হেলেন কেলাৰ
হেলেন কেলাৰ Helen Keller | |
---|---|
![]() | |
জন্ম | হেলেন আদামছ কেলাৰ ২৭ জুন, ১৮৮০ তুস্কোম্বিয়া, আলাবামা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | জুন ১ , ১৯৬৮ (৮৭ বছৰ) আৰাকান ৰেইডজ, ইৰ্ষ্টান কনেটিকাত, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | লিখক, ৰাজনৈতিক কৰ্মী, অধ্যাপক |
মাতৃশিক্ষায়তন | ৰেডক্লিফ কলেজ |
উল্লেখনীয় কৰ্মৰাজি | The Story of My Life |
স্বাক্ষৰ | ![]() |
হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া,আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায়। কেলাৰৰ শিক্ষয়ত্ৰী আন্না ছালভিয়ানৰ তত্বাৱধানত তেওঁ যথেষ্ঠখিনি আৰোগ্য লাভ কৰে আৰু আনৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ শিকে। পিছলৈ তেওঁ কলেজলৈও যায় আৰু ১৯০৪ চনত ৰেডক্লিফ কলেজৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেৱেই একমাত্ৰ বাক অৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি যিয়ে প্ৰথম কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]
হেলেন কেলাৰ, আৰ্থাৰ এইচ কেলাৰ আৰু কেথেৰিন আডামচ কেলাৰৰ দুই জীয়ৰীৰ প্ৰথম গৰাকী আছিল। তেঁওৰ দুজন সতিয়া ভাতৃও আছিল। কেলাৰৰ পিতৃয়ে ছিভিল ৱাৰৰ সময়ত যুদ্ধত অংশগ্ৰহণ কৰিছিল। তেঁওলোকৰ পৰিয়ালটো কপাহ খেতিৰ পৰা পোৱা আৰ্জনেৰে চলিবলৈ যথেষ্ঠ নাছিল, পাছলৈ কেলাৰৰ পিতৃ আৰ্থাৰে এখন স্থানীয় বাতৰি কাকতত সম্পাদক ৰুপে যোগদান কৰে। হেলেন কেলাৰ জন্মৰে পৰাই শ্ৰৱণ আৰু বাকশক্তিহীন নাছিল তেঁও ছমাহৰ পৰাই কথা কবলৈ আৰু মাথো এবছৰ বয়সতে খোজ কাঢ়িবলৈ শিকিছিল। ১৮৮২ চনত হোৱা এক ব্যাধিয়ে তেঁওক বাৰুকৈয়ে জুৰুলা কৰি পেলাইছিল - যাক চিকিৎসক সকলে "ব্ৰেইন ফিভাৰ" বুলি কৈছিল, লক্ষণসমুহ আছিল অত্যাধিক শাৰিৰীক উষ্ণতা বৃদ্ধি পোৱা, তথাপি আজি পয্যন্ত তেওঁৰৰ প্ৰকৃত ৰোগৰ কাৰণ জানিব পৰা নগল। কেলাৰৰ মাতৃ কেথেৰিনে লক্ষ্য কৰিছিল যে তেঁওলোকৰ জীয়ৰীয়ে কোনোধৰণৰ শব্দ বা হাতৰ ভঙ্গীৰে কিবা দেখুৱালেও একো প্ৰতিক্ৰিয়া কৰা নাছিল কিয়নো ইতিমধ্যই হেলেন কেলাৰে নিজৰ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলাইছিল, তেতিয়া তেঁওৰ বয়স মাথো ১৯ মাহ হে হৈছিল। ডাঙৰ হৈ অহাৰ লগে লগে কেলাৰে কিছুমান ক্ষেত্ৰতহে প্ৰতিক্ৰিয়া কৰিবলৈ সক্ষম হৈছিল।
ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]
এগৰাকী আমেৰিকান লেখক,সক্ৰিয় ৰাজনীতিবিদ আৰু শিক্ষাবিদ।