হোক্কাইডো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
হোক্কাইডো (দ্বীপ)
স্থানীয় নাম: 北海道(本島)
ভৌগোলিক
অৱস্থান প্ৰশান্ত মহাসাগৰ, জাপান সাগৰ আৰু অখৎস্ক সাগৰৰ সীমাত
ভৌগোলিক স্থানাংক 43°N 142°E / 43°N 142°E / 43; 142
দ্বীপপুঞ্জ জাপানী দ্বীপপুঞ্জ
মাটিকালি 77,981.87
সৰ্বোচ্চ উচ্চতা 2,290
সৰ্বোচ্চ বিন্দু আছাহি-ডাকে
ৰাষ্ট্ৰ
জাপান
Prefectures হোক্কাইডো
বৃহত্তম নগৰ ছাপ্পোৰো (জনসংখ্যা. ১৮,৯০,৫৬১)
জনগাঁথনি
জনসংখ্যা প্ৰায়. ৫৬,০০,০০০
জনগোষ্ঠীসমূহ আইনু, জাপানী

হোক্কাইডো (ইংৰাজীHokkaido; 北海道 Hokkaidō আক্ষৰিক "উত্তৰ সমুদ্ৰৰ বৰ্তনী" - Japanese: [hokkaidoː] ( শুনক) ) হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।[1] সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্ৰত্যয়িত একমাত্ৰ নগৰ।

ইতিহাস[সম্পাদনা কৰক]

আইনু, নিভ্‌খ্‌ আৰু উৰোক জনজাতি আছিল প্ৰাকঐতিহাসিক হোক্কাইডো দ্বীপত[2] প্ৰথম বসতি স্থাপন কৰা মানৱ জনগোষ্ঠী।[3] নথিবদ্ধ ইতিহাসত হোক্কাইডোৰ প্ৰথম উল্লেখ পোৱা যায় ৭২০ খ্ৰীঃত ৰচিত নিহন শোকি নামৰ গ্ৰন্থত। এই গ্ৰন্থ অনুযায়ী ৬৫৮ৰ পৰা ৬৬০ খ্ৰীঃত আবে নো হিৰাফু নামৰ এজন সামৰিক অধিকৰ্তাই এক বিশাল নৌ বাহিনী আৰু সেনাবাহিনী লৈ উত্তৰৰ সমুদ্ৰৰ পৰা অভিযান চলাই আৰু মিছিহাছে তথা এমিছি জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহে। হিৰাফু যিবোৰ অঞ্চললৈ গৈছিল তাৰ ভিতৰত এটা অঞ্চল আছিল ৱাতাৰিছিমা (渡島?)। এই স্থানকেই অনেকে বৰ্তমানৰ হোক্কাইডো বুলি কব বিচাৰে। অৱশ্যে এই গ্ৰন্থখনৰ তথ্য সম্পৰ্কে অনেকে অনেক ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এটা ব্যাখ্যা অনুযায়ী ৱাতাৰিছিমাৰ এমিছি জনগোষ্ঠীয়েই বৰ্তমানৰ হোক্কাইডোবাসী জনতা আইমু

নাৰা আৰু হেইয়ান যুগত (৭১০-১১৮৫ খ্ৰীঃ) দেৱা প্ৰদেশ নামৰ জাপান চৰকাৰৰ এটা ঘাটিৰ লগত বাণিজ্য কৰিছিল। মধ্যযুগলৈকে হোক্কাইডোৰ অধিবাসীসকলক এযো বুলি মাতিবলৈ আৰম্ভ কৰা হয় আৰু হোক্কাইডোৰ নাম হয় এযোচি (蝦夷地?, অৰ্থ "এযো-ভূমি")[4] বা এযোগাছিমা (蝦夷ヶ島?, আক্ষৰিক "এযোৰ দ্বীপ")। এযোৰ মূল জীৱিকা আছিল চিকাৰ আৰু মাছ ধৰা। চাল আৰু লো তেওঁলোকে জাপানী সকলৰ পৰা আমদানি কৰিছিল।

মুৰোমাচি যুগত (১৩৩৬-১৫৭৩) জাপানী সকলে উছিমা উপদ্বীপৰ দক্ষিণে এটি জনপদ স্থাপন কৰে। যুদ্ধৰ শেষত ক্ৰমশঃ অধিক সংখ্যক জাপানী এই জনপদলৈ আহিবলৈ আৰম্ভ কৰে। জাপানী আৰু আইনু সকলৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদ ক্ৰমশঃ বাঢ়ি বাঢ়ি যুদ্ধৰ ৰূপ লয়। ১৪৫৭ খ্ৰীঃত তাকেদা নোবুহিৰোৰ হাতত আইনু নেতা কোছামাইন নিহত হয় আৰু জাপানী সকলে আইনু সকলক পৰাস্ত কৰে।[2] নোবুহিৰোৰ উত্তৰ পুৰুষ সকলে হোক্কাইডোত মাৎসুম পৰিয়ালৰ শাসন বলবৎ কৰে। এই পৰিয়ালে আযুচি-মোমোইৱামা আৰু এদো যুগত (১৫৬৮-১৮৬৮ খ্ৰীঃ) আইনু সকলৰ সৈতে বাণিজ্যৰ একচ্ছত্ৰ অধিকাৰ লাভ কৰে। মাৎসুমে পৰিয়ালৰ সমৃদ্ধি এই বাণিজ্যৰ ওপৰতেই নিৰ্ভৰশীল আছিল। দক্ষিণ এযোচিত ১৮৬৮ পৰ্যন্ত তেওঁলোকৰে কৰ্তৃত্ব আছিল।

মাৎসুমে পৰিয়ালৰ শাসন জাপানৰ সামন্ততন্ত্ৰৰ বিস্তাৰৰ পৰিপেক্ষিততে বিচাৰ্য। হোনশু দ্বীপৰ উত্তৰে উত্তৰ ফুজিৱাৰা, আকিতা ইত্যাদি স্বাধীন পৰিয়াল আছিল, আৰু তাৰ সম্ৰাট আৰু তাৰ প্ৰতিনিধি শোগুনতন্ত্ৰৰ প্ৰতি নামমাত্ৰ আনুগত্য স্বীকাৰ কৰিছিল। হোক্কাইডোৰ সামন্ত প্ৰভূসকলে কেতিয়াবা কেতিয়াবা মধ্যযুগীয় জাপানী শাসনকাঠামোৰ সৈতে সামঞ্জস্য ৰাখি শোগুনতন্ত্ৰৰ সৈতে মানানছই উপাধি ৰাখে, তেওঁলোকে কেতিয়াবা আপাত অ-জাপানী খিতাপো গ্ৰহণ কৰিছিল। বাস্তৱিকতে, অনেক স্থানীয় সামন্তপ্ৰভু ততদিনে জাপানি সমাজৰ অঙ্গীভূত হলেও এমিছি যোদ্ধাসকলৰ বংশধৰ আছিল।[5] মাৎসুমে পৰিয়াল অন্যান্য জাপানী জনগোষ্ঠীৰ দৰেই য়ামাতো জাতিৰ উত্তৰসূৰী আছিল, কিন্তু উত্তৰ হোনহোৰ বাসিন্দা এমিছি সকল আছিল আইনু বংশজাত। কিন্তু মাৎসুমে পৰিয়ালৰ শাসনৰ সময়ত অধিকাংশ এমিছি য়ামাতো সকলৰ সৈতে মিলা-মিছাৰ ফলত শাৰীৰিক আৰু সাংস্কৃতিক দিশৰ পৰা য়ামাতো সকলৰ নিকটবৰ্তী হৈ পৰিছিল। ইয়াৰ ফলত স্থানীয় জনবিন্যাসৰ ইতিহাসত প্ৰতিস্থাপন তত্ত্বৰ (অৰ্থাৎ আদিম জোমোন জনগোষ্ঠী পৰবৰ্তী য়ায়োই জনগোষ্ঠীৰ আগমনে লোপ পায়)[6] পৰিবৰ্তে পৰিবৰ্তন তত্ত্ব, (অৰ্থাৎ জোমোনৰ পৰাই য়ায়োৰ উদ্ভব হয়) মতবাদৰ প্ৰচলন স্বাভাৱিক হিচাপে প্ৰতিভাত হৈ পৰিছিল।

অন্তিম এদো যুগৰ মাৎসুমে সামন্ত মাৎসুমে তাকাহিৰো। ১০ ডিচেম্বৰ, ১৮২৯-৯ জুন, ১৮৬৬

সামন্ততন্ত্ৰৰ বিৰুদ্ধে আইনু সকলৰ অসংখ্য বিদ্ৰোহ অনুষ্ঠিত হয়, যাৰ ভিতৰত মুখ্য আছিল ১৬৬৯-১৬৭২ৰ ছাকুছাইনেৰ বিদ্ৰোহ। ১৭৮৯ত হোৱা মেনাছি-কুনাছিৰ বিদ্ৰোহো দমন কৰা হয়। এই বিদ্ৰোহৰ পৰা জাপানী আৰু আইনু শব্দ দুটা স্পষ্টভাৱে দুই পৃথক জনজাতিক চিনাক্ত কৰিবলৈ ব্যবহৃত হ‌য় আৰু মাৎসুমে পৰিয়ালে নিজকে 'বিশুদ্ধ জাপানী' হিচাপে প্ৰতিষ্ঠিত কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Nussbaum, Louis-Frédéric. (2005). "Hokkaido" in জাপান বিশ্বকোষ, p. 343|page=343
  2. 2.0 2.1 জাপান হাতবই, p. 760
  3. "অবশেষে জাপানে আইনুদেৰ স্বীকৃতি ". BBC News. July 6, 2008
  4. McClain, James L. (2002). Japan, A Modern History (First সম্পাদনা). প্ৰকাশক New York, N.Y.: W.W. Norton & Company. পৃষ্ঠা. 285. ISBN 0-393-04156-5. 
  5. Howell, David. "Ainu Ethnicity and the Boundaries of the Early Modern Japanese State", Past and Present 142 (February 1994), p. 142
  6. Ossenberg, Nancy (see reference) has the best evidence of this relationship with the Jōmon. Also, a newer study, Ossenberg, et al., "Ethnogenesis and craniofacial change in Japan from the perspective of nonmetric traits" (Anthropological Science v.114:99-115) is an updated analysis published in 2006 which confirms this finding.