সমললৈ যাওক

হেমা ছৰদেশাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমা ছৰদেশাই
সংগীতৰ ধৰণ ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোক-সংগীত, ভাৰতীয় পপ
পেচা গায়িকা, নেপথ্য গায়িকা, সুৰকাৰ, গীতিকাৰ
বাদ্যযন্ত্ৰ গায়িকা
সক্ৰিয়তাৰ বছৰ ১৯৮৭ৰ পৰা

হেমা ছৰদেশাই এগৰাকী ভাৰতীয় নেপথ্য গায়িকা আৰু গীতিকাৰ। মূলতঃ ভাৰতৰ উপকূলীয় ৰাজ্য গোৱা ৰাজ্যৰ হেমাৰ জন্ম হয় মুম্বাইত। ১৯৯৭ চনত চপনে, বিৱি নং ১ আৰু জানম সমঝা কৰো আদি চিনেমাৰ গীতেৰে তেওঁ খ্যাতি লাভ কৰে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]
১৯৭৯ চনত শিশু হেমাৰ মঞ্চ পৰিৱেশন

কুমুডিনি ছৰদেশাই (মূলতঃ পাৰাৰ পৰা) আৰু ডাঃ কাশীনাথ ছৰদেশাই (মূলতঃ ছাভোই-ভেৰেমৰ পৰা, এই চিকিৎসকজন পূৰ্বে গোৱাৰ ক্ৰিকেট অধিনায়ক) হেমাৰ পিতৃ মাতৃ আৰু তেওঁলোকৰ দুগৰাকী কন্যাৰ ভিতৰত হেমা সৰু।[2] ছয় বছৰ বয়সতে তেওঁৰ সংগীত প্ৰতিভা প্ৰথম আৱিষ্কাৰ কৰিছিল তেওঁৰ স্কুলৰ শিক্ষয়িত্ৰী প্ৰয়াত মিচেছ চেকুৱেৰাই। শাৰদা মন্দিৰ স্কুলৰ প্ৰাক্তন ছাত্ৰীগৰাকী জন্ম আৰু ডাঙৰ-দীঘল হৈছিল পানাজীৰ স্থানীয় অঞ্চল বোকা ডি ভাকাত। এক নৱৰাত্ৰী উৎসৱত ৮ বছৰ বয়সত তেওঁ মঞ্চত আত্মপ্ৰকাশ কৰে, য'ত স্থানীয় গুজৰাটী সমাজে তেওঁক উৎসাহিত কৰে।[3] তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতত সংগীত বিশাৰদ সম্পন্ন কৰিছে (পণ্ডিত সুধাকৰ কৰণডিকাৰক তেওঁৰ প্ৰথম গুৰু হিচাপে লৈ) আৰু পশ্চিমীয়া পপ সংগীতৰ প্ৰতি সদায় আকৰ্ষিত।[4]

সংগীত জীৱন

[সম্পাদনা কৰক]

ছেদেশায়ে বলীউড ছবিৰ বাবে কেইবাটাও গীত গাইছে আৰু কেইবাটাও ইণ্ডিপপ এলবাম মুকলি কৰিছে।[5] বিশেষকৈ ১৯৯৭ চনত কাজলএ মুখ্য চৰিত্ৰত অভিনয় কৰা সপ্নে ছবিৰ হিন্দী ডাবড্ সংস্কৰণত "আৱাৰা ভৱৰেঁ জো হোলে হোলে গায়ে" গীত গোৱাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত হয়। তেওঁৰ আন কিছুমান বিখ্যাত গীতৰ ভিতৰত "ইছক সোনা হায়" (বিৱি নং ১), "চলি চলি ফিৰ চলি" (ভগৱান) আৰু "বাদল পে পাওঁ হায়"(চক দে! ইণ্ডিয়া)। তেওঁ জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় পপ গীত মহোৎসৱত গ্ৰেণ্ড প্ৰিক্স লাভ কৰা একমাত্ৰ ভাৰতীয় গায়িকা, ইউৰোপত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ইউনিচেফ কনচাৰ্টত গীত গাই ভাৰতৰ স্বাধীনতা দিৱসৰ ৫০ বছৰীয়া উদযাপনত লতা মংগেশকাৰৰ বাহিৰে আন একমাত্ৰ মহিলা গায়িকা হিচাপে পৰিগণিত হয়।[6][7]

২০১১ চনত artistaloud.com ত তেওঁৰ সংগীত ডিজিটেলাইজ কৰা হয়।[8]

