ৰাইতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Raita

তিয়ঁহ আৰু পদিনা ৰাইতা
অন্য নাম रायता, ৰায়তা
পাচাড়ি
প্ৰকাৰ পাৰ্শ্ব খাদ্য বা চাইদ ডিশ্ব
অঞ্চল ভাৰতীয় উপমহাদেশ
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ভাৰত, বাংলাদেশ,পাকিস্তান, নেপাল
পৰিবেশনৰ উষ্ণতা শীতল
মুখ্য উপাদান দহি (দৈ! , মাখন, তিয়ঁহ, পদিনা
ভিন্ন প্ৰকাৰ দহি চাটনি, পাচাড়ি
খাদ্য শক্তি
(প্ৰতি পৰিবেশন)
46 কিলোকেলৰি (193 kJ)

ৰাইতা বা ৰাইটা হৈছে ভাৰতীয় খাদ্যত দহি বা দৈৰ সৈতে কেঁচা বা সিজোৱা শাক-পাচলি, ফল-মূল, বা বুণ্ডী ৰাইতাৰ ক্ষেত্ৰত, বেচনৰ পৰা তৈয়াৰী ঘোলৰ ভজা টোপালৰ সৈতে তৈয়াৰী এবিধ পাৰ্শ্ব খাদ্য।

পশ্চিমীয়া খাদ্যৰ আটাইতকৈ ওচৰৰ আনুমানিক ৰূপটো হ'ল চাইড ডিচ বা পাৰ্শ্ব খাদ্য, বা ৰন্ধা চালাড। ইয়াক প্ৰায়ে মছলা বুলি কোৱা হয়। কিন্তু ই পশ্চিমীয়া সাধাৰণ মচলা যেনে জলকীয়া, সৰিয়হ, আৰু হৰ্চৰেডিচৰ দৰে নহয় যিয়ে খাদ্যক অধিক টেঙা কৰি তোলে, দহি বা ৰাইতাই টেঙা তৰকাৰী আৰু কাবাবৰ বিপৰীতে শীতল প্ৰভাৱ পেলায়। ভাৰতীয় খাদ্যত কোনো ধৰণৰ ফ্লেটব্ৰেড ৰাইতা, চাটনি, আৰু আচাৰৰ সৈতে কেলগে খাব পাৰি। দৈত ধনীয়া, পোৰা জিৰা, পদিনা,। কেয়েন জলকীয়া, চাট মছলা আৰু অন্যান্য বনৌষধি আৰু মছলা দিব পাৰে।

ব্যুৎপত্তি[সম্পাদনা কৰক]

ৰাইতা শব্দটো প্ৰথম ছপা ৰূপত ১৯ শতিকাৰ আশে-পাশে আবিৰ্ভাৱ হৈছিল; ই হিন্দী ভাষাৰ পৰা আহিছে।[1] বাংলা আৰু হিন্দী ভাষাত ৰাইতা শব্দটো সংস্কৃত শব্দ ৰাজিকা বা হিন্দী ৰায় (উচ্চাৰণ "ৰা-ই") অৰ্থাৎ ক'লা সৰিয়হৰ গুটি, আৰু টিকটকৰ (যাৰ অৰ্থ চোকা বা তিতা)[2] দক্ষিণ ভাৰতত বিশেষকৈ কেৰালা আৰু তামিলনাডুত পৰম্পৰাগত ৰাইতাক পাচাড়ি,[3] তয়িৰ পাচাড়ি বুলি কোৱা হয়। পূব নেপালত এই খাদ্যক দহি কাকৰো (দৈ তিয়ঁহ ), আনহাতে নেপালৰ পশ্চিম অঞ্চলত ইয়াক ৰাইটো বুলি জনা যায়।[4][5]

বিশেষকৈ দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় খাদ্যত ইয়াৰ মূল উপাদানৰ নামেৰে ৰাইতাক কেতিয়াবা সৰলভাৱে দহি বা "টেঙা গাখীৰ" বুলিও কোৱা হয়।  

প্ৰস্তুতি[সম্পাদনা কৰক]

জিৰা আৰু ক'লা সৰিয়হ ভাজি লোৱা হয়। ইয়াৰ পিছত কুটি লোৱা, কেঁচা শাক-পাচলি বা ফল-মূল (যেনে শসা, পিঁয়াজ, বিলাহী, আনাৰস) আৰু দৈ মিহলাই লোৱা হয়।[6]

কেঁচা আদা আৰু নহৰুৰ পেষ্ট, কেঁ‌চা জলকীয়াৰ পেষ্ট, আৰু কেতিয়াবা সৰিয়হৰ পেষ্ট ব্যৱহাৰ কৰি সোৱাদ সমৃদ্ধ কৰা হয়। ভাৰতৰ বিভিন্ন ধৰণৰ ৰাইতা অঞ্চলভেদে বেলেগ বেলেগ। আটাইতকৈ উল্লেখযোগ্য ৰাইথাসমূহ হ’ল বুণ্ডী ৰাইতা—ভজা বেচনৰ সৰু সৰু বল, যিবোৰৰ সোৱাদ নিমখীয়া বা জ্বলা আৰু পিঁয়াজৰ ৰাইতা আৰু শাক-পাচলিৰ ৰাইতা। মিশ্ৰণটো ঠাণ্ডা কৰি পৰিবেশন কৰা হয়।[7]

ভিন্নয়া[সম্পাদনা কৰক]

ৰাইতা তিনিটা মূল ভিত্তি উপাদানেৰে প্ৰস্তুত কৰিব পাৰি: শাক-পাচলি, দালি আৰু ফল-মূল। এইবোৰ দৈৰ লগত মিহলাই বিভিন্ন ধৰণৰ জুতিৰে সোৱাদ দি বিভিন্ন ধৰণৰ ৰাইতা তৈয়াৰ কৰা হয়।[8]

শাক-পাচলিৰ ৰাইতা[সম্পাদনা কৰক]

Cতিয়ঁহ আৰু বিলাহী ৰাইতা

বাথুৱা কা ৰাইতা, শীতকালত হাৰিয়ানাত জনপ্ৰিয়।[9]

শসা ৰাইতা[সম্পাদনা কৰক]

হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত জনপ্ৰিয় লাউকি (বটল গাৰ্ড/ কালাবছ ) ৰাইতা

বুটমাহ ৰাইতা
ব্ৰিঞ্জল ৰাইতা
বিলাহীৰ ৰাইতা
চিলি ছল্ট ৰাইতা,
শিংযুক্ত বগৰী ৰাইতা
পদিনা আৰু বাদামৰ ৰাইতা
পিঁয়াজ ধনীয়া বসন্ত পিঁয়াজ ৰাইতা
পিঁয়াজ টমেটো ৰাইতা
আলু ৰাইতা
কুমলীয়া ৰাইতা
য় কচু ৰাইতা
হালধি পদিনা ৰাইতা

ফলৰ ৰাইতা[সম্পাদনা কৰক]

ডালিমৰ ৰাইতা

আমৰ ৰাইতা
অমিতা ৰাইতা
আঙুৰৰ ৰাইতা
আনাৰসৰ ৰাইতা
ডালিমৰ ৰাইতা
নাচপতি ৰাইতা

মাহৰ ৰাইতা[সম্পাদনা কৰক]

হয় অংকুৰিত দালি, পোৰা দালি বা দালিৰ আটাৰ পৰা তৈয়াৰী অন্যান্য মচলাৰ পৰা তৈয়াৰ কৰা হয়।

ভূজিয়া চেভৰাইতা
বুণ্ডি ৰাইতা
অংকুৰিত সেউজীয়া বুটমাহ ৰাইতা

আগবঢ়োৱা পদ্ধতি[সম্পাদনা কৰক]

পাৰ্শ্ব খাদ্য হিচাপে[সম্পাদনা কৰক]

পোলাওৰ সৈতে ৰাইতা।

ৰাইতাক মূল খাদ্যৰ খাদ্যৰ সৈতে খাবলৈ চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়।[8]

বিৰিয়ানী
পোলাও
সীখ কবাব
পৰঠা
পাভ ভাজী
ভাৰতীয় থালি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sedgwick, Fred (2009). Where words come from: A dictionary of word origins. প্ৰকাশক London: Continuum International Publishing group. ISBN 9781847062741. https://books.google.com/books?id=cKQFoS0reu8C&pg=PA146. 
  2. "Raita". Merriam Webster. http://www.merriam-webster.com/dictionary/raita. 
  3. "How To Make South-Indian-Style Tomato Raita" (en ভাষাত). NDTV Food. https://food.ndtv.com/food-drinks/how-to-make-south-indian-style-tomato-raita-3224331। আহৰণ কৰা হৈছে: 2022-10-11. 
  4. "स्थानीय उत्पादनको प्रवद्र्धन : पाहुनालाई घिउ, मह र मकैको रोटी" (ne ভাষাত). Naya Patrika. https://nayapatrikadaily.com/news-details/3378/2019-01-16। আহৰণ কৰা হৈছে: 2022-08-27. 
  5. "सुदूरको स्याउली थाप्ने चलन लोप हुँदै" (ne ভাষাত). प्रशासन. https://www.prasashan.com/2022/08/13/346233/। আহৰণ কৰা হৈছে: 2022-08-27. "साइतमा जानेहरूका लागि स्याउली थाप्ने चलन, साउन महिनामा धानको खेतबारीमा गएर राइतो, बटुक बनाएर हरेला खाने चलन" 
  6. Mehta Gambhir, Aloka (25 May 2011). "Tandoori chicken with Tomato Raita". The Times of India. https://timesofindia.indiatimes.com/life-style/health-fitness/diet/Tandoori-chicken-with-tomato-raita/articleshow/8566514.cms. 
  7. American Dietetic Association (2009). Cultural Food Practices. American Dietetic Associat. পৃষ্ঠা. 244. ISBN 9780880914338. https://books.google.com/books?id=THX9ElbT4AAC. 
  8. 8.0 8.1 Basic Food Preparation (Third সম্পাদনা). Orient Longman Private limited. 1986. ISBN 81-250-2300-3. https://books.google.com/books?id=zXHVH-hqVE4C&q=raita&pg=PA242. 
  9. Bathua ka Raita | Haryana and Archived 12 November 2020 at the Wayback MachineUttar Pradesh bathua recipe | Indian cuisine, masterchefu.com.