স্বামীৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাথাকিব বিধৱা মহিলা পুনৰ্বিবাহ হ’লে তেখেতৰ মৃত স্বামীৰ সম্পত্তিৰ ওপৰত থকা সকলোধৰণৰ স্বাৰ্থ আৰু অধিকাৰ, স্বামীৰ পৰা উত্তৰাধিকাৰসূত্ৰে পাবলগীয়া স্বত্ত্ব, স্বামীৰ ইচ্ছাপত্ৰত লিখা থকা যিকোনো সম্পদৰ ওপৰত কোনোধৰণৰ দাবী নাখাটিব। সেই সম্পত্তিসমূহ মৃত ব্যক্তিগৰাকীৰ আন উত্তৰাধিকাৰীৰ হাতলৈ যাব।

৩) বিধৱা মহিলাগৰাকীৰ পুনৰ্বিবাহ হ’লে তেওঁৰ পূৰ্বৰ স্বামীৰ ফালৰ পৰা থকা সন্তানৰ অভিভাৱকত্ব বিধৱা মহিলাগৰাকীৰ যদি তেখেতৰ পূৰ্বৰ স্বামীৰ সৈতে সন্তান থাকে তেওঁৰ পুনৰ্বিবাহ হোৱাৰ পিছত সেই সন্তানৰ দায়িত্ব লবলৈ অনিচ্ছুক হ’লে শিশুটিৰ দেউতাকৰ ফালৰ ককা-আইতা, মৃত পিতৃৰ পুৰুষ আত্মীয়ই শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব লবলৈ আদালতত আবেদন কৰিব পাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Chandrakala Anandrao Hate (1948). Hindu Woman and Her Future. New Book Company. পৃষ্ঠা. 156. https://books.google.com/books?id=9igmAAAAMAAJ। আহৰণ কৰা হৈছে: 16 December 2018. 
  2. Penelope Carson (2012). The East India Company and Religion, 1698-1858. Boydell Press. পৃষ্ঠা. 225–. ISBN 978-1-84383-732-9. https://books.google.com/books?id=NPZXXar1hiQC&pg=PA225. 
  3. B. R. Sunthankar (1988). Nineteenth Century History of Maharashtra: 1818-1857. Shubhada-Saraswat Prakashan. পৃষ্ঠা. 522. ISBN 978-81-85239-50-7. https://books.google.com/books?id=SoNuAAAAMAAJ। আহৰণ কৰা হৈছে: 16 December 2018. 
  4. Mohammad Tarique. Modern Indian History. Tata McGraw-Hill Education. পৃষ্ঠা. 4–. ISBN 978-0-07-066030-4. https://books.google.com/books?id=DR2oAQAAQBAJ&pg=SA4-PA2। আহৰণ কৰা হৈছে: 17 December 2018. 
  5. John F. Riddick (2006). The History of British India: A Chronology. Greenwood Publishing Group. পৃষ্ঠা. 53–. ISBN 978-0-313-32280-8. https://books.google.com/books?id=Es6x4u_g19UC&pg=PA53। আহৰণ কৰা হৈছে: 17 December 2018. 
  6. Indrani Sen (2002). Woman and Empire: Representations in the Writings of British India, 1858-1900. Orient Blackswan. পৃষ্ঠা. 124–. ISBN 978-81-250-2111-7. https://books.google.com/books?id=uF1j0ZME1tcC&pg=PA124. 
  7. 7.0 7.1 Peers 2006, পৃষ্ঠা 52–53
  8. Carroll, Lucy (2008). "Law, Custom, and Statutory Social Reform: The Hindu Widows' Remarriage Act of 1856". In Sumit Sarkar, Tanika Sarkar (editors). Women and social reform in modern India: a reader. Indiana University Press. পৃষ্ঠা. 78–80. ISBN 978-0-253-22049-3. https://books.google.com/books?id=GEPYbuzOwcQC&pg=PA78। আহৰণ কৰা হৈছে: 8 November 2018. 
  9. Forbes 1999, পৃষ্ঠা 23
  10. Amit Kumar Gupta (5 October 2015). Nineteenth-Century Colonialism and the Great Indian Revolt. Taylor & Francis. পৃষ্ঠা. 30–. ISBN 978-1-317-38668-1. https://books.google.com/books?id=yt6oCgAAQBAJ&pg=PT30। আহৰণ কৰা হৈছে: 17 December 2018. 
  11. Belkacem Belmekki (2008). "A Wind of Change: The New British Colonial Policy in Post-Revolt India". AEDEAN: Asociación Española de Estudios Anglo-americanos খণ্ড 2 (2): 111–124. 
  12. Kritika Sarda (26th July 2017). "Marking a Milestone-The Hindu Remarriage Act". https://www.livehistoryindia.com/snapshort-histories/2017/07/26/marking-a-milestone---the-hindu-remarriage-act। আহৰণ কৰা হৈছে: 17 March 2019.