সমললৈ যাওক

১৯৭১ বাংলাদেশী বুদ্ধিজীৱী হত্যাকাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৭১ বাংলাদেশী বুদ্ধিজীৱী হত্যাকাণ্ড
বাংলাদেশ গণহত্যাৰ অংশ

১৯৭১ চনত পাকিস্তানী সেনাই বুদ্ধিজীৱীক হত্যা কৰাৰ দৃশ্য প্ৰতিফলিত হোৱা মেহেৰপুৰৰ এটা ভাস্কৰ্য্য
স্থান East Pakistan
তাৰিখ 25 March, 14 – 16 December 1971
লক্ষ্য Bengali intellectuals
আক্ৰমণৰ প্ৰকাৰ
নিহত 1,111[1]
আক্ৰমণকাৰী
Shanti Committee
Razakars
Al-Badr
Al-Shams
কাৰণ Anti-Bengali sentiment, destruction of Bengali Intelligentsia

বাংলাদেশী বুদ্ধিজীৱী হত্যাকাণ্ড (ইংৰাজী: 1971 killing of Bengali intellectuals) বুলিলে পাকিস্তান সেনাবাহিনী আৰু তেওঁলোকৰ স্থানীয় সহযোগীসকল, বিশেষকৈ উগ্ৰ সোঁপন্থী মিলিচীয়া গোট অল-বদৰে ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত বঙালী বুদ্ধিজীৱীসকলক ব্যৱস্থিতভাবে হত্যা কৰাৰ ঘটনাপ্ৰবাহক বুজোৱা হয়। যুদ্ধৰ সমগ্ৰ সময়ছোৱাত বাংলাদেশ গণহত্যাৰ অংশ হিচাপে বঙালী বুদ্ধিজীৱীসকলক অপহৰণ, অত্যাচাৰ আৰু হত্যা কৰা হৈছিল। কিন্তু সৰ্বাধিক ব্যৱস্থিত হত্যা ১৯৭১ চনৰ ২৫ মাৰ্চ আৰু ১৪ ডিচেম্বৰত সংঘটিত হৈছিল, যি সংঘৰ্ষৰ আৰম্ভণিৰ দুটা দিন আছিল। ১৪ ডিচেম্বৰৰ দিনটোক বাংলাদেশত শ্বহীদ বুদ্ধিজীৱী দিৱস হিচাপে স্মৰণ কৰা হয়।

২৫ মাৰ্চৰ ক’লা দিনটো

[সম্পাদনা কৰক]

১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানী সেনাই পূব পাকিস্তানৰ বঙালী জনসাধাৰণৰ বিৰুদ্ধে “অপাৰেচন চাৰ্চলাইট” সাংকেটিক নামেৰে বুজোৱা এক বিনাশ অভিযান আৰম্ভ কৰে।[2] কেইবাজনো অধ্যাপক, চিকিৎসক আৰু সাংবাদিকক অস্ত্ৰধাৰী পাকিস্তানী সৈনিক আৰু স্থানীয় সহযোগীসকলে তেওঁলোকক স্বগৃহৰ পৰা অপহৰণ কৰিছিল আৰু এই অভিযানৰ সময়চোৱাৰ ভিতৰত হত্যা কৰিছিল।[3][4]

১৪ ডিচেম্বৰৰ হত্যাকাণ্ড

[সম্পাদনা কৰক]

যুদ্ধ সমাপ্তিৰ ওচৰ চাপি অহা আৰু পাকিস্তানৰ আত্মসমৰ্পণ স্পষ্ট হোৱাৰ লগে লগে পাকিস্তানী সেনাই নতুনকৈ গঠন হ’বলগীয়া বাংলাদেশৰ বুদ্ধিজীৱীসকলক নিৰ্মূল কৰাৰ চূড়ান্ত প্ৰচেষ্টা চলায়।[5] ১৯৭১ চনৰ ১৪ ডিচেম্বৰত ঢাকাত অধ্যাপক, সাংবাদিক, চিকিৎসক, শিল্পী, অভিযন্তা, লেখককে ধৰি ২০০ৰো অধিক বঙালী বুদ্ধিজীৱীক অল-বদৰ মিলিচীয়া আৰু পাকিস্তানী সেনাই তেওঁলোকক নিজৰ ঘৰৰ পৰা অপহৰণ কৰে। আগশাৰীৰ ঔপন্যাসিক শ্বাহিদুল্লাহ কাইজাৰ আৰু নাট্যকাৰ মুনিয়েৰ চৌধুৰীও ভুক্তভোগীৰ ভিতৰত আছিল। তেওঁলোকক মিৰপুৰ, মহম্মদপুৰ, নখলপাৰা, ৰাজাৰবাগ আৰু মহানগৰীৰ অন্য অঞ্চলবোৰত থকা নিৰ্যাতন কেন্দ্ৰত চকুত পটি বান্ধি লৈ যোৱা হয়। পিছলৈ তেওঁলোকক বিশেষকৈ ৰায়েৰবাজাৰ আৰু মিৰপুৰত সামূহিকভাৱে হত্যা কৰা হয়। শ্বহীদ বুদ্ধিজীৱীসকলৰ স্মৃতিত ১৪ ডিচেম্বৰক বাংলাদেশত শ্বহীদ বুদ্ধিজীবী দিৱস হিচাপে শোক পালন কৰা হয়।[6]

বাংলাদেশৰ মুক্তিৰ পাছত ৰাজ্যপালৰ গৃহত এৰি থৈ যোৱা মেজৰ জেনেৰেল ৰাও ফৰমান আলীৰ ডায়েৰীৰ এটা পৃষ্ঠাত বঙালী বুদ্ধিজীৱীৰ তালিকা এখন আৱিষ্কাৰ হয়। এনে তালিকাৰ অস্তিত্ব আলীয়ে নিজেই নিশ্চিত কৰিছিল যদিও তেওঁ গণহত্যাৰ উদ্দেশ্যক অস্বীকাৰ কৰিছিল। একেই কথা নিশ্চিত কৰিছে পাকিস্তানৰ প্ৰাক্তন আমোলা আলতাফ গৌহৰেও। তেওঁ এটা ঘটনাৰ কথা উল্লেখ কৰিছিল, য'ত গৌহৰে আলীক তালিকাৰ পৰা বন্ধুৰ নামবোৰ আঁতৰাবলৈ কৈছিল আৰু আলীয়ে তেওঁৰ উপস্থিতিত সেইটো কৰিছিল।[7]

হত্যাকাণ্ডৰ বিচাৰ

[সম্পাদনা কৰক]

২০১৩ চনৰ ৩ নৱেম্বৰত ঢাকাৰ এখন বিশেষ আদালতে ১৯৭১ চনৰ ডিচেম্বৰ মাহত সংঘটিত যুদ্ধাপৰাধৰ বাবে অল-বদৰ হত্যাকাৰী দলৰ দুজন প্ৰাক্তন নেতাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ১৯৭১ চনৰ ডিচেম্বৰত ১৮ জন বুদ্ধিজীৱী, ঢাকা বিশ্ববিদ্যালয়ৰ ৯ জন অধ্যাপক, ৬ জন সাংবাদিক আৰু তিনিজন চিকিৎসকৰ অপহৰণ আৰু হত্যাত জড়িত থকাৰ প্ৰমাণ পোৱাৰ পিছত লণ্ডনত থকা চৌধুৰী মুয়িনুদ্দিন আৰু আমেৰিকাত থকা আশ্ৰাফুজ জামান খানক তেওঁলোকৰ অনুপস্থিতিতে আদালতে শাস্তিৰ ঘোষণা কৰে। ভুক্তভোগীসকলে কয় যে এই হত্যাকাণ্ডসমূহ পাকিস্তানে বাংলাদেশৰ (তেতিয়াৰ পূব পাকিস্তান) যুদ্ধত পৰাস্ত হোৱাৰ সময়চোৱাত নতুনকৈ জন্ম লাভ কৰিবলগীয়া দেশখনৰ বুদ্ধিজীৱীসকলক কাঢ়ি নিয়াৰ উদ্দেশ্যেৰে চলোৱা অভিযানৰ অংশ স্বৰূপে, ১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত সংঘটিত হৈছিল।[8]

২০১৪ চনৰ ২ নৱেম্বৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মীৰ কাচেম আলীক যুদ্ধাপৰাধৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰে, য’ত বুদ্ধিজীৱীক হত্যা কৰাও অন্তৰ্ভুক্ত আছিল। ন্যায়াধিকৰণত প্ৰমাণিত হয় যে তেওঁ অল-বদৰৰ এজন মূল সংগঠক আছিল আৰু ১৯৭১ চনৰ ১৪ ডিচেম্বৰত বুদ্ধিজীৱীসকলক হত্যা কৰাৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰিছিল।[9][10]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ, eds. (2012). "Killing of Intellectuals". বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 22 December 2024. 
  2. Ganguly, Sumit (2002). Conflict Unending: India-Pakistan Tensions Since 1947. Columbia University Press. পৃষ্ঠা. 60. ISBN 978-0-231-12369-3. https://archive.org/details/conflictunending0000gang/page/60. 
  3. Annual Report: Dhaka University 1971–72, Dr. Mafijullah Kabir
  4. "Telegram 978 From the Consulate General in Dacca to the Department of State, March 29, 1971, 1130Z". US Department of State. https://2001-2009.state.gov/documents/organization/48049.pdf। আহৰণ কৰা হৈছে: 25 May 2019. 
  5. Hensher, Philip (19 February 2013). "The war Bangladesh can never forget". The Independent. https://www.independent.co.uk/news/world/asia/the-war-bangladesh-can-never-forget-8501636.html. 
  6. "DU set to observe Martyred Intellectuals Day, Victory Day". News Today. http://www.newstoday.com.bd/index.php?option=details&news_id=2331520&date=2012-12-14. 
  7. Mamoon, Muntassir (June 2000). The Vanquished Generals and the Liberation War of Bangladesh. Somoy Prokashon. পৃষ্ঠা. 29. ISBN 984-458-210-5. 
  8. "UK Muslim leader Chowdhury Mueen Uddin sentenced to death in Bangladesh". The Independent. 3 November 2013. https://www.independent.co.uk/news/world/asia/uk-muslim-leader-chowdhury-mueen-uddin-sentenced-to-death-in-bangladesh-8919895.html. 
  9. "Bangladesh Islamist party leader files appeal against death penalty". Shanghai Daily. http://www.shanghaidaily.com/article/article_xinhua.aspx?id=255697. 
  10. "War trial: Mir Quasem verdict Sunday". The Daily Star. 30 October 2014. http://www.thedailystar.net/war-trial-mir-quasem-verdict-sunday-48077.