ৰবাৰ্ট টি কিয়োচাকি
ৰবাৰ্ট টি কিয়োচাকি | |
---|---|
২০১৪ চনত ৰবাৰ্ট টি কিয়োচাকি | |
জন্ম | ৰবাৰ্ট টি কিয়োচাকি ৮ এপ্ৰিল, ১৯৪৭ (৭৭ বছৰ) হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | ব্যৱসায়ী, লেখক |
মাতৃশিক্ষায়তন | United States Merchant Marine Academy (BS) University of Hawaii at Hilo (dropped out) |
বিষয় | ব্যক্তিগত বিত্ত, ব্যৱসায় বিনিয়োগ |
উল্লেখনীয় কৰ্মৰাজি | Rich Dad, Poor Dad |
দাম্পত্যসংগী | কিম কিয়োচাকি |
ৱেবছাইট | www |
ৰবাৰ্ট টি কিয়োচাকি (ইংৰাজী: Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক।[1][2] তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক।[3][2] যিটো ব্যক্তিগত বিত্তীয় আৰু ব্যৱসায়িক সম্বন্ধীয় শিক্ষা প্ৰদান কৰে, কিতাপ আৰু ভিডিঅ’ যোগে। তেওঁৰ Rich Dad, Poor Dad উল্লেখযোগ্য গ্ৰন্থ।[4][2]
তেওঁ শিশু আৰু প্ৰাপ্তবয়স্কলোকসকলৰ বাবে ব্যৱসায় আৰু আৰ্থিক ধাৰণাৰ সম্পৰ্কে শিক্ষিত কৰাৰ অৰ্থে সৃষ্টি কৰা চফ্টৱেৰ গেম আৰু কেচফ্ল বৰ্ডৰ (Cashflow board) স্ৰষ্টা।[5]
জন্ম পৰিচয়
[সম্পাদনা কৰক]ৰবাৰ্ট টি কিয়োচাকিৰ জন্ম হয় ১৯৪৭ চনত হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰত।[6] তেওঁৰ দেউতাক আছিল ৰাল্ফ এইচ কিয়োচাকি (Ralph H Kiyosaki) আৰু মাক আছিল মাৰজ’ৰী অ’ কিয়োচাকি (Marjorie O. Kiyosaki)।[7] ৰাল্ফ এইচ কিয়োচাকিৰ সন্তানসমূহ হ’ল ক্ৰমে- ইমী, বেথ,জন আৰু ৰবাৰ্ট টি কিয়োচাকি।[7][6] ৰবাৰ্ট টি কিয়োচাকিৰ পত্নী কিম কিয়োচাকি।[6]
১৯৯৩ চনত কিয়োচাকিৰ প্ৰথমখন কিতাপ প্ৰকাশ পায় "If You Want to Be Rich & Happy Don't Go to School" (যদি আপুনি ধুনী আৰু সুখী হ’ব বিচাৰে বিদ্যালয়লৈ নাযাব)।[8] তেওঁৰ ৩০ মিলিয়নতকৈ বেছি বিক্ৰী হোৱা (৯০খন দেশত) গ্ৰন্থ “Rich dad poor dad”খন ১৯৯৭ চনত প্ৰকাশ পায়।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Robert T. Kiyosaki | url=https://www.richdad.com/about/robert-t-kiyosaki | আহৰণ কৰা হৈছে=১৮ মে ২০২০
- ↑ 2.0 2.1 2.2 Robert T. Kiyosaki | url=https://www.linkedin.com/in/robert-t-kiyosaki-02095419a | আহৰণ কৰা হৈছে=১৮ মে ২০২০
- ↑ Rich Dad, Poor Dad, Bankrupt Dad? | https://www.forbes.com/sites/helaineolen/2012/10/10/rich-dad-poor-dad-bankrupt-dad/ | আহৰণ কৰা হৈছে=১৮ মে ২০২০
- ↑ Rich Dad, Poor Dad | url=https://www.amazon.com/Robert-T.-Kiyosaki/e/B001H6GV90 | আহৰণ কৰা হৈছে=১৮ মে ২০২০
- ↑ "The road to rich dad". Canadian broadcasting coprporation. http://www.cbc.ca/marketplace/episodes/2010-episodes/road-to-rich-dad। আহৰণ কৰা হৈছে: 29 May 2020.
- ↑ 6.0 6.1 6.2 "Robert Toru Kiyosaki". https://www.ancientfaces.com/person/robert-toru-kiyosaki-birth-1947/192711369। আহৰণ কৰা হৈছে: 29 May 2020.
- ↑ 7.0 7.1 "Ralph H Kiyosaki". Ancientfaces.com. https://www.ancientfaces.com/person/ralph-h-kiyosaki-birth-1919-death-1991/90316099। আহৰণ কৰা হৈছে: 29 May 2020.
- ↑ "If you want to be rich & happy, don't go to school? : ensuring lifetime security for yourself and your children". Archive.org. https://archive.org/details/ifyouwanttoberic00kiyo/page/n5/mode/2up। আহৰণ কৰা হৈছে: 29 May 2020.
- ↑ "Personal Finance Book of All-Time". Richdad.com. https://www.richdad.com/। আহৰণ কৰা হৈছে: 29 May 2020.