সমললৈ যাওক

ৰ'জেছ থেছৰাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰ'জেছ থেছৰাছ (Roget's Thesaurus) ইংৰাজী ভাষাৰ এখন বহুপঠিত থেছৰাছ বা শব্দকোষ। ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ব অধ্যয়নকৰ্তা আৰু শব্দ-বিজ্ঞানী পিটাৰ মাৰ্ক ৰ'জেই (১৭৭৯–১৮৬৯) ১৮০৫ চনত এইখন লিখি উলিয়াইছিল।

১৮৫২ চনৰ ২৯ এপ্ৰিলত ৰ'জেছ থেছৰাছ' ৰাইজৰ বাবে মুকলি হয়।[1][পৃষ্ঠা নং প্ৰয়োজন] জেৰেমী বেন্থামৰ বস্তুবাদী শিক্ষণসমূহে ৰ'জেক অনুপ্ৰাণিত কৰিছিল আৰু তেওঁ কোৱা মতে "যিসকলে দুখেৰে খেপিয়াই ফুৰিছে আৰু লিখাৰ জটিলতাত কষ্ট কৰিছে ... এইখন কিতাপে সহায়ৰ হাত আগবঢ়াইছে"।[2] কাৰ্পল্‌ছ পাণ্ডুলিপি সংগ্ৰহালয়ত প্ৰথম পাণ্ডুলিপি সংৰক্ষিত হৈ আছে।[3]

ৰ'জেৰ শ্ৰেণীবদ্ধকৰণ আৰু উপশ্ৰেণীকৰণ লেইবনিজৰ দৰ্শনৰ ভিত্তিত কৰা হৈছিল যি নিজেই এৰিষ্ট'টলৰ আৰু আন লোকৰ কৰ্মৰ ভেঁটিত গঢ়া হৈছিল। ৰ'জেৰ প্ৰথম পাঠ "abstract relations"-ত এৰিষ্ট'টলৰ শ্ৰেণীকৰণৰ কিছু ভাগ সন্নিৱিষ্ট কৰা হৈছে।

ৰ'জেই প্ৰথম প্ৰকাশৰ পাতনিত তেওঁৰ শব্দকোষৰ বিষয়ে কৈছে:

প্ৰায় পঞ্চাছ বছৰৰ আগতে মই মৌখিক শ্ৰেণীকৰণৰ এটা পদ্ধতিৰ কথা ভাবিছিলোঁ যিটোৰ নিচিনাকৈ এই কিতাপখন কৰা হৈছে। মোৰ নিজৰে নূন্যতাখিনি এনে সংগ্ৰহে পূৰাব পাৰিব বুলিয়েই ১৮০৫ চনত মই শব্দবোৰৰ শ্ৰেণীকৰণ আগতে ভবা নীতিতে আৰু প্ৰায় একে ৰূপতে সৰুকৈ কৰিছিলোঁ, আৰু সেইখিনি এই শব্দকোষ হিচাপে প্ৰকাশ পাইছে।[4]

ৰ'জেছ থেছৰাছ ছটা প্ৰাথমিক পাঠত বিভক্ত।[5] প্ৰতিটো পাঠৰ একাধিক ভাগ আছে আৰু সেইবোৰৰ পৰিচ্ছেদ আছে। ইয়াক অৰ্থৰ সম্পৰ্ক থকা শব্দবোৰৰ হাজাৰ ডালযুক্ত এজোপা গছৰ লগত তুলনা কৰিব পাৰি। শব্দবোৰ পোনে পোনে প্ৰতিশব্দ নহয়, সেইবোৰ অৰ্থ বা ভাৱ ওচৰ চপাহে।[উদ্ধৃতিৰ প্ৰয়োজন] সকলোতকৈ সাধাৰণ শব্দটোক একেবাৰে ওপৰত ৰাখি গোটেই গোটটোৰ নাম তাৰেই দিয়া হয়।

সংস্কৰণ

[সম্পাদনা কৰক]

প্ৰথম সংস্কৰণত ১৫০০০ শব্দ আছিল আৰু পৰৱৰ্তী সংস্কৰণবোৰত ইয়াৰ পৰিবৰ্ধন হৈ আহিছে।[3] শেহতীয়া সংস্কৰণ (অষ্টম) প্ৰায় ৪,৪৩,০০০ শব্দ আছে।[6] সমকালীন শব্ব্দবোৰ থকাকৈ কিতাপখন সময়ে সময়ে নবীকৰণ কৰা হয়; কিন্তু প্ৰতিটো সংস্কৰণতে ৰ'জেই দেখুৱাই যোৱা শ্ৰেণীকৰণ অনুসৰণ কৰা হয়।[2] "Roget" নামটো সংযুক্ত ৰাজ্য আৰু আন কোনো কোনো ঠাইত ট্ৰেডমাৰ্ক কৰা হৈছে।[7] কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত এই নাম সংৰক্ষিত নহয় আৰু কোনো শব্দকোষৰ শিৰোনামত "Roget" থকা মানেই ৰ'জেৰ লগত সম্পৰ্কীয় নুবুজায়, শব্দকোষৰ সাধাৰণ নাম হিচাপেহে ইয়াৰ ব্যৱহাৰ হয়।[8]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hüllen[Full citation needed]
  2. 2.0 2.1 How to be Really Well Informed in Minutes: All you need to know about everything that matters from the popular 'Briefing' columns. প্ৰকাশক Croydon: Ebury Press. 2012. পৃষ্ঠা. 74–77. ISBN 978-0-09194-706-4. 
  3. 3.0 3.1 "Roget's Thesaurus". Karcpeles Library. Archived from the original on 2009-12-28. https://web.archive.org/web/20091228110440/http://www.rain.org/~karpeles/rogetdis.html. 
  4. Lloyd (1982), পৃষ্ঠা. xix.
  5. "Table of contents". Archived from the original on March 16, 2013. https://web.archive.org/web/20130316070554/http://poets.notredame.ac.jp/Roget/contents.html. 
  6. HarperCollins (November 5, 2019). "Roget's International Thesaurus, 8th Edition". https://www.harpercollins.com/products/rogets-international-thesaurus-8th-edition-thumb-indexed-barbara-ann-kipfer?variant=32116577566754। আহৰণ কৰা হৈছে: October 17, 2020. 
  7. "Intellectual Property Office". GOV.UK. https://www.gov.uk/government/organisations/intellectual-property-office। আহৰণ কৰা হৈছে: May 13, 2020. 
  8. Lloyd (1982), পৃষ্ঠা. xiii.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Baumgartner, Jason L.; Waugh, Timothy A. (2002), "Roget2000: A 2D Hyperbolic Tree Visualization of Roget's Thesaurus", Visualization and Data Analysis 2002 (Bloomington, IN: School of Library and Information Science, Indiana University) খণ্ড 4665: 339, doi:10.1117/12.458803, Bibcode 2002SPIE.4665..339B 
  • Emblen, D.L. (1969), "The Library of Peter Mark Roget", The Book Collector খণ্ড 18 (4 (winter)): 449–469 
  • Hüllen, Werner (2004), A History of Roget's Thesaurus: origins, development, and design, প্ৰকাশক Oxford [England]: Oxford University Press, doi:10.1093/acprof:oso/9780199254729.001.0001, ISBN 1-4237-8876-1 
  • Hüllen, Werner (2009), Networks and knowledge in Roget's Thesaurus, প্ৰকাশক Oxford: Oxford University Press, doi:10.1093/acprof:oso/9780199553235.001.0001, ISBN 978-0-19-955323-5 
  • Kendall, Joshua C. (2008), The Man Who Made Lists: love, death, madness, and the creation of Roget's Thesaurus, প্ৰকাশক New York, ISBN 978-0-399-15462-1, OCLC 156902279 
  • Roget, Peter Mark (1982), Lloyd, Sue, ed., Roget's Thesaurus of English Words and Phrases, প্ৰকাশক Harlow, Essex: Longman, ISBN 0-582-55635-X, OCLC 8546324 
  • Roget, Peter Mark (1962), Dutch, Robert A., ed., The Original Roget's Thesaurus of English Words and Phrases (Americanized সম্পাদনা), প্ৰকাশক New York: Longmans, Green & Co./Dell Publishing Co., Inc. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]