হেড টাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাইবেৰিয়াৰ ৰাষ্ট্ৰপতি এলেন জনছন ছাৰলিফে পিন্ধা এটা বহল হেড টাই।
আইভৰিয়ান মহিলাৰ হেড-টাই
ইয়োৰুবা মহিলাৰ গেলে নামৰ হেড টাই

হেড টাই, যাক হেডৰেপ বুলিও কোৱা হয়, মহিলাৰ কাপোৰৰ হেড স্কাৰ্ফ; যি সাধাৰণতে পশ্চিম আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ বহু ঠাইত পৰিধান কৰা হয়। হেড টাইক অলংকাৰিক হেড কভাৰিং বা ফেশ্বন এক্সেচৰিজ হিচাপে ব্যৱহাৰ কৰা হয় বা বিভিন্ন ধৰণৰ উপযোগিতাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰ বা অৰ্থ ইয়াক পিন্ধাসকলৰ দেশ আৰু/বা ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ'ব পাৰে।

ইহুদী মহিলাসকলৰ মাজত চুলি ঢাকিবলৈ বাইবেলৰ উৎস বামিদবাৰ পাৰ্শ্বাছ নাছ'ৰ এখন কিতাপ তওৰাতৰ পৰা আহিছে; য'ত ইয়াৰ উৎস, বিবাহিত মহিলাৰ চুলি ঢাকি ৰখাৰ বাধ্যবাধকতা সম্পৰ্কে আছে। বৰ্ণিত কাহিনীত ইছা ছ’তাহ এনে এগৰাকী মহিলা, যাৰ স্বামীয়ে তেওঁক অনৈতিক কাম কৰা বুলি সন্দেহ কৰে। তওৰাহে কোহেইনক বিভিন্ন পদক্ষেপ ল’বলৈ আদেশ দিছে, যাতে ছ’তাহে বেছিভাগ বিবাহিত ইহুদী মহিলাৰ বিনয়ী আৰু নিষ্ঠাবান পথৰ পৰা বিচ্যুত হৈছে নেকি চাব পাৰে। পদ্ধতিসমূহৰ ভিতৰত পাছুকত স্পষ্টকৈ লিখা আছে: "ufora es rosh haisha..." আৰু তেওঁ মহিলাগৰাকীৰ মূৰৰ চুলি উন্মুক্ত কৰিব লাগিব। আগতে ঢাকি ৰখা কিবা এটাহে উন্মোচন কৰিব পাৰি; এই ক্ষেত্ৰত তওৰাতে বিবাহিত মহিলাৰ চুলিক বুজাইছে।[1] আফ্ৰিকা আৰু কেৰিবিয়ানৰ দৰে বিশ্বৰ কিছুমান বিশেষ অঞ্চলৰ খ্ৰীষ্টান মহিলাসকলৰ মাজত ১ কৰিন্থীয়া পদৰ আজ্ঞা পালনৰ বাবে হেড টাইৰে মূৰ ঢাকি ৰখাধৰণে পিন্ধা হয়।[2]

পশ্চিম আফ্ৰিকাত[সম্পাদনা কৰক]

নাইজেৰিয়াত হেড-টাইবোৰক গেলে (ইয়োৰুবা ভাষাৰ শব্দ আৰু সাজ-পোছাক) বুলি জনা যায় আৰু ই যথেষ্ট ডাঙৰ আৰু আলংকাৰিক হ’ব পাৰে। যদিও গেলে দৈনন্দিন কাম-কাজৰ বাবে পিন্ধিব পাৰি, বিশেষ আলংকাৰিক গেলে বিয়া, বিশেষ অনুষ্ঠান আৰু গীৰ্জাৰ কামত পিন্ধিব পাৰি।[3] ইয়াক সাধাৰণতে নিয়মীয়া কাপোৰতকৈয়ো দৃঢ় বস্তুৰে তৈয়াৰ কৰা হয়। বিশেষকৈ অধিক জাকজমকীয়া অনুষ্ঠানৰ বাবে পিন্ধিলে ই সাধাৰণতে মহিলাৰ গোটেই চুলিৰ লগতে কাণো ঢাকি ৰাখে। উন্মুক্ত অংশটো হ’ল কেৱল পিন্ধোতা মহিলাৰ মুখখন আৰু কাণৰ তলৰ অংশত থকা কাণফুলি। গেলেৰ লগত পৰম্পৰাগত স্থানীয় সাজ-পোছাক থাকে, যাৰ আৰ্হি হেডটাইৰ দৰে একে আৰ্হিৰ হ'ব পাৰে বা নহ'বও পাৰে।[3]

ঘানাত ডুকু পিন্ধাৰ সুযোগ সাধাৰণতে শুকুৰবাৰ, শনিবাৰ বা দেওবাৰৰ ধৰ্মীয় দিনত পৰে। এইটো নিৰ্ভৰ কৰে পিন্ধাসকল মুছলমান, গীৰ্জাৰ ধৰ্মযাজক নে কেৱল দেওবাৰৰ গীৰ্জালৈ যোৱা খ্ৰীষ্টান নেকি তাৰ ওপৰত।

দক্ষিণ আফ্ৰিকাত[সম্পাদনা কৰক]

দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াত গ্ৰাম্য অঞ্চলৰ বেছিভাগ বৃদ্ধ স্থানীয় মহিলাৰ মাজত ব্যৱহাৰ কৰা পৰম্পৰাগত মূৰ ঢাকিবলৈ আফ্ৰিকান শব্দ doek (অৰ্থাৎ "কাপোৰ") নামৰ কাপোৰ ব্যৱহাৰ কৰা হয়। নাইজেৰিয়ান শৈলীৰ তুলনাত মালাউইৰ হেড-টাই সাধাৰণতে সৰু আৰু পৰিশীলিত। অন্ত্যেষ্টিক্ৰিয়াৰ দৰে বিশেষ অনুষ্ঠানত মহিলাসকলে ডুকু পিন্ধে। চুলিৰ বেণী গুঠি থকা চহৰীয়া মহিলাসকলেও সংস্কৃতিৰ প্ৰতি সন্মানৰ জনাবলৈ গ্ৰাম্য অঞ্চললৈ গ’লে ডুকু পিন্ধে। তদুপৰি, মহিলাসকলে চুলি ঠিকে ৰাখিবলৈ ৰাতি শোৱাৰ সময়ত ডুকু পিন্ধিব পাৰে।[4] দক্ষিণ আফ্ৰিকাৰ গীৰ্জাৰ প্ৰাৰ্থনাৰ সময়ত মহিলাসকলে মূৰ ঢাকিবলৈ বগা "ডুকু" পিন্ধিব পাৰে। দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় পেণ্টেকোষ্টাল গীৰ্জাত বিবাহিত মহিলাসকলে বগা ‘ডুকু’ পিন্ধে।

জিম্বাবৱে আৰু দক্ষিণ আফ্ৰিকাৰ শ্বাংগান মহিলাসকলে ফেশ্বনৰ আনুষংগিক সামগ্ৰী হিচাপে ‘ডুকু’ পিন্ধে।[5][6] জিম্বাবৱেৰ অন্যান্য সামাজিক অনুষ্ঠানত মহিলাসকলে ডুকু পিন্ধিব পাৰে।[6]

উইটৱাটাৰছ্ৰেণ্ড ইনষ্টিটিউট ফৰ ছ'চিয়েল এণ্ড ইকনমিক ৰিচাৰ্চৰ অধ্যাপিকা হ্লনিফা মকোয়েনাৰ মতে,[7] ঐতিহাসিকভাৱে বহু উপনিৱেশিক এলেকাৰ কৃষ্ণাংগ মহিলাৰ ওপৰত বিদেশী বগা পুৰুষৰ কামুকতাৰ পৰা নিজক বচাবলৈ নীতি-নিয়ম বা সামাজিক আইনৰ দোহাই দি ড'ক বা হেডস্কাৰ্ফ জাপি দিয়া হৈছিল।[8] ২০১৬ চনত দক্ষিণ আফ্ৰিকাৰ বিভিন্ন ঠাইত থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত FeesMustFall আন্দোলনৰ জৰিয়তে ড’ক পিন্ধা ব্যৱস্থাৰ পুনৰ উত্থান ঘটিছিল।[9][10]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Reiss, Breindy (28 June 2012). "The Torah Source For Covering One's Hair" (en-US ভাষাত). https://www.jewishpress.com/judaism/judaism-101/the-torah-source-for-covering-ones-hair/2012/06/28/। আহৰণ কৰা হৈছে: 2021-03-19. 
  2. Lum, Kenneth Anthony (18 January 2000) (English ভাষাত). Praising His Name In The Dance: Spirit Possession in the Spiritual Baptist Faith and Orisha Work in Trinidad, West Indies. Routledge. পৃষ্ঠা. 224. ISBN 978-1-136-76630-5. 
  3. 3.0 3.1 "Make Up by Marah". www.marahglitz.co.za. Archived from the original on 2017-08-04. https://web.archive.org/web/20170804182054/http://www.marahglitz.co.za/gele.html। আহৰণ কৰা হৈছে: 2020-05-28. 
  4. "African Head Gear and African Identity" (en-US ভাষাত). Global Black History. 2016-06-13. Archived from the original on 2020-03-07. https://web.archive.org/web/20200307235347/https://www.globalblackhistory.com/2016/06/african-head-gear-african-identity.html। আহৰণ কৰা হৈছে: 2020-05-24. 
  5. ""Shangaan Woman"". Evan Church. Archived from the original on 2011-07-10. https://web.archive.org/web/20110710205123/http://www.evanchurch.com/portraits/shangaan%20woman/shangaan.html। আহৰণ কৰা হৈছে: 2013-10-08. 
  6. 6.0 6.1 D., Cannon (19 April 2000). "Culture of Zimbabwe". প্ৰকাশক Winthrop, Iowa: East Buchanan Community School District.. http://www.east-buc.k12.ia.us/99_00/AF/Zim/zim_cul.htm। আহৰণ কৰা হৈছে: 8 October 2013. 
  7. "Hlonipha Mokoena". WiSER. Wits Institute for Social & Economic Research, University of Witwatersrand. Archived from the original on 12 October 2017. https://web.archive.org/web/20171012044759/http://wiser.wits.ac.za/users/hlonipha-mokoena। আহৰণ কৰা হৈছে: 11 October 2017. 
  8. Khoabane, Rea (31 January 2016). "Doeks: mark of a good woman – or a bad hair day?" (PDF). Sunday Times. TimesLIVE. http://www.timeslive.co.za/sundaytimes/opinion/2016/01/31/Doeks-mark-of-a-good-woman-or-a-bad-hair-day. 
  9. Khoabane, Rea (2 June 2016). "The doek - more than just a fashion statement". Sowetan LIVE. Tiso Blackstar Group. Archived from the original on 12 October 2017. https://web.archive.org/web/20171012094706/http://www.sowetanlive.co.za/entertainment/2016/06/02/the-doek---more-than-just-a-fashion-statement। আহৰণ কৰা হৈছে: 29 February 2024. 
  10. Pumza Fihlani (11 June 2016). "How South African women are reclaiming the headscarf". BBC News. প্ৰকাশক Johannesburg. https://www.bbc.com/news/world-africa-36461213.