হোমোগ্ৰাফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভেনচিত্ৰত হোমোগ্ৰাফ (হালধীয়া) আৰু সম্পৰ্কিত ভাষাগত ধাৰণাৰ মাজৰ সম্পৰ্ক দেখুওৱা হৈছে।

হোমোগ্ৰাফ (ইংৰাজী: Homograph) এনে এটি শব্দ য’ত অন্য শব্দৰ দৰে একেই বৰ্ণ বা আখৰ নিহিত হৈ থাকে আৰু সেই একেটা শব্দই বেলেগ এটা অৰ্থ প্ৰকাশ কৰে।[1] অৱশ্যে, কিছুমান অভিধানে শব্দবোৰৰ উচ্চাৰণ বেলেগ হ’ব লাগিব বুলি কয়।[2] আনহাতে অক্সফৰ্ড ইংৰাজী অভিধানে এই শব্দবোৰ "পৃথক মূল"ৰ হ’ব লাগে বুলি কয়।[3] ভেনচিত্ৰত, অক্সিফৰ্ড গাইড টু প্ৰেক্টিকেল লেক্সিকোগ্ৰাফীত থকা বিভিন্ন প্ৰকাৰৰ হোমোগ্ৰাফৰ তালিকা দিয়া হৈছে, যেনে ইংৰাজীত hit শব্দটোৱে ক্ৰিয়া হিচাপে strike, আৰু hit শব্দটোৱে বিশেষ্য হিচাপে blow -ক হোমোগ্ৰাফ বুজাইছে।[4]

শব্দৰ উচ্চাৰণ পৃথক হ’লে সেই শব্দবোৰক হেটেৰোনিম বুলি কোৱা হ’ব পাৰে। একেই বৰ্ণ বা আখৰ আৰু একেই উচ্চাৰণ থকা শব্দবোৰ (অৰ্থাৎ হোমোগ্ৰাফ আৰু সমধ্বনি দুয়োটা)-ক সমানাকাৰ বুলি গণ্য কৰা হয়। অৱশ্যে, সহজ অৰ্থত "সমানাকাৰ" শব্দটো একে লিখা বা উচ্চাৰণৰ শব্দৰ সৈতে প্ৰযোজ্য হ’ব পাৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]