ৰাগমালা চিত্ৰশৈলী
ৰাগমালা চিত্ৰশৈলী (ইংৰাজী: Ragamala paintings) ভাৰতীয় লঘু চিত্ৰশৈলীৰ এক প্ৰকাৰ। ৰাগমালা চিত্ৰশৈলীত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগসমূহ চিত্ৰিত কৰা হয়। মধ্যযুগীয় ভাৰতত কলা, কবিতা আৰু শাস্ত্ৰীয় সংগীতৰ সংমিশ্ৰণৰ এক ধ্ৰুপদী উদাহৰণ হিচাপে ৰাগমালা চিত্ৰসমূহ বিশেষভাৱে জনপ্ৰিয়। ১৬ আৰু ১৭ শতিকাৰ পৰা আৰম্ভ হোৱা ভাৰতীয় চিত্ৰকলাৰ বেছিভাগ আঞ্চলিক শৈলীত ৰাগমালা চিত্ৰ সৃষ্টি কৰা হৈছিল। বৰ্তমান আঞ্চলিক শৈলী অনুসৰি পাহাৰী ৰাগমালা, ৰাজস্থান বা ৰাজপুত ৰাগমালা, ডেক্কান ৰাগমালা আৰু মোগল ৰাগমালা নামেৰে নামকৰণ কৰা হৈছে।
এই চিত্ৰত প্ৰতিটো ৰাগক এটা ৰং, ভাৱ, নায়ক আৰু নায়িকাৰ কাহিনীৰে বৰ্ণনা কৰা এটা শ্লোকৰ দ্বাৰা প্ৰকাশ কৰা হয়। যিহেতু সংগীতৰ ৰাগ সমূহ বিশেষ ঋতু বা দিনৰ সময়ত গোৱা হয়, সেয়ে ৰাগমালা চিত্ৰয়ে ঋতু আৰু দিন আৰু ৰাতিৰ সময়ও বৰ্ণনা কৰে। অৱশেষত বেছিভাগ চিত্ৰই ৰাগৰ সৈতে সংলগ্ন নিৰ্দিষ্ট হিন্দু দেৱতা, যেনে ভৈৰৱ বা ভৈৰৱী ৰাগৰ সৈতে শিৱ, শ্ৰীৰ পৰা দেৱী আদিক বিশ্লেষণ কৰে। চিত্ৰবোৰত ৰাগৰ লগতে তেওঁলোকৰ পত্নী, (ৰাগিনী), তেওঁলোকৰ অসংখ্য পুত্ৰ (ৰাগপুত্ৰ) আৰু কন্যা (ৰাগপুত্ৰী) চিত্ৰিত কৰা হয়।[1]
ৰাগমালাত উপস্থিত ছয়টা মুখ্য ৰাগ হৈছে ভৈৰৱ, দীপক, শ্ৰী, মালকোষ, মেঘ আৰু হিন্দোল। এইৰাগ সমূহ বছৰৰ ছয়টা ঋতু গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ঋতুত গোৱা হয়।
ইতিহাস
[সম্পাদনা কৰক]ভাৰতীয় ৰাগৰ শ্ৰেণীবিভাজনৰ ওপৰত দ্বাদশ শতিকাৰ এক গুৰুত্বপূৰ্ণ সংস্কৰণ 'সংগীত ৰত্নাকৰ'ত প্ৰথমবাৰৰ বাবে প্ৰতিটো ৰাগৰ অধিষ্ঠিত দেৱতাৰ কথা উল্লেখ কৰা হৈছিল।[2] চতুৰ্দশ শতিকাৰ পৰা ৰাগ সমূহক সংস্কৃতৰ সংক্ষিপ্ত শ্লোকত ধ্যান আৰু চিন্তাৰ বাবে বৰ্ণনা কৰা হৈছিল। ৰাগসমূহক পিছত ৰাগমালা চিত্ৰশৈলীৰে চিত্ৰৰ এটা শৃংখলাত চিত্ৰিত কৰা আৰম্ভ হৈছিল।[3] ৰাগমালাৰ কিছুমান সৰ্বশ্ৰেষ্ঠ উপলব্ধ চিত্ৰ ১৬ আৰু ১৭ শতিকাৰ আৰু সেইসময়ত এই চিত্ৰশৈলীয়ে ৰাজকীয় পৃষ্ঠপোষকতাৰ অধীনত বিকশিত হৈছিল।[4] অৱশ্যে ১৯ শতিকালৈকে পৃষ্ঠপোষকতাৰ অভাৱত ইয়াৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমিবলৈ ধৰে।
বৰ্ণনা
[সম্পাদনা কৰক]১৫৭০ চনত মধ্য ভাৰতৰ ৰেৱাৰ পুৰোহিত ক্ষেমকৰ্ণে সংস্কৃতত ৰাগমালাৰ ওপৰত এক কাব্যিক পাঠ সংকলিত কৰিছিল। ইয়াত তেওঁ ছয়টা প্ৰধান ৰাগৰ বৰ্ণনা কৰিছে। সেইকেইটা হৈছে— ভৈৰৱ, মালকোষ, হিন্দোল, দীপক, শ্ৰী আৰু মেঘ। প্ৰতিজন ৰাগৰ পাঁচগৰাকী ৰাগিনী আৰু আঠটা ৰাগপুত্ৰ আছে। কেৱল ৰাগ শ্ৰীৰ যাৰ ছয়টা ৰাগিনী আৰু নটা ৰাগপুত্ৰ আছে, এনেদৰে ৮৬ গৰাকী সদস্যয়ে ৰাগমালা পৰিয়াল গঠন কৰে।[5]
ৰাগমালাৰ বেছিভাগ বৰ্তমানৰ নিদৰ্শন ডেক্কান শৈলীৰ ওপৰত আধাৰিত। বিজাপুৰৰ ইব্ৰাহিম আদিল শ্বাহ দ্বিতীয়ে নিজে এজন উত্তম চিত্ৰশিল্পী আছিল। কিছুমান ৰাজপুত শৈলী যেনে 'চাৱন্দ' (মেৱাৰ) চিত্ৰকলা বিদ্যালয়ৰ এজন শিল্পীৰ চিত্ৰৰ সংগ্ৰহেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই ১৬২৮ চনৰ ৰাগমালা শৃংখলা এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত আছে।[6]
ৰাগ আৰু ৰাগিনীসমূহ
[সম্পাদনা কৰক]ৰাগমালাত সাধাৰণতে ছয়টা পুৰুষ (পিতৃ-মাতৃ) ৰাগ; ত্ৰিশ গৰাকী তেওঁলোকৰ পত্নী ৰাগিনী আৰু বাকী আঠচল্লিশজন তেওঁলোকৰ পুত্ৰ চিত্ৰিত কৰা হয়। এইবোৰ নিম্নলিখিত ধৰণৰ:
- (১) পিতৃ-মাতৃ ৰাগ: ভৈৰৱ ৰাগ
- পত্নী: ভৈৰৱী, বিলাৱলী, পুণ্যকী, বাংলী, অশ্লেষী
- পুত্ৰ: পঞ্চম, হাৰাখ, দিশাখ, বংগাল, মধু, মাধৱ, ললিত, বিলাৱ।
- পত্নী: ভৈৰৱী, বিলাৱলী, পুণ্যকী, বাংলী, অশ্লেষী
- (২) পিতৃ-মাতৃ ৰাগ: মালকোষ ৰাগ
- পত্নী: গৌড়কাৰী, দেৱগান্ধাৰী, গান্ধাৰী, চিহতে, ধনশ্ৰী
- পুত্ৰ: মৰু, মষ্টাং, মেৱাৰ, পাৰবল, চান্দ, খোখত, ভৰা, নাদ।
- পত্নী: গৌড়কাৰী, দেৱগান্ধাৰী, গান্ধাৰী, চিহতে, ধনশ্ৰী
- (৩) পিতৃ-মাতৃ ৰাগ: হিন্দোল ৰাগ
- পত্নী: তেলাংগী, দেৱকাৰী, বাসন্তী, সিন্ধুৰী, অহেৰী
- পুত্ৰ: সুৰমনন্দ, ভাস্কৰ, চন্দ্ৰ-বিম্ব, মঙ্গলন, বন, বিনোদ, বসন্ত, কামদা।
- পত্নী: তেলাংগী, দেৱকাৰী, বাসন্তী, সিন্ধুৰী, অহেৰী
- (৪) পিতৃ-মাতৃ ৰাগ: দীপক ৰাগ
- পত্নী: কছেলি, পাটমঞ্জৰী, টোডি, কামোদি, গুজৰী
- পুত্ৰ: কালংকা, কুন্তল, ৰাম, কমল, কুসুম, চম্পক, গৌড়, কানৰা।
- পত্নী: কছেলি, পাটমঞ্জৰী, টোডি, কামোদি, গুজৰী
- (৫) পিতৃ-মাতৃ ৰাগ: শ্ৰী ৰাগ
- পত্নী: বৈৰৱী, কাৰ্ণতি, গৌৰী, আশোৱাৰী, সিন্ধাৱী
- পুত্ৰ: চালু, সাৰাগ, চাগ্ৰা, গৌণ্ড, গম্ভীৰ, গুণ্ড, কুম্ভ, হামিৰ।
- পত্নী: বৈৰৱী, কাৰ্ণতি, গৌৰী, আশোৱাৰী, সিন্ধাৱী
- (৬) পিতৃ-মাতৃ ৰাগ: মেঘ ৰাগ
- পত্নী: ছোৰথ, গৌণ্ডী-মালৰী, আশা, গুণগুণী, চুহো
- পুত্ৰ: বিৰাধৰ, গজধৰ, কেদাৰ, জাব্লিধৰ, নট, জলধৰ, শংকৰ, শ্যাম।
- পত্নী: ছোৰথ, গৌণ্ডী-মালৰী, আশা, গুণগুণী, চুহো
চিত্ৰ বিথিকা
[সম্পাদনা কৰক]-
ৰাগ শ্ৰী, ১৫৯০-১৬০০
-
ভৈৰৱ ৰাগ, ১৫৯১
-
টোডি ৰাগিনী, বুন্দী, ৰাজস্থান, ১৫৯১
-
সাৰংগ ৰাগিনী, ১৬০৫
-
চাহিবিদিনৰ ৰাগমালাত দীপক ৰাগ, ১৬০৫
-
আশোৱাৰী ৰাগিনী, ১৬১০
-
মালশ্ৰী ৰাগিনী, ১৬২০
-
পঞ্চম ৰাগিনী, ১৬৮০-১৬৯০
-
গদা ৰাগ, ১৭১০
-
দীপক ৰাগৰ পুত্ৰ কুন্তল ৰাগ, ১৭১০
-
ভৈৰৱৰ ৰাজপুত বেলাৱল, ১৭১০
-
১৭২০ চনৰ ভৈৰৱ ৰাগৰ পুত্ৰ অলহৈয়া ৰাগ
-
ভৰাৰী ৰাগিনী
-
১৭ শতিকাৰ হিন্দোল ৰাগ
-
১৭৭০ চনৰ ৰাজপুত শৈলীৰ বসন্ত ৰাগিনী
-
১৭৭০ চনৰ ৰাধা কৃষ্ণৰে চিহ্নিত ভৈৰৱ ৰাগ
-
১৯ শতিকাৰ ৰাধা-কৃষ্ণৰে চিহ্নিত শ্ৰী ৰাগ
-
দীপক ৰাগ
-
কুমুদিনী ৰাগিনী
-
ধনশ্ৰী ৰাগিনী
-
মালকোষ ৰাগ
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Ragamala Art Gallery of New South Wales.
- ↑ "Ragamala Paintings". Archived from the original on 2011-09-03. https://web.archive.org/web/20110903074752/http://www.bombaymuseum.org/powm/jubilee/ragamala.htm। আহৰণ কৰা হৈছে: 2021-03-15.
- ↑ Ragamala - wyastone.co.uk. Archived 26 May 2008 at the Wayback Machine
- ↑ Bhairavi Ragini - britishmuseum.org.
- ↑ "Bernoulli,* Daniel - Dictionary definition of Bernoulli,* Daniel - Encyclopedia.com: FREE online dictionary". http://www.encyclopedia.com/doc/1G1-178083119.html.
- ↑ Ragamala Britannica.com
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৰাগমালা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |