ৰঙা হেলেন
ৰঙা হেলেন (Red Helen) | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
প্ৰজাতি: | P. helenus |
বৈজ্ঞানিক নাম | |
Papilio helenus Linnaeus, 1758 |
ৰঙা হেলেন (ইংৰাজী: Red Helen, বৈজ্ঞানিক নাম-Papilio helenus) এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail Butterfly)ৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে দক্ষিণ-পূব এছিয়াৰ কিছু কিছু অংশত আৰু দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায়৷
টেক্স'নমি
[সম্পাদনা কৰক]ৰঙা হেলেন পখিলাৰ তেৰটা পৰ্যন্ত উপ-প্ৰজাতিৰ বিষয়ে বৰ্তমানলৈকে তথ্য পোৱা গৈছে৷ ইয়াৰে দুটা উপ-প্ৰজাতি ভাৰতত দেখিবলৈ পোৱা যায়৷ ইয়াৰে উল্লেখযোগ্য উপ-প্ৰজাতিসমূহ হ'ল-
- P. helenus daksha Moore. দক্ষিণ ভাৰত
- P. helenus helenus Linnaeus. ডেৰাডুনৰ পৰা ম্যানমাৰলৈকে বিস্তৃত
- P. helenus fortunius Fruhstorfer, 1908.
Papilio helenus helenus গোটৰ মূল (nominate) সদস্য৷ ইয়াৰ ওচৰ সম্পৰ্কীয় অন্যান্য পখিলাবোৰ হ'ল-
- Papilio helenus Linnaeus, 1758
- Papilio iswara White, 1842
- Papilio iswaroides Fruhstorfer, 1898
- Papilio nephelus Boisduval, 1836
- Papilio nubilus Staudinger, 1895
- Papilio sataspes C. & R. Felder, 1865
বিস্তৃতি
[সম্পাদনা কৰক]ৰঙা হেলেন পখিলা শ্ৰীলংকা, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, চীন, টাইৱান, জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ব্ৰণেই, ফিলিপাইনছ, ইন্দোনেছিয়া আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতত ইয়াক দাক্ষিণাত্য (Western Ghats)ৰ কেৰেলাৰ পৰা গুজৰাট পৰ্যন্ত আৰু উত্তৰে ডেৰাডুনৰ পৰা উত্তৰ-পূব ভাৰত পৰ্যন্ত ইয়াক দেখিবলৈ পোৱা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]
জীৱন-চক্ৰ
[সম্পাদনা কৰক]এই পখিলাবিধ সমগ্ৰ বছৰ জুৰি সক্ৰিয় হৈ থাকে৷ অন্য সকলো পখিলাৰ প্ৰজাতিৰ দৰেই ইয়াৰো এটা নিৰ্দিষ্ট জীৱন-চক্ৰৰে জীৱন অতিবাহিত হয়৷
কণী
[সম্পাদনা কৰক]ইয়াৰ কণীৰ বৰণ হালধীয়া , আকাৰ ঘূৰণীয়া আৰু বাহিৰৰ খোলাতো কিছু খহটা৷ অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰিলে বাহিৰৰ এই খোলাটো দেখাত কমলাৰ ছালৰ দৰে দেখা যায়৷ কণীৰ ব্যাস প্ৰায় ১.২ মিলিমিটাৰ হয়৷ ৰঙা হেলেন পখিলাই গছৰ পাতৰ কাণ্ডৰ জোঙা মূৰটোত ছাঁ পৰা অংশত কণী পাৰে৷ কণী ফুটাৰ আগেয়ে চকলেট ৰঙৰ আঁচেৰে পূৰ্ণ হৈ থাকে৷ কণী পৰাৰ ৪-৭ দিনৰ ভিতৰত ফুটে৷
পলু
[সম্পাদনা কৰক]পলু পোনেই জগাৰ অৱস্থাত ৩ মিলিমিটাৰ দীঘল হয় আৰু ইয়াৰ বৰণ হালধীয়া হোৱা দেখা যায়৷ ইয়াৰ দেহটো থিয় নোমেৰে আৱৰি থাকে৷ পিছলৈ ইয়াৰ বৰণ মটিয়া হ'বলৈ ধৰে৷ দেহৰ মাজভাগত বগা দাগ কিছুমান থাকে৷
স্থিতি
[সম্পাদনা কৰক]ইয়াৰ আবাদী বৰ্তমানলৈকে সংকটৰ পৰা মুক্ত বুলি তথ্য পোৱা গৈছে৷ ইয়াক কেৰেলাৰ মহাৰাষ্ট্ৰ পৰ্যন্ত সততে দেখা যায়৷ তদুপৰি উত্তৰ -পূব ভাৰতত বিশেষকৈ অসমত ই খুবেই চিনাকি পখিলাৰ প্ৰজাতি৷ [উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Gay, Thomas; Kehimkar, Isaac & Punetha, J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
- Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
- Kunte, Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.