ৰাজনাৰায়ণ মিশ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজনাৰায়ণ মিশ্ৰ
Rajnarayan Mishra
জন্ম ভিখামপুৰ, লখিমপুৰ খেৰি, ব্ৰিটিছ ভাৰত
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন


ৰাজনাৰায়ণ মিশ্ৰ (ইংৰাজী: Rajnarayan Mishra) আছিল এগৰাকী ভাৰতীয় সমাজবাদী আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ সংগ্ৰামী যোদ্ধা৷ ১৯৪৪ চনৰ ৯ ডিচেম্বৰত তেওঁ ব্ৰিটিছ শাসনৰ পৰা অন্তিমটো মৃত্যুদণ্ডৰ ৰায় পাইছিল৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৯২৪ চনত ছাৰ ৰবাৰ্ট উইলিয়াম ডগলাছ উইলোবিলৈ উচৰ্গা কৰি উইলোবি স্মাৰক ভৱন নিৰ্মাণ কৰিছিল৷ তেখেত আছিল খেৰিৰ উপায়ুক্ত৷ ১৯২০ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁক হত্যা কৰা হৈছিল৷[1] ব্ৰিটিছ শাসকে ভাৰতীয় স্বাধীনতা সংগ্ৰামী নাছিৰুদ্দিন মৌজি নাগাৰ আৰু ৰাজনাৰায়ণ মিশ্ৰক উপায়ুক্তজনক গুলীয়াই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰু ফাঁচীকাঠত ওলোমোৱাৰ আদেশ জাৰী কৰে৷ [2] ১৯৩৬ চনৰ ২৬ এপ্ৰিল তাৰিখে উইলোবি স্মাৰক পুথিভঁৰাল স্থাপিত হয়৷ উল্লেখযোগ্য যে, ১৯২৪ চনত নিৰ্মাণ কৰা উইলোবি স্মাৰক ভৱনটি শেহতীয়াকৈ নাছিৰুদ্দিন স্মাৰক ভৱন হিচাপে নামাংকিত কৰা হৈছে৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Haileybury Roll of Honour: India 1920s". Haileybury School website. Archived from the original on 12 November 2013. https://web.archive.org/web/20131112121434/http://www.haileybury.com/honour/INDIA%201920s.htm। আহৰণ কৰা হৈছে: 19 June 2013. 
  2. "Archived copy". Archived from the original on 12 November 2013. https://web.archive.org/web/20131112120134/http://www.cpiml.org/liberation/year_2004/october/aiala_up.htm। আহৰণ কৰা হৈছে: 2013-07-09.