৫এছ্‌ (পদ্ধতি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
৫-এচ কৰ্মক্ষেত্ৰত সুসজ্জিত সঁজুলি

5S নামটো কৰ্মস্থলী সংগঠনৰ বিশেষ পদ্ধতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই আচলতে জাপানী ভাষাৰ পাঁচটা শব্দৰ পৰা আহিছে ,”ছেইৰি” (seiri), ছেইটন (seiton),”ছেইছ'”(seiso), ছেইকেট্‌ছু (seiketsu) আৰু ছিট্‌ছুকে (shitsuke)। তদুপৰি এই শব্দকেইটাৰ ইংৰাজী ভাৱানুবাদও “S”ৰে আৰম্ভ হোৱা পাচটা শব্দৰে হৈছে ।[1] ই এক কৰ্মক্ষেত্ৰ সুচ্চল তথা দক্ষভাৱে পৰিচালনা কৰা নীতি বৰ্ণনা কৰে ৷ [2] সাধাৰণতে কৰ্মীসকলৰ মাজত এক আৰ্হি স্বৰূপ নিৰ্ধাৰণ কৰি, সেই আৰ্হিৰ জৰিয়তে সকলো কৰ্মী সহমতত আহি সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়।

৫-এছ্‌ (5S)[সম্পাদনা কৰক]

৫-এচৰ পাচটা পৰ্যায় আছে । ইয়াক জাপানীৰ পৰা ইংৰাজীলৈ "sort", "straighten", "shine", "standardize", আৰু "sustain” এইকেইটা শব্দলৈ অনুবাদ কৰা হৈছে । ইয়াৰ ভিন্ন অনুবাদও কৰিব পৰা যায় ।

ছেইৰি[সম্পাদনা কৰক]

整理 (sort)[সম্পাদনা কৰক]

  1. অলাগতিয়াল বস্তুবোৰ আঁতৰাই সঠিক ঠাইত ৰাখিব লাগে ।
  2. প্ৰতিবন্ধকতাসমূহ আতৰাই কৰ্মক্ষেত্ৰখন স্বচ্চল কৰি ল’ব লাগে ।
  3. অদৰকৰী সামগ্ৰীৰ পৰা পাব পৰা অসুবিধাখিনি দূৰ কৰিব লাগে ।
  4. অদৰকাৰী সামগ্ৰীসমূহ কৰ্মক্ষেত্ৰত জমা হৈ থাকিব দিব নালাগে ।
  5. মূল্য অথবা অন্য কাৰকৰ উপৰত ভিত্তি কৰিহে কোনো সামগ্ৰীৰ বিবেচনা কৰিব লাগে ।
  6. সকলো অলাগতিয়াল সামগ্ৰী আতৰাই পেলাব লাগে ।
  7. লাগতিয়াল আৰু অলাগতিয়াল বস্তুসমূহ বেলেগে ভগাই পেলাব লগে ।

ছেইটন[সম্পাদনা কৰক]

整頓 (Systematic Arrangement)[সম্পাদনা কৰক]

  1. "set in order" বা"streamline"
  2. সকলো প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰৰ বাবে হাততে পোৱাকে ৰাখিব লাগে ।
  3. সময়ৰ অপব্যয় ৰোধ কৰিব লাগে ।
  4. প্ৰথম আহিলে প্ৰথম সেৱা (First-come-first-served basis)
  5. কামখিনি সহজ আৰু সুথিলভাৱে চলোৱাৰ চেষ্ঠা কৰিব লাগে ।

ছেইছ'[সম্পাদনা কৰক]

清掃 (Spic and Span)[সম্পাদনা কৰক]

  1. "sweep", "sanitize", "shine", বা "scrub"
  2. কৰ্মস্থানৰ সম্পুৰ্ণ পৰিস্কাৰ পৰিচ্ছন্নতা ।
  3. পৰিচ্ছন্নতা পৰিদৰ্শনৰ এটি বিষয় হিচাবে ধৰিব লাগে ।
  4. যন্ত্ৰ-পাতি তথা সঁজুলিসমূহ যতনেৰে চলাব লাগে যাতে সেইবোৰ বেয়া নহয় ।
  5. কৰ্মক্ষেত্ৰখন কামৰ বাবে সহজ তথা সুৰক্ষিত কৰি ৰখিব লাগে ।

ছেইকেট্‌ছু[সম্পাদনা কৰক]

清潔 (Standardize)[সম্পাদনা কৰক]

  1. কৰ্মক্ষেত্ৰৰ কৰ্ম আৰ্হি নিৰ্ধাৰণ ।
  2. কৰ্মক্ষেত্ৰৰ কামৰ তথা ব্যৱস্থাপনাৰ এক পূৰ্বনিৰ্ধাৰিত আৰ্হি মানি চলা ।
  3. সকলো কাম শৃংখলিত ভাৱে এক পূৰ্বনিৰ্ধাৰিত আৰ্হিমতে সমাধা কৰা ।
  4. সকলো বস্তু নিৰ্ধাৰিত স্থানত ৰাখিব লাগে ।
  5. প্ৰতিটো প্ৰক্ৰিয়াৰ এক সুকীয়া তথা স্বকীয় আৰ্হি থাকিব লাগে ।

ছিট্‌ছুকে[সম্পাদনা কৰক]

(Sustain)[সম্পাদনা কৰক]

  1. "do without being told" (যদিও Sৰে আৰম্ভ নহয়)
  2. প্ৰয়োজনীয়তাৰ ক্ৰমত শৃংখল কৰা ।
  3. নিয়মিতভাৱে হিচাপ পৰিদৰ্শন কৰা ।
  4. প্ৰশিক্ষণ আৰু নিয়মানুৱৰ্তিতা


অন্য S[সম্পাদনা কৰক]

কিছুসময়ত ৫-এছৰ লগতে থকা অন্য বিষয় সমূহ হ’ল সুৰক্ষা (safety), নিৰাপত্তা (security), পৰিতোষ (satisfaction) আদি ।এইবোৰক স্বতন্তৰীয়াভাৱে নকৈ ৫-এছৰ পৰা পোৱা সুবিধা বুলি ক’লেহে বেছি শুদ্ধ হ’ব ।[উদ্ধৃতিৰ প্ৰয়োজন]

সুৰক্ষা[সম্পাদনা কৰক]

সুৰক্ষা বিষয়টোও কেতিয়াবা ৫-এছৰ লগত উত্থাপিত হয় । [3] এই সম্পৰ্কত এতিয়াও আলোচনা চলি আছে যে এই বিষয়টো এক সুকীয়া কলম দি ষষ্ঠ Sৰ সূচনা কৰা উচিত নে বৰ্তমানৰ দৰে ৫-এছৰ ভিতৰতে ইয়াৰ কাৰুকাৰ্য চলাই নিব লাগে ।

নিৰাপত্তা[সম্পাদনা কৰক]

নিৰাপত্তা বিষয়টোও কেতিয়াবা ৫-এছৰ লগত উত্থাপিত হয়[উদ্ধৃতিৰ প্ৰয়োজন] নিৰাপত্তাক খৰচৰ পৰিৱৰ্তে বিনিয়োগ হিচাপে ধৰি সপ্তমটো এছ (S)ৰ প্ৰস্তাৱিত হৈছে ,

৫-এচৰ আৰম্ভনি[সম্পাদনা কৰক]

৫ এছৰ সূচনা হৈছিল জাপানত,যাক Just in Time উৎপাদনৰ বিশেষ সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছিল ।[4]

৫-এচৰ ব্যৱসায়িক ভিত্তিক প্ৰয়োগৰ বাবে দুটা আৰ্হি প্ৰস্তাৱনা আগঢ়াইছিল উচাডা (Osada) আৰু হিৰান’ (Hirano) [5][6] হিৰান’ৱে সমগ্ৰ প্ৰক্ৰিয়াটো এক শৃংখলিত ভাৱে কেইটিমান বিশেষ পদ্ধতি বাখ্যা আগবঢ়াইছে ।জন বিচেন’ৰ মতে(John Bicheno) [7] টয়’তায়ে(Toyota) গ্ৰহণ কৰা হিৰান’ৰ ৪-এচ ধাৰণাত ছেইটন আৰু ছেইছ'ক একেলগে ধৰা হৈছে। যদিও প্ৰকৃততে ৫-এচ ধাৰণাটো উৎপাদনৰ ক্ষেত্ৰত দিয়া হৈছে ৷ অন্য ক্ষেত্ৰটো ইয়াৰ প্ৰয়োগৰ থল আছে ।[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "What Is 5S? - Sort, Set In Order, Shine, Standardize, Sustain". http://www.graphicproducts.com/tutorials/five-s/. 
  2. http://www.siliconfareast.com/5S.htm
  3. "Lean and Environment Training Modules". United States Government, Green Supply Network. http://gsn.nist.gov/pubs/module5_6S.pdf। আহৰণ কৰা হৈছে: 12 July 2012. 
  4. Womack, James; Jones, Daniel; Roos, Daniel (1991). Machine That Changed The World. Productivity Press. ISBN 978-1-84737-055-6. 
  5. Hirano, Hiroyuki (1995). 5 Pillars of the Visual Workplace. প্ৰকাশক Cambridge, MA: Productivity Press. ISBN 978-1-56327-047-5. 
  6. Osada, Takashi (1995). The 5S’s: Five keys to a Total Quality Environment.. প্ৰকাশক US: Asian Productivity Organization. ISBN 9283311167. 
  7. Bicheno, John. New Lean Toolbox: Towards Fast, Flexible Flow. প্ৰকাশক Buckingham: PICSIE. ISBN 978-0-9541244-1-0. 
  8. "CEITON – Profile". http://ceiton.com/CMS/EN/company/profile.html#Origin.