২০১৩ চনত নাছিৰুদ্দিন শ্বাহ অভিনীত ইংৰাজী ছবি দ্য কফিন মেকাৰ ছবিৰ বাবে তিনিটা কোংকনী ভাষাৰ গীত লিখিছিল আৰু গাইছিল।[9] গোৱাৰ এখন গাঁৱৰ আধাৰত নিৰ্মিত এই ছবিখন আই এফ এফ আই ২০১৩ৰ ইণ্ডিয়ান পেনোৰামা শিতানৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ছবিখনে ৰিভাৰ টু ৰিভাৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বঁটা লাভ কৰে, ২০১৩ চনত ফ্ল'ৰেন্স ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত।[10]

২০১৭ চনত তেওঁ আমেৰিকাৰ সংগীত জগততো আত্মপ্ৰকাশ কৰাৰ কথা ঘোষণা কৰে, তেওঁৰ গীত "পাৱাৰ অৱ লাভ"ৰ জৰিয়তে৷ মিছেল ৰাহেজা আৰু গ্ৰেমী বঁটা বিজয়ী জেৰেড লি গ'চেলিনৰ সৈতে তেওঁ এই প্ৰকল্পত কাম কৰে।[11]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ছৰদেশাইৰ বিবাহ হৈছিল কুনচেলিমৰ জেভিয়াৰ ডিছৌজাৰ সৈতে, তেওঁ এজন বিনিয়োগকাৰী বেংকাৰ আছিল।[3] ইয়াৰ পূৰ্বে তেওঁ নেহৰু কাপৰ হকীৰ খেলুৱৈ আছিল।[2] ২০২০ চনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।[12]

সামজিক কাম

[সম্পাদনা কৰক]

ছৰদেশাই বহুতো সামাজিক কামতো সক্ৰিয় আছিল, যেনে:-

২০১৭ চনত ছৰদেশায়ে গায়ক আৰু শিল্পীৰ এটা দলৰ নেতৃত্বত সাধ্বী সৰস্বতীৰ বিৰুদ্ধে অভিযান চলায়, যিয়ে চৰকাৰক ৰাজহুৱাভাৱে অনুৰোধ কৰিছিল যে "গো-মাংস খোৱাসকলক ফাঁচী দিয়া হওক’’।[20] ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০১৬ চনৰ জুলাই মাহত ছৰদেশায়ে প্ৰতিবাদী সমদল আৰম্ভ কৰে।[21]

তদুপৰি, ২০১৭ চনত ছৰদেশায়ে পূৰ্বে অধিবক্তা আৰু সমাজ কৰ্মী আয়াৰ্ছ ৰড্ৰিগেছে প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰক সমৰ্থন কৰাৰ অভিযোগত ২০১৭ চনৰ গোৱা বিধানসভা নিৰ্বাচনৰ বিশেষ মৰ্যাদাৰ পদৰ পৰা পদত্যাগ কৰে।[22]

