হেমা চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হেমা চৌধুৰী (ইংৰাজী: Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে। ১৯৭৬ চনত তেলেগু ছবি “পেল্লী কানি পেল্লী’’ত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰি ১৯৮০ চনত সহযোগী চৰিত্ৰত অভিনয় কৰে৷

“বিজয়া বাণী’’, “শুভাষয়া’’, “দীপা’’, “গালি মাথু’’ আৰু “নী বৰেদা কদাম্বৰী’’ আদি কানাড়া ছবিত তেওঁ নেতিবাচক চৰিত্ৰত মনপৰশা অভিনয় কৰিছিল৷ তেওঁৰ তামিল ছবিসমূহৰ ভিতৰত কে. বালাচন্দ পৰিচালিত “মনমাধা লীলাই’’(১৯৭৬ চনৰ ছবি)ত অভিনেতা কমল হাছানৰ বিপৰীতে কৰা অভিনয় আটাইতকৈ উল্লেখযোগ্য।[1] ১৫০ খনতকৈও অধিক ছবিত অভিনয় কৰা হেমাক দক্ষিণ ভাৰতীয় চিনেমাৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ শিল্পী হিচাপে গণ্য কৰা হয়।

বহু বিখ্যাত শিল্পীৰ সৈতে হেমা চৌদহুৰীয়ে সহ অভিনয় কৰিছে৷ তাৰ ভিতৰত উল্লেখযোগ্যসকল হ’ল, এন টি ৰামা ৰাও, ড. ৰাজকুমাৰ, ড. বিষ্ণুবৰ্ধন, কল্যাণ কুমাৰ, ৰাজেশ(কানাড়া অভিনেতা), কৃষ্ণম ৰাজু, কৃষ্ণ, অম্বৰীশ, কমল হাছান, চিৰঞ্জীৱী, মোহন বাবু, অনন্ত নাগ, শংকৰ নাগ, লোকেশ, শ্ৰীনাথ, মালয়ালম ছুপাৰ ষ্টাৰ প্ৰেম নাজিৰ, শিৱৰাজ কুমাৰ, অৰ্জুন সৰ্জা, ৰবিচন্দ্ৰন আৰু টাইগাৰ প্ৰভাকৰ, বি. সৰোজা দেৱী, অঞ্জলি দেৱী, যমুনা, জয়ন্তী(অভিনেত্ৰী), ভাৰতী বিষ্ণুবৰ্ধন, কল্পনা(কানাড়া অভিনেত্ৰী), শৰদা(অভিনেত্ৰী), জয়াপ্ৰদা, শ্ৰীদেৱী, কে. আৰ বিজয়া, লক্ষ্মী, জয়মলা, আৰথী, মঞ্জুলা আৰু পদ্মপ্ৰিয়া আৰু অন্যান্য।

অভিনয়ৰ উপৰিও হেমা চৌধুৰী এগৰাকী নিপুণ কুচিপুড়ী নৃত্যশিল্পী আৰু নৃত্যত তেওঁৰ গুৰু আছিল গুৰু ভেম্পতী চিন্না সত্যম৷ গুৰুৰ সৈতে হেমাই সমগ্ৰ বিশ্বতে ৭০০ৰো অধিক অনুষ্ঠানত অভিনয় কৰিছে। নৃত্যৰ দক্ষতাৰ বাবে তেওঁ “পেনোৰামা বঁটা’’ লাভ কৰিছে। “ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’’ সমিতিয়ে তেওঁক তিনি বছৰৰ বাবে “বিচাৰক পেনেল’’ৰ এজন হিচাপে নিৰ্বাচিত কৰা হৈছে।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

হেমাৰ জন্ম হৈছিল অন্ধ্ৰপ্ৰদেশত৷ তেওঁৰ মাক জনপ্ৰিয় মহিলা ডাবিং শিল্পী তথা তেলেগু ছবিৰ অভিনেত্ৰী ব্ৰুণ্ডাভানা চৌধাৰী। হেমাই চেন্নাই ফিল্ম ইনষ্টিটিউটৰ পৰা ৰাজনী কান্ত আৰু অন্যান্য বহুতৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰে।

কৃতিত্ব[সম্পাদনা কৰক]

অভিনয়ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ১৯৭৬ চনত অধিৰাজ আনন্দ মোহনৰ পৰিচালনাত নিৰ্মিত “পেল্লী কানি পেল্লী’’ ছবিখনত তামিল অভিনেতা শ্ৰীধৰৰ বিপৰীতে হেমাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু কমল হাছানৰ ব্লকবাষ্টাৰ তামিল ছবি “মনমাধা লীলাই (১৯৭৬ ছবি)ত নায়িকাৰ চৰিত্ৰত অভিনয় কৰে৷ তেওঁৰ প্ৰথম কানাড়া ছবি আছিল “বিজয়া বাণী’’(১৯৭৬), যত তেওঁ দ্বিতীয় মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু তাৰ পিছত “শুভাষয়া’’, “দেৱৰা দুদ্দু’’, “বংশ জ্যোতি’’ আৰু “দীপা’’। হেমাই “বাংগাৰু মণিষী (১৯৭৭), “নিজাম(১৯৭৮), “কোট্টা আল্লুডু’’(১৯৭৯) আদি তেলেগু ছবিতো কাম কৰিছিল। “গালি মাথু’’(১৯৮১) ছবিখনত ধূসৰ ৰঙৰ ছাঁ থকা চৰিত্ৰ এটাৰ সাহসী চিত্ৰণে তেওঁক সকলোৰে বাবে ঘৰুৱা যেন কৰি তুলিছিল। তেতিয়াৰ পৰাই কানাড়া চিনেমাৰ সকলো ডাঙৰ পৰিচালক আৰু অভিনেতাৰ সৈতে সহযোগী অভিনেত্ৰী হিচাপে ১৫০খনতকৈও অধিক ছবিত অভিনয় কৰে।

হেমাই তেওঁৰ প্ৰতিখন ছবি সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ দেশৰ হিন্দু দেৱী মন্দিৰত ৰেচম শাৰী আগবঢ়োৱাৰ প্ৰথা অনুসৰণ কৰে।[3]

হেমাই তেওঁ কৰা নেতিবাচক সহ অভিনয়ৰ বাবে “Innovative Film Award’’ লাভ কৰাৰ উপৰি [4]আন বহুতু বঁটা-সন্মান লাভ কৰে৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Manmadha Leelai heroine Hema Chaudhary praises Kamal Haasan". Tamilwire. 5 October 2013. http://tamilwire.net/36596-manmadha-leelai-heroine-hema-chaudhary-praises-kamal-haasan.html। আহৰণ কৰা হৈছে: 11 November 2015. 
  2. "Notes for 39th National Film Awards". Notesok. http://notesok.in/answer.php?id=39th%20National%20Film%20Awards। আহৰণ কৰা হৈছে: 11 November 2015. [সংযোগবিহীন উৎস]
  3. "Hema Chaudhary Wish!". Indiaglitz. 12 July 2013. http://www.indiaglitz.com/hema-chaudhary-wish--kannada-news-95400.html। আহৰণ কৰা হৈছে: 11 November 2015. 
  4. "Innovative Film Awards, star studded, star oriented". chitratara.com. 3 May 2010. http://chitratara.com/show-content.php?id=1884&ptype=News&title=INNOVATIVE%20FILM%20AWARDS%20?STAR%20STUDDED%20STAR%20ORIENTED!। আহৰণ কৰা হৈছে: 28 January 2017.