ৰঙাই আলধৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহাপুৰুষ মাধৱদেৱে পৰম ঈশ্বৰৰ মৰ্ম উপলব্ধিৰে পৰম দাস্যভাব গ্ৰহণ কৰি যি বিমল আনন্দ লাভ কৰিছিল , শংকৰদেৱৰ প্ৰতিও সেই একেই ভাৱ প্ৰদৰ্শন কৰি তাতোকৈ বেছি আনন্দ লভাৰ অনেক উদাহৰণ চৰিত পুথিত পোৱা যায়। গুৰু শিষ্যৰ এনে আধ্যাত্মিক মিলন আৰু প্ৰেমৰ নিদৰ্শন জগতত বিৰল।

গুৰু দুজনাৰ এই আৰ্হিকে লৈ পাছলৈ সত্ৰসমূহত সেই ক্ৰিয়া-কলাপৰ  এক স্থায়ী পৰম্পৰা চলিবলৈ ধৰে। অৰ্থাৎ গুৰুৰ আলপৈচান ধৰা এক বিষয়ববীয়াৰ সৃষ্টি হ'ল, যাৰ নামকৰণ কৰা হ'ল"আলধৰা" ।

সত্ৰৰ অন্যান্য বিষয়ববীয়াৰ দৰে আলধৰাও সমাজৰ এজন মানী লোক। গুৰু জনৰ( সত্ৰাধিকাৰৰ) সেৱক ৰূপে সত্ৰ তথা সমাজৰ প্ৰায় সকলো ক্ষেত্ৰতে আলধৰাৰ মতামতো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। তেনে গুণী-জ্ঞানী আলধৰাৰ সুপৰামৰ্শ আৰু কাৰ্যদক্ষতাৰ প্ৰভাৱত সত্ৰৰ শ্ৰীবৃদ্ধি , শান্তি- সম্প্ৰীতি অক্ষুণ্ণ থাকে।

শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ একান্ত সেৱক ৰঙাই দত্তও তেনে এজন যশস্বী আলধৰা আছিল। তেওঁক পাছলৈ সকলোৱে 'ৰঙাই আলধৰা' নামেৰে জানিছিল।মানৰ আক্ৰমণৰ পূৰ্বৱৰ্তী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লক্ষ্মীদেৱে সত্ৰৰ বিশিষ্ট আলধৰা পৰিয়ালৰে চৈধ্য বছৰীয়া ৰঙাইক সত্ৰীয়া নিয়মেৰে আলধৰাৰ নিৰ্মালি দি আলধৰা পাতে। ৰঙাইৰ বুদ্ধি-বৃত্তি আছিল প্ৰখৰ, স্বভাৱত অতি গহীন-গম্ভীৰ আৰু দেখাত সুগঢ়ী। সত্ৰাধিকাৰ জনাই ৰঙাইক লগতে ৰাখি সত্ৰ আৰু সমাজ সম্বন্ধীয় শিক্ষা প্ৰদান কৰিছিল।

কিন্তু সেই জীৱন ৰঙাই আলধৰাই বেছি দিন ভোগ কৰিবলৈ নাপালে। কিছুদিনৰ পিছতে মানৰ আক্ৰমণৰ সম্ভেদ পাই লক্ষ্মীদেৱে ৰঙাই আলধৰাৰ সৈতে কেইজনমান ভকতক থানৰ দায়িত্ব দি বৰদোৱালৈ যায়গৈ। তাৰ পাছতেই মানৰ অত্যাচাৰত ৰঙাই আলধৰাৰ সৈতে ভকতসকলে থানৰ পৰা চাৰি মাইল দূৰৰ জালভাৰী গাঁৱত আশ্ৰয় লয়গৈ।মানে থানৰ ঠাইখিনি জুই লগাই ধ্বংস কৰে। ফলত তেওঁলোকে জালভাৰী গাঁৱতে ঘৰ সাজি বসবাস কৰে।

সুদীৰ্ঘ অৰ্ধ শতিকাৰ অন্তত সেইজনা ৰঙাই আলধৰাৰে পূৰ্ণ সহায়-সহযোগত মানে ধ্বংস কৰি থৈ যোৱা বাসুদেৱ থান খনি ‌অচ্যুত চন্দ্ৰ দেৱগোস্বামী আতাই উদ্ধাৰ কৰি পুনৰ প্ৰতিষ্ঠা কৰে।সেয়ে বাসুদেৱ থান নৰোৱা সত্ৰৰ লগতে জালভাৰী অঞ্চলৰ ৰাইজৰ বাবে ৰঙাই আলধৰা এজন গুৰুত্বপূৰ্ণ ব্যক্তি।

তথ্যসূত্ৰ:-১/ "শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ইতিবৃত্ত সংযোজিত গ্ৰন্থ শ্ৰী শ্ৰী বাসুদেৱ থান অতীত আৰু বৰ্তমান" , প্ৰফুল্ল নাৰায়ণ গোস্বামী শাস্ত্ৰী।

২/"শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ইতিবৃত্ত", দেৱেন্দ্ৰ দেৱ গোস্বামী।