২০১৯ চনত তেওঁ গায়িকা অনু মালিকক ৰক্ষাৰ হকে মাত মাতে, যিয়ে যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগৰ সন্মুখীন হৈছিল, যাৰ বাবে গায়িকা শ্বেতা পণ্ডিতে তেওঁক সমালোচনা কৰে।[23]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "People in the industry expected sexual favours from singer Hema Sardesai" (en ভাষাত). Zee News. 23 April 2013. http://zeenews.india.com/entertainment/celebrity/people-in-the-industry-expected-sexual-favours-from-singer-hema-sardesai_132765.html আহৰণ কৰা হৈছে: 2018-12-29.
  2. 1 2 "No room for vulgar and obscene movies: Hema Sardesai" (en ভাষাত). DNA. 23 September 2007. https://www.dnaindia.com/entertainment/report-no-room-for-vulgar-and-obscene-movies-hema-sardesai-1123064 আহৰণ কৰা হৈছে: 2019-01-14.
  3. 1 2 Britto, Misha (28 December 2014). "Striking the right note, on and off the stage". The Times of India. https://timesofindia.indiatimes.com/city/goa/Striking-the-right-note-on-and-off-the-stage/articleshow/45660463.cms আহৰণ কৰা হৈছে: 2019-01-14.
  4. Paul, John L. (25 August 2002). "An unassuming singer". The Hindu. https://www.thehindu.com/todays-paper/tp-life/an-unassuming-singer/article28606176.ece.
  5. "Hema Sardesai". Veethi.com. https://www.veethi.com/india-people/hema_sardesai-profile-1632-24.htm আহৰণ কৰা হৈছে: 1 August 2018.
  6. Sayed, Nida (11 December 2017). "Singer Hema Sardesai to make American debut". The Times of India. https://timesofindia.indiatimes.com/city/goa/singer-hema-sardesai-to-make-american-debut/articleshow/62022200.cms.
  7. "Hema Sardesai Joins Forces with Hollywood Producer for Her New Single" (en ভাষাত). India West.com. 14 December 2017. Archived from the original on 2018-12-30. https://web.archive.org/web/20181230030326/https://www.indiawest.com/entertainment/global/hema-sardesai-joins-forces-with-hollywood-producer-for-her-new/article_5e964348-e06f-11e7-8547-2fd5475a37cc.html আহৰণ কৰা হৈছে: 2018-12-29.
  8. Bhatti, Sharin (21 February 2011). "I will never do an item song" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/music/i-will-never-do-an-item-song/story-iMXqTeeqSd9Wv7t3uDCXeM.html আহৰণ কৰা হৈছে: 2018-12-29.
  9. "'The Coffin Maker' will take Konkani to global stage: Hema Sardesai". Indian Express. 21 October 2013. http://archive.indianexpress.com/news/the-coffin-maker-will-take-konkani-to-global-stage-hema-sardesai/1185299 আহৰণ কৰা হৈছে: 2018-12-29.
  10. "The Coffin Maker nails it at Florence". 29 November 2013. https://timesofindia.indiatimes.com/city/goa/The-Coffin-Maker-nails-it-at-Florence/articleshow/26548307.cms.
  11. "Hema Sardesai goes international again" (en-IN ভাষাত). The Hindu. 2017-12-22. ISSN 0971-751X. https://www.thehindu.com/todays-paper/tp-life/hema-sardesai-goes-international-again/article22218409.ece.
  12. "Goa CM Expresses Pain Over Demise of Hema Sardesai's Husband". United News of India. 2020-11-22. http://www.uniindia.com/goa-cm-expresses-pain-over-demise-of-hema-sardesai-s-husband/west/news/2241799.html আহৰণ কৰা হৈছে: 2023-07-06.
  13. Mazumdar, Ranjib (10 June 2010). "Singer Hema Sardesai talks about her passion for the social cause and her music" (en ভাষাত). DNA. https://www.dnaindia.com/lifestyle/report-singer-hema-sardesai-talks-about-her-passion-for-the-social-cause-and-her-music-1394329 আহৰণ কৰা হৈছে: 2018-12-29.
  14. D'Costa, Maria. "Hema Sardesai | innGOA.com" (en-US ভাষাত). inngoa.com. https://inngoa.com/celebrity/hema-sardesai/ আহৰণ কৰা হৈছে: 2018-12-29.
  15. "Book highlighting gender bias launched at Campal" (en-US ভাষাত). Viva Goa. Archived from the original on 2018-12-30. https://web.archive.org/web/20181230080716/http://vivagoamagazine.com/details.php?id=1557 আহৰণ কৰা হৈছে: 2018-12-29.
  16. "Hema Sardesai joins protest against SEZs in Goa". Rediff.com. 23 November 2007. https://www.rediff.com/money/2007/nov/23sez.htm আহৰণ কৰা হৈছে: 2018-12-29.
  17. "Hema threatens Goa govt to go on fast until death". The Economic Times. 2008-06-17. https://economictimes.indiatimes.com/news/politics-and-nation/hema-threatens-goa-govt-to-go-on-fast-until-death/articleshow/3137415.cms.
  18. Singh, Vijay (13 September 2012). "Singer Hema Sardesai supports eco-friendly Ganesh idols" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/mumbai/Singer-Hema-Sardesai-supports-eco-friendly-Ganesh-idols/articleshow/16384108.cms আহৰণ কৰা হৈছে: 2019-01-14.
  19. "Hema Sardesai pitches for job priority for locals". The Times of India. 4 July 2019. https://timesofindia.indiatimes.com/city/goa/hema-sardesai-pitches-for-job-priority-for-locals/articleshow/70064752.cms আহৰণ কৰা হৈছে: 2019-11-07.
  20. "Who is Sadhvi Saraswati?" (en-IN ভাষাত). The Indian Express. 2017-06-15. https://indianexpress.com/article/who-is/sadhvi-saraswati-4705730/ আহৰণ কৰা হৈছে: 2018-12-29.
  21. "Singer Hema Sardesai condemns Sadhavi Saraswati's beef remarks". The Hindu. 2017-06-20. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/singer-hema-sardesai-condemns-sadhavi-saraswatis-beef-remarks/article19105490.ece.
  22. "Goan playback singer Hema Sardesai quits as Assembly poll icon". India Today. 25 January 2017. https://www.indiatoday.in/pti-feed/story/goan-playback-singer-hema-sardesai-quits-as-assembly-poll-icon-863229-2017-01-25 আহৰণ কৰা হৈছে: 2018-12-29.
  23. "Shweta Pandit slams Hema Sardesai's defence of Anu Malik: 'Are child abuse, rape victims also involved in getting abused'". Hindustan Times. 2019-11-07. https://www.hindustantimes.com/music/shweta-pandit-slams-hema-sardesai-s-defence-of-anu-malik-are-child-abuse-rape-victims-also-involved-in-getting-abused/story-Gxfkwnvfh9veHPerfSeBsO.html আহৰণ কৰা হৈছে: 2019-11-07.