সমললৈ যাওক

ৰংফাৰ্পি ৰংবে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰংফাৰ্পি ৰংবে বা কাৰেং (ৰজা) ৰংফাৰ্পি ১৯শ শতাব্দিত খাচীয়া পাহাৰত বাস কৰা মিকিৰ জনগোষ্ঠীৰ (বৰ্তমান অসমকাৰ্বি জনগোষ্ঠীৰ) এগৰাকী সাহসী মহিলা আছিল। তেওঁ অন টেৰণ[1] বা বেৰে ৰেচবঙৰ[2] পত্নী আৰু থং নকবে টেৰণৰ মাতৃ[2] আছিল। তেওঁলোক খাচিয়া পাহাৰৰ (বৰ্তমান মেঘালয়ত) ৰংফাৰ গাঁওত বাস কৰিছিল।[2]

মিকিৰ (আধুনিক কাৰ্বি) সকলৰ মূল গৃহভূমি আছিল খাচীয়া আৰু জয়ন্তীয়া পাহাৰ। ইয়াত তেওঁলোকে খাচি সকলৰ দাস হিচাবে জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকক খাচী মাতব্বৰসকলৰ ঘৰত অমানুষিক ব্যৱহাৰ - যেনে গন্তি কৰোঁতে চোকা দাৰে কপালত কাটি দাগ দিয়া আদি - কৰা হৈছিল। পাচত মিকিৰসকল কপিলী নদীৰ পাৰে পাৰে উত্তৰ-পূৱলৈ তেতিয়াৰ ৰেংমাসকলৰ থকা ঠাই ঞ্চিবেন-হাবিঙলৈ (Nchiben-habing, বৰ্তমান ডবকা) প্ৰব্ৰজন কৰে।[2]

প্ৰসিদ্ধি

[সম্পাদনা কৰক]

মিকিৰসকল খাচীয়া পাহাৰত থকা সময়তে এবাৰ এটা বাঘৰ পোৱালি ধৰি ভাল লগাবলৈ বুলি খাচীয়া ৰজাক উপহাৰ দিলে। তেওঁলোকে যেতিয়া পোৱালীটোক গাখীৰ খুৱাব লাগিব বুলি ৰজাক দিহা দিলে ৰজাই তেওঁলোকৰ ওপৰত আৰু অত্যাচাৰ কৰিবলৈ মিকিৰ তিৰোতাসকলৰ গাখীৰ আনি খুৱাবলৈ নিৰ্দেশ দিয়ে।

যেতিয়া ৰংফাৰ্পিক ৰজাৰ সৈনিকে গাখীৰ দিবলৈ আদেশ দিলে তেওঁ উগ্ৰমূৰ্তি ধাৰণ কৰি সৈন্যকেইজনক অকলেই কুঠাৰেৰে কাটি টুকুৰা টুকুৰ কৰি পেলালে। খাচী ৰজাই ইয়াৰ প্ৰতিশোধ লোৱাটো নিশ্চিত আছিল। শক্তিশালী খাচীসকলৰ আক্ৰমণ প্ৰতিহত কৰা সম্ভব নহয় বুলি জানি তেওঁ কাৰ্বিসকলক সমুখ সমৰত লিপ্ত নহৈ পলাই যাবলৈ নিৰ্দেশ দিয়ে। এইদৰেই তেওঁৰ নেতৃত্ব আৰু বিচক্ষণতাৰ ফলত অযথা হানিৰ পৰা জাতিটো ৰক্ষা পৰে।[2]

কোনো কোনো সূত্ৰত খাচীয়া ৰজাৰ পৰিবৰ্তে ডিমাচা ৰজাৰ উল্লেখ পোৱা যায়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Maggie Katharpi - Karbi Heroes". http://www.museindia.com/viewarticle.asp?myr=2010&issid=31&id=1949 আহৰণ কৰা হৈছে: 19 এপ্ৰিল 2014.[সংযোগবিহীন উৎস]
  2. 1 2 3 4 5 "Saga Of Rengma Nagas Of Assam". The Morung Express, June 29, 2013. http://www.morungexpress.com/people-life-etc/97754.txt আহৰণ কৰা হৈছে: 19 এপ্ৰিল 2014.[সংযোগবিহীন উৎস]