ৰসী গাহেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰসী গাহেন (ইংৰাজী: Rochi Gaheen) হাজংসকলৰ জাতীয় কৃষ্টিৰ অন্যতম লোক-সংগীত। কৃষিকাৰ্যৰ জীৱন জীৱিকাৰ লগত এই গীত ওতপ্ৰোতভাবে জড়িত হৈ আছে। শক্তিৰ উপাসক হিচাপে শ্ৰমৰ উৎস হৈ যুগ যুগ ধৰি যিদৰে শ্ৰমজীৱিসকলৰ মাজত বিভিন্ন নৃত্য-গীতৰ প্ৰচলন হৈ চলি আহিছে, সেইদৰে হাজং জনগোষ্ঠীৰ মাজতো পৰম্পৰাগতভাবে ৰসী গাহেনৰ প্ৰচলন হৈ আহিছে।[1]

হাজংসকলে বিশ্বাস কৰি আহিছে যে ৰ'দ, বৰষুণ নেওচি যেতিয়া বোকা-পানীৰে লুতুৰি-পুতুৰি হৈ ৰোৱা লগাই থকাৰ সময়ত কোনো ৰোৱণীয়ে ৰসী গাহেন গায়, তেতিয়া হেনো ৰোৱণীসকলৰ মনত প্ৰাণত কৰ্মৰ প্ৰেৰণাৰ জোৱাৰ উঠে। কামত ক্ষিপ্ৰতা আৰু চকুৱে-মুখে এক অনাবিল আনন্দ ফুটি উঠে। ইয়াৰ উপৰিও হাজংসকলে বিশ্বাস কৰি আহিছে যে দেশত অনাবৃষ্টি হ'লে কোনো কবিয়ালে ‘হাৰান্দি’ত ৰসী গাহেনৰ সুৰ তুলিলে হেনো আকাশত মেঘৰ গাজনি তুলি ধাৰাসাৰে বৰষুণ নমাই আনিব পাৰিছিল। ৰসী গাহেনত শক্তি-সামৰ্থ যোগোৱাৰ লগতে দুখ-বেদনা, আনন্দ আৰু নিৰাশাৰ ছবিও দেখা যায়।[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "হাজং জনজাতিৰ লেৱা-টানা নৃত্য-গীত". নীলাচৰাই ডট কম. ১৪ মে' ২০২২. https://nilacharai.com/হাজং-জনজাতিৰ-লেৱা-টানা/। আহৰণ কৰা হৈছে: 17 December 2022. 
  2. অসমৰ লোকধৰ্ম, বিশ্বাস - আৰু ৰীতি-নীতিৰ ৰেঙণি. 8/03/2019. পৃষ্ঠা. 18-